At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 26 February 2015

সৰুকালৰ ডাঙৰ কথা…

সৰুকালৰ ডাঙৰ কথা…

সৰুকালৰ বহুকথাই মনত ৰৈ যায় বিভিন্ন কাৰণত৷কিছুমান কথা মনত পৰিলে ভাল লাগে, কিছুমান মনত পৰিলে লাজ লাগে, কিছুমান কথাই হয়তো মনটো জোকাৰি থৈ যায়৷

কথাবোৰ বুজিব পৰা হোৱাৰ সময়তে মানুহৰ মৃত্যুৰ বিষয়েও শুনিছিলো৷ মানুহ মৰে বুলি মাহঁতৰ মুখত শুনিছিলো৷ মৰিলে পুৰি পেলায় বা কবৰ দিয়ে বুলি শুনিছিলো৷ তাৰপাছত কি হয় সেইবিষয়ে নানা ধৰণৰ জল্পনা-কল্পনাৰ কথাও শুনিছিলো৷ মৃত্যু নামৰ কঠিন বাস্তৱটোৰ সৈতে সৰুতেই মুখামুখি হৈছিলো তিতাবৰত থকা সময়তে বৰপেটা ৰোডত থকা আমাৰ ককাদেউতাৰ মৃত্যুৰ সময়ত৷ তাৰপাছতে তিতাবৰতে আমাৰ ঘৰৰ সৈতে সঘনাই অহা-যোৱা কৰা মানুহ এঘৰৰ ছোৱালী এগৰাকীৰ পুখুৰীত পৰি মৃত্যু হোৱা ঘটনা৷ মাজে-মাজে মনলৈ ভাব এটা আহিছিল: যদি সকলো মানুহেই এদিন মৰে তেনেহলে আমাৰ দেউতাহঁতো মৰিব নেকি? সেই ভাবটো মনলৈ আহিলেই জোৰকৈ নিজকে নিজে সান্তনা দি কৈছিলো, “নাই, নাই , আমাৰ দেউতাহঁত নমৰে” আৰু সেই আপদীয়া চিন্তাটো মনৰ পৰা আতৰাই বেলেগ কথা চিন্তা কৰিবলৈ বিফল প্ৰচেষ্টা চলাইছিলো৷

বেছিদিন বাট চাব লগা নহ’ল৷ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই আমি তিতাবৰৰ পৰা শ্বিলঙলৈ বদলি হৈ যাওঁ আৰু তাত এবছৰ পূৰ হোৱাৰ আগতেই অতি আকস্মিক বাবে অতি কম বয়সতে দেউতাৰ মৃত্যু হয়৷

ভাল হওক, বেয়া হওক, সকলো মানুহ এদিন মৰিবই বুলি ভালদৰে বুজি পালো সেই অতি কোমল বয়সতে৷ কিন্তু তাৰপাছত মোৰ মনত আন এটা চিন্তাই বহুদিনলৈ আমনি কৰি থাকিল৷
যেতিয়াই কোনো সমনীয়াৰ মাক-দেউতাকক লগ পাওঁ তেতিয়াই ভাবো, “আমাৰহে দেউতা মৰিল, বাকীবোৰৰ দেখোন আজিলৈকে মৰাই নাই৷ কেতিয়া মৰিব?” সেই চিন্তাই আনৰ প্ৰতি অন্তৰত হিংসাৰ ভাব জগাই নুতুলিলেও নিজকে অলপ হ’লেও পুতৌ কৰিবলৈ বাধ্য কৰাইছিল৷ গোটেই পৃথিবীত আমাৰ নিচিনা দুৰ্ভগীয়া যেন আৰু কোনো নাই এনে ভাব মাজে মাজে নিশ্চয় হৈছিল৷


বয়স হোৱাৰ লগে লগে সকলো সলনি হ’ল৷ কিন্তু পিতৃহাৰা দুৰ্ভগীয়া সকলৰ প্ৰতি অন্তৰত এটা বিশেষ প্ৰেম-সহানুভূতিৰ ভাব জীৱন্ত হৈ থাকিল৷ 

2 comments: