At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 29 June 2015

এখেত ক'ৰ পৰা আহিল?

এখেত ক’ৰ পৰা আহিল?

ভাবিলে লাজ লাগে এতিয়াও৷ আজিকালিৰ মানুহে লিফ্ট কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰেই আৰু ব্যৱহাৰ কৰিবলৈও শিকি যায় সোনকালেই৷ যিসময়ৰ কথা ইয়াত ক’ব খুজিছো সেই সময়ত গুৱাহাটীৰ এল আই চি বিল্ডিংটোৱেই বোধকৰো সকলোতকৈ ওখ বিল্ডিং আছিল অসমৰ ভিতৰতে৷
কিবা এটা কামত দিল্লীলৈ গৈছিলো৷ মানুহ এজনক লগ পাবলৈ ডাঙৰ অফিচ এটালৈ গৈছিলো, অকলে৷ প্ৰকাণ্ড ডাঙৰ বিল্ডিং৷ পোন্ধৰ-বিশ মহলামান হ’ব কিজানি৷
ৰিচেপচনত সোধোঁতে মানুহজন ক’ত বহে মোক জনাই দিলে৷ কোন মহলাৰ, কোন কোঠাত , কেই নম্বৰ আসনত বহে মোক কৈ দিলে৷ সিমান ওপৰলৈ যাবলৈ লিফ্টেৰে যাবই লাগিব৷ প্ৰকাণ্ড স্বয়ংক্ৰিয় লিফ্ট৷ দুজনমান মানুহ সোমাল৷ পাছে-পাছে মইও সোমালো৷ মানুহকেইজনে কিবা-কিবি বুটাম টিপিলে৷ মই ভয়তে একো নিটিপিলো৷ মই যাব লগা ফ্লোৰৰ বুটামটো কোনেও নিটিপিলে৷ মানুহবোৰ এজন এজনকৈ ওলাই গ’ল লিফ্টৰ পৰা৷ মই লিফ্টৰ ভিতৰত অকলে৷ মই যাবলগা ফ্লোৰৰ বাবে বুটাম টিপিবলৈ অলপ সাহস গোটাবলৈ লওঁতেই লিফ্টটো নিজে নিজে ওপৰলৈ গৈ থাকিল৷ মই নামিবলগীয়া ফ্লোৰ পাৰ হৈ গ’ল৷ গৈয়েই থাকিল ওপৰলৈ৷ কেনেদৰে ৰখাব লাগে নাজানি মই যি হয় হ’ব বুলি ভিতৰতে ৰৈ থাকিলো৷
তেনেদৰে লিফ্টটো গৈ গৈ একেবাৰে ওপৰ পালেগৈ৷ কিমান ওপৰ পালে নাজানো৷ মই ভাগ্যক ধিয়াই ভিতৰতে ৰৈ থাকিলো৷ অলপ পাচত লিফ্টটো ওপৰত গৈ ৰৈ গ’ল৷ কোনো মানুহ নোসোমাল৷ সেইটো ফ্লোৰত আচলতে কোনো অফিচেই নাই বোধকৰো৷ গতিকে কোনো মানুহ উঠা-নমা তাত নকৰে বুলি বুজিলো৷ তাৰপাছত লিফ্টটো আকৌ তলমুখে গতি কৰিলে৷ ওপৰৰ পৰা আহি প্ৰথমে যি মহলাত ৰ’ল, তাতে মানুহ এজন সোমাই আহিল৷ মানুহজন ভিতৰ সোমাই আহিয়েই মোক দেখি অতি আচৰিত ভাবে মোৰ ফালে চালে৷
হয়তো ভাবিলে, “এওঁ আকৌ ক’ৰ পৰা আহিল? ওপৰততো কোনো অফিচ নাই৷”
মই অতি গহীন হৈ বেলেগ ফালে চাই থাকিলো৷
অলপ পাছত লিফ্টটো ৰ’ল৷ মই নামিবলগীয়া ফ্লোৰতে৷ দুৱাৰ খোল খালে৷ মই বেগাই বাহিৰ ওলাই দীঘলকৈ উশাহ এটা লৈ ভাবিলো, ৰক্ষা৷ আজিলৈ বাচিলো৷

উভতি আহোঁতে কেনেদৰে আহিলো মনত নাই৷ 

Sunday 28 June 2015

ভাল নে বেয়া?


ভাল নে বেয়া?

এজন লেখকে লিখি আছিল:
যোৱা বছৰ মোৰ গলব্লাডাৰ অপাৰেচন হ’ল৷ বহুদিন বিচনাত থাকিলো৷
মোৰ ৬০ বছৰ হ’ল৷ চাকৰিও শেষ৷
মোৰ দেউতাৰো মৃত্যু হ’ল৷
লগতে মোৰ ল’ৰাৰ এক্সিডেন্ট হৈ ভৰি ভাঙিল৷ বহু খৰচ হ’ল৷

বছৰটো বৰ বেয়া আছিল মোৰ বাবে৷

পিছফালৰ পৰা পত্নীয়ে চাই আছিল৷ তেওঁ ওলাই গৈ কাগজ এখনত কিবা লিখিলে৷ সোমাই আহিল আৰু মুখেৰে একো নকৈ কাগজখন লেখকজনৰ কাষত থ’লে৷


তাত লিখা আছিল..
যোৱাবছৰ মোক কষ্ট দি থকা গলব্লেডাৰটো গুচাই দিয়া হ’ল৷ এতিয়া আৰাম পাইছো৷
যোৱা বছৰ চাকৰিৰ পৰা অৱসৰ পালো৷ মোৰ হাতত এতিয়া মই ভাল পোৱা কাম কৰিবলৈ প্ৰচুৰ সময়৷
যোৱা বছৰ দেউতা কোনো কষ্ট নোপোৱাকৈ গ’লগৈ৷
যোৱাবছৰ দুৰ্ঘটনাত পৰিও ল’ৰাটোৰ জীৱন ৰক্ষা পৰিল৷

সঁচাকৈ, যোৱাবছৰটোত ঈশ্বৰে আমাক বহুত সহায় কৰিলে৷

আমাৰ জীৱনলৈ নানান পৰিস্থিতি আহি থাকে কিন্তু তাৰ প্ৰভাৱ কি হ’ব সেইটো আমি বাছি ল’ব পাৰো৷

(ফেচবুকত পোৱা পোষ্ট এটাৰ আধাৰত)

Thursday 25 June 2015

সৌজন্যতাৰ কিছুমান অলিখিত নীতি..

সৌজন্যতাৰ কিছুমান অলিখিত নীতি..

দৈনন্দিন জীৱনত আমি অনেক মানুহৰ সৈতে মিলা-মিচা কৰোঁ, বহুতৰ পৰা সহায় লওঁ, বহুতৰ লগত কথা-বতৰা চলে৷ ঘৰত-বাহিৰত আমি আনৰ লগত কেনেদৰে ব্যৱহাৰ কৰি চলিলে আমাৰ সম্বন্ধ মধুৰ হৈ থাকিব পাৰে তালৈ আমি মন কৰা নিশ্চয় উচিত৷ এই বিষয়ে ইন্টাৰনেটত পোৱা কথাকেইটামান ইয়াতে সন্নিৱিষ্ট কৰা হৈছে৷

১)শেষৰ ডোখৰ কাৰ বাবে?
ধৰক আপোনাক কোনোবাই পিজা খুৱাবলৈ লৈ গ’ল৷ ডাঙৰ পিজা এটা কেবাডোখৰো কৰি আপোনালোকৰ আগত ৰখা হ’ল৷ সকলোৱে খোৱাৰ পাছত ৰৈ যোৱা শেষৰ ডোখৰ যিজনে খুৱাবলৈ খৰচ কৰিছে তেওঁলৈ ৰখাটো ভদ্ৰতাৰ চিন৷ যদিহে তেওঁ নাখাওঁ বুলি কয় তেতিয়াহে আনে খোৱা উচিত৷

২) স্পীকাৰ ফোন কেতিয়া ?
আনৰ লগত ফোনত কথা পাতোঁতে স্পীকাৰফোন ব্যৱহাৰ নকৰাই ভাল যদিহে ফোনটো হাতেৰে ধৰিবলৈ আপোনাৰ অসুবিধা হোৱা নাই৷ কাৰণ সিফালৰ মানুহজনে কিবা গোপন কথাও আপোনাক ক’ব পাৰে যিটো আনে শুনাটো তেওঁ নিবিচাৰিবও পাৰে৷

৩) প্ৰতিদান কেনেদৰে?
ধৰক কিবা এটা কামত সহায় কৰি দিবলৈ আপোনাৰ ঘৰলৈ বন্ধু এজন মাতিছে৷ তেওঁ নিশ্চয় বিনিময়ত কোনো টকা বা ফীজ নলয়৷ তেনেক্ষেত্ৰত ভালদৰে চাহ-জলপান খুৱাই পঠিয়াবলৈ নাপাহৰিব৷

৪) ধাৰ পৰিশোধ কৰক:
কাৰোবাৰ পৰা টকা ধাৰে ল’লে আমি যিমান পাৰো সোনকালে পৰিশোধ কৰিবলৈ চেষ্টা কৰা উচিত লাগিলে এটকাই হওঁক আৰু ধাৰ দিয়া মানুহজনৰ প্ৰয়োজন হও্ক বা নহওঁকেই৷

৫) চাহ একাপ তেওঁকো খুৱাওক:
যদি আপোনাক বন্ধু এজনে চাহ একাপ খুৱালে, যিমান পাৰে সোনকালে তেওঁকো সুবিধা বুজি চাহ একাপ খুৱাই দিয়ক৷

৬) আনক শুনাবৰ প্ৰয়োজন নাই:
ৰাজহুৱা ঠাইত মোবাইলত গান, ভিডিও আদি বজালে ভলিউমটো যিমান পাৰে কমাই লোৱা উচিত ৷ পৰাপক্ষত হেডফোন ব্যৱহাৰ কৰা উচিত৷

৭) ভুমুকি নামাৰিব:
কাৰোবাৰ মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰিলে তেখেতৰ কোনো বস্তুতেই ভুমুকি নামাৰিব৷ বহুতো কথাই ব্যক্তিগত৷ আনে চোৱাটো কোনেও ভাল নাপায়৷

৮) সঁহাৰি দিয়ক:
কোনো বন্ধুৰ পৰা ফোন আহিল৷ আপুনি হয়তো মিটিঙত আছে বা বাথৰুমত আছিল৷ যদিহে আপুনি ফোন কৰিব পৰা অৱস্থাত নাথাকে, অন্ততঃ মেচেজ এটা কৰি দিয়া ভাল৷

৯) কৃতজ্ঞতা জনাওঁক:
কাৰোবাৰ পৰা বাইক বা গাড়ীখন কিবা কামৰ বাবে খুজি ল’লে ওভোটাই দিয়াৰ সময়ত বেছিকৈ তেল ভৰাই দিয়ক কৃতজ্ঞতাৰ চিন স্বৰূপে৷

১০)বেলেগ ঠাই বিচাৰি লওঁক:
কাৰোবাৰ লগত কিবা তৰ্ক লাগিলে ৰাজহুৱা ঠাইত চিঞৰ-বাখৰ কৰি উপলুঙাৰ পাত্ৰ নহ’ব৷ কোনো সুবিধাজনক ঠাইত তৰ্ক কৰক, যদি কৰিবই লাগে৷

১১) ৰাতিপুৱাৰ বিচনাখন:
কাৰোবাৰ ঘৰত আলহীকৈ ৰাতি থাকিব লগা হ’লে ৰাতিপুৱা বিচনাখন ভালদৰে পাৰি থোৱাটো ভদ্ৰতাৰ চিন৷

১২) কিতাপখন নাপাহৰিব:
আনৰ পৰা কিতাপ পঢ়িবলৈ আনি উভোতাই দিবলৈ বহুতেই পাহৰি যায়৷ তেনে ভুল নকৰিব৷ যিমান পাৰে সোনকালে কিতাপবোৰ ঘূৰাই দিবলৈ যত্ন কৰিব৷

১৩) অলপ সহায়:
যদি আনে আপোনাৰ বাবে ভাত ৰান্ধি দিছে, খোৱাৰ পাছত বাচন-বৰ্তন খিনিকে ধুই দিবলৈ আগবাঢ়ি যাব৷ তাৰ যোগেৰে আপোনাৰ কৃতজ্ঞতাৰ মনোভাৱ প্ৰকাশ পাব৷

১৪)আনৰ অসুবিধালৈ মন কৰক:
আমাৰ যিকোনো কামে আনক অসুবিধা দিয়া বুলি বুজিলে সেইকাম কৰাৰ পৰা বিৰত থকাই ভাল৷ উদাহৰণ স্বৰূপে চিগাৰেটৰ ধোঁৱাই আনক অসুবিধা দিয়া বুলি সকলোৱে জানে বাবেই ৰাজহুৱা স্থানত ধূম্ৰপান নিষেধ কৰা হৈছে৷ কোনেনো কি কৰিব বুলি সেই নিয়ম ভঙ্গ নকৰিব৷

মন শান্ত ৰখাৰ উপায়..

মন শান্ত ৰখাৰ উপায়..

মানুহৰ মনটো অতি সহজে অশান্ত হয়৷ ইয়াক নিয়ন্ত্ৰণত ৰখাটো বৰ টান৷ মন শান্ত ৰখাৰ কিছুমান ব্যৱহাৰিক উপায় হৈছে..
আপোনাক নোসোধালৈকে কোনো কামত হস্তক্ষেপ নকৰিব৷ নপতা ফুকন কোনেও ভাল নাপায়৷
যিমান গিলিব পাৰে সিমানহে মুখত ভৰাওক৷ অৰ্থাৎ নিজৰ সামৰ্থ অনুসাৰেহে কাম হাতত লওক৷
ক্ষমা কৰিবলৈ আৰু কিছুমান কথা পাহৰিবলৈ শিকক৷
যশস্যা লাভ কৰাৰ লালসা নাৰাখিব৷ আনৰ সাফল্য দেখি ঈৰ্ষা নকৰিব৷
পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকক, যি সলনি নহয় বা কৰিব নোৱাৰি তাক সহ্য কৰিবলৈ শিকক৷
কাম পিছুৱাই নাৰাখিব আৰু এনে কাম নকৰিব যাৰ বাবে পিছত অনুতাপ হয়৷
মগজু খালী কৰি নাৰাখিব৷ ভাল চিন্তাৰে মগজু পৰিপুৰ্ণ কৰি ৰাখক৷
কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে ,
ঈশ্বৰৰ সৈতে আপোনাৰ সম্বন্ধ ঠিক কৰি ৰাখক৷
যিসকল লোকে নিয়মিত ভাবে ঈশ্বৰৰ বাক্য পঢ়া আৰু ধ্যান কৰাত মন দিয়ে,
ঈশ্বৰৰ লগত নিবিড় সম্বন্ধ বজাই ৰাখে,
তেনেলোকৰ মন শান্ত থাকে৷

প্ৰতিকূল পৰিস্থিতিটো তেনেলোকে মনৰ শান্তি নেহেৰুৱায় কাৰণ লগত ঈশ্বৰৰ সহায় থকা বুলি জানে৷

Wednesday 24 June 2015

কপালৰ তামোল..

কপালৰ তামোল..

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা সময়ৰ কথা৷ সেই সময়ত গুৱাহাটী মেডিকেল কলেজৰ লগত আমাৰ তুমুল সংঘৰ্ষ চলি আছে৷ জন নামৰ খাচীয়া ছাত্ৰ এজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ঘটা মৃত্যুৰ পৰাই সেই কাজিয়াৰ সূত্ৰপাত৷

ইফালে কলেজত খেলা-ধূলাও চলি আছে৷ হকী মই নতুনকৈ খেলিবলৈ শিকিছো৷ এদিন আবেলি প্ৰথম ছাত্ৰাবাসৰ সম্মুখৰ খেলপথাৰত খেলৰ আগে-আগে অনুশীলন চলি আছিল৷ বল স্কুপ কেনেকৈ কৰিব লাগে তাকে দুই এজনে চেষ্টা কৰি আছিল৷ মইও নিজৰ কৌশল প্ৰদৰ্শন কৰাৰ মানসেৰে দূৰৰ পৰা হাতত স্টিক লৈ দৌৰি আহি বলটো স্কুপ কৰি দেখুৱাবলৈ চেষ্টা কৰিলো৷ স্টিকডাল বলটোৰ তলত সুমুৱাই দি বলটো ডাঙি দূৰলৈ মাৰি পঠিয়াবলৈ চেষ্টা কৰিলো৷ কিন্তু বৰষুণত তিতি কোমল হৈ থকা মাটিত স্টিকডাল খোঁচ খাই লাগি ধৰিল৷ মই নিজৰ বেগতে আগুৱাই গৈ থাকিলো আৰু স্টিকডালৰ আনটো মূৰত মোৰ কপালখন প্ৰচণ্ড জোৰত খুন্দা খালে৷ ঠিক দুই চকুৰ মাজতে৷ ক্ষন্তেকৰ বাবে চকুৰে আন্ধাৰ দেখিলো যদিও নিজক কোনোমতে চম্ভালি একাষত গৈ থিয় হৈ থাকিলো৷ লাহে লাহে কপালখন বিষাবলৈ ধৰিছিল যদিও খেলৰ নিচাত সকলো পাহৰি থাকিলো৷

খেলৰ অন্তত হোষ্টেললৈ গৈ ঠাণ্ডা পানীৰে ভালদৰে গা ধুলো৷ ইতিমধ্যে কপালত আঘাত পোৱা ঠাইখিনি ফুলি উঠি এটা তামোলৰ সমান ডাঙৰ হৈছে৷ গা ধুই উঠি আয়নাত চাই দেখো কপালৰ তামোলটোৱে নীলা ৰং ধৰিছে৷ বিষো বাঢ়ি আহিব ধৰিলে৷ বিষ কমাবলৈ চেষ্টা কৰি কিবা এটা মলম ঘঁহি যিমান পাৰো সহ্য কৰি থাকিলো৷ বিষকমোৱা দৰব এটা খাই ৰাতিটো কোনোমতে পাৰ কৰিলো৷

পিছদিনা কেম্পাচত থকা ডাক্তৰৰ ওচৰ পালোগৈ৷ ডাক্তৰে ভালদৰে চাই গহীনাই ক’লে, “ আঘাত পোৱাৰ পাছতে একো নকৰি ঠাণ্ডা পানীৰে গা ধু্ই দিয়া কাৰণে গোটেইটো টান হৈ শিল যেন হৈ গৈছে৷ অপাৰেচন কৰিব লাগিব৷ মেডিকেলৰ লগত কাজিয়া চলি আছে৷ মেডিকেললৈতো যাব নোৱাৰিবা৷ ময়েই কাটি দিম৷ আজি নহয়, দুদিনমান পাছত এদিন৷”
মোৰ মুখৰ মাত হৰিল৷ বেজী এটা ল’বলৈও মোৰ ভয় লাগে৷ অপাৰেচনৰ কথা ভাবিবই নোৱাৰো৷ চিন্তাক্লিষ্ট ভাবে হোষ্টেললৈ উভতিলো৷ তেনেদৰেই এদিন নে দুদিন পাৰ হ’ল৷ ইফালে কপালৰ তামোলটোৱে কপালত ভালদৰেই নিজৰ স্থান দখল কৰি লৈছে৷ বিষটো অলপ কমিছিল যদিও তামোলটোৰহে আকাৰ একেই আছিল৷

এদিন আবেলি মোৰ ডাঙৰ দাদা আহি ওলালহি৷  আহিয়েই মোক দেখি কি হ’ল সুধিলে৷ মই বিবৰি ক’লো৷ ডাক্তৰে কাটি দিম বুলি কোৱা বুলিও ক’লো৷ দাদাই ক’লে, “ এতিয়া নাকাটিবিচোন৷ মই এটা মলম লিখি দিছো৷ সেইটো এসপ্তাহমান ঘঁহি চা৷ কমি যাব লাগে৷”

দাদাই লিখি দিয়া মলমটো সেইদিনাৰ পৰাই কপালৰ তামোলটোত ঘঁহিবলৈ আৰম্ভ কৰিলো৷ ঘঁহি উঠিয়েই তামোলটো চাওঁ, কিজানিবা অলপ সৰু হ’লেই৷ তেনেদৰে এসপ্তাহমান ঘঁহাৰ পাছত তামোলটোৰ আকাৰ সৰু হৈ আহিবলৈ ধৰিলে৷ মোৰ উৎসাহ বাঢ়ি গ’ল৷ অতি নিষ্ঠাৰে মলম ঘঁহি থাকিলো আৰু প্ৰায় পোন্ধৰ দিনমানৰ পাছত তামোলটো প্ৰায় নোহোৱা হৈ পৰিল৷ দাদাই দিয়া মলমে মোক অপাৰেচনৰ পৰা বচালে৷

কপালত মগুমাহ এটাৰ  সমান টেমুনা এটা অৱশ্যে এতিয়াও আছে৷

কলেজীয়া দিনৰ স্মৃতি হিচাবে ৰাখি থৈছো তাক৷

Friday 19 June 2015

সান্নিধ্যৰ শক্তি..

সান্নিধ্যৰ শক্তি..
কে্তিয়াবা কোনো কাৰণ নোহোৱাকৈয়ে মনটো বেয়া লাগে৷ উৰুঙা উৰুঙা লাগে৷ একো কৰিবৰ যেন মন নাই, এনেকুৱা লাগে৷
কিন্তু যদি আমি ভালপোৱা, আমাৰ বাবে চিন্তা কৰা , আমাৰ কোনো বিশ্বাসযোগ্য পৰিয়ালৰ লোক বা আত্মীয় বা বন্ধুৰ লগত অলপ সময় কটাওঁ, আমাৰ মনটো হয়তো ভাল লাগিব ধৰে৷ বহুতৰেই এনেকুৱা অভিজ্ঞতা আছে৷
আচলতে মানুহে অকলে থাকি ভাল নাপায়৷ মানুহৰ মনটোৱে সঙ্গ বিচাৰে৷ সুখ-দুখৰ কথা পাতিবলৈ, আনৰ আগত মনৰ কথা ক’বলৈ, দুখ পাতলাবলৈ, উৎসাহ পাবলৈ৷
কেতিয়াবা মনে বিচাৰিলেও তেনেকুৱা সুবিধা আমাৰ হাতত নাথাকিবও পাৰে৷ হয়তো আমি কোনো ঠাইত অকলে থাকিবলগীয়াও হ’ব পাৰে৷ তেতিয়া বহুতেই নিসঙ্গতা, হতাশা আদিত ভুগে৷

আমি প্ৰায়েই এই কথাটো পাহৰি থাকোঁ যে আমাৰ সকলোতকৈ আপোন আৰু বিশ্বাসী বন্ধু হ’ব পাৰে ঈশ্বৰেই৷ ঈশ্বৰত বিশ্বাস কৰি, ঈশ্বৰত ভৰসা কৰা লোকে ঈশ্বৰক অতি আপোনভাবে, অতি ওচৰৰ পৰা পাব পাৰে৷ ঈশ্বৰৰ সান্নিধ্যত সময় কটোৱা, ঈশ্বৰৰ ভৰসাতে আগবঢ়া লোকৰ জীৱনত নিৰাশা, হতাশা, নিসঙ্গতাৰ স্থান নাই৷ বৰং তেনেলোকৰ জীৱনে আন বহুতৰ জীৱনত ইতিবাচক, ধনাত্মক প্ৰভাৱহে পেলায়৷

Thursday 18 June 2015

গতানুগতিকতা….

গতানুগতিকতা….
আমি একেটা কামকে বাৰে বাৰে কৰি থাকিলে যন্ত্ৰৰ নিচিনা হৈ পৰো৷ মনেৰে একো নভবাকৈয়ে কামটো কৰিব পৰা হওঁ৷ আনকি আন্ধাৰতো আমি লাইটৰ চুইচটো বিচাৰি পোৱা হৈ যাওঁ৷ বা গাড়ীৰ চালকৰ হাতখন বা ভৰিখন প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট ঠাইলৈ যায়৷
একেটা কামকে আমি ভাল নাপালেও কৰি থাকিবলগীয়া হ’ব পাৰে৷ কেতিয়াবা বাধ্য হৈ, কেতিয়াবা আনক দেখুৱাবলৈ৷
কল-কাৰখানাত কাম কৰা মানুহৰ বাবে আচলতে এইটো এটা প্ৰয়োজনীয় গুণো হ’ব পাৰে কাৰণ বাৰে বাৰে একে কাম কৰি থাকিলে কামটো অধিক নিখুত হয় আৰু কম সময়তে কৰিব পৰা হয়৷ খেলুৱৈ সকলে বাৰে বাৰে অভ্যাস কৰে, অনুশীলন কৰে৷
কিন্তু এনে গতানুগতিকতা বা যান্ত্ৰিকতাৰ পৰা বিপদো আছে৷ আমি গতানুগতিক হৈ চলি থাকিলে যন্ত্ৰৰ নিচিনা হৈ পৰিব পাৰো৷ আমাৰ মন, আমাৰ আবেগ-অনুভূতি আদি নিষ্ক্ৰিয় যেন হৈ পৰিব পাৰে৷ বিশেষকৈ আত্মিক জীৱনত এইটো বেছিকৈ খাটে৷ আমি কৰিব লাগে কাৰণেই প্ৰাৰ্থনা কৰো, বিভিন্ন ৰীতি-নীতি পালন কৰো কিন্তু হয়তো ঈশ্বৰৰ উপস্থিতি বা সান্নিধ্য লাভৰ পৰা বঞ্চিত হৈ থাকিব পাৰো৷

গতানুগতিকতাৰ পৰা সাৰ পাবলৈ শিকিব লাগে৷

Tuesday 16 June 2015

কিমান লাগে?

কিমান লাগে?

এজন বৃদ্ধলোকে কৈছিল,

“ সৰুতে আমি গাৱঁত আছিলো৷ পথাৰত খেলি-ধূলি ডাঙৰ হ’লো৷ 
সৰুতে ভাবিছিলো চহৰলৈ গৈ ভাল চাকৰি এটা কৰিব পাৰিলে, ডাঙৰ ঘৰ এটা বনাব পাৰিলে, গাড়ী এখন কিনিব পাৰিলে, ধুনীয়া ছোৱালী এগৰাকী বিয়া কৰিব পাৰিলে, সুন্দৰ পৰিয়াল এটা হ’লে, মই অতি সুখী হ’ম৷ 
সেইবোৰ পাবলৈ প্ৰাণপণে কষ্ট কৰিছিলো৷
লাহে লাহে জীৱনত সেই সকলো পালো৷  
কিন্তু হাবিয়াস বাঢ়ি গ’ল৷ 
সৰু ঘৰৰ পাছত ডাঙৰ ঘৰলৈ মন মেলিলো৷ সৰু গাড়ীৰ পাছত বেছি দামী বিলাসী গাড়ী এখন কিনিবলৈ মন যোৱা হ’ল৷ 
ঘৰত এটাৰ পাছত এটাকৈ নতুন নতুন লাহ-বিলাহৰ সামগ্ৰী কিনি থাকিলো৷ কিন্তু তথাপি শেষ নাই৷ বজাৰত নতুন কিবা এটা, আৰু ভাল এটা ওলায়৷ আৰু কিনিবলৈ  মন যায়….. 
এতিয়া এই বৃদ্ধ বয়সত ভাব হৈছে, লাহ-বিলাহৰ পিছে-পিছে ঘূৰি জীৱনটো শেষ কৰি দিলো কিন্তু প্ৰকৃত অৰ্থত জীৱনটো উপভোগ কৰাই নহ’ল৷”’


আমাৰ প্ৰয়োজনৰ কেতিয়াও শেষ নাই৷ 
আমি সন্তুষ্ট হ’বলৈ নিশিকিলে আমাৰ জীৱনটো মৰীচিকাৰ পিছে পিছে দৌৰা জীৱনৰ দৰে হ’ব আৰু জীৱনৰ প্ৰকৃত প্ৰয়োজনীয় বিষয় হেৰাই যাব৷

Friday 5 June 2015

ক'তে মৰোঁ মই

ক'তে মৰোঁ মই...

১)
অফিচাৰ: হেভ ইউ ৰিটেন মাই চেকিউ?
কেৰানী: ছাৰ, চেকিউ নহয়, চেক বুলি ক'ব লাগে৷
অফিচাৰ (অলপ লাজ পাই): অ: শ্লিপ অব মাই টাংগিউ ..
কেৰাণী: ছাৰ, টাংগিউ নহয়, টাং বুলি ক'ব লাগে৷
অফিচাৰ: (খঙেৰে) দোন্ট আৰ্গ ৷   (আৰগু)

2)
বহুদিন আগৰ কথা৷ এজন চাহাবে স্টেচন মাষ্টাৰৰ ওচৰলৈ গৈ সুধিলে,
চাহাব: হু ইজ দা স্টেচন মাষ্টাৰ?
মাস্টাৰ: আই ইজ দা স্টেচন মাষ্টাৰ৷
চাহাব: অ', ইউ আৰ?
মাস্টাৰ: ইয়েচ, আই আৰ৷

৩)
শিক্ষক: বৃত্ত মানে কি ইংৰাজীতে কোৱাচোন৷
ছাত্ৰ: এ কিৰকুল ইজ এ ফাইগুৰ বোউন্ডেদ বাই এ লীন ৷
শিক্ষক: ইওৰ ফুটুৰে দুম৷

(বহুদিন আগতে শুনিছিলো)

Wednesday 3 June 2015

“সংগ্ৰাম আন এটি নাম জীৱনৰে..”

“সংগ্ৰাম আন এটি নাম জীৱনৰে..”

“চক্ৰৱৎ পৰিৱৰ্তন্তে দুখানি চ সুখানি চ” বুলি কোৱা শুনিছিলো সৰুতেই৷ মানুহৰ জীৱনত দুখ-সুখৰ দিনবোৰ হেনো সলনি হৈ থাকে৷ কথাষাৰ ইমান সোনকালে আমাৰ জীৱনত ফলিয়াব বুলি ভবা নাছিলো৷
১৯৬৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে শ্বিলঙত মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ পৰলোকপ্ৰাপ্তি ঘটাৰ লগে-লগে আমাৰ জীৱনলৈ অমানিশা নামি আহে৷ তেতিয়া মই তৃতীয় শ্ৰেণীত, ডাঙৰ দাদা অষ্টম আৰু সৰু দাদা ষষ্ঠ শ্ৰেণীত৷ সৰু ভাইটি প্ৰথম শ্ৰেণীত আৰু একেবাৰে সৰু ভাইটি স্কুললৈ যোৱাই নাই৷ কেৱল ষষ্ঠ শ্ৰেণীলৈকে পঢ়া মাৰ বয়স আছিল প্ৰায় ৩০ বছৰ মাত্ৰ৷ মা বা ডাঙৰ দাদা মেট্ৰিক পাছ কৰা হ’লে হয়তো দেউতাৰ বিভাগতে চাকৰি এটা হৈ গ’লহেতেন “কম্পেচনেট গ্ৰাউণ্ডত৷ সেইটোও নহ’ল৷ ফেমিলি পেন্সন হিচাবে পোৱা টকা কেইটাৰেই আমি গোটেই পৰিয়ালটো চলিব লাগিব বুলি বুজি পালো৷ আত্মীয়-স্বজন কাৰো পৰাই কোনো ধৰণৰ সহায় পোৱাৰো আশা ক্ষীণ৷ সম্মুখত জীৱনৰ দীঘল বাট৷ নিজৰ ভৰিত নিজে থিয় দিয়াৰ বাদে আন উপায় নাই৷
যাৱতীয় চৰকাৰী আনুষ্ঠানিক কাম-কাজৰ অন্তত আমি বয়-বস্তুৰে সৈতে বৰপেটা পালোঁহি৷ ককাহঁতৰ ভগা-ছিগা ঘৰত আমাৰ পৰিয়ালটোৰ বাবে থকা ঠাই নহ’ব বাবেই কীৰ্তন ঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো আমাৰ বাবে ভাড়া লোৱা হ’ল মাহে ১৫ টকাত৷ তাতে আৰম্ভ হ’ল আমাৰ জীৱনৰ এক নতুন অধ্যায়৷ সৰুৰে পৰা আমি বাহিৰতে আছিলো৷ নগাঁও, তিতাবৰ আৰু শ্বিলং৷ বৰপেটালৈ তাৰ আগতে তিনিবাৰমানহে আহিছিলো৷ বৰপেটাৰ পৰিৱেশত নিজকে অতি আচহুৱা অনুভৱ কৰিলেও লাহে লাহে নিজক খাপ খুৱাই ল’ব ধৰিলো৷ দেউতাই পঢ়া বৰপেটা বিদ্যাপীঠ হাইস্কুলতে দাদা দুজনৰ সৈতে মোকো নাম লিখাই দিয়া হ’ল৷ সৰু ভাই দুজনক বিলৰতাৰী হাটীৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্ত্তি কৰি দিয়া হ’ল৷
পঢ়া-শুনাত আমি গোটেই কেইজনেই ভাল আছিলো৷ পঢ়া-শুনা কৰি জীৱনটো গঢ় দিয়াৰ বাহিৰে বেলেগ উপায়ো নাছিল৷ তদুপৰি স্কুলৰ শিক্ষক তথা গোটেই বৰপেটাবাসী ৰাইজৰ দেউতাৰ প্ৰতি থকা ভাল ভাৱ আৰু আমাৰ প্ৰতি থকা শুভেচ্ছা-সদিচ্ছাই আমাক অধিক ভাল হবলৈ উদগণি যোগাইছিল৷
সময় বাগৰি গ’ল৷ ফেমিলি পেন্সন হিচাবে পোৱা ১৫৮ টকাৰেই আমি টুক-টাককৈ চলি থাকিলো৷ ডাঙৰ দাদাই অঙ্কত লেটাৰ সহ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে৷ বহুতে উপদেশ দিলে দেউতাৰ বিভাগতে চাকৰিত সোমাই ল’বলৈ৷ আমি বাধা দিলো৷ ক’লো,
“সি পঢ়ক৷ এতিয়া চাকৰিত সোমালে গোটেই জীৱন সি কেৰাণী হৈয়ে থাকি যাব৷ তাতকৈ গুৱাহাটীত থকা মাটিডোখৰ বিক্ৰি কৰি দিয়াই ভাল৷ সি যি মন যায় তাকে পঢ়ক৷ “
সেইমতেই আমি আগবাঢ়িলো৷
বৰপেটাৰ মেটুৱাকুছিত এডোখৰ মাটি কিনি লৈ আমি আটাইটি মিলি সৰুকৈ খেৰীঘৰ এটাও ইতিমধ্যে সাজি ল’লো৷ সকলো সাঁচতীয়া ধন প্ৰায় তাতেই শেষ হ’ল৷ ইতিমধ্যে ডাঙৰ দাদাই প্ৰাক বিশ্ববিদ্যালয় পাছ কৰিলে৷  ত্ৰিবান্দ্ৰম মেডিকেল কলেজত বি ডি এচ পাঠ্যক্ৰমৰ বাবে অসমৰ বাবে থকা চাৰিখন আসনৰ এখন আসন দাদাই পালে৷ আমি সাহস কৰি পঠিয়াই দিলো৷ সৰু দাদাই অঙ্কত অসমৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লৈ প্ৰ্থম বিভাগত মেট্ৰিক পাছ কৰিলে৷ ইফালে মইও অবিভক্ত কামৰূপ জিলাৰ ভিতৰত প্ৰথম স্থান লৈ ষষ্ঠ শ্ৰেণীৰ বৃত্তি লাভ কৰি মাহে দহ টকাকৈ পাবলৈ ধৰিলো৷ কিন্তু ধনৰ অভাৱ ভালদৰেই অনুভৱ কৰিবলৈ ধৰিলো৷ ত্ৰিবান্দ্ৰমত পঢ়ি থকা দাদালৈ প্ৰতিমাহে ৩০০-৩৫০ টকা মান পঠিয়াব লাগে৷ মাই হাতৰ-কাণৰ সকলো বন্ধকত থৈ ধাৰ ল’বলৈ ধৰিলে৷ গুৱাহাটীৰ মাটিডোখৰ বিক্ৰি কৰাৰ বাহিৰে আন উপায় নাথাকিল৷ সেই কামৰ বাবে গুৱাহাটীত থকা ডাঙৰ মহাক দায়িত্ব দিয়া হ’ল৷ প্ৰতিমাহে আমাৰ প্ৰয়োজন বাঢ়ি গৈ থাকিল৷
আমি ধন উপাৰ্জনৰ কিবা উপায় কৰিব পাৰি নেকি তাৰেই সন্ধানত লাগিলো৷ উপায় এটা ওলাল৷ বাতৰি কাগজৰ ঠোঙা বনাই গেলামালৰ দোকানত বিক্ৰি কৰিলে কিছু লাভ হয়৷ আমি বজাৰৰ পৰা বাতৰি কাগজ আৰু ঠোঙাৰ তলত লগাবলৈ ডাঠ কাগজ হিচাবে জোতাৰ দোকানৰ পৰা কাগজৰ বাকচ কিনি আনি ঘৰত আজৰি সময়ত ঠোঙা বনাবলৈ আৰম্ভ কৰিলো৷ সেইবোৰ ৰ’দত শুকুৱাই বেগত ভৰাই বজাৰৰ দুখনমান দোকানত বিক্ৰি কৰি দিয়া হয়৷ তাৰেই দুপইচা লাভ হয়৷ এতিয়াও মনত পৰে৷ মাঘবিহুৰ উৰুকাৰ দিনা ওচৰ-চুবুৰীয়া সকলো গোটেই ৰাতি সাৰে থাকি বিহু পালন কৰাৰ সময়ত আমি গোটেই ৰাতি ঘৰৰ ভিতৰত লেমৰ পোহৰত কাগজৰ ঠোঙা বনাইছিলো৷
তেতিয়া মই অষ্টম শ্ৰেণীত৷  ঠোঙা বিক্ৰি কৰা দোকানৰ মালিকে তেখেতৰ কশ্ৰেণীত পঢ়া ল’ৰাটোক পঢ়ুৱাবলৈ মোক দায়িত্ব দিলে৷ মাহে ৮ টকা৷ তাৰ পাছত আৰু দুটামান টিউচন পালো৷ ৰাতিপুৱাই চাইকেলখন লৈ ওলাই যাওঁ৷ ল’ৰাটোক শিকাই পোনে-পোনে স্কুললৈ যাওঁ৷ লেজাৰৰ সময়ত ঘৰলৈ আহি ভাত খাই ছুটীৰ পাছত বাহিৰে বাহিৰে আকৌ বাকী টিউচনলৈ যাওঁ৷ সৰু দাদাৰ ওচৰলৈও অঙ্ক শিকিবলৈ দুই-এজন ছাত্ৰ আহিবলৈ ধৰিলে৷ আৰ্থিক ভাবে আমি অলপ সকাহ পালো৷
প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত সৰু দাদাই প্ৰথম স্থান অধিকাৰ কৰি সকলোকে চমক খুৱালে৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ গ’ল৷ তেতিয়া মই দশম শ্ৰেণীত৷ টকা-পইচা যোগাৰ কৰি দাদাদুজনলৈ পঠিউৱাৰ দায়িত্ব মোৰ ওপৰত পৰিল৷ টিউচনো কৰি থাকিলো , অষ্টম শ্ৰেণীত থকা ভাইজনকো টিউচন যোগাৰ কৰি দিলো৷ কাগজৰ ঠোঙাৰ ব্যৱসায়ো চলি থাকিল সমান্তৰাল ভাবে৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰি পাছ কৰাৰ সূত্ৰেই সেই সময়ৰ অসমৰ শিক্ষা-তথা গৃহমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়া দেৱৰ সৈতে সাক্ষাৎ হয়৷ তেখেতে উৎসাহ দি মোক কটন কলেজত নাম ভৰ্ত্তি কৰাই দিয়ে৷ তেখেতৰ বৰপুত্ৰ জিন্টু তেতিয়া অষ্টম শ্ৰেণীত পঢ়ে৷ জিন্টুৰ পঢ়া-শুনা চাই দিবলৈ মোক দায়িত্ব দিয়া হ’ল৷ মই পৰম নিষ্ঠাৰে সেই কাম কৰি গ’লো৷ গুৱাহাটীত আৰু দুটামান টিউচন যোগাৰ কৰি লৈ মোৰ সকলো খৰচ নিজেই উলিয়াবলৈ ধৰিলো৷ ইতিমধ্যে গুৱাহাটীৰ মাটি বিক্ৰি হৈ গৈছিল আৰু দাদাহঁতৰ খৰচ তাৰেই যোগান ধৰা হৈছিল৷
মাটি বিক্ৰি কৰি পোৱা টকাও শেষ হ’ল৷  ডাঙৰ দাদাও পাছ কৰি আহিল৷ বেঙ্কৰ ধাৰ লৈ বঙাইগাঁওত ক্লিনিক খুলি ল’লে৷ আমাৰ সকলোৰে দায়িত্বও দাদাই লৈ ল’লে৷ লাহে-লাহে দিনবোৰ ভালৰ পিনে আহিবলৈ ধৰিলে৷

দুখৰ পাছত আকৌ সুখ৷

“পঢ়া-শুনা কৰি কি হ’ব” বুলি কোৱা বহুতকে লগ পাইছো৷ কিন্তু আমাক পঢ়া-শুনাইহে মানুহ হোৱাত সহায় কৰিলে৷ সেই দুখ-কষ্টৰ সময়চোৱাত জগতখন ভালদৰে চিনি পালো৷ যিসকলে আমাক সহায় কৰিলে সেই সকলৰ ওচৰত আমি চিৰকৃতজ্ঞ৷

ডাঙৰ মূৰ.. বিপদ দুৰ্ঘোৰ

ডাঙৰ মূৰ.. বিপদ দুৰ্ঘোৰ

মূৰ ডাঙৰ হ’লে হেনো পঢ়াত চোকা হয়৷ কথাটো কিমান দূৰ সত্য ক’ব নোৱাৰো কিন্তু মোৰ প্ৰকাণ্ড আকৃতিৰ মূৰটোৱে সৰুকালৰ বেলেগ এটা কথালৈহে মনত পেলাই দিয়ে৷

১৯৬৬ চন মানৰ কথা৷ তেতিয়া আমি তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকো৷ মই প্ৰথম শ্ৰেণীত পঢ়োঁ৷ 

পামৰ সম্মুখতে সন্দিকৈ চাহাবৰ ঘৰ৷ সেই ঠাইৰ এজন বিখ্যাত মানুহ৷ তেখেতৰ ঘৰলৈ জাপানৰ পৰা অহা ঊল গুঠা মেচিন এটা আহিল৷ মেচিনটো কেনেদৰে ফিটিং কৰি কেনেদৰে চলাব লাগে সেইবিষয়ে পৰামৰ্শ বিচাৰি মেচিনটো আমাৰ দেউতাৰ ওচৰলৈ লৈ অহা হ’ল৷ মেচিনটোৰ লগত অহা কাগজ-পত্ৰবোৰ জাপানী ভাষাতে লিখা আছিল আৰু আমাৰ দেউতা এবছৰ জাপানত আছিল বাবে জাপানী ভাষা অলপ-অচৰপ হয়তো জানিছিল বাবেই সেই পদক্ষেপ লোৱা হৈছিল৷ দেউতাই কেইদিনমান কষ্ট কৰি মেচিনটো চলালে৷ তাৰপাছত সন্দিকৈ চাহাবৰ ছোৱালী, চিনু বাইদেউকো অলপ শিকাই দিলে৷ ইমানদিনে হাতেৰেহে ঊল গুঠা দেখি আছিলো৷ সেই মেচিনেৰে ঘপা-ঘপ চুৱেটাৰ গুঠি দিব পৰা দেখি আমি সকলো আচৰিত হৈছিলো৷ মেচিনটো চলাব পৰা হোৱাত চিনু বাইদেউহঁতে ঘৰলৈ লৈ গ’ল৷

দুদিনমান পিছত দেউতাই মোৰ চুৱেটাৰ এটা গুঠিবৰ কাৰণে ঊল কিনি আনিলে৷ ক’লা ৰঙৰ হাইনেক চুৱেটাৰ এটা বনাবলৈ চিনু বাইদেউহঁতক কোৱা হ’ল৷ মেচিনত গুঠা চুৱেটাৰ পিন্ধিবলৈ মইও আগ্ৰহেৰে বাটচাই থাকিলো৷

দুদিনমান পিছত এদিন আবেলি বাটেৰে আহি থাকোঁতে চিনু বাইদেৱে মোক চিঞৰি মাতিলে,
“অ’ সোণকন৷ এইফালে আহাচোন৷”
মই তেওঁলোকৰ ঘৰৰ বাৰান্দা পালোগৈ৷ চিনুবাইদেউৰ হাতত ক’লা ৰঙৰ চুৱেটাৰ এটা৷ বুজিলো, সেইটো মোৰ বাবে গুঠা চুৱেটাৰটো৷ মোলৈ চাই বাইদেৱে ক’লে,
“আহাচোন, তোমাৰ চুৱেটাৰটো পিন্ধাই চাওঁ৷ জোখ ঠিক আছেনে নাই৷”

মই আগ্ৰহেৰে আগবাঢ়ি গ’লো৷ বাইদেৱে ক’লা ৰঙৰ হাইনেক চুৱেটাৰটো পিন্ধাই দিলে৷ পিন্ধোঁতে মূৰটো নোসোমায় নোসোমায় যেন লাগিল৷ তথাপি জোৰকৈ টানি সুমুৱাই দিয়া হ’ল৷ গা আৰু হাত আদিৰ জোখ ঠিকেই থকা যেন লাগিল৷

“ডিঙিটো অলপ সৰু হৈছে৷ মূৰটো ভালদৰে নুসুমায়৷” মই ক’লো৷
“ৰ’বা, চুৱেটাৰৰ ডিঙিটো অলপ ডাঙৰ কৰি দিম৷ খোলাচোন চুৱেটাৰটো এতিয়া৷” বাইদেৱে ক’লে৷

মই চুৱেটাৰটো খুলিবলৈ চেষ্টা কৰিলো৷ হাত দুখন ঠিকেই ওলাল কিন্তু মূৰটো চুৱেটাৰটোৰ ডিঙিত এইবাৰ ভালদৰেই লাগি ধৰিল৷ প্ৰাণপণে টানিলো, কিন্তু কোনোমতে চুৱেটাৰটো ওলাই নাহে৷ তাকে দেখি মোক চিনু বাইদেউ আৰু লগত থকা মানুহ এগৰাকীয়ে বাহিৰৰ বাৰান্দালৈ উলিয়াই নিলে আৰু দুয়ো প্ৰচণ্ড জোৰেৰে চুৱেটাৰটো ওপৰলৈ টানিবলৈ ধৰিলে৷ মোৰ কাণদুখন চিঙি যাব যেন লাগিল৷ কিমান সময় তেনেদৰে যুঁজ-বাগৰ চলিল মনত নাই৷ মই দুচকুৰে এন্ধাৰহে দেখি থাকিলো৷ ইতিমধ্যে আলিবাটত থিয় হৈ কিছুমান মানুহে সেই কাণ্ড চাবলৈ ধৰিলে৷


অৱশেষত চুৱেটাৰটো মোৰ মূৰৰ পৰা ওলাল৷ কাণদুখন আৰু কপালখন জুইয়ে পোৰা যেন লাগিছিল৷ আলিবাটত গোটখাই মোৰ সেই দুৰৱস্থা চাই আমোদ লৈ থকা মানুহ কেইজনলৈ চাই লাজতে মোৰ সকলো দুখ-কষ্ট পাহৰি গ’লো৷ 

তাৰপাছত কেতিয়া আহি ঘৰ পালো গমেই নাপালো৷

Tuesday 2 June 2015

A great Essay on cow.. (collected from the net)


The Cow (Essay written by a candidate for IAS exam)

I got from the internet and could not resist the temptation to share it.

You'll forget your English by the time you finish reading this. This is a true ???? Essay written by a candidate at the UPSC (IAS) Examinations.

HE IS THE COW.

The cow is a successful animal. Also he is 4 footed, And because he is female, he give milks, (but will do so when he is got child). He is sacred to Hindus and useful to man. But he has got four legs together. Two are forward and two are afterwards. His whole body can be utilized for use. More so the milk. Milk comes from 4 taps attached to his basement. (Horses don't have any such attachment) What can it do? Various ghee, butter, cream, curd, why and the condensed milk and so forth. Also he is useful to cobbler, watermans and mankind generally. His motion is slow only because he is of lazy species. Also his other motion.. (gober) is much useful to trees, plants as well as for making flat cakes (like Pizza), in hand , and drying in the sun. Cow is the only animal that extricates his feeding after eating. Then afterwards she chew with his teeth whom are situated in the inside of the mouth. He is incessantly in the meadows in the grass.His only attacking and defending organ is the horns, specially so when he is got child. This is done by knowing his head whereby he causes the weapons to be paralleled to the ground of the earth and instantly proceed with great velocity forwards. He has got tails also, situated in the backyard, but not like similar animals. It has hairs on the other end of the other side. This is done to frighten away the flies.

We are informed that the candidate passed the exam. He is now an IAS Officer somewhere in India.😜


😀😀😀