At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 20 July 2017

কেনে সময়ৰ সাক্ষী....

কেনে সময়ৰ সাক্ষী……

এৰা, জীৱন সলনি হ’ব ধৰিছে
হয়তো, স্থায়ীভাবেই৷
এতিয়া সন্ধিয়াবোৰ আহিব আমাৰ স্মৃতিত
য’ত তুমি আৰু মই কেতিয়াও একেলগে নাছিলোঁ
তথাপি একেধৰণৰেই হ’ব
দুখ তোমাৰ-মোৰ৷
আহিবধৰা সন্ধ্যাবিহীন দিনবোৰৰ বাবে
একেধৰণৰ দুখ তোমাৰ-মোৰ৷
অকলশৰে ৰৈ যোৱা
নিজ-নিজ ঠাইত
এয়া কেনেধৰণৰ সময়ৰ সাক্ষী হৈ পৰিছোঁ
দুজন অচিনাকী মই-তুমি৷
জীৱনৰ আৰম্ভণি আৰু যাত্ৰাৰ সমাপ্তিৰ মাজত
একো নাথাকিব, স্মৃতিত সযতনে ৰাখিব থ'বৰ বাবে৷

মূল (হিন্দী): সতীশ জয়চৱাল   অনুবাদ: ডঃ মাখন লাল দাস

Thursday, 22 June 2017

গাজা গাজা গাজা

দুটা গাজা.....


বিটেক গৰু::
গৰুগাড়ী এখন ঘটং মটংকৈ গৈ আছিল৷
গাড়ী চলোৱা মোলু মদ খাই টং হৈ গাড়ীত পৰি আছিল৷
গৰুহাল নিজে নিজে আগুৱাই গৈ আছিল, মোলুৰ কাণসাৰেই নাই৷

তাকে দেখি অলপতে ইঞ্জিনিয়াৰিং পাছ কৰি অহা নগেনে মোলুক সুধিলে:
"তুমি যে এনেকৈ পৰি আছা, গাড়ীখন গৈ থকা বুলি তুমি গম কেনেকৈ পাবা?"

" গৰু দুটাৰ ডিঙিত থকা টিলিঙা দুটা বাজি থাকিব নহয়৷ মই তেনেকৈয়ে গম পাম৷" নিচাৰ ৰাগীত চকু নেমেলাকৈয়ে মোলুৱে উত্তৰ দিলে৷

"যদি তোমাক ঠগাবৰ বাবে গৰু দুটা একে ঠাইতে ৰৈ থাকি ডিঙি দুটা লৰাই থাকে তেতিয়াওতো শব্দ হৈ থাকিব পাৰে?" নগেনে বিজ্ঞৰ দৰে ক'লে৷

এইবাৰ মোলুৱে অতি গহীনাই উত্তৰ দিলে:
"মোৰ গৰু দুটাই বি টেক পাছ কৰি অহা নাই নহয়৷"



কি খালে?

গাঁৱৰ গোহালিঘৰ এটাত জুই লাগিল৷
সকলো গৰু-ছাগলী বচাব পৰা গ'ল কিন্তু কলী ছাগলীজনী বিচাৰি পোৱা নগ'ল৷
অলপ পাছত জুই নুমাল৷
ছাঁইৰ মাজত প্ৰায় আধাপোৰা ক'লী ছাগলীজনী পোৱা গ'ল৷

নগেনে ক'লে, : ছাগলীজনী ছাঁই হৈ যোৱা নাই৷ ছালখনহে পুৰিছে৷ গতিকে মাংসখিনি খাব পাৰি৷
খগেনেও কথাটোত সন্মতি জনালে৷
সিহঁতে হৰেনকো মাতিলে৷

তাৰপাছত তিনিও বহি পোৰা ছাগলিটোৰ মাংস বখলিয়াই বখলিয়াই উলিয়াই নিমখ তেল সানি খাবলৈ ধৰিলে৷
তিনিও পেট পূৰাই খালে৷

তেনেতে ক'ৰবাৰ পৰা ক'লী ছাগলীজনী বেবাই বেবাই আহি ওলাল৷
তিনিও আচৰিত হ'ল আৰু ইটোৱে সিটোৰ মুখলৈ চালে৷
"আমি কি খালোঁ বাৰু?" প্ৰশ্নবোধক দৃষ্টি তিনিওৰে মুখত৷

তেনেতে মোলুৱে আহি ক'লে,
"ক'লী ছাগলীজনী মৰা নাই৷ চুৱাপাত চেলেকিফুৰা , গোটেই গাত খজুৱতি হোৱা, ফপৰা কুকুৰটোহে জুইত পুৰি মৰিল৷

Tuesday, 25 April 2017

মঙলবৰীয়া গাজা

মঙলবৰীয়া গাজা..

১) নগেনৰ ল'ৰাৰ ছবছৰ বয়স৷ প্ৰথম স্কুললৈ গৈছে৷ প্ৰথম পৰীক্ষাও হৈ গ'ল৷
দুদিনমান পাছত নগেনৰ ল'ৰা কান্দি কান্দি স্কুলৰ পৰা আহিল
নগেনে সুধিলে: তই কান্দিছ কিয়?
ল'ৰা: মোক মাষ্টৰণীয়ে বিৰাট পিটিলে? কিয় নাকান্দিম?
নগেন: তোক কিয় পিটিলে? তই কি কৰিছিলি?
ল'ৰা: একো কৰা নাই৷
নগেন: তেনেহলে কিয় পিটিলে?
ল'ৰা: মই মাষ্টৰণীক কুকুৰা বুলি কৈছিলোঁ৷
নগেন: হয় নেকি? কিয় কৈছিলি কুকুৰা বুলি?
ল'ৰা: কিয় নকম? মোৰ গেটেইবোৰ পৰীক্ষাৰ বহীত কণী এটা এটা দি দিছে৷

২)  এদিন খগেনে বেছিকৈয়ে মদ খাই তলং ভটং কৰি বাটেৰে আহি আছিল৷ তেনেকৈ আহি থাকোঁতে শ্মশানলৈ গৈ মৰাশ এটা কঢ়িয়াই নি থকা মানুহ কেইজনমানক খুন্দা মাৰি দিলে৷ শৱ কঢ়িয়াই নিয়া মানুহকেইজনৰ কান্ধৰ পৰা সাঙীখন মাটিত পৰি গ'ল আৰু শৱটো মাটিত পৰি থাকিল৷ মানুহবোৰে খগেনক পিটিবলৈ ধৰিলে৷খগেনে খঙেৰে উত্তৰ দিলে:
মোক মাৰিছে কিয়? যি মাটিত পৰিছে সি মুখেৰে একো নাই মতা, আপোনালোকেনো কিয় ইমান আপত্তি কৰিছে?

৩) চহৰৰ পৰা গাঁৱলৈ অহা ডেকা এজনৰ গাঁৱৰ ছোৱালী এজনী খুব পচন্দ হ'ল৷ সুবিধা বুজি এদিন চিনাকী হ'ল আৰু কথাৰ পাতনি মেলিলে ডেকাজনে:
"তোমাৰ কি নাম?"
"বিমলা৷"
"তুমি কি ব্যৱহাৰ কৰা? ফেচবুক নে হোৱাটচ আপ?"
ছোৱালীজনীয়ে অলপ লাজ লাজকৈ উত্তৰ দিলে:
" মই এনেই বগা৷ সেইবোৰ একো ব্যৱহাৰ নকৰোঁ৷ মাজে মাজে পাউদাৰ ঘহোঁ৷"

Sunday, 23 April 2017

অলৌকিক কাৰ্য..

অলৌকিক কাৰ্য..
                                          (মূল লেখক অজ্ঞাত৷ অসমীয়া ৰূপান্তৰ ডঃ মাখন লাল দাস)

এজনী আঠবছৰীয়া ছোৱালীৰ কথা৷ এদিন তাইৰ মাক-দেউতাকে তাইৰ কণমানি কেঁচুৱা ভায়েকটিৰ বিষয়ে কথা পাতি থকা তাই শুনিলে৷তাই কথা শুনি বুজি পালে যে ভায়েক অতিশয় অসুস্থ আৰু সিহঁতৰ টকা-পইচা সকলো শেষ৷সিহঁত এটা সৰু ঘৰলৈ যাব কাৰণ ডাক্তৰৰ বিলবোৰ দিয়াৰ পাছত সিহঁত আৰু বৰ্তমানৰ ডাঙৰ ঘৰটোত থাকিবলৈ টকাই নুজুৰিব৷ অতি ব্যয়বহুল অস্ত্ৰোপচাৰ এটাইহে তাইৰ ভায়েকক বচাব পাৰিব আৰু সিহঁতক ধন ধাৰে দিবলৈও কোনো নাই৷

বাপেকে অতি হতাশ ভাবে তাইৰ ধুনীয়া মাকক প্ৰায় ফুচফুচাই ক’লে,
“ এতিয়া একমাত্ৰ কিবা এটা অলৌকিক কাৰ্যইহে তাক বচাব পাৰিব৷”

কথাবোৰ শুনি ছোৱালীজনী নীৰৱে তাৰ পৰা আঁতৰি গৈ তাইৰ কোঠাত সোমাল৷
তাইৰ আলমাৰীত সযতনে লুকুৱাই থোৱা, তাইৰ পইচা জমা কৰা টেমাটো তাই উলিয়ালে৷ সেইটো জোকাৰি জোকাৰি তাৰ ভিতৰত তাই ইমানদিনে সাঁচি থোৱা মুদ্ৰাবোৰ উলিয়ালে৷ সেইখিনি তাই সাৱধানে হিচাব কৰিলে৷

তাৰপিছত পইচাখিনি তাত আকৌ ভৰাই তাই টেমাটো অতি সাৱধানে হাতত লৈ বাহিৰ ওলাই গ’ল৷ সিহঁতৰ ঘৰৰ পৰা ছঘৰমান এৰি এখন ফাৰ্মাচী আছে৷ তাই তালৈকে গ'ল৷ তাই এটা আধলি উলিয়াই লৈ ফাৰ্মাচীখনৰ গ্লাচৰ কাউন্টাৰত ৰাখিলে৷

“তোমাক কি লাগে?” ফাৰ্মাচীৰ মানুহজনে সুধিলে৷
“ মোৰ সৰু ভাইটিৰ কাৰণে লাগে৷ তাৰ বৰ বেমাৰ৷ তাৰ কাৰণে মই এটা অলৌকিক কাৰ্য কিনিবলৈ আহিছোঁ৷”
“ কি কৈছা? আকৌ কোৱাচোন!” ফাৰ্মাচীৰ মানুহজনে সুধিলে৷
“ তাৰ নাম এন্দ্ৰু৷ তাৰ মূৰৰ ভিতৰত কিবা এটা ডাঙৰ বেয়া বস্তু হৈছে৷ মোৰ দেউতাই কৈছে যে এটা অলৌকিক কাৰ্যইহে তাক বচাব পাৰিব৷ অলৌকিক কাৰ্য এটাৰ দাম কিমান হ’বনো?”
“ আমি ইয়াত অলৌকিক কাৰ্য বিক্ৰি নকৰোঁ নহয়? বেয়া নাপাবা,” ফাৰ্মাচীৰ মানুহজনে অলপ দুখমেনেৰে হাঁহি ছোৱালীজনীক ক’লে৷
“চাওঁক, মোৰ হাতত কিনিবলৈ পইচা আছে৷ এইখিনি যদি যথেষ্ট নহয় তেনেহ’লে মই আৰু অলপ গোটাই আনিবলৈ চেষ্টা কৰিম৷ অলৌকিক কাৰ্যৰ দাম কিমান সেইটো মাত্ৰ মোক কওঁক৷”

সেই ফাৰ্মাচীতে সুন্দৰ সাজ-পাৰ পিন্ধা মানুহ এজনো আহিছিল কিবা কিনিবলৈ৷ তেওঁ সকলো শুনি আছিল৷ তেওঁ ছোৱালীজনীৰ ওচৰলৈ আহি মূৰটো অলপ তল কৰি তাইক সুধিলে,

“তোমাৰ ভাইটিক কেনেকুৱা অলৌকিক কাৰ্য লাগে?”
“মই নাজানোঁ,” চকু বহলাই তাই উত্তৰ দিলে৷ “সি বিৰাট অসুস্থ আৰু মাই কৈছে তাক বোলে অপাৰেচন কৰিব লাগিব৷ কিন্তু সেই খৰচ দিবলৈ মোৰ দেউতাৰ হাতত টকা নাই৷ গতিকে মই মোৰ গোটেইখিনি সাঁচতীয়া পইচা লৈ আহিছোঁ৷

“তোমাৰ কিমান পইচা আছে?” মানুহজনে সুধিলে৷

“এটকা আৰু এঘাৰ পইচা; কিন্তু আৰু অলপ গোটাবলৈ মই চেষ্টা কৰিব পাৰিম৷” প্ৰায় শুনা-নুশুনাকৈ ছোৱালীজনীয়ে উত্তৰ দিলে৷

“ কি আচৰিত সংযোগ,” মানুহজনে মিচিকিয়া হাঁহি এটা মাৰিলে, “ এটকা এঘাৰ পইচা- সৰু ভাইটিৰ বাবে প্ৰয়োজনীয় অলৌকিক কাৰ্যটোৰ সঠিক দাম৷

তেওঁ পইচাখিনি এহাতত ল’লে আৰু আনখন হাতেৰে ছোৱালীজনীৰ হাতত ধৰিলে৷ তেওঁ ক’লে,
“তুমি ক’ত থাকা তালৈ মোক লৈ যোৱা৷ মই তোমাৰ ভাইটিক চাম আৰু তোমাৰ মা-দেউতাকো লগ পাব খোজোঁ৷ চাওঁচোন, তুমি বিচৰা সেই অলৌকিক কাৰ্যটো কিজানিবা মোৰ হাতত আছেই৷

সুন্দৰ সাজ-পাৰ পিন্ধা সেই মানুহজন আছিল ডঃ কাৰ্লটন আৰ্মষ্ট্ৰং , এজন নিউৰোচাৰ্জন৷

অপাৰেচন সম্পন্ন হ’ল বিনামূল্যে আৰু কিছুদিন পাছত এন্দ্ৰু আকৌ ঘৰলৈ উভতি আহিল , সুস্থ হৈ৷

“ সেই অপাৰেচনটো সঁচাকৈয়ে এটা অলৌকিক কাৰ্য আছিল৷ তাৰ আচলতে মূল্যবা কিমান আছিল?" ছোৱালীজনীৰ মাকে এদিন প্ৰায় ফুচফুচাই ক’লে৷ সৰু ছোৱালীজনীয়ে মিচিকিয়াই হাঁহিলে মাথোন ৷ 
তাই জানিছিল সেই অলৌকিক কাৰ্যটোৰ আচলতে মূল্য কিমান আছিল…. এটকা এঘাৰ পইচা … লগতে এটি শিশুৰ বিশ্বাস৷

নেৰানেপেৰাকৈ লাগি থাকিলে অলৌকিক কথা ঘটে৷ 
অলৌকিক ঘটনা বিভিন্ন প্ৰকাৰে ঘটিব পাৰে- এজন চিকিৎসক হিচাবে, এজন উকীল হিচাবে, এজন শিক্ষক হিচাবে, এজন পুলিচ, এজন বন্ধু, এজন অচিনাকি মানুহ, ইত্যাদি ইত্যাদি ধৰণে.. বা হয়তো আমি ভাবিব নোৱাৰা কিবা ধৰণে...

বিশ্বাস মাথোন ৰাখক৷৷৷৷

Tuesday, 4 April 2017

আমি বন্ধা এটি ঘৰ…

আমি বন্ধা এটি ঘৰ…
১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে দেউতাৰ মৃত্যু হোৱাৰ পাছত আমি নিজৰ ঠাই বৰপেটালৈ আহোঁ৷ বৰপেটাৰ পালাংদিহাটীৰ দেউতাৰ পৈত্ৰিক ঘৰত আমাৰ বাবে ঠাই নোজোৰাত আমি কীৰ্তনঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো ভাড়া লৈ থাকিবলৈ লওঁ৷ আমি মানে মা আৰু আমি পাঁচজন ভাই-ককাই৷ ডাঙৰ দাদা তেতিয়া নৱম শ্ৰেণীত৷ সৰু ভাইটি স্কুললৈ যাবলৈ লৈছিলহে৷ ভাড়া আছিল মাহে ১৫ টকা৷ সেই ভাড়া দিবলৈ খুড়া এজনে দায়িত্ব লয়৷
চিলঙৰ পৰা দলাহাটী৷ সম্পূৰ্ণ বেলেগ পৰিৱেশ৷ দুশাৰী ঘৰ৷ মাজতে দীঘলকৈ চোতালখন৷ ঘৰবোৰৰ মাজত কোনো ব্যৱধান নাই৷ এটা ঘৰৰ বেৰখন আনটো ঘৰৰো বেৰ৷ যেন এটা ডাঙৰ পৰিয়ালহে৷ সকলোৱে সকলোকে চিনি পায়৷ সকলোৱে সকলোৰে কথা জানে৷ আমাৰ মাতকথাও বৰপেটীয়ালৈ ৰূপান্তৰিত হৈ পৰিল কেইমানমানৰ ভিতৰতে৷
দুবছৰমান তেনেদৰেই পাৰ হ’ল৷ গুৱাহাটীত দেউতাই কিনি থোৱা মাটি এডোখৰ আছিল যদিও তাত ঘৰ সজাৰ সামৰ্থ আমাৰ নাছিল৷ মাহে ১৫৮ টকাকৈ ফেমিলি পেঞ্চন পাইছিলো চৰকাৰৰ পৰা৷ সাঁচতীয়া ধনো বিশেষ একো নাছিল৷ মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ মৃত্যু হৈছিল৷ গতিকে সাঁচিবলৈ সময়ো নাপালে৷
বৰপেটাতেই মাটি এডোখৰ কিনি ঘৰ এটা সাজি লোৱা ভাল দেখিলো আমি৷ মেটুৱাকুছিৰ পুৰণা শ্মাশানখনৰ সম্মুখতে এবিঘা মাটি আছিল৷ মালিকৰ ল’ৰাজন মোৰ সহপাঠী বন্ধু৷ এচনীয়া মাটি৷ তাকেই কিনি লোৱা হ’ল৷ মুকলি পথাৰৰ মাজত মাটিডোখৰ৷ কোনো ৰাস্তা-ঘাট নাই৷ খৰালি সমস্যা নাই, বাৰিষাহে পানীয়ে আগুৰি ধৰে৷ মানুহে কলৰ ভুৰ সাজি লয়৷ দুই-এঘৰে নাঁও ব্যৱহাৰো কৰে৷
মাটিডোখৰ ম্যাদী কৰি দিয়াৰ দায়িত্ব ল’লে গুৱাহাটীত চাকৰি কৰা মামা এজনে৷ ইফালে আমি ঘৰ সজাৰ কামত মন দিলোঁ৷ দেউতা জীয়াই থাকোঁতে গুৱাহাটীত ঘৰ সাজিম বুলি কাঠেৰে দুৱাৰ খিৰিকি আদি প্ৰায় সাজু কৰি থৈছিলেই৷ সেইবোৰ আমি বৰপেটালৈ লৈ আহিছিলো৷
দিন-বাৰ মনত নাই৷ সঠিক চনো মনত নাই৷ কোনোবা এটা দিনত ঘৰৰ খুটা পোতা হ’ল ধৰ্মীয় ৰীতি-নীতিৰে৷ ইটাৰে তলৰ ভাগ গাঁঠি লৈ কাঠৰ ফ্ৰেমত বাঁহ বা ইকৰাৰে বেৰ গাঁঠি চিমেন্টেৰে প্লাষ্টাৰ কৰি বেৰবোৰ সঁজা হ’ব৷ ওপৰত টিং দিবলৈ পইচা নুজুৰিব বাবে খেৰেই দিয়া হ’ব৷ কাঠৰ দুৱাৰ-খিৰিকি সাজু হৈ আছিলেই৷ লগাই দিলেই হ’ব৷ ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ লগত সকলো কামত আমিয়েই সহায় কৰি দিব পাৰিম৷ গতিকে বনুৱাৰ খৰচো বাচি যাব৷ তেনে পৰিকল্পনাৰেই কাম আৰম্ভ হ’ল৷ আমি দেহে-কেহে কামত লাগি গ’লো৷ চাওঁতে চাওঁতে প্ৰায় ৩৬ ফুট দীঘল আৰু ১২ ফুট বহল ঘৰ এটা জিলিকি উঠিল৷ ঘৰৰ ৰং দিয়া কামো আমিয়েই কৰিলো৷ ঘৰৰ পিছপিনে গাতে লগাই দীঘলে দীঘলে বাঁহ আৰু খেৰেৰে আন এটা ঘৰ সাজি দিয়া হ’ল৷ ঘৰ মানে চাল এখন৷ সেয়া হৈ পৰিল আমাৰ পাকঘৰ, তাঁত শাল ৰখা ঘৰ আৰু গোহালিঘৰ৷
সকলোৱে মিলি গোটেই মাটিবিঘা বাঁহৰ জেওৰাৰে বেৰি দিলোঁ৷ তাৰ মাজতে পাচলিৰ বাগিছা পাতিলো৷ লাও, জিকা, ভোল , বেঙেনা, বিলাহী, লাইশাক, ইত্যাদি ইত্যাদি লহ-পহকৈ গজি উঠিব ধৰিলে৷ আমি ৰাতিপুৱাতে ওলাই গৈ পথাৰত গোৱৰ বুটলি ফুৰোঁ পাচলিৰ গুৰিত দিবলৈ৷ বগৰী, মধুৰী আদি কেইজোপামান গছো ৰুলোঁ৷

তেনেদৰেই সেই পথাৰৰ মাজৰ নিৰ্জন পৰিৱেশত আমি পাঁচ ভাই আৰু মা থাকিবলৈ ল’লো৷ মাই ধেমালি কৰি কৈছিল৷ এইটো আমাৰ জতুগৃহ৷ কুন্তীয়ে পঞ্চ-পাণ্ডৱক লৈ থকাৰ দৰে ময়ো আছোঁ এই পথাৰৰ মাজত৷ বানপানী আহিল৷ ধুমুহাৰ দিনো আহিল৷ সেই সকলোৰে মাজেৰে আমি সকলোটি মিলি দিনবোৰ পাৰ কৰি গ’লো৷ মুকলি পথাৰৰ মাজত ধুমুহা বতাহে আমাৰ ঘৰটো বৰকৈ খুন্দিয়াইছিল৷ বতাহে ঘৰৰ চালখন উৰুৱাই নিব বুলি ভয় হৈছিল৷ প্ৰায়েই আমি আটাইকেইটা সোমাইছিলো সকলোতকৈ শক্তিশালী বিচনাখনৰ তলত৷ দেউতাই নিজহাতে বনাই থৈ থোৱা মজবুত পালেং আৰু দুৱাৰ-খিৰিকিবোৰৰ যোগেৰে দেউতাৰ উপস্থিতিও অনুভৱ কৰিছিলো তেনে ভয়লগা সময়বোৰত৷

Monday, 27 March 2017

এধানি মৰম

এধানি মৰম..
                                                          (মূল লেখক: অজ্ঞাত; অসমীয়া ৰূপান্তৰ: ডঃ মাখন লাল দাস)

আবেলি মানৱ ঘৰলৈ উভটিছে৷ 
সদায় অহা বাছখন আজি ধৰিব নোৱাৰা বাবে বেলেগ এখন বাছত আহি আন এঠাইত নামি ঘৰলৈ খোজ লৈছে এটা নতুন বাটেৰে৷ 
বাটত মানুহ-দুনুহ বেছি নাই৷ যান-বাহনৰ চলাচলো কম৷ 
মানৱে মাৰ যাব ধৰা বেলিৰ পোহৰত আপোনমনে বাট বুলিছে৷

তেনেদৰে আহি সৰু কাঠৰ দলং এখন পালে৷ দলঙত উঠাৰ আগতে এখন সৰু চাইনবোৰ্ড দেখিলে৷ তাতে বগা কাগজ এখনত গোট গোট আখৰেৰে ডাঙৰ ডাঙৰকৈ লিখা গোহাৰি এখন লগাই থোৱা আছে৷ মানৱে ওচৰ চাপি গৈ পঢ়িলে:


"মোৰ এখন এশটকীয়া নোট হেৰাইছে৷ বাটতে ক'ৰবাত পৰিল৷ মই চকুৰে ভালদৰে নেদেখোঁ বাবে বিচাৰি নাপালোঁ৷ কোনো সদাশয় লোকে যদি নোটখন বাটত ক'ৰবাত পৰি থকা পায় তেনে অনুগ্ৰহ কৰি মোক দিয়ে যেন৷ মোৰ ঠিকনা:

......

......."

মানৱৰ কথাটো অলপ আচৰিত লাগিল৷ নোট এখন হেৰালে কোনেনো তেনেদৰে গোহাৰি লগাব? নোট এখন পালেও কোনেনো তেওঁক দিবলৈ যাব? 
তথাপি মনত কিবা এটা খুদুৱনি লগাত মানৱে জাননীখনত থকা ঠিকনাটো বিচাৰি আগবাঢ়িল সি৷

কিছুদূৰ গৈ, মানুহক সুধি, ঠিকনাটো বিচাৰি উলিয়ালে৷

এটা পুৰণা ঘৰ৷ 
বাৰান্দাত কোনো নাই৷ 
ভিতৰত পোহৰ নাই৷ কাৰো-ক'তো মাত-বোলো নাই৷ নিমাও-মাও পৰিৱেশ৷ 
ইফালে-সিফালে চাই মানৱ দুৱাৰমুখ পালেগৈ৷ তাৰপাছত লাহেকৈ দুৱাৰত টুকুৰিয়ালে৷ প্ৰথমতে কোনো সঁহাৰি নাহিল৷ মানৱে আকৌ টুকুৰয়ালে, এইবাৰ অলপ জোৰকৈ৷

"কোন?" ভিতৰৰ পৰা মহিলা এগৰাকীৰ মাত ভাঁহি আহিল৷

"মোক চিনি নাপাব৷ অলপ ওলাই আহিবনেকি বাহিৰলৈ? " মানৱে উত্তৰ দিলে৷

অলপ পাছত থৰক-বৰক খোজেৰে বুঢ়ী মানুহ এগৰাকী ওলাই আহিল৷ ভিতৰৰ পৰা বাৰান্দাৰ লাইটটো জ্বলাই দিলে৷ মানৱে মানুহ গৰাকীক ভালদৰে লক্ষ্য কৰিলে৷ বয়স সত্তৰৰ অধিক হ'ব৷ মানুহগৰাকীয়ে মানৱলৈ অৰ্থপূৰ্ণ ভাবে চালে৷

"কওঁকচোন৷ মই চকুৰে ভালদৰে নেদেখোঁ৷ ঘৰত আন কোনো নাই৷ কাকো ভালদৰে চিনিও নাপাওঁ৷ আপুনি বা কোন? কি বা কামত আহিল?" মানৱে কিবা কোৱাৰ আগতেই মানুহগৰাকীয়ে ক'বলৈ ধৰিলে৷

মানৱৰ মনত ইতিমধ্যে নানা ধৰণৰ চিন্তাৰ উদ্ৰেক হৈছে৷ অলপ সময় তভক মাৰি মানৱে পকেটত হাত ভৰাই মণিবেগটো উলিয়ালে, তাৰ পৰা এশটকীয়া নোট এখন উলিয়াই মানুহগৰাকীৰ পিনে আগবঢ়াই দি লাহেকৈ ক'লে,

"আপোনাৰ হেৰোৱা নোটখন মই পাইছিলো৷ গতিকে দিবলৈ আহিলো৷ লওঁক৷"

মানুহগৰাকীয়ে হাত পাতি ল'লে নোটখন৷ তাৰপাছত মানৱৰ মুখলৈ চাই গহীন ভাবে ক'বলৈ ধৰিলে:

"আচলতে মোৰ কোনো নোট হেৰোৱা নাই৷ কিন্তু আজি কিছুদিনৰ পৰা মোৰ ওচৰলৈ এনেদৰে মানুহ আহে আৰু মোক এশটকীয়া নোট একোখন দি থৈ যায়৷ ক'ৰবাত হেনো মোৰ নামত কোনোবাই জাননী এখন লগাই থৈছে৷ তাকে চাই মানুহবোৰ মোৰ ঘৰলৈ আহে আৰু নোট দি থৈ যায়৷ এতিয়ালৈকে কমেও ত্ৰিশজনমান মানুহ আহি মোক টকা দি থৈ গৈছে৷ "
মানৱে অবাক হৈ শুনি থাকিল৷ মানুহগৰাকীয়ে কৈ গ'ল,

"চাওঁক, মই কোনো ভিখাৰী নহয়৷ মই অকলশৰীয়া, বুঢ়ী মানুহ৷ যথেষ্ট অভাৱত থাকোঁ যদিও কেতিয়াও কাৰো পৰা ভিক্ষা কৰা নাই; কিন্তু কোনোবাই সেই জাননীখন লগাই দিয়াৰ পাছৰ পৰা মোক নিজকে ভিখাৰী যেন লগা হৈছে৷ আপুনি দিয়া নোটখন মই গ্ৰহণ কৰিছো বাৰু, কিন্তু অনুগ্ৰহ কৰি আপুনি সেই জাননীখন তাৰ পৰা গুচাই দিব৷"

মানৱে কি উত্তৰ দিব ভাবি নাপালে৷ লাহেকৈ "বাৰু" বুলি কৈ আতৰি আহিল৷

কোনো সদাশয় মানুহে বুঢ়ীগৰাকীক তেনেদৰে পৰোক্ষ ভাবে সহায় কৰিবলৈ সেই জাননীখন তাত লগাই থোৱা বুলি মানৱে বুজিলে৷ মানুহ গৰাকীৰ অনুৰোধ মতে জাননীখন সি আঁতৰাই নিদিলে৷ তেনে কৰিলে সেই জাননী লিখা মানুহজনৰ মানৱতাক অবহেলা কৰা হ'ব বুলি ভাবিলে সি৷

(ইন্টাৰনেটত পোৱা পোষ্ট এটাৰ আধাৰত)

অন্য এক দৃষ্টি…

অন্য এক দৃষ্টি…

                                              (মূল লেখক অজ্ঞাত৷ অসমীয়া ৰূপান্তৰ: ড়ঃ মাখন লাল দাস)

এখন হস্পিটেলত দুজন বৃদ্ধ লোক ভালেমান দিন ধৰি ভৰ্তি হৈ আছিল৷
এজনে উঠি বহিব পাৰিছিল আৰু আনজন উঠিব নোৱাৰিছিল৷
উঠিব পৰা জনৰ বিচনাখন আছিল খিৰিকিৰ কাষত আৰু উঠিব নোৱাৰাজনৰ বিচনাখন অলপ দূৰত৷

উঠিব পৰাজনে উঠি খিৰিকিৰ পিনে মুখ কৰি বহিছিল আৰু বাহিৰৰ দৃশ্য বৰ্ণনা কৰি শুনাইছিল সেই উঠিব নোৱাৰাজনক৷

বাটেৰে বেগাই চলি যোৱা গাড়ী-মটৰৰ কথা, কামলৈ খৰ-খেদাকৈ ওলাই যোৱা মানুহবোৰৰ কথা বৰ্ণাইছিল৷ ৰাস্তাৰ সিপাৰে থকা পাৰ্কখনৰ কথা, তাত বেঞ্চত বহি থকা যুৱক-যুৱতীৰ কথা, ধুনীয়া ফুলবোৰৰ কথা, তাত উৰি থকা ৰং-চঙীয়া পখিলাবোৰৰ কথা, পাৰ্কৰ মুকলি ঠাইত খেলি থকা শিশুবোৰৰ কথা, ব্যায়াম, যোগাসন কৰি থকা পুৰুষবোৰৰ কথা… সকলো তেওঁ বৰ্ণনা কৰিছিল৷

আনজন বৃদ্ধই নিজৰ বিচনাত চকু মুদি পৰি থাকি সেই বৰ্ণনা শুনিছিল আৰু সেই সকলো দৃশ্য কল্পনা কৰি আনন্দ লভিছিল৷ 
মনলৈ উৰি আহিছিল নানা ধৰণৰ স্মৃতি৷

তেনেদৰেই পাৰ হৈ গৈছিল দিনবোৰ৷

সেই বৰ্ণনা কৰা বৃদ্ধজনে নাৰ্চ আৰু আন আন সকলো কৰ্মচাৰীৰ লগতে খুব ভালদৰে কথা-বতৰা পাতিছিল আৰু যথেষ্ট আনন্দ মনেৰে সময় পাৰ কৰিছিল৷

এনেদৰে ভালেমান দিন পাৰ হৈ গ’ল৷

এদিন হঠাতে ৰাতিপুৱা আনজনে মন কৰিলে সেই বৃদ্ধ বিচনাৰ পৰা উঠা নাই৷
নাৰ্চ আহি চালে, ল’ৰি ওলাই গ’ল৷ ডাক্তৰ আহি চালে৷ তাৰপাছত সকলোৱে জানিলে ৰাতি টোপনিত থাকোঁতেই তেওঁৰ মৃত্যু ঘটিল৷

কিছুসময় পাছত খিৰিকিৰ কাষৰ সেই বিচনা খালী হ’ল৷ সকলো চাই থকা আনজন বৃদ্ধৰ মন বিষাদেৰে ভৰি পৰিল৷ আজিৰ পৰা তেওঁ অকলশৰীয়া হৈ পৰিল আকৌ কোনোবা এজন তালৈ নহালৈকে৷ 
কিবা এটা ভাবি তেওঁ নাৰ্চক অনুবোধ কৰিলে তেওঁক খিৰিকিৰ কাষৰ বিচনাখনলৈ স্থানান্তৰিত কৰিবলৈ৷

তেওঁৰ অনুৰোধ ৰক্ষা কৰি নাৰ্চে তেওঁক খিৰিকিৰ কাষৰ বিচনাত শুৱাই দিলে৷

বৃদ্ধজনে বেৰত ধৰি, অলপ কষ্ট কৰি কোনোমতে উঠি বহিল বিচনাত আৰু খিৰিকিৰে বাহিৰলৈ অতি আগ্ৰহেৰে চালে৷ কিন্তু তেওঁ অতি আচৰিত হ’ল৷ বাহিৰত কোনো ৰাস্তাও নাই , কোনো পাৰ্কো নাই, আছে মাত্ৰ এখন ওখ দেৱাল, মাত্ৰ কেইফুটমান দূৰত৷

তেওঁ নাৰ্চক মাতি আনি সোধাত নাৰ্চে জনালে যে সেই খিৰিকিখন খুলিলে সেই দেৱালখনেই দেখা যায়, বাকী একো দেখা নাযায়৷

“তেনেহলে তেওঁ সদায় মোক বাহিৰৰ ইমান সুন্দৰ বৰ্ণনা কেনেকৈ শুনাইছিল?” অতি আচৰিত হৈ বৃদ্ধই সুধিলে৷

মিচিকিয়া আঁহি মাৰি নাৰ্চে উত্তৰ দিলে,

“তেওঁ একো নেদেখাকৈয়ে সকলো দৃশ্য বৰ্ণনা কৰিছিল৷ তেওঁ জন্মৰে পৰা অন্ধ আছিল৷ সকলোবোৰ তেওঁ কল্পনা কৰিয়েই বৰ্ণাইছিল নিজক ভাল লগাবলৈ আৰু আপোনাকো ভাল লগাবলৈ৷ দুবছৰ ধৰি তেওঁ কেঞ্চাৰ ৰোগৰ সৈতে যুঁজি আছিল৷ আজি তেওঁ বিদায় ল’লে৷ কিন্তু শেষ দিনলৈকে তেওঁ আপোনাক আনন্দ দি গ’ল৷


জীৱনটো আমি সকলোৱে বেলেগ বেলেগ ধৰণে চাওঁ৷ কিছুমানে সকলোপিনে সুন্দৰতা দেখে , কিছুমানৰ ওজৰ-আপত্তি অন্ত নপৰে৷ 

আনন্দ বিলাই দিলেই বিনিময়ত নিজেও আনন্দ পোৱা যায়৷ দুদিনীয়া জীৱনটো এনেদৰেই সুন্দৰ কৰিব পাৰি৷

(ইন্টাৰনেটত পোৱা লেখা এটাৰ অসমীয়া ৰূপান্তৰ)

Friday, 24 March 2017

মানৱতা, সংবেদনশীলতা…

মানৱতা, সংবেদনশীলতা…

পোষ্টমেনজন নতুনকৈ সেই ঠাইলৈ আহিছে৷ এদিন এটা ঘৰৰ দুৱাৰমুখত থিয় হৈ চিঞৰিলে,
“ঘৰত কোন আছে? চিঠি এখন আছে৷ লৈ যাওঁকহি৷”
“আহি আছো , অলপ ৰ’ব৷” ভিতৰৰ পৰা ছোৱালী এজনীৰ মাত ভাঁহি আহিল৷ পোষ্টমেনজনে দুৱাৰমুখত ৰৈ থাকিল৷তিনি-চাৰি মিনিট পাৰ হৈ গ’ল কিন্তু কোনো ওলাই নহাত অধৈৰ্য হৈ তেওঁ আকৌ মাত দিলে,

“বোলো ঘৰত কোন আছে৷ সোনকালে আহক, চিঠিখন লওঁকহি৷ চিঠি বিলাবলৈ মই আন ঘৰলৈকো যাব লাগিব নহয়৷”

ভিতৰৰ পৰা আকৌ সেই ছোৱালীজনীৰ মাত ভাঁহি আহিল,
“ আহি আছো ৰ’ব৷ পোষ্টমেন ডাঙৰীয়া, আপুনি নহলে চিঠিখন দুৱাৰৰ তলেৰে ভৰাই দিয়ক৷ মই আহি লৈ ল’ম৷”

“নাই, তেনেদৰে নহ’ব৷ কোনোবা আহিব লাগিব কাৰণ ৰেজিষ্টাৰ্ড চিঠি, তাতে একনলেজমেটত চহী কৰিব লাগিব নহয়৷” পোষ্টমেনজনে অলপ খং আৰু বিৰক্তি প্ৰকাশ কৰি চিঞৰি ক’লে৷

প্ৰায় ছয়-সাত মিনিটমানৰ পাছত অধৈৰ্য হৈ তেওঁ আকৌ চিঞৰিব খোজোঁতেই দুৱাৰখন খোল খালে আৰু তেওঁৰ চকু থৰ লাগিল৷ দুৱাৰ খুলি দি তেওঁলৈ চাই মিচিকিয়া হাঁহি মাৰি থিয় হৈ আছে এজনী ছোৱালী৷ ছোৱালীজনীৰ ভৰি নাই, পঙ্গু৷

“বেয়া নাপাব ডাঙৰীয়া, মোৰ ওলাই আহোঁতে অলপ বেছি দেৰী হ’ল,” ছোৱালীজনীয়ে দুখ প্ৰকাশ কৰি ক’লে৷

লাজতে তলমূৰ কৰি পোষ্টমেনজনে চিঠিখন আগবঢ়াই দিলে আৰু নিৰ্দিষ্ট ঠাইত চহী লৈ গুচি গ’ল৷

দহ পোন্ধৰ দিনৰ মূৰে মূৰে সেই ছোৱালীজনীৰ চিঠি আহে, পোষ্টমেনজনে দুৱাৰ মুখৰ পৰা মাত দিয়ে আৰু ছোৱালীজনী ওলাই অহালৈকে ধৈৰ্যেৰে অপেক্ষা কৰে৷

ছোৱালীজনীয়ে এদিন লক্ষ্য কৰিলে যে পোষ্টমেনজনৰ ভৰিত কোনো জোতা বা চেণ্ডেল নাই৷ দেৱালীলৈ বেছি দিন নাছিল৷তাই ভাবিলে তাইৰ বাবে ধৈৰ্যেৰে অপেক্ষা কৰা পোষ্টমেনজনক কিবা এটা উপহাৰ দিয়া ভাল হ’ব৷
পোষ্টমেনজন যোৱাৰ পাছত তাই মক্ষ্য কৰিলে মানুহজনৰ ভৰিৰ চিন পৰিছিল মাটিৰ ওপৰত৷ তাই তাতে কাগজ এখন পাতি মানুহজনৰ ভৰিৰ ছবি এখন আঁকি ল’লে৷পিছদিনা ঘৰৰ কাম কৰিবলৈ অহা মহিলাগৰাকীৰ হতুৱাই সেই কাগজখন দোকানলৈ পঠিয়াই এযোৰ জোতা কিনাই আনিলে৷

দেৱালী আহিল৷পোষ্টমেনজনে সেই চুবুৰীৰ ঘৰে ঘৰে দেৱালীৰ বকচিচ লৈ ফুৰিছিল৷তেওঁ ভাবিলে সেই পঙ্গু ছোৱালীজনীৰ পৰানো কি বকচিচ ল’ব? তথাপি চুবুৰীলৈ আহিছে যেতিয়া মাত এষাৰ লগাই যোৱাই ভাল হ’ব৷ তেওঁ দুৱাৰত টুকুৰিয়ালে৷ ভিতৰৰ পৰা মাত দিলে,

“কোন”

“মই, চিঠি দিয়া পিয়ন৷” উত্তৰ গ’ল৷

কিছু সময় পিছত হাতত উপহাৰৰ বাকচ এটা লৈ ছোৱালীজনী ওলাই আহিল আৰু মানুহজনৰ হাতত দি ক’লে,
“খুড়া, এইটো আপোনাৰ বাবে দেৱালীৰ উপহাৰ৷”
“তুমি মোৰ বাবে নিজৰ ছোৱালীৰ নিচিনা, মোক কিয় উপহাৰ দিব লাগে?”

ছোৱালীজনীয়ে জোৰ কৰি উপহাৰটো হাতত তুলি দি ক’লে,
“আপুনি ল’বই লাগিব৷ কিন্তু আপুনি পেকেটটো ঘৰলৈ গৈহে খুলিব৷”

লওঁ নলওঁ কৈ উপহাৰৰ পেকেটটো তেওঁ হাত পাতি ল’লে৷ ঘৰলৈ গৈ খুলি চাই চকু থৰ লাগিল৷ তাৰ ভিতৰত চিকচিকাই আছিল এযোৰ দামী জোতা৷ তেওঁৰ ভৰিৰ জোখৰ সৈতে খাপ খাই মিলি যোৱা৷ মানুহজনৰ চকু চলচলীয়া হৈ পৰিল৷

পিছদিনা অফিচলৈ আহি পোষ্টমেনজনে পোষ্ট মাষ্টাৰক ক’লে,
“চাৰ, মোক আন ঠাইত চিঠি বিলাবলৈ দিয়ক, সেই চুবুৰীৰ পিনে আৰু মই যাব নোৱাৰোঁ৷”

পোষ্টমাষ্টৰে কাৰণ সুধিলত পোষ্টমেনজনে জোতাযোৰেৰে সৈতে টোপোলাটো টেবুলত ৰাখি গোটেই কাহিনী বৰ্ণনা কৰিলে ৷ 
তাৰ পাছত চলচলীয়া চকু আৰু থোকাথুকি মাতেৰে ক’লে,
“আজিৰ পৰা আৰু মই সেই গলিলৈ যাব নোৱাৰিম৷ সেই পঙ্গু ছোৱালীজনীয়েতো মোৰ খালী ভৰিৰ বাবে জোতা দি দিলে কিন্তু মই তাইক দুখন ভৰি কেনেকৈ দিওঁ?”

সংবেদনশীলতাৰ এয়া এক অপূৰ্ব উদাহৰণ৷ আনৰ দুখ বেদনা বুজি পোৱা, আনৰ দুখ-শোকৰ অংশীদাৰ হোৱা এনে মহান গুণ অবিহনে মানব জীৱন সম্পূৰ্ণ নহয়৷ এনে গুণৰ অধিকাৰী মানুহৰ সংখ্যা বৃদ্ধি পাওঁক যাতে দুখ-বিপদত পৰা মানুহে এই বুলি ভাবি নালাগে যে এই পৃথিবীত তেওঁ অকলশৰীয়া বৰং তেওঁ যাতে এনে অনুভৱ কৰিব পাৰে যে পৃথিবীত মানৱতা জীৱিত আছে৷

(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ পৰা অসমীয়া অনুবাদ কৰা হৈছে৷ মূল লেখক : অজ্ঞাত)