At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 23 December 2013

আপোনাৰ বুদ্ধি পৰীক্ষা..

আপোনাৰ বুদ্ধি-পৰীক্ষা....

চেষ্টা কৰি চাওকচোন আপুনি কিমানটা শুদ্ধ উত্তৰ দিব পাৰে৷ 
ফাঁকি নিদিব৷
 উত্তৰবোৰ ভাবি লওক, তাৰপাছতহে  তলত দিয়া সঠিক উত্তৰবোৰ চাওক৷

১) কিছুমান মাহ ৩০ দিনীয়া, কিছুমান মাহ ৩১ দিনীয়া৷ কেইটামাহ ২৮ দিনীয়া?
২) যদি আপোনাক ডাক্তৰে ৩ টা পিল দি আধাঘন্টাত মূৰে মূৰে এটাকৈ খাবলৈ কয় তেনেহলে গোটেইকেইটা পিল শেষ হ’বলৈ কিমান সময় লাগিব?
৩) ৩০ ক আধাৰে হৰণ কৰি দহ যোগ দিয়ক৷  উত্তৰ কিমান পালে?
৪) যদি আপোনাৰ হাতত মাত্ৰ এটা দিয়াশলাই থাকে আৰু আপুনি এটা অতি আন্ধাৰ, চেঁচা কোঠাত থাকে য’ত এটা পুৰণা হীটাৰ, এটা তেলৰ চাকি আৰু এটাৰ মমবাতি আছে, আপুনি প্ৰথমে কোনটো বস্তু জ্বলাব?
৫) ১৯৮০ চনত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ নাম কি আছিল?
৬) ৩ টা আপেলৰ পৰা দুটা আপেল ল’লে আপোনাৰ হাতত কি থাকিব?
৭) চোনীয়া গান্ধী ৰাহুল গান্ধীৰ মাকৰ কি হয়?
৮) যদি আপুনি গুৱাহাটীৰ পৰা ৩২জন মানুহ লৈ বাছ এখন চলাই গৈ থাকে৷ তাৰপাছত বাইহাটাত বাছখন ৰয় আৰু ৮জন মানুহ উঠে কিন্তু ৫ জন নামে৷ চিপাঝাৰত ৭ জন নামে কিন্তু ১২ জন উঠে৷ মঙলদৈত এঘন্টা ৰৈ থাকে কিন্তু এজনো মানুহ নুঠেও নানামেও৷ বাটত আৰু ক’তো বাছখন নৰয়৷ অৱশেষত দুঘন্টা দেৰীকৈ বাছখন গৈ তেজপুৰ পায়৷ বাছৰ চালকৰ নাম কি ?
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
উত্তৰ:
১) সকলো মাহতে ২৮ দিন থাকে
২) এঘন্টা
৩) ৭০
৪) দিয়াচলাই
৫) মনমোহন সিং ( তেখেতৰ নাম তেতিয়াও মনমোহন সিঙেই নাছিল জানো?)
৬) ২টা আপেল
৭) নাম

৮) আপোনাৰ নিজৰ নাম
(সংগ্ৰহ)

Friday 20 December 2013

খালী হাতে আহিছো... এটি খ্ৰীষ্টীয় ভক্তিমূলক গীত

খালী হাতে আহিছো...

খালী হাতে আহিছো, খালী হাতে যাম
অবাবতে কষ্ট কৰি, কিনো লাভ পাম?

শৈশৱ পাৰ হৈ কৈশোৰ পালো
যৌৱনৰ ধুমুহাত বাট হেৰুৱালো
জীৱনৰ আৰু কত মৰীচিকা চাম,
অবাবতে কষ্ট কৰি কিনো লাভ পাম?

জীৱনৰ মেটমৰা বোজা কঢ়িয়ালো
সুখ আৰু জিৰণি ক’তো যে নেপালো
ধন-বিদ্যা-ক্ষমতাৰো নাই একো কাম

অবাবতে কষ্ট কৰি কিনো লাভ পাম?

হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক
পাবা জিৰণি তুমি আদৰিলে মোক
আহ্বানলে  সঁহাৰি দি যীচুলৈকে যাম
অবাবতে কষ্ট কৰি কিনো লাভ পাম?

অ’ ডাৰ্লিং

অ’ ডাৰ্লিং.......
ইঞ্জিনিয়াৰিং কলেজৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ তেতিয়া৷ ৰুমমেট ৰাজীৱে নিজে বনোৱা টেপ ৰেকৰ্ডাৰ আৰু প্লেয়াৰটোত প্ৰায়েই বজায় হেমন্ত কুমাৰ , বীটল্চ আৰু ক্লিফ ৰিৰ্চাৰ্ডৰ গান৷ ক্লিফ ৰিৰ্চাডৰ দুটা গান মোৰ বৰ প্ৰিয় হৈ পৰিল: “বেটচেলৰ বয়” আৰু “অ’ ডালিং..” সময়ে-অসময়ে মুখলৈ আহি থাকে সেই গান দুটাই ৷
এদিন লাঞ্চ-ব্ৰেকৰ পাছত কলেজলৈ গৈ ক্লাচৰুমত বহি আছো  শিক্ষক অহালৈ অপেক্ষা কৰি ৷ শিক্ষক অহাত পলম কৰিছে বাবে আমনি লাগি বেঞ্চখনতে বাগৰ দি আছো ৷ কোঠাটোত মাত্ৰ পাঁচজনমানহে ছাত্ৰ ৷ সকলোৱে কিবা-কিবি কৰি সময় পাৰ কৰি আছে ৷ কিন্তু তেনেদৰে বাগৰি থাকিও আমনি লাগি গ’ল ৷  গতিকে “অ ডালিং..” বুলি অলপ ডাঙৰ কৈয়ে শব্দ কৰি গানটো গাই উঠি বহিলো ৷ কিন্তু উঠি থকা অৱস্থাতে দুৱাৰমুখেৰে চাই দেখো বাৰান্দাৰে এগৰাকী মহিলা প্ৰবক্তা গৈ আছিল আৰু মই ডাৰ্লিং বুলি চিঞৰি কোৱা দেখি থমকি ৰৈ মোৰ ফালে চালে ৷ মোৰ চকুৱে চকুৱে পৰিল ৷ যেন মই তেখেতকহে ডাৰ্লিং বুলি চিঞৰিলো কথাটো তেনেকুৱা যেন হ’ল ৷ তেখেতে মোৰ ফালে চালে, কিবা এটা ভাবিলে, তাৰপাছত একো নকৈ বাৰান্দাৰে গুছি গ’ল ৷ মই গোটেই মানুহটো বৰফৰ দৰে চেঁচা পৰি গ’লো লাজতে ৷ মোকবা তেখেতে কি বুলি ভাবিলে ? এতিয়া তেখেতে গৈ যদি আমাৰ হেড-চাৰক কথাটো জনাই দিয়েগৈ ? কোঠাত বহি থকা সহপাঠী সকলেও গোটেই ঘটনাটো দেখি আছিল ৷ তেওঁবিলাকেও ভয় খালে ৷ তেনেদৰে লাজ-ভয়-শংকাৰ ভাবে কেইটামান দিন পাৰ হৈ গ’ল ৷ কোনোধৰণৰ বিপদৰ সংকেট হ’লে নাহিল ৷ মইও স্বস্তিৰ নিশ্বাস পেলোলো যদিও বাইদেউগৰাকীক দেখিলে সদায় দূৰতে বিদুৰ হোৱা অৱস্থা চলি থাকিল বহু দিনলৈ ৷


Thursday 19 December 2013

ছাত্ৰৰ গালি খোৱাই আমাৰ কাম..

ছাত্ৰৰ গালি খোৱাই আমাৰ কাম..
১৯৯০ মানৰ কথা ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো ৷ এদিন মেকানিকেল বিভাগৰ অধ্যাপক এজনে আহি অনুৰোধ কৰিলে তেখেতে পৰিচালনা কৰিবলগীয়া “এন্টাৰপ্ৰিনিওৰচিপ ডেভেলপমেন্ট” ৰ পাঠ্যক্ৰম এটাত ধনভড়ালী হ’বলৈ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা অনুদানেৰে বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং স্নাতকসকলৰ বাবে আয়োজিত পোন্ধৰদিনীয়া এটা প্ৰশিক্ষণ শিবিৰ আছিল সেয়া ৷ প্ৰশিক্ষাৰ্থীসকলৰ থকা-খোৱা আদি সকলো ব্যৱস্থা চাবলগীয়া হৈছিল ৷ গোটেইবোৰ প্ৰশিক্ষাৰ্থী আচলতে আমাৰ কলেজৰেই চূড়ান্ত পৰীক্ষা দি ফলাফলৰ বাবে অপেক্ষা কৰি থকা ল’ৰা ৷
প্ৰশিক্ষণৰ এটা অংশ হিচাবে প্ৰশিক্ষাৰ্থীসকলক “মাৰ্কেট চাৰ্ভে” কৰিবলৈ কাম দিয়া হৈছিল আৰু তাৰ বাবে অহা-যোৱা সকলো খৰচ দিয়াৰ ব্যৱস্থা আছিল৷ ছাত্ৰসকলেও নিৰ্দিষ্ট দিনত এখন এখনকৈ তেওঁলোকৰ অহা-যোৱা, চাহ-পানী খোৱা আদিৰ বিলবোৰ জমা দিলেহি ৷ সেইবোৰ পৰীক্ষা কৰি ধন দিয়াৰ কামটোও মোৰেই ৷ এখন বিল দেখিয়েই বুজিলো একেবাৰে ভুৱা বুলি ৷ প্ৰায় আধামান ধন কাটিলো ৷ ল’ৰাজনে একো নক’লে ৷ তেনেদৰে প্ৰায়বোৰ বিলতেই অলপ-অচৰপ কৰ্তন কৰা হ’ল ৷
প্ৰশিক্ষণ শেষ হ’ল ৷ এদিন সন্ধিয়া খোজকাঢ়ি চৌহদলৈ আহি আছো ৷ ছয় আৰু পাঁচ নং ছাত্ৰাবাসৰ সম্মুখ পাওঁতেই ছাত্ৰাবাসৰ পিনৰ পৰা চিঞৰৰ শব্দ ভাহি আহিল ৷ বুজিবলৈ বাকী নৰ’ল মোকেই চিঞৰা বুলি ৷ কিবা-কিবি অশ্লীল শব্দৰ মাজতে এটা বাক্য স্পষ্ট শুনিবলৈ পালো,
: আবে………. কিমান টকা মাৰিলি ঐ?”
সাধাৰণতে মই খেদা মাৰি গৈ ধৰোঁ তেনেদৰে চিঞৰাবোৰক ৷ কিন্তু চিঞৰাজন ইতিমধ্যে চূড়ান্ত পৰীক্ষা দি উঠা ল’ৰা বুলি বুজিলো ৷ ধৰিবলৈ গ’লে অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা থকা বাবে সেইকাম নকৰিলো ৷
কেইদিনমান পাছত মোৰ চিনাকি ছাত্ৰ এজনক তেনে প্ৰশিক্ষাৰ্থী এজনে কোৱা বুলি গম পালো,
: অমুকাই  সেই প্ৰগ্ৰেমৰ নামত বহু টকা খালে ৷” বুলি ৷
চিনাকি ছাত্ৰজনে মোক আহি কথাটো জনালে ৷ সেইদিনা সন্ধিয়া চিঞৰাগৰাকীনো কোন আছিল বুজিবলৈ বাকী নাথাকিল ৷ যিজনৰ ভুৱা বিলৰ আধা ধন মই কাটি দিছিলো সেইজন মহাপুৰুষেই ৷
তেখেতে তাৰ কিছুদিন পাছতেই ভাৰত চৰকাৰৰ চাকৰি পালে ৷ ডাঙৰ মানুহ হ’ল  কেতিয়াবাই ৷ নিশ্চয় অতি নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা কৰি আছে ইমানদিনে ৷

আমিও এনে ধৰণৰ ছাত্ৰৰ গালি-শপনি-অভিশাপ আদি সাদৰেৰে মূৰ পাতি লৈ চাকৰি কৰি থাকিলো ৷

Monday 16 December 2013

তেলৰ খৰচ কমোৱাৰ বাবে মন কৰিবলগীয়া দুটি-এটি কথা..

তেলৰ খৰচ কমোৱাৰ বাবে মন কৰিবলগীয়া দুটি-এটি কথা..

দিনে-দিনে পেট্ৰ’ল, ডিজেলৰ দাম বাঢ়ি গৈ আছে ৷ সাধাৰণ মানুহৰ বাবে স্কুটাৰ, মটৰ-চাইকেল চলোৱাও কঠিন হৈ পৰিছে ৷ সেয়েহে এটোপাল তেলৰ খৰচ কমাব পাৰিলেও কিছু সকাহ পোৱা বুলি ভাবিব পাৰি ৷ গাড়ী চলোৱাৰ সময়ত কিছুমান সৰু-সুৰা কথা মানি চলিলে তেলৰ খৰচ কিছু কমাব পাৰি ৷ তেনে দুই-এটা কথা ইয়াতে উল্লেখ কৰা হৈছে ৷

১) মসৃণ গতিৰে গাড়ী চলাওক:
হঠাতে ব্ৰেক মাৰি দিয়া, হঠাতে গাড়ীৰ বেগ বঢ়াই দিয়া ভাল গাড়ীচালকৰ লক্ষণ নহয় ৷ গাড়ী চলাওঁতে সদায় পূৰ্বানুমান কৰি চলাব পাৰিব লাগে ক’ৰবাত ব্ৰেক মাৰিব লগা হ’ব পাৰে নেকি, ক’ৰবাৰ পৰা হঠাতে ল’ৰা এটা লৰ মাৰি ওলাই আহিব পাৰে নেকি, ক’ৰবাত স্পীড-ব্ৰেকাৰ আছে নেকি, ইত্যাদি ৷ আৰু তেনে পূৰ্বানুমান অনুসৰি গাড়ীখনৰ বেগ আগৰ পৰাই অলপ কমাই আনিব লাগে ৷ হঠাতে ব্ৰেক মাৰিলে তেলৰ অপচয়তো হয়েই, লগতে গাড়ীখনেও কষ্ট পায়, চকাও ক্ষয় যায় ৷ ঠিক তেনেদৰে গাড়ীখনে বেগ লওঁতে অলপ সময় ল’বই ৷ এক্সিলাৰেটৰ সম্পূৰ্ণ হেঁচি দি লাভ নাই ৷ তেনে কৰিলে অযথা তেলৰহে অপচয় হয়৷ মসৃণ গতিৰে গাড়ী চলাই শতকৰা ৩০ ভাগ পৰ্যন্ত তেলৰ খৰচ কমাব পাৰি বুলি গৱেষকসকলে কয় ৷

২) পৰিস্থিতি অনুযায়ী ইঞ্জিনটো বন্ধ কৰক:
যদিহে মাত্ৰ এক মিনিটমান ৰ’ব লগা হয় তেতিয়া হ’লে ইঞ্জিনটো বন্ধ কৰিলে লাভ নহয় ৷ কাৰণ ইঞ্জিনটো আকৌ স্টাৰ্ট কৰোঁতে বেছিহে তেলৰ খৰচ হয় ৷ কিন্তু অলপ দীঘলীয়া সময়ৰ বাবে ৰ’ব লগা হ’ব বুলি জানিলে ইঞ্জিনটো বন্ধ কৰাটো নিশ্চয় লাভজনক ৷

৩) যিমান পাৰে ওজন কমাওক:
আমি আমাৰ গাড়ীখন পৰীক্ষা কৰি চালে দেখিম যে কিছুমান অলাগতীয়াল বস্তু গাড়ীত এনেই কঢ়িয়াই লৈ ফুৰা হয় ৷ প্ৰয়োজন নথকা বস্তুবোৰ গাড়ীৰ পৰা নমাই থোৱা ভাল ৷ ওজন কম হোৱা মানে তেলৰ খৰচ কমা ৷

৪) গিয়েৰ উচিত ভাবে ব্যৱহাৰ কৰক:
গাড়ীৰ বেগ অনুসৰি গিয়েৰ সলনি কৰিবলৈ শিকিব লাগে ৷ আচলতে গাড়ীখনক কষ্ট নিদিয়াকৈ যিমান সোনকালে পাৰি ওপৰৰ গিয়েৰত চলাব পাৰিলে তেলৰ খৰচ কমে৷ উদাহৰণ স্বৰূপে গাড়ী এখন যদি প্ৰতি ঘন্টাত ৬০ কি: মি: বেগত চলিব লাগে, তেতিয়া তৃতীয় গিয়েৰত চলালে পঞ্চম গিয়েৰত চলোৱাতকৈ ২৫% বেছি তেল পুৰিব বুলি ক’ব পাৰি ৷

৫) খিৰিকিবোৰ বন্ধ কৰক:
গাড়ীখন চলোঁতে বতাহৰ বাধা অতিক্ৰম কৰি চলিব লাগে ৷ আধুনিক গাড়ীবোৰৰ ডিজাইনো সেইকথা মনত ৰাখিয়েই কৰা হয় যাতে বতাহৰ মাজেৰে চলি যাওঁতে কম বাধাৰ সম্মুখীন হ’বলগা হয়৷ খিৰিকিবোৰ খুলি দিলে গাড়ীৰ ভিতৰলৈ প্ৰবল বেগত বতাহ সোমাই আহি এক অতিৰিক্ত বাধাৰ সৃষ্টি কৰে৷ পৰাপক্ষত খিৰিকি বন্ধ কৰি গাড়ী চলাব পাৰিলে তেলৰ খৰচ যথেষ্ট পৰিমাণে কমাটো নিশ্চিত ৷

৬) যিমান সোনকালে পাৰে যাত্ৰা আৰম্ভ কৰক:
যাবলৈ সম্পূৰ্ণ সাজু হ’লেহে গাড়ীখন স্টাৰ্ট দিয়া উচিত৷ স্টাৰ্ট দি কাৰোবালৈ ৰৈ থকা বা কাৰোবাৰ লগত কথা পাতি থকা মানে তেলৰ অপচয় মাথোন ৷

৭) চকাৰ পাম উচিত পৰিমাণত ৰাখক:
চকাত পাম কম থাকিলে ৰাস্তাৰ সৈতে ঘৰ্ষণ বেছি হয় ৷ গতিকে গাড়ীখনে অধিক বাধা অতিক্ৰম কৰিব লগা হয় ৷ স্বাভাবিকতে তেলৰ খৰচ বাঢ়ে৷ লগতে টায়াৰো বেছি সোনকালে বেয়া হয়৷ প্ৰায় পোন্ধৰ দিনৰ মূৰে মূৰে চকাৰ পাম পৰীক্ষা কৰি থকা উচিত বুলি কোৱা হয় ৷

৮) এয়াৰ ফিল্টাৰটো নিয়মিত ভাবে পৰিষ্কাৰ কৰক:
ইঞ্জিনৰ ভিতৰলৈ সোমাই অহা বতাহ পৰিষ্কাৰ কৰিবলৈ এয়াৰ ফিল্টাৰ ব্যৱহাৰ কৰা হয়৷ দিন যোৱাৰ লগে লগে ফিল্টাৰটো লেতেৰা হৈ যায় আৰু বতাহ কমকৈ অহা হয় ৷ ফলত ইন্ধনৰ দহন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় বতাহৰ অভাৱ ঘটে আৰু ইন্ধনৰ অপচয় ঘটে ৷ নিয়মিত ভাবে এয়াৰ ফিল্টাৰ পৰিষ্কাৰ কৰি থাকিলে তেলৰ খৰচ কমাটো নিশ্চিত ৷

৯) নিৰ্গমন পাইপডালো গুৰুত্বপূৰ্ণ:
ধোঁৱা ওলোৱা পাইপডালৰ আকাৰ আৰু আকৃতি কেতিয়াও সলনি কৰা উচিত নহয়  কাৰণ ইঞ্জিনৰ নিৰ্গমন চাপৰ ওপৰত ইঞ্জিনৰ শক্তি আৰু ইন্ধন-দক্ষতা দুয়োটা নিৰ্ভৰ কৰে ৷ কেতিয়াবা চাইলেঞ্চাৰ বেয়া হ’লে গেৰেজৰ মানুহে জধে-মধে কিবা এটা লগাই দিব খুজিলে কেতিয়াও মানি লোৱা উচিত নহয় ৷ কোম্পানীৰ অনুমোদিত ঠাইৰ পৰা সঠিক নিৰ্গমন পাইপ ক্ৰয় কৰি লগোৱা বাঞ্ছনীয় ৷

১০) নিয়মিত আপ-ডাল প্ৰয়োজনীয়:
গাড়ীৰ নিয়মিত আপ-ডাল অতি প্ৰয়োজনীয়৷ মবিল আৰু আন আন আনুষঙ্গিক পদাৰ্থ আদি পৰীক্ষা কৰি সময় মতে সলনি কৰি থকা উচিত তেলৰ খৰচ বৃদ্ধি নোহোৱাকৈ ৰাখিবৰ বাবে ৷

Sunday 15 December 2013

ছোৱালী জোকোৱা..

ছোৱালী জোকোৱা..

ছোৱালী জোকোৱা বেয়া কথা বুলি সৰুতে জনাই নাছিলো ৷ ল’ৰা-ছোৱালী একেলগে পঢ়িছিলো প্ৰাথমিক স্কুলত৷   গতিকে প্ৰায় একেলগে খেলি-ধূলি সময় কটাইছিলো ৷ অৱশ্যে লাহে-লাহে সকলো বুজি উঠিছিলো ৷

প্ৰথম শ্ৰেণীত আছিলো বোধহয় তেতিয়া ৷ তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকোঁ আৰু তিতাবৰ বুনিয়াদী অভ্যসন বিদ্যালয়ত পঢ়োঁ ৷ তিতাবৰৰ সেই পামখন খুব আটক-ধুনীয়াকৈ সজোৱা আছিল ৷ (এতিয়া আৰু সেই অৱস্থা নাই) চৌহদটোৰ মাজতে এখন বিশাল খেল-পথাৰ ৷ তাতে ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ বাবে দোলনা, ঢেকী-খেল আদিৰ ব্যৱস্থা আছিল৷  ওচৰ-পাজৰৰ ল’ৰা-ছোৱালীবোৰো খেলিবলৈ আহিছিল ৷

এদিন দেওবাৰে আবেলি ঘৰৰ পৰা ওলাই আহি দেখিলো দুজনী ছোৱালীয়ে ঢেকী খেলি আছে ৷ দুয়োকে চিনি পাওঁ ৷ আমাতকৈ ডাঙৰ ৷ দুয়ো “চিৰ যুগমীয়া ঢৌ তুলি ঢৌ তুলি..” গানটো গাই-গাই, হাতেৰে অঙ্গী-ভঙ্গী কৰি আপোন মনে ঢেকী খেলি আছে ৷ এবাৰ এগৰাকী ওপৰ উঠে তাৰপাছত আনগৰাকী ৷ গানটোও যেন সেই খেলৰ লগত খাপহে খাই পৰিছিল এনে লাগিছিল৷ মই মোৰ লগৰীয়াজনৰ সৈতে গৈ ওচৰত অলপ সময় থিয় দি তেওঁলোক দুগৰাকীক চাই থাকিলো ৷ প্ৰথমতে ভালেই লাগিছিল৷ পিছে আমাৰো অলপ খেলিবৰ মন আছিল ৷ কিন্তু ছোৱালীদুগৰাকী নানামেহে নানামে ঢেকীৰ পৰা ৷ অলপ পাছত অধৈৰ্য হৈ আমি ছোৱালী দুগৰাকীক জোকাবলৈ ধৰিলো ৷
“ ইঃ, গান গাইছে চা ৷ চিৰ যুগমীয়া ঢৌ তুলি…..ঢৌ তুলি….”
আমি হাতেৰে অঙ্গী-ভঙ্গী কৰি, ভেঙুচালি কৰিবলৈ ধৰিলো ৷ ছোৱালীদুগৰাকীয়ে কিন্তু বিশেষ একো নক’লে ৷ খেলো বন্ধ নকৰিলে ৷ প্ৰায় আধাঘন্টামান আমি অপেক্ষা কৰিলো ৷ তাৰপাছত আমনি লগাত বেলেগফালে গুছি গ’লো ৷ ছোৱালীদুগৰাকী ঢেকী খেলি থাকিল… …..
কিন্তু… খবৰটো গৈ আমাৰ ঘৰ পালেগৈ.. কেতিয়া, কেনেকৈ নাজানো ৷
পিছদিনা ঘৰত দেউতাৰ চৰ, থাপৰ, এচাৰিৰ কোব.. পিঠি বখলা-বখল.. ছোৱালী জোকোৱাৰ ফল ৷

ছোৱালীক জোকোৱাটো কিমান যে ভয়ংকৰ কথা সৰুতেই বুজি পালো ৷ তাৰপাছত আৰু কোনো ছোৱালীক সজ্ঞানে জোকোৱা মনত নপৰে ৷ কিন্তু আৰু দুটা ঘটনা সদায় মনত পৰে..দুয়োটা কটন কলেজত প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত পঢ়িথকা সময়ৰ কথা..

হোষ্টেলৰ পৰা দলে-বলে চিনেমা চাবলৈ যোৱাটো এটা নিয়মীয়া কাম যেন আছিল ৷ এদিন কেলভিনৰ পৰা চিনেমা চাই ৰাতি খোজকাঢ়ি হোষ্টেললৈ উভতি আহি আছিলো ৷ ওভাৰব্ৰীজৰ ওপৰ পালো ৷ তেনেতে আমাৰ কাষেৰে ৰিক্সা এখন ৰিক্সাৱালাই টানি টানি লৈ গ’ল ৷ লাইটৰ পোহৰত লগৰীয়া  দুজনমানৰ  চকুত পৰিল ৰিক্সাত বহিযোৱা ব্যক্তিদুগৰাকী ৷ লগে-লগে দিলে কিবা মন্তব্য তেখেতসকলে শুনাকৈ ৷ কোনোবা এজনে আৰু কিবা এটা ক’লে ৷ তাৰপাছত দেখিলো ৰিক্সাৰ পিছপিনৰ পৰ্দাখন ডাঙি দুগৰাকী ডাঙৰ ছোৱালীয়ে আমাৰ দলটোৰ পিনে চাই-চাই আমাক শুনাকৈ কৈছে…
“ ইয়ে, ইমান অকণমান অকণমান ল’ৰা ৷ লাজেই লাগে পাই ৷ ভাইটিহঁত তোমালোকৰ আন কাম নাই নেকি?”
কথাটো মিছাও নহয় ৷ আমাৰ দলটো আছিল ষোল-সোতৰবছৰ বয়সীয়া ৷ তেখেতসকল আমাতকৈ ডাঙৰ ৷ আমি গোটেইবোৰ লাজত মৰি যোৱা যেন হ’লো ৷
আন এটা ঘটনা.. অলপ বেলেগ ধৰণৰ ৷  
কটন কলেজৰ ইউনিয়ন বিল্ডিঙৰ সম্মুখত দুগৰাকী ছোৱালী প্ৰায়েই বহি থাকে ৷ মই আৰু সহপাঠী ৰাণা মাজে-মাজে সেই বাটে যাওঁ  কেন্টিনলৈ ৷  এদিন মন কৰিলো ছোৱালী দুগৰাকীয়ে আমাৰ দুয়োৰো পিনে চাই মিচিককৈ হাঁহে ৷ আমি দুয়ো পাৰ হৈ গৈ আলোচনা কৰো,
“ ঐ, দেখিলিনে? সিহঁতে আমাৰফালে চাই হাঁহিছে ৷ ব’লচোন আকৌ যাওঁ ৷” বুলি আমি আকৌ উভতি সেই পিনে যাওঁ ৷ এইবাৰ আমি তেওঁলোকৰ পিনে চাই হাঁহো, তেওঁলোকেও মৰমলগাকৈ হাঁহে ৷ আমাৰ ভাল লাগে ৷ সময় পালেই পাকে-পাকে সেইপিনে যাওঁ আৰু তেনেদৰে হাঁহিৰ আদান-প্ৰদান চলি থাকে ৷
ৰাণা অলপ সাহসী ৷ এদিন সি আগবাঢ়ি গৈ ছোৱালীদুগৰাকীৰ ওচৰ পালেগৈ ৷
: তোমালোকে আমাৰ ফালে চাই কিয় হাঁহা ?
সি সুধিলে ৷
: তোমালোকে কিয় হাঁহা ?
ছোৱালীদুগৰাকীয়ে সুধিলে৷
: তোমালোকে হাঁহা কাৰণে হাঁহো ৷
ৰাণাই উত্তৰ দিলে ৷
এইবাৰ ছোৱালী এগৰাকীয়ে ৰহস্যটো ভাঙি দি ক’লে,
: আচলতে তোমালোক ইমান সৰু-সৰু ল’ৰা ৷ দেখি আমাৰ মৰম লাগি যায় ৷ আমাৰ ভাইটি বুলি ভাবিহে আমি মৰমতে হাঁহো (ৰাণা আৰু মই অতি চুটি-চাপৰ , সৰু ল’ৰা যেন আছিলো দেখিবলৈ) ৷

গম পালো, দুয়ো বি. এছ, চি দ্বিতীয় বাৰ্ষিকত পঢ়ে ৷ আমাতকৈ প্ৰায় দুবছৰ ডাঙৰ ৷ তেওঁলোকে আমাক দুয়োকো ভাইটি বনাই ল’লে ৷ উলুবাৰীত থকা তেওঁলোকৰ এগৰাকীৰ ঘৰলৈ চাহ-জলপান খাবলৈও গ’লো ৷ 

Friday 13 December 2013

গৰুৰ বিষয়ে ৰচনা..



গৰুৰ বিষয়ে ৰচনা...

গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷ আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটাথকা এটা নাক, আৰু এডাল নেজ৷ ইয়াৰ নেজডাল বৰ দীঘল আৰু ধুনীয়া, মাইকী মানুহৰ বেণীডালৰ নিচিনা৷ মতা আৰু মাইকী দুয়োবিধ গৰুৰে নেজ থাকে৷ মাইকীগৰুৰ নেজবিলাকত চুলি বেছি থাকে৷ ই ঘৰচীয়া যদিও ই ঘৰত নাথাকে, গোহালিতহে থাকে৷ কিছুমান গৰুৰ শিং থাকে , কিছুমানৰ নাথাকে, কাৰণ সিহঁতে লাও খায়৷ সেইবাবে সিহঁতক লাওখোৱা গৰু বুলিও কয়৷ জাতিলাও, ৰঙালাও, পানীলাও আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু আছে৷ 

সাধাৰণতে গৰুৱে ঘাঁহ খায়৷ নহলে যি পায় তাকে খায়৷ বিহাৰী গৰুৱে চাধাও খায়৷ আজিকালি গৰুৱে প্লাষ্টিকৰ পেকেটো খায়৷ সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায়৷ যেনে: পূৰবী, আমূল, সৰস ইত্যাদি৷ সেইবিলাক দোকানতো পোৱা যায়৷ নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে৷ কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে৷ মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে৷

গৰুয়ে হাঁহিলে বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত এপাৰি৷ গৰুৱে সকলোকাম শ্লোমোচনত কৰে৷ এবাৰত ঘাঁহ চোবাবই নোৱাৰে৷ এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাক পাছত দুঘন্টামান চোবাই চোবাই থাকে৷ তাকে পাগুলা বুলি কয়৷ কাম নাথাকিলে গৰুৱে তেনেকৈ টাইম পাছ কৰে৷ মানুহেও গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইং গাম আবিষ্কাৰ কৰিছে৷ যেনে, হেপি ডেন্ট, চেন্টাৰ ফ্ৰেচ , বাবুল গাম ইত্যাদি৷ বাবুল গামত ডাবুল টাইম পাছ হয়৷

কিছুমান গৰু ৰাস্তাত থিয় দি থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা হয়৷ সিহঁত মানুহৰ নিচিনাই৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে৷ যেন ৰাস্তাটো সিহঁতৰ শহুৰেকৰহে৷ শাক-পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে দোকানে-দোকানে চান্দা উঠাই ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়৷

গৰু বৰ উপকাৰী৷ কেতিয়াবাহে খং উঠিলে খোঁচে৷ গৰুৱে হাল বাব জানে, গৰুগাড়ী চলাবও জানে৷ আৰু বহুত কাম কৰিব জানে৷ গৰুৱে হাগিলে যি পদাৰ্থ ওলায়, তাকে গোৱৰ বোলে৷ ই দেখাত সেউজীয়া ৰঙৰ৷ খুব পনীয়া গোবৰ ওলালে চেৰেলিউৱা বুলি কোৱা হয়৷ আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠে৷

Thursday 12 December 2013

নালাগে দিয়ক...



নালাগে দিয়ক..
জন্ম মোৰ তিতাবৰত৷ লগতে নগাঁও, শ্বিলং আদি ঠাইত থাকি অহা যদিও বৰপেটালৈ আহি থাকিবলৈ লোৱাৰ পাছত আমি কম সময়ৰ ভিতৰতে বৰপেটীয়া ভাষা আয়ত্ব কৰি লৈছিলো৷ ১৯৬৯ চনত প্ৰথম বৰপেটা বিদ্যাপীঠ হাইস্কুললৈ গৈয়েই স্থানীয় ভাষাৰ তাৎপৰ্য বুজি পাইছিলো৷ প্ৰথন দিনাখনেই ইংৰাজীৰ শ্ৰেণীত শিক্ষকে কিবা এটা প্ৰশ্ন এজন এজনকৈ থিয় কৰাইছিল সুধিছিল৷ বেছিভাগ ৰাই থিয় হয় আৰু কয়,
পাৰ্বান্নাই ক৷
প্ৰথমতে মই তাৰ মানেনো কি একো তলা-নলা পোৱা নাছিলো৷ কিন্তু লাহে-লাহে বুজি পালো, ‘পাৰ্বান্নাই মানেপাৰিবৰ নাই দিয়কঅৰ্থাৎ নোৱাৰো৷
ডাঙৰক উত্তৰ দিলে বৰপেটাৰ মানুহে বাক্যটোৰ শেষত বা দিয়ক লগাই দিয়ে৷ সন্মান বা ভদ্ৰতাসূচক
যেনে: “ কিয়ে বাপু, তই মদনচ্চলি?”   (কিহে বোপা, তুমি মদনৰ ৰা?)
উত্তৰ: “হৈ বাহৈ ’ (হয় বা নহয়)
এই “দিয়ক” বোলা কথাটোৱেই এবাৰ অলপ আমোদজনক পৰিস্থিতি এটাৰ সৃষ্টি কৰিছিল৷
বোধকৰো ১৯৭১ চনৰ কথা৷ খুড়া এজনৰ বিয়া আছিল৷ কইনাৰ ঘৰ তেজপুৰত৷ দৰা-পাৰ্টি বাছেৰে যাবলৈ ওলাল৷ খুড়াই মোকো লগত লে৷ তেজপুৰ পালোঁগৈ সন্ধিয়া আঠমান বজাত৷ অলপ জিৰণি লোৱাৰ পাছত আমাক সকলোকে ভাত খাবলৈ মাতিলে৷ খোৱা-বোৱাৰ অতি সুন্দৰ আয়োজন৷ সকলোৱে হেঁপাহ পলুৱাই খাইছো৷ পেট ভৰি গৈছে সকলোৰে৷ পিছে বস্তু বিলাবলৈ অহাসকলে বাৰে-বাৰে আহে আৰু সোধে,
অলপ ভাত দিমনে?”
আমাৰবোৰে উত্তৰ দিয়ে, ‘নালাগে দিয়ক (তেজপুৰত নালগে বুলি কৈ নালাগে দিয়কবুলিয়েই কৈছিল)
তেনেদৰে কোৱা শুনি দিবলৈ অহাজনে আকৌ ভাত দি দিয়ে৷
তাৰপাছত মাংস দিয়াজনে সোধে, অলপ মাংস লাগিবনেকি?
আমাৰ ফালৰ পৰা উত্তৰ যায়, নালাগে দিয়ক৷
আকৌ সোপা-সোপে ঢালি দিয়ে মাংস৷ উপায় নাপাই আমাৰবোৰেও খাবলৈ বাধ্য হয় খোৱা-বস্তু নষ্ট কৰিব নুখুজি৷
সেই প্ৰক্ৰিয়াটো কিছুসময় চলি থাকিল৷
আমাৰবোৰে কথাটো বুজি পোৱা নাই, নালাগে বুলি লে বাৰে-বাৰে আকৌ কিয় দিয়ে৷
বিলনীয়া সকলৰ ফালে লক্ষ্য কৰি এনে অনুমান হ’ল তেওঁলোকো যেন অলপ আচৰিত হৈছে বৰপেটাৰ মানুহে ইমান খাব পৰা বাবে৷ তেওঁলোকৰ দুই-এজনে অলপ পাছত ফিচিঙা-ফিচিং কৰিব ধৰা যেন লাগিল
ক্ষন্তেক চিন্তা কৰি কথাটো বুজি পালো৷ আমাৰ মানুহবোৰে অভ্যাসবশতঃ বাক্যৰ শেষত দিয়ক বুলি কোৱা বাবে বিলাবলৈ অহাসকলেদিয়কবুলি খোজা বুলি ভাবে৷ আৰু আমাৰ মানুহখিনিয়ে বাৰে-বাৰে “খুজি থকা” দেখি আমাক অতি খকুৱা বুলি ভাবিবলৈ ধৰিছিল৷ অৱশ্যে সেই ভুল বুজা-বুজি আঁতৰ বলৈ আৰু বেছিসময় নালাগিল৷ আমাৰ মানুহখিনি সন্তুষ্টমনে খোৱাৰ পৰা উঠিল৷ তেওঁলোকেও সুধিবলৈ আহিবলৈ এৰিলে৷
অৱশ্যে দিয়ক বুলি কোৱাটো এতিয়াও চলি আছে দিয়ক৷