At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 26 February 2015

সৰুকালৰ ডাঙৰ কথা…

সৰুকালৰ ডাঙৰ কথা…

সৰুকালৰ বহুকথাই মনত ৰৈ যায় বিভিন্ন কাৰণত৷কিছুমান কথা মনত পৰিলে ভাল লাগে, কিছুমান মনত পৰিলে লাজ লাগে, কিছুমান কথাই হয়তো মনটো জোকাৰি থৈ যায়৷

কথাবোৰ বুজিব পৰা হোৱাৰ সময়তে মানুহৰ মৃত্যুৰ বিষয়েও শুনিছিলো৷ মানুহ মৰে বুলি মাহঁতৰ মুখত শুনিছিলো৷ মৰিলে পুৰি পেলায় বা কবৰ দিয়ে বুলি শুনিছিলো৷ তাৰপাছত কি হয় সেইবিষয়ে নানা ধৰণৰ জল্পনা-কল্পনাৰ কথাও শুনিছিলো৷ মৃত্যু নামৰ কঠিন বাস্তৱটোৰ সৈতে সৰুতেই মুখামুখি হৈছিলো তিতাবৰত থকা সময়তে বৰপেটা ৰোডত থকা আমাৰ ককাদেউতাৰ মৃত্যুৰ সময়ত৷ তাৰপাছতে তিতাবৰতে আমাৰ ঘৰৰ সৈতে সঘনাই অহা-যোৱা কৰা মানুহ এঘৰৰ ছোৱালী এগৰাকীৰ পুখুৰীত পৰি মৃত্যু হোৱা ঘটনা৷ মাজে-মাজে মনলৈ ভাব এটা আহিছিল: যদি সকলো মানুহেই এদিন মৰে তেনেহলে আমাৰ দেউতাহঁতো মৰিব নেকি? সেই ভাবটো মনলৈ আহিলেই জোৰকৈ নিজকে নিজে সান্তনা দি কৈছিলো, “নাই, নাই , আমাৰ দেউতাহঁত নমৰে” আৰু সেই আপদীয়া চিন্তাটো মনৰ পৰা আতৰাই বেলেগ কথা চিন্তা কৰিবলৈ বিফল প্ৰচেষ্টা চলাইছিলো৷

বেছিদিন বাট চাব লগা নহ’ল৷ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই আমি তিতাবৰৰ পৰা শ্বিলঙলৈ বদলি হৈ যাওঁ আৰু তাত এবছৰ পূৰ হোৱাৰ আগতেই অতি আকস্মিক বাবে অতি কম বয়সতে দেউতাৰ মৃত্যু হয়৷

ভাল হওক, বেয়া হওক, সকলো মানুহ এদিন মৰিবই বুলি ভালদৰে বুজি পালো সেই অতি কোমল বয়সতে৷ কিন্তু তাৰপাছত মোৰ মনত আন এটা চিন্তাই বহুদিনলৈ আমনি কৰি থাকিল৷
যেতিয়াই কোনো সমনীয়াৰ মাক-দেউতাকক লগ পাওঁ তেতিয়াই ভাবো, “আমাৰহে দেউতা মৰিল, বাকীবোৰৰ দেখোন আজিলৈকে মৰাই নাই৷ কেতিয়া মৰিব?” সেই চিন্তাই আনৰ প্ৰতি অন্তৰত হিংসাৰ ভাব জগাই নুতুলিলেও নিজকে অলপ হ’লেও পুতৌ কৰিবলৈ বাধ্য কৰাইছিল৷ গোটেই পৃথিবীত আমাৰ নিচিনা দুৰ্ভগীয়া যেন আৰু কোনো নাই এনে ভাব মাজে মাজে নিশ্চয় হৈছিল৷


বয়স হোৱাৰ লগে লগে সকলো সলনি হ’ল৷ কিন্তু পিতৃহাৰা দুৰ্ভগীয়া সকলৰ প্ৰতি অন্তৰত এটা বিশেষ প্ৰেম-সহানুভূতিৰ ভাব জীৱন্ত হৈ থাকিল৷ 

Tuesday 24 February 2015

মাত্ৰ দহ টকা?

মাত্ৰ দহ টকা?

১৯৭৬ চন৷ গুৱাহাটীত কংগ্ৰেছ অধিবেশন বহিছে৷ গুৱাহাটী নগৰখন নতুন ৰূপত সজোৱা হৈছে৷ খানাপাৰাৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অধিবেশন বহিছে৷ লগতে চলিছে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী৷ অসম বিজ্ঞান সমিতিৰ সৌজন্যত তাতে বিৰলা বিজ্ঞান যাদুঘৰৰো প্ৰদৰ্শনী চলিছে৷
তেতিয়া আমি কটন কলেজত প্ৰাক বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ৷ কটন নৱ ছাত্ৰাবাসৰ (এতিয়া নাম সলনি হ’ল হয়তো) কাষতে অসম বিজ্ঞান সমিতিৰ কাৰ্যালয়টো৷ সেই ছাত্ৰাবাসৰে দুজনমান বন্ধুৱে খবৰ দিলে যে খানাপাৰাৰ সেই বিৰলা বিজ্ঞান যাদুঘৰৰ প্ৰদৰ্শনীত প্ৰদৰ্শক হিচাবে কাম কৰিবলৈ কটন কলেজৰ পৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক সদায় লৈ যোৱা হয়৷ দিনটো কাম কৰাৰ বাবদ হেনো টকাও পোৱা যায়৷ মইও আগ্ৰহ দেখুৱালো সেই কামৰ বাবে বন্ধুজনৰ যোগেৰে আৰু লগে লগে মোৰ অনুৰোধ গ্ৰহণ হোৱা বুলিও গম পালো৷

পিছদিনা ৰাতিপুৱাতে সাজু হৈ ওলালো৷ আমাক কটন কলেজৰ পৰা বাছেৰে খানাপাৰালৈ লৈ যোৱা হ’ল৷ প্ৰদৰ্শনী ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ আগতে আমাক বস্তুবোৰ বুজাই দিয়া হ’ল৷ সকলোবোৰ ভালদৰে বুজি নাপালো যদিও বুজাবলৈ সহজ যেন লগা মডেল দুটামান বাছি ল’লো আনক বুজাবৰ বাবে৷

প্ৰদৰ্শনীৰ দুৱাৰ ৰাইজৰ বাবে খুলি দিয়া হ’ল৷ লাহে লাহে জন সমাগম বাঢ়ি আহিব ধৰিলে৷ অসমত হয়তো তেনে উচ্চ পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী ৰাইজে আগতে দেখা নাছিল৷ প্ৰদৰ্শনীগৃহৰ পৰা প্ৰস্থান কৰা দুৱাৰখনৰ কাষতে আছিল এটা ৰবটৰ মডেল৷ যিকোনো প্ৰশ্ন সুধিলে উত্তৰ দিয়ে৷ তাতেই মানুহৰ ভিৰ সকলোতকৈ বেছি হ’ল৷ অসমলৈ তেতিয়াও টেলিভিচন অহা নাছিল৷ প্ৰৱেশদ্বাৰৰ কাষতে আছিল ক্ল’জ চাৰ্কিট টিভি এটা৷ তাতো মানুহৰ জুম৷ কোনো কোনোৱে গান গাই দিলে টিভিত নিজকে চাবলৈ৷
দুপৰীয়াৰ আহাৰ আনি দিয়া হ’ল৷ সুযোগ বুজি খাই ল’লো৷ লাহে-লাহে সন্ধিয়া হৈ আহিল৷ মানুহৰ ভিৰো বাঢ়ি আহিল৷ যিমানে সময় পাৰ হৈ গৈছিল সিমানে আত্ম-বিশ্বাসো বাঢ়ি গৈছিল আৰু সন্ধিয়ালৈকে নিজকে ডাঙৰ বিজ্ঞানীযেনেই লগা হৈছিল মানুহক কথাবোৰ বুজাই দিওঁতে৷ বিশেষকৈ মোৰ ভাগত পৰা এটা মডেল আছিল সুসজ্জিত কোঁঠা এটা৷ দুৱাৰমুখত থিয় হৈ হেল্ল’ বুলি ক’লে নিজে নিজে দুৱাৰৰ পৰ্দা বা আঁৰ কাপোৰ খোল খাই যায় আৰু কোঁঠাৰ ভিতৰৰ লাইট-ফেন আদি অন হৈ যায়৷ যেন যাদুহে৷ (এতিয়া ভাবিলে যদিও সাধাৰণ কথা যেন লাগে)


আঠমান বজাত প্ৰদৰ্শনী সামৰা হ’ল৷ দিনটো কেনেদৰে পাৰ হৈ গ’ল গমেই নাপালো৷ আমিও কটন কলেজলৈ উভতি যাবলৈ ৰৈ থকা বাছলৈ যাবলৈ উদ্যত হ’ল৷ চকুত পৰিল, মানুহ এজন আহি সকলোকে হাতে-হাতে কিবা দি গৈছে৷ মোৰ কাষলৈও আহি হাতত টকা দহটা গুজি দিলে৷ চকচকীয়া নোট এখন৷ গোটেই দিনটোৰ হাজিৰা৷ নোটখন আলফুলে জাপি লৈ ওপৰ পকেটত ভৰাই থ’লো৷ এনেহে লাগিল যেন ন’বেল বঁটাহে পালো৷