At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 13 February 2017

আন এক প্ৰেম...

আন এক প্ৰেম…..

এজন মানুহে প্ৰায়েই ফুটপাথৰ কাষত বহি কমলাটেঙা বেচা বুঢ়ী এগৰাকীৰ পৰা কমলাটেঙা কিনে৷ বুঢ়ী গৰাকীয়ে ওজন কৰি কমলা দিয়ে৷ মানুহজনে কমলাখিনি বেগত ভৰাই লয়৷ বুঢ়ীগৰাকীক দিবলগীয়া পইচাখিনি দিয়ে৷ তাৰপাছত বেগৰ পৰা কমলা এটা উলিয়াই লৈ, বাকলি গুচাই এটা কোঁহ উলিয়াই মুখত ভৰায়৷
“ইচ, কমলাটো বৰ টেঙা৷ মুখত দিবই নোৱাৰি৷” মানুহজনে কয়৷
“টেঙা? হ’বই নোৱাৰে৷” বুঢ়ীগৰাকীয়ে উত্তৰ দিয়ে৷
“লওঁক তেনেহলে, আপুনিয়ে খাই চাওঁক,” বুলি মানুহজনে কমলাটোৰ বাকীথকাখিনি বুঢ়ীগৰাকীৰ পিনে আগবঢ়াই দিয়ে৷ বুঢ়ীগৰাকীয়ে হাত পাতি লয় আৰু একোঁহ একোঁহকৈ মুখত ভৰায়৷ প্ৰতিবাদ কৰি কৈ উঠে,
“ইমান মিঠা, টেঙা বুলি মিছাতে আপত্তি কৰে৷”
ইতিমধ্যে মানুহজন হাতত বেগটো লৈ আঁতৰি যায়৷
প্ৰতিবাৰেই এনেদৰে চলি থাকে৷

এদিন মানুহজনক পৰিবাৰে সুধিলে,
“সেই বুঢ়ীগৰাকীয়ে কেতিয়াও টেঙা কমলা নেবেচে৷ তেওঁ বেচা কমলাবোৰ দেখোন সদায় অতি মিঠা৷ তেনেহলে আপুনি মিছাতে টেঙা বুলি এই নাটকখননো কিয় কৰে?”

হাঁহি এটা মাৰি মানুহজনে উত্তৰ দিয়ে,
“সেই দুখীয়া বুঢ়ী মানুহগৰাকীৰ কোনো নাই৷ অতি দুখীয়া৷ বাটৰ কাষত বহি কমলাটেঙা বেচে৷ কিন্তু নিজে হয়তো পানী এটুপিও নাখায়৷ গতিকে মই মোৰ কিনা কমলাৰ পৰাই বুদ্ধি কৰি বুঢ়ীগৰাকীক কমলা এটা খুৱাওঁ৷ তেওঁৰ লোকচান নহয়৷”
পৰিবাৰে শলাগি থ’লে৷

কমলা বেচা বুঢ়ীগৰাকীৰ কাষতে বহি পাচলি বেচা মানুহ এজনে কথাটো সদায় লক্ষ্য কৰে৷ তেওঁ এদিন বুঢ়ীগৰাকীক সুধিলে,
“আপুনি সেই মানুহজনক কমলা জুখি দিওঁতে সদায় অলপ বেছিকৈ কিয় জুখি দিয়ে? মানুহজনে দেখোন আপোনাৰ কমলাবোৰ সদায় টেঙা বুলিহে আপত্তি কৰে?”

বুঢ়ীগৰাকীয়ে হাঁহি মাৰি উত্তৰ দিলে,
“ মই সকলো বুজি পাওঁ৷ মানুহজনে আচলতে মোক মাকৰ নিচিনা মৰম কৰে৷ মোক কমলা এটা খুৱাবলৈকে তেনে অভিনয় কৰে৷ মই জানিও নজনা ভাওঁ ধৰি থাকোঁ৷ যেতিয়া মানুহজনলৈ কমলাটেঙা ওজন কৰোঁ, তেতিয়া মই বেছিকৈ নিদিওঁ, মানুহজনৰ মৰমৰ শক্তিয়ে আকৰ্ষণ কৰি তৰ্জুখন তেওঁৰ পিনে অধিককৈ নমাই দিয়ে৷ গতিকে এটা কমলা বেছিকৈ উঠে৷”

এৰা, সৰু-সৰু মৰমৰ কাৰ্যবোৰে আমাৰ জীৱনটো, আমাৰ পৰিৱেশটো, আমাৰ পৃথিবীখন অধিক মধুৰ কৰি তুলিব পাৰে৷

(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ আধাৰত)