At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 25 February 2016

মই একো নাজানো..

মই একো নাজানো..
মোৰ সহপাঠী বন্ধু এজনৰ দেউতাক আমাৰ অংকৰ অধ্যাপক আছিল৷ অধ্যাপক হিচাবে সকলোৰে বাবে আছিল অতি সন্মানীয়৷ মোৰ বন্ধুজন ভালেই যদিও অলপ-অচৰপ দুষ্টালিও নকৰা নহয় মাজে-মাজে৷ পৰীক্ষাৰ আগে আগে পঢ়িবলৈ লয়৷ কিবা নুবুজিলে বা টান পালে দেউতাকৰ ওচৰলৈ গৈ চতুৰালি কৰি সোধে, “এইটো বৰ টান পাইছো৷ পঢ়িম নে বাদ দিম?”
অধ্যাপক দেউতাকে লাহেকৈ উত্তৰ দিয়ে, “মই একো নাজানো৷”
পঢ় বুলিও নকয়, নপঢ়িবি বুলিও নকয়৷ পুতেকৰ খং উঠে যদিও দেউতাকক ভালদৰে জানে, অতি সৎ মানুহ বুলি, কোনো ধৰণৰ ইঙ্গিত কেতিয়াও নিদিয়ে বুলি৷ দেউতাকৰ প্ৰতি মোৰ বন্ধুৰ শ্ৰদ্ধা বাঢ়ি যায়৷
কলেজত প্ৰবক্তা হিচাবে যোগ দিয়াৰ পাছতেই সপ্তম ষান্মাসিকৰ বিষয় এটা পঢ়ুৱাবলৈ দিয়া হৈছিল মোক৷ নতুন বিষয়, আগতে পাঠ্যক্ৰমত নাছিল৷ যথেষ্ট কষ্ট কৰি পঢুৱাব লগা হৈছিল৷ প্ৰশ্ন কেনেধৰণৰ আহিব কোনো ধাৰণা নাছিল আৰু একেবাৰে নতুন প্ৰবক্তা বাবে মইও প্ৰশ্ন কাটিবলৈ নাপাওঁ বুলি জানিছিলো৷ পৰীক্ষাৰ আগে-আগে মোৰ বিভাগৰ মূৰব্বী অধ্যাপক শৰ্মা ছাৰে মোক বিশ্ববিদ্যালয়ৰ গোপনীয় শাখালৈ লৈ গ’ল সেই বিষয়টোৰ প্ৰশ্ন কাকতৰ মডাৰেচন কৰিবলৈ৷ সেয়া মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা মডাৰেচন কৰাৰ৷ প্ৰশ্নখন দেখি ভয় খালো৷ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই ফেল কৰিব বুলি জানিলো৷ তাৰপাছত যিমান পাৰো সহজ কৰি দিবলৈ চেষ্টা কৰিলো টান প্ৰশ্ন দুটামান কাটি , সহজ প্ৰশ্ন দুটামান ভৰাই দি৷
কাম শেষ হোৱাৰ পাছত শৰ্মা ছাৰে গাড়ীৰে লৈ আহি মোৰ থকা ঠাইৰ আগত নমাই দিলে৷ নমাৰ সময়ত তেখেতে এটা কথা ক’লে,
“চাবা কিন্তু৷ এতিয়া তুমি একো নাজানা৷”

সেই একেই নীতি: “মই একো নাজানো৷”

Monday 1 February 2016

এটি সুন্দৰ আদৰ্শ


এটি সুন্দৰ আদৰ্শ
(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ আধাৰত)

এহাল সৰু ল’ৰা-ছোৱালী বজাৰৰ মাজেৰে লাহে-লাহে খোজ কাঢ়ি গৈ আছিল৷ দুয়ো ভাই-ভনী৷ ছোৱালীজনীৰ বয়স ছবছৰ আৰু ল’ৰাটোৰ চাৰিবছৰ৷ হঠাতে ল’ৰাটোৱে মন কৰিলে বায়েক পিছপৰি গৈছে৷ সি থমকি ৰ’ল৷ উভতি চাই দেখে বায়েক এঠাইত ৰৈ কিবা এটা চাই আছে৷ সি ওচৰ চাপি গ’ল৷ গৈ দেখে বায়েকে আপোনমনে দোকানত সজাই থোৱা পুতলা এটা চাই আছে৷

“তুমি কি চাইছা?” সি বায়েকক সুধিলে৷

“সৌ পুতলাটো৷ ইমান মৰমলগা৷” বায়েকে পুতলাটোলৈ আঙুলিয়াই দি ক’লে৷

“তোমাক লাগিব নেকি?” ল’ৰাটোৱে সুধিলে৷

বায়েকে মূৰ দুপিয়ালে৷

“ৰ’বা, মই কিনি দিম তোমাক৷” বুলি কৈ ল’ৰাটো দোকানীৰ ওচৰ চাপি গ’ল৷

দোকানীজনে দুয়োকো ভালদৰে লক্ষ্য কৰি আছিল৷ সিহঁতৰ কথা-বতৰা শুনি আছিল৷ তেওঁ ল’ৰাটোলৈ মৰমেৰে চাই থাকিল কিন্তু কিবা এটা কোৱাৰ আগতেই ল’ৰাটোৱে মাত ল’গালে,

“সৌ পুতলাটো দিয়কচোন৷”

“পুতলাটো কিনিবলৈ তোমাৰ লগত পইচা আছে জানো?” ল’ৰাটোৰ ইমান গহীন ব্যৱহাৰ দেখি মনতে অতি ৰং পাই দোকানীজনে মৰমেৰে সুধিলে৷

“আছে নহয়৷” বুলি কৈ ল’ৰাটোৱে পেন্টৰ জেপৰ পৰা কেইটামান শামুকৰ খোলা উলিয়াই দোকানীজনৰ সম্মুখত ৰাখিলে আৰু দোকানীজনলৈ চাই গহীনাই সুধিলে,

“ইমানখিনিৰে হ’বনে? আৰু লাগিব নেকি?”

দোকানীজন মুগ্ধ হ’ল সৰু ল’ৰাটোৰ সৰলতাত৷ তেওঁ মিচিকিয়াই হাঁহি ক’লে,

“হ’ব৷ তোমাৰ লগত দেখোন বহুত টকা আছে৷”

দোনাকীজনে গণি গণি চাৰিটা শামুকৰ খোলা ৰাখি বাকীকেইটা ল’ৰাটোক ঘূৰাই দিলে৷ ল’ৰাটোৱে সন্তুষ্ট মনেৰে সেইকেইটা আকৌ জেপত ভৰাই থ’লে আৰু পুতলাটো লৈ বায়েকৰ হাতত দিলে৷ বায়েকে আলফুলকৈ সাৱটি ল’লে আৰু দুয়ো দোকানৰ পৰা বাহিৰ ওলাই গ’ল৷

গোটেই ঘটনাটো লক্ষ্য কৰি থকা ডেকা এজনে দোকানীজনক সুধিলে, “ আপুনি ইমান দামী পুতলাটো চাৰিটা শামুকৰ খোলাৰ বিনিময়ত দি দিলে কিয়?”

দোকানীজনে উত্তৰ দিলে,

“ইমান সৰু ল’ৰাটোৰ ইমান গহীন. ইমান দায়িত্বশীল ব্যৱহাৰ দেখি বুজি পাইছো সি জীৱনত সফল হ’বই৷ সি এদিন খুব ডাঙৰ মানুহ হ’বই৷ তেতিয়া নিশ্চয় এই ঘটনাটো মনত পৰিলে ভাল লাগিব তাৰ৷ মই যে তাক মৰম কৰিছিলো, তাক সহায় কৰিছিলো সি নিশ্চয় মনত পেলাব আৰু আনৰ প্ৰতি সিও ভাল ব্যৱহাৰ কৰিব৷ এইদৰেইতো পৃথিবীখন আমি ধুনীয়া কৰি তুলিব পাৰোঁ ইতিবাচক চিন্তাৰে!!!”