At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 4 April 2017

আমি বন্ধা এটি ঘৰ…

আমি বন্ধা এটি ঘৰ…
১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে দেউতাৰ মৃত্যু হোৱাৰ পাছত আমি নিজৰ ঠাই বৰপেটালৈ আহোঁ৷ বৰপেটাৰ পালাংদিহাটীৰ দেউতাৰ পৈত্ৰিক ঘৰত আমাৰ বাবে ঠাই নোজোৰাত আমি কীৰ্তনঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো ভাড়া লৈ থাকিবলৈ লওঁ৷ আমি মানে মা আৰু আমি পাঁচজন ভাই-ককাই৷ ডাঙৰ দাদা তেতিয়া নৱম শ্ৰেণীত৷ সৰু ভাইটি স্কুললৈ যাবলৈ লৈছিলহে৷ ভাড়া আছিল মাহে ১৫ টকা৷ সেই ভাড়া দিবলৈ খুড়া এজনে দায়িত্ব লয়৷
চিলঙৰ পৰা দলাহাটী৷ সম্পূৰ্ণ বেলেগ পৰিৱেশ৷ দুশাৰী ঘৰ৷ মাজতে দীঘলকৈ চোতালখন৷ ঘৰবোৰৰ মাজত কোনো ব্যৱধান নাই৷ এটা ঘৰৰ বেৰখন আনটো ঘৰৰো বেৰ৷ যেন এটা ডাঙৰ পৰিয়ালহে৷ সকলোৱে সকলোকে চিনি পায়৷ সকলোৱে সকলোৰে কথা জানে৷ আমাৰ মাতকথাও বৰপেটীয়ালৈ ৰূপান্তৰিত হৈ পৰিল কেইমানমানৰ ভিতৰতে৷
দুবছৰমান তেনেদৰেই পাৰ হ’ল৷ গুৱাহাটীত দেউতাই কিনি থোৱা মাটি এডোখৰ আছিল যদিও তাত ঘৰ সজাৰ সামৰ্থ আমাৰ নাছিল৷ মাহে ১৫৮ টকাকৈ ফেমিলি পেঞ্চন পাইছিলো চৰকাৰৰ পৰা৷ সাঁচতীয়া ধনো বিশেষ একো নাছিল৷ মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ মৃত্যু হৈছিল৷ গতিকে সাঁচিবলৈ সময়ো নাপালে৷
বৰপেটাতেই মাটি এডোখৰ কিনি ঘৰ এটা সাজি লোৱা ভাল দেখিলো আমি৷ মেটুৱাকুছিৰ পুৰণা শ্মাশানখনৰ সম্মুখতে এবিঘা মাটি আছিল৷ মালিকৰ ল’ৰাজন মোৰ সহপাঠী বন্ধু৷ এচনীয়া মাটি৷ তাকেই কিনি লোৱা হ’ল৷ মুকলি পথাৰৰ মাজত মাটিডোখৰ৷ কোনো ৰাস্তা-ঘাট নাই৷ খৰালি সমস্যা নাই, বাৰিষাহে পানীয়ে আগুৰি ধৰে৷ মানুহে কলৰ ভুৰ সাজি লয়৷ দুই-এঘৰে নাঁও ব্যৱহাৰো কৰে৷
মাটিডোখৰ ম্যাদী কৰি দিয়াৰ দায়িত্ব ল’লে গুৱাহাটীত চাকৰি কৰা মামা এজনে৷ ইফালে আমি ঘৰ সজাৰ কামত মন দিলোঁ৷ দেউতা জীয়াই থাকোঁতে গুৱাহাটীত ঘৰ সাজিম বুলি কাঠেৰে দুৱাৰ খিৰিকি আদি প্ৰায় সাজু কৰি থৈছিলেই৷ সেইবোৰ আমি বৰপেটালৈ লৈ আহিছিলো৷
দিন-বাৰ মনত নাই৷ সঠিক চনো মনত নাই৷ কোনোবা এটা দিনত ঘৰৰ খুটা পোতা হ’ল ধৰ্মীয় ৰীতি-নীতিৰে৷ ইটাৰে তলৰ ভাগ গাঁঠি লৈ কাঠৰ ফ্ৰেমত বাঁহ বা ইকৰাৰে বেৰ গাঁঠি চিমেন্টেৰে প্লাষ্টাৰ কৰি বেৰবোৰ সঁজা হ’ব৷ ওপৰত টিং দিবলৈ পইচা নুজুৰিব বাবে খেৰেই দিয়া হ’ব৷ কাঠৰ দুৱাৰ-খিৰিকি সাজু হৈ আছিলেই৷ লগাই দিলেই হ’ব৷ ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ লগত সকলো কামত আমিয়েই সহায় কৰি দিব পাৰিম৷ গতিকে বনুৱাৰ খৰচো বাচি যাব৷ তেনে পৰিকল্পনাৰেই কাম আৰম্ভ হ’ল৷ আমি দেহে-কেহে কামত লাগি গ’লো৷ চাওঁতে চাওঁতে প্ৰায় ৩৬ ফুট দীঘল আৰু ১২ ফুট বহল ঘৰ এটা জিলিকি উঠিল৷ ঘৰৰ ৰং দিয়া কামো আমিয়েই কৰিলো৷ ঘৰৰ পিছপিনে গাতে লগাই দীঘলে দীঘলে বাঁহ আৰু খেৰেৰে আন এটা ঘৰ সাজি দিয়া হ’ল৷ ঘৰ মানে চাল এখন৷ সেয়া হৈ পৰিল আমাৰ পাকঘৰ, তাঁত শাল ৰখা ঘৰ আৰু গোহালিঘৰ৷
সকলোৱে মিলি গোটেই মাটিবিঘা বাঁহৰ জেওৰাৰে বেৰি দিলোঁ৷ তাৰ মাজতে পাচলিৰ বাগিছা পাতিলো৷ লাও, জিকা, ভোল , বেঙেনা, বিলাহী, লাইশাক, ইত্যাদি ইত্যাদি লহ-পহকৈ গজি উঠিব ধৰিলে৷ আমি ৰাতিপুৱাতে ওলাই গৈ পথাৰত গোৱৰ বুটলি ফুৰোঁ পাচলিৰ গুৰিত দিবলৈ৷ বগৰী, মধুৰী আদি কেইজোপামান গছো ৰুলোঁ৷

তেনেদৰেই সেই পথাৰৰ মাজৰ নিৰ্জন পৰিৱেশত আমি পাঁচ ভাই আৰু মা থাকিবলৈ ল’লো৷ মাই ধেমালি কৰি কৈছিল৷ এইটো আমাৰ জতুগৃহ৷ কুন্তীয়ে পঞ্চ-পাণ্ডৱক লৈ থকাৰ দৰে ময়ো আছোঁ এই পথাৰৰ মাজত৷ বানপানী আহিল৷ ধুমুহাৰ দিনো আহিল৷ সেই সকলোৰে মাজেৰে আমি সকলোটি মিলি দিনবোৰ পাৰ কৰি গ’লো৷ মুকলি পথাৰৰ মাজত ধুমুহা বতাহে আমাৰ ঘৰটো বৰকৈ খুন্দিয়াইছিল৷ বতাহে ঘৰৰ চালখন উৰুৱাই নিব বুলি ভয় হৈছিল৷ প্ৰায়েই আমি আটাইকেইটা সোমাইছিলো সকলোতকৈ শক্তিশালী বিচনাখনৰ তলত৷ দেউতাই নিজহাতে বনাই থৈ থোৱা মজবুত পালেং আৰু দুৱাৰ-খিৰিকিবোৰৰ যোগেৰে দেউতাৰ উপস্থিতিও অনুভৱ কৰিছিলো তেনে ভয়লগা সময়বোৰত৷