At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 21 February 2014

নৈশ ফুটবল.. উৰি গ’ল বল !!



নৈশ ফুটবল.. উৰি গ’ল বল !!

১৯৮৮ চন৷ তেতিয়া  আই আই টি, মাদ্ৰাজত এম. টেক. কৰি আছো৷ কৃষ্ণা হোষ্টেলত থাকো৷ কৃষ্ণা আৰু কাবেৰী হোষ্টেলত পি. এইচ. ডি. আৰু এম. টেক. কৰা জ্যেষ্ঠ ছাত্ৰসকল থাকে৷ খেলা-ধূলা কৰা ছাত্ৰ বেছি নাই৷

মাদ্ৰাজ আই. আই. টি.ত বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা হৈছিল৷ তাৰে এটা আছিল “চিক্স এ চাইড” ফুটবল প্ৰতিযোগিতা৷ প্ৰতিটো দলত ছজনকৈ খেলুৱৈ থাকে৷ কোনো অফ চাইড নাই৷ বাকী নিয়ম একেই৷

এদিন ৰাতি ভাত খোৱাৰ পাছত মালায়ালী ছাত্ৰ এজনে আহি সুধিলে,
: দাস, আপুনি অসমৰ৷ নিশ্চয় ফুটবল খেলে..
মই ৰসিকতা কৰি উত্তৰ দিলো,
: মই কেবল বলটো গোৰ মাৰি দিব জানো আৰু দৌৰিব জানো…
: ডেট ইজ এনাফ… সেয়ে যথেষ্ট…
মালায়ালী ছাত্ৰজনে উত্তৰ দিলে৷

মই সৰুতে লগ-সমনীয়াৰ লগত কেতিয়াবা কেতিয়াবা ফুটবল খেলিছিলো যদিও হাইস্কুল পোৱাৰ পাছত আৰু কেতিয়াও খেলা নাছিলো বুলি ক’ব পাৰি৷ ফুটবল খেলুৱৈৰ শাৰীতযে কেতিয়াও নপৰো৷ তথাপি মালায়ালী ছাত্ৰজনৰ কথাত অলপ উৎসাহ পালো৷ ছাত্ৰজনে ক’লে,
: আপুনি আমাৰ হোষ্টেলৰ “খ” দলত খেলিব লাগিব৷ আজি ৰাতি খেল আছে৷ ছিক্স এ চাইড খেল৷ আপুনি ফুল বেক৷
মই মানি ল’লো৷ ভালো লাগিল৷ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই মোক নিজে আগবাঢ়ি আহি দলত স্থানত দিছে৷ তাতে আকৌ ফুটবল দলত৷

ৰাতি চাৰে আঠমান বজাত আমি খেলপথাৰ পালোগৈ৷ লাইটৰ পোহৰত গোটেইখন দিন যেন পোহৰ হৈ আছিল৷ আমাৰ খেল কোনোবা এটা বি. টেক. হোষ্টেলৰ “ ই” দলৰ লগত৷ সৰু-সৰু ল’ৰা৷ মোতকৈ দহবছৰমান সৰু হ’ব বয়সত৷ তাতে মই অলপ ব্যায়াম, ভাৰোত্তোলন আদি কৰিছিলো বাবে শৰীৰৰ আকাৰ তুলনামূলকভাবে সকলোতকৈ ডাঙৰ৷ প্ৰকাণ্ড ভৰি আৰু কলাফুল৷ অসমৰ মানুহৰ কলাফুল এনেও ডাঙৰ৷

মোক বুজাই দিয়া হ’ল৷ মোৰ কাম ফুল বেক৷ বলটো বিপক্ষৰ গ’ল পোষ্টৰ আগত থিয় দি থকা আমাৰ খেলুৱৈ দুজনলৈ মাৰি পঠিয়াব লাগিব যেতিয়াই মই বল পাওঁ৷ কোনো অফ চাইড নাই৷ আৰু বিপক্ষৰ দলৰ কোনোবাই বল লৈ আহিলে যেনে-তেনে বলটো বাহিৰলৈ মাৰি দিলেই হ’ব৷

খেল আৰম্ভ হ’ল৷ মোৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতামূলক ফুটবল খেল৷ বি. টেক. পঢ়া সৰু-সৰু ল’ৰাবিলাকে চিঞৰ বাখৰ আৰম্ভ কৰিলে৷ এজন বল লৈ আগবাঢ়ি আহিল আমাৰ গ’লৰ ফালে৷ মই খেদি গ’লো৷ মোক দেখিয়েই বোধকৰো ভয় খালে৷ বলটো এৰি দিলে৷ বাহিৰৰ পৰা কোনোবাই চিঞৰিলে,
: ঐ বডি বিল্ডাৰ..
বলটো কাঢ়ি লৈ মই বিপক্ষৰ পিনলৈ মাৰি দিলো৷ আমাৰ এজনে ধৰিলে৷ কিন্তু গ’ল দিব নোৱাৰিলে৷ খেল চলি থাকিল৷ মোৰো আত্ম-বিশ্বাস লাহে-লাহে বাঢ়ি গ’ল৷ কোনেও কাকো গ’ল দিব পৰা নাই৷

হাফ-টাইম হ’ল৷ অলপ জিৰণি পালো৷ তাৰপাছত আকৌ সেই একেই একেই দৌৰা-দৌৰি৷ অতি আমোদজনক কথা যে বিপক্ষ দলে আমাৰ গ’ললৈ এটাও ছট লব নোৱাৰিলে৷ মোক দেখিয়েই সকলোৱে ভয় খায় বুলি বুজিলো৷ কিন্তু অতি দুখৰ কথা যে আমাৰ দলেও এটাও গ’ল দিব নোৱাৰিলে৷

নিৰ্দ্ধাৰিত সময় শেষ হ’ল৷ খেল দ্ৰ৷ এইবাৰ হ’ব টাই ব্ৰেকাৰ৷ তিনিটা তিনিটা পেনাল্টী ছট মাৰিব দুয়ো দলে৷ মোকো এটা ছট ল’বলৈ কোৱা হ’ল৷ মই আপত্তি কৰিলো৷ আগতে কেতিয়াও খেলিয়েই পোৱা নাই৷ তাতে আকৌ টাইব্ৰেকাৰৰ পেনাল্টী৷ মোক সকলোৱে আশ্বাস দি ক’লে,
: চিন্তা নকৰিব৷ বিৰাট জোৰত মাৰি দিব৷ গ’লকীপাৰে ধৰিবই নোৱাৰিব৷
ময়ো মান্তি হ’লো৷ বুকুখনে কিন্তু ধান বানিছে৷

পেনাল্টী ছট লোৱা আৰম্ভ হ’ল৷ প্ৰথমে মাৰিলে তেওঁলোকে৷ তাৰপাছত আমাৰ এজনে৷ তেওঁলোকৰ তিনিওজনে মাৰিলে আৰু আমাৰ দুজনে মাৰিলে৷ তেওঁলোকৰ এজনে গ’ল কৰিলে আৰু আমাৰ দুজনে এটাও গ’ল দিব নোৱাৰিলে৷ অৰ্থাৎ তেওঁলোক আগবাঢ়ি থাকিল ১-০ ত৷ একেবাৰে শেষত পৰিল মোৰ পাল৷ সম্মুখত বিপক্ষৰ গ’ল কীপাৰ৷ ভৰিৰ আগত বল৷ মই দাঁত-মুখ কামুৰি সৰ্ব-শক্তি প্ৰয়োগ কৰি মাৰি দিলো বল৷ বল আগবাঢ়িল তীব্ৰ বেগে৷ বিপক্ষৰ গ’লকীপাৰে লৰ-চৰেই নকৰিলে , বল ধৰিবলৈ কোনো চেষ্টা নকৰিলে ভয়তে৷ সকলোৱে ভাবিলে গ’ল….

কিন্ত বলটো ক’ত?
প্ৰচণ্ড আঘাত সহিব নোৱাৰি বলটো গ’লপোষ্টৰ ওপৰেৰে উৰি গৈ দূৰৰ আন্ধাৰত বিলীন হৈ গ’ল৷ আমাৰ জয়লাভৰ আশাৰো সিমানতে সামৰণি পৰিল৷

বিষাদমনে আমি ওভতি আহিলো৷

কিন্তু জন্ম হ’ল এজন নতুন ফুটবল খেলুৱৈৰ…
ভাবিলো “ গছ নোহোৱা ঠাইত এৰাই বৰগছ..”

Thursday 20 February 2014

প্ৰথম খেলিলো হকী, একো নাথাকিল বাকী..



প্ৰথম খেলিলো হকী, একো নাথাকিল বাকী..

(বন্ধু স্বৰ্গীয় অনুপম দাসলৈ ক্ষমা প্ৰাৰ্থনাৰে)

১৯৭৯ চন৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ তেতিয়া (সেই সময়ত প্ৰথম বাৰ্ষিক নাছিল)৷ কলেজ সপ্তাহৰ আগে আগে বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব ধৰিছে৷ মোৰ হোষ্টেল, ৬ নং ছাত্ৰাবাসত থকা চোমা, ৰেমা, নিকি আৰু ফানা ভাল হকী খেলুৱৈ৷ জীৱনত প্ৰথম হকী খেল দেখিছো৷ তেওঁলোকৰ পৰা হকীৰ নিয়মবোৰ শিকি লৈ হোষ্টেলতে আবেলি মাজে মাজে খেলিবলৈ লৈছো৷ একো কৰিব নোৱাৰিলেও ভাল বেগেৰে দৌৰিব পাৰো তেতিয়া৷

সেই সময়ত কলেজত আন্ত: শ্ৰেণী, আন্তঃ ছাত্ৰাবাস আৰু আন্তঃ বিভাগ হকী প্ৰতিযোগিতা হয়৷ আমাৰ দ্বিতীয় বাৰ্ষিকৰ প্ৰথমখন খেল পৰিল আগৰ বছৰৰ চেম্পিয়নদলটোৰ লগত৷ তেতিয়া তেওঁলোক চতুৰ্থ বাৰ্ষিক৷ তেওঁলোকৰ গ’লকীপাৰ ৰবীন বসুমতাৰী কলেজদলৰো গলকীপাৰ৷ ফানাও সেই দলত৷ অতি শক্তিশালী দল৷ আমি মিজো বন্ধুকেইজনৰ লগ লৈ দল এটা বনালো৷ কোনোমতে এঘাৰজন হ’ল৷ 
ডিমাপুৰৰ অনুপম দাসে ক’লে,
: ময়ো খেলিম৷ মই গ’লকীপাৰ খেলো৷
সেইমতে অনুপম দাসক গ’লকীপাৰ হিচাবে লৈ আমি দল গঠন কৰিলো৷

খেল আৰম্ভ হ’ল৷ আমি থিতাপি লোৱাৰ আগতেই বিপক্ষই দিলে এটা গ’ল৷ তাৰপাছত অলপ সময় যুঁজ দিলো৷ কিন্তু কোনোমতেই দাদাসকলক বাধা দিব নোৱাৰিলো ৷ আকৌ এটা গ’ল হ’ল অতি অনায়াসে৷ আমাৰ পৰাজয় সুনিশ্চিত যেন লাগিল৷ তথাপি হাৰ নামানি খেলি থাকিলো৷ হাফ টাইম হ’বলৈ পাঁচ মিনিটমান আছে৷ আমাৰ “ডি”ৰ ভিতৰত বল৷ সকলোৱে মিলি বিপক্ষক বাধা দিয়াৰ চেষ্টা চলাই আছো৷ তেনেতে বিপক্ষ দলে আমাৰ গললৈ ল’লে চট ৷ আমাৰ গ’লকীপাৰ অনুপম দাসে ফুটবলৰ গ’লকীপাৰে ব’ল ধৰাৰ নিচিনাকৈ মাটিত বাগৰি পৰি বলটো সাৱটি ধৰিলে৷ লগে-লগে ৰেফাৰীৰ হুইচেল৷ পেনাল্টী স্ট্ৰ’ক৷ আৰু এটা গ’ল খালো৷ স্ক’ৰ হ’ল ৩-০….

হাফ টাইম হ’ল৷ ইমানপৰে খেল চাই থকা, আমাৰ লগত একেলগে পঢ়া নৱকোৱঁৰ আৰু কমল দাস (দুয়ো সেই সময়ৰ বিখ্যাত ৰঞ্জী খেলুৱৈ, কমল দাস এতিয়াও ভালদৰেই ক্ৰিকেটৰ সৈতে জড়িত) আমাৰ ওচৰ চাপি আহিল৷ 
নৱ কোৱঁৰে মোক দুষাৰমান গালি শুনাই ক’লে,
: এইটো কি টীম বনাইছ? আমাক নক’লি  কিয়? ভাল টীম বনাই দিলোহেতেন নহয়..
: কোনে খেলে নাজানো নহয়৷ যিয়ে আগবাঢ়ি আহিছে তাকে লৈ টীম বনালো আৰু
ময়ো উত্তৰ দিলো৷
: সেইটো কি গ’লকীপাৰ? ক’ত পালি তাক? তাক নমাই দে৷ মই গ’লকীপাৰ হ’ম৷
কমল দাসে ক’লে৷
: ময়ো খেলিম, হাফত নহলে বেকত৷
নৱ কোৱঁৰে ক’লে৷
তিনি গ’ল খাই আছো৷ হাৰিম যে খাটাং৷ গতিকে লগৰীয়াৰ আৰু গালি খোৱাতকৈ কথাবোৰ মানি লোৱাই ভাল বুলিলো৷
অনুপমৰ পৰা পেড, গ্লাবচ আদি খুলি লৈ কমল দাসে পিন্ধি ল’লে গ’লকীপাৰ হ’বলৈ৷ নব কোৱঁৰকো দলত লৈ ল’লো৷
খেল আৰম্ভ হ’ল৷ কমল দাস অতিশয় প্ৰতিভাশালী৷ যিকোনো খেলত পাকৈত৷ বেডমিন্টন, ফুটবল আদিও ভীষণ ভাল খেলে ক্ৰিকেটৰ ওপৰিও৷ কিন্তু হকী ইমান ভাল খেলে বুলি কল্পনাই কৰা নাছিলো৷ গ’লকীপাৰ হিচাবে কমল দাসে আৰু এটাও গ’ল নোখোৱাটো সুনিশ্চিত কৰি পেলালে৷ কেবাটাও বিপদৰ পৰা আমাক ৰক্ষা কৰিলে৷ আমাৰো সাহস বাঢ়িল৷ 

বিপক্ষই আমাক হয়তো অলপ অৱজ্ঞাৰ ভাবেৰে লব ধৰিছিল৷ এবাৰ বলটো লৈ ৰাইট আউটত খেলা ৰবীন দাসে দৌৰ দিলে বিপক্ষৰ গ’লৰ পিনে৷ মইও লেফ্ট আউটত সমানে সমানে দৌৰি থাকিলো আনটো ফালেৰে৷ ৰবীনে তীব্ৰ বেগে মাৰি দিলে বলটো বিপক্ষৰ গ’ললৈ৷ গ’লকীপাৰ ৰবীন বসুমতাৰীয়ে ভৰিৰে ৰখালে যদিও ভালদৰে ক্লিয়াৰ কৰিব নোৱাৰিলে৷ ইতিমধ্যে বাওঁ দিশৰ পৰা মইও আহি পালো৷ মোৰ সম্মুখতে পৰিল বলটো৷ লাহেকৈ বলটো ঠেলি দিলো৷ বিশ্বাসেই নহ’ল৷ ৰেফাৰীয়ে  হুইচেল মাৰিলে৷  গ’ল…. দলৰ হৈ প্ৰথম গ’লটো কৰাৰ সৌভাগ্য মোৰেই হ’ল৷

খেল আৰম্ভ হ’ল৷ আমি দুগূণ উৎসাহেৰে খেলিবলৈ ধৰিলো৷ নব কোঁৱৰক পাৰ কৰি বিপক্ষ দলে বল নিব নোৱাৰা যেনেই হ’ল৷ ইমান পৰে প্ৰতিৰক্ষাত মন দি থাকিব লগা হোৱা চোমাই সকাহ পাই আক্ৰমণত মন দিব পাৰিলে আৰু অলপ পাছতে পৰিশোধ কৰিলে আন এটা গ’ল৷ স্ক’ৰ হ’ল ৩-২….

আমাৰ উংসাহ বাঢ়ি গ’ল৷ খেলি থাকিলো মৰণপণ কৰি৷ ইতিমধ্যে দাদাহঁত ভাগৰি পৰিছে আমাৰ লগত দৌৰি দৌৰি৷ কিছু সময় পাছত আমি কৰিলো তৃতীয়টো গ’ল৷

আমাক আৰু কোনে পায়৷ নতুন শক্তি পালো সকলোৱে৷ ইতিমধ্যে পোহৰ কমি আহিব ধৰিছে৷ খেল শেষ হ’বলৈও বেছি সময় নাই৷ বিপক্ষ দলৰ উপৰ্যুপৰি আক্ৰমণ প্ৰতিহত হৈ থাকিল আৰু কোনোবা এটা পাকত খুব সম্ভৱ নব কোঁৱৰ বল লৈ সোমাই পৰিল বিপক্ষৰ “ডি”ৰ মাজত৷ দুয়ো দলৰ মাজত তুমল উত্তেজনা ৷ তাৰপাছত কেনেদৰে কোনে গ’ল কৰিলে মনত নাই৷ আৰু ক্ষন্তেক পাছতেই ৰেফাৰীয়ে দীঘলীয়া হুইচেল মাৰি খেলৰ সমাপ্তি ঘোষণা কৰিলে৷ 
আমি আনন্দত আত্মহাৰা৷ এনে লাগিল যেন অলিম্পিকৰ গ’ল্ড মেডেলহে পালো৷  
ফাইনেলতো আমিয়েই বিজয়ী হ’লো৷
প্ৰথম গ’ল পৰিশোধ কৰা বাবেই বোধহয় মোক হোষ্টেলৰ দলতো স্থান দিয়া হ’ল৷ ইলেক্ট্ৰিকেল ব্ৰান্সৰ দলতো স্থান পালো৷ আৰু তিনিওটা দলেই হ’লগৈ চেম্পিয়ন৷ 
মই অৱশ্যে আৰু এটাও গ’ল কৰিব নোৱাৰিলেও জীৱনত প্ৰথম আৰু শেষ বাৰৰ বাবে “ত্ৰিপল ক্ৰাউন” লাভ কৰাৰ সোৱাদ পালো৷
তাকেই আজিও আস্বাদন কৰি ভাল লাগে৷

Tuesday 18 February 2014

ইমানকৈ কিয় খজুৱায়?



ইমানকৈ কিয় খজুৱায়?
১৯৮২-৮ চনমানৰ কথা৷ ১৯৮২ চনত দিল্লী এচিয়াডৰ সময়ত গুৱাহাটীলৈ টেলিছিচন আহিল৷ লগ-লগে আমিও টেলিভিচনত ক্ৰিকেট খেল চাবলৈ সুবিধা পালো৷ তাৰ আগতে আমি ৰেডিওত কমেন্টেৰী শুনিয়েই সন্তুষ্ট থাকিবলগা হৈছিল৷ টেলিভিচন অহাৰ পাছত খেল চা পৰা লো৷ সকলোৰে ঘৰত টেলিভিচন নাছিল৷ টেলিভিচন থকা ঘৰত ওচৰ-চুবুৰীয়া লোকে আহি ভিৰ কৰেহি খেল চাবলৈ৷ বিশেষকৈ ৰা-ডেকাসকলে৷ ঘৰৰ মানুহে আমনি পালেও বাধা নিদিয়ে কাৰণ পাকে-প্ৰকাৰে টেলিভিচন প্ৰদৰ্শনৰ যোগেৰে নিজকে ধনীমানুহ বুলি প্ৰতিপন্নও কৰাও হয় আৰু ওচৰ-চুবুৰীয়াৰ মাজত জনপ্ৰিয় হোৱাৰ সুবিধা এটাও গ্ৰহণ কৰা হয়৷ তেতিয়া অৱশ্যে আজিকালিৰ দৰে ইমান সঘনাই খেল নহৈছিল৷
তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি আছো৷ মোৰ বন্ধু এজনৰ ঘৰ গুৱাহাটীৰ চানমাৰিৰ ফালে এবাৰ কিবা কাৰণত সেইফালে যাবলগীয়া হৈছিল৷ দিনটো আন একো কাম নাছিল৷ বন্ধুজনে লে,
: লা, আমাৰ ঘৰলৈ৷ তাতে ক্ৰিকেট খেল চাম টেলিভিচনত৷
তেতিয়া ভাৰত আৰু পাকিস্থানৰ মাজত টেষ্টখেল চলি আছিল৷ ভাৰতৰ দলটো গৈছিল পাকিস্থান ভ্ৰমণৰ বাবে৷ গাভাস্কাৰ , বিশ্বনাথ, বেংচৰকাৰ, কপিলদেৱ, দিলীপ দোশী ইত্যাদি আছিল দলত৷ মইও ভালেই পালো খেল চোৱাৰ প্ৰস্তাৱটো পাই৷
বন্ধুজনৰ ঘৰ পালোঁগৈ৷ বন্ধুজনে টেলিভিচনটো অন কৰিলে৷ ব্লেক এণ্ড হোৱাইট টেলিভিচন৷ লাহে লাহে পৰ্দাত ভাহি উঠিল খেলপথাৰ৷ ছবিবোৰ খুব বেছি স্পষ্ট নহৈছিল তেতিয়া৷ এন্টেনাৰ দিশ সঠিক হোৱা-নোহোৱাৰ ওপৰত ছবিৰ মানদণ্ড নিৰ্ভৰ কৰে৷ তদুপৰি ছবি প্ৰসাৰণৰ প্ৰযুক্তিও এতিয়াৰ সমান উন্নত নাছিল৷ তথাপি ভালদৰে ধৰিব পাৰি সকলো গতিবিধি খেলুৱৈ সকলৰ৷ আজিকালি ডিজিটেল কেবল-টিভি চোৱা সকলে তেনেকুৱা প্ৰসাৰণ চাই আৰু ভাল নাপাব৷ কিন্তু সেই সময়ত সেয়া আমাৰ বাবে অমূল্য সম্পদ যেন আছিল৷
অতি আগ্ৰহেৰে আমি খেল চাবলৈ ধৰিলো৷ ভাৰতৰ বেটিং৷ বিশ্বনাথ আৰু বেংচৰকাৰ ক্ৰিজত আছিল৷ ৰসিক মেন্টেটৰ জনে মন্তব্য কৰিলে,
: য়ে দোনো বহুত অচ্ছে বেটচমেন হেয়, লেকিন দোনো ফৰ্ম মে নেহি হেয়
(দুয়ো ভাৰতৰ দুজন আগশাৰীৰ বেটচমেন, অতি ভাল বেটচমেন৷ তাত কোনো সন্দেহ নাই৷ কিন্তু সেইসময়ত বেয়া ফৰ্মত আছিল বোধকৰো দুয়োজন)
কথাষাৰত ৰস পাই দুয়ো বন্ধুৱে হেঁপাহ পলুৱাই হাঁহিলো৷
নতুনকৈ খেল চাবলৈ পাইছো মাত্ৰ৷ বহুকথা তেতিয়াও ভালদৰে বুজি পোৱা হোৱাই নাই৷ কিন্তু খুব সোনকালে সকলো খুটি-নাটি শিকি-বুজি উঠিব ধৰিছো৷
অলপ পাছত চাহ-বিৰতি নে দ্ৰিংকচ কিবা এটা ল৷ দুয়োজন বেটচমেনে হাতৰ গ্লাভচ আৰু ভৰিত পিন্ধা পেড দুযোৰ খুলি ষ্টাম্পচৰ কাষতে মাটিত পেলাই থৈ চাহ/দ্ৰিংকচ খাবলৈ ল৷ আমিও খেলপথাৰখনকে চাই বহি থাকিলো৷ সেইসময়ত সঘনাই বিজ্ঞাপনো নিদিছিল বোধহয়৷ ইতিমধ্যে বন্ধুৰ মাকে আমালৈ চাহ-বিস্কুট লৈ আহিল৷ আমি চাহ খাবলৈ ধৰিলো৷ বন্ধুৰ মাকো কাষৰ চকী এখনত বহি টেলিভিচন চাবলৈ ধৰিলে৷ মাইকী মানুহে ক্ৰিকেট বেছি বুজি নাপায় তেতিয়া৷ তথাপি আমি চাই থকা বাবে বাধ্য হৈ তাকেই চাই থাকিল৷ আন কোনো চেনেলো নাছিল তেতিয়া৷ মাত্ৰ এটাই চেনেল: দূৰদৰ্শন৷ যি চলি থাকে তাকেই চাব লাগে৷
হঠাতে তেখেতে সুধিলে,
: ফিল্ডত সেই মানুহদুটা কিয় বাগৰি পৰি আছে ইমান সময়?
: কোন দুটা মানুহ?
বন্ধুৱে মাকক সুধিলে৷
: সৌ দুটাফিল্ডৰ মাজত৷
মাকে উত্তৰ দিলে৷
অলপ মন দি চাই বুজিলো, পথাৰত বেলেগে বেলেগে পৰি থকা পেডচ , গ্লাবচখিনিকে মাকে মানুহ পৰি থকা বুলি ভাবিছে৷
মোৰ বন্ধুজনে অলপ লাজ পালে আৰু মাকক আচল কথাটো বুজাই দিলে৷
মাকো নিমাতে বহি থাকিল আমাৰ কাষত৷
খেল আকৌ আৰম্ভ ল৷ পাকিস্থানৰ বলাৰৰ হাতত বল৷ বোধকৰো ইমাৰাণ খান আমিও অতি আগ্ৰহেৰে  খেল চাবলৈ ধৰিলো দুটামান ওভাৰ পাৰ ল৷ হঠাতে বন্ধুজনৰ মাকে প্ৰশ্ন কৰিলে,
: হেৰি নহয়.. পাকিস্থানৰ প্লেয়াৰ বিলাকে ইমানকৈ কিয় খজুৱায় অ’?
এইবাৰ বন্ধুজনে মাকক একো উত্তৰ নিদিলে৷
বলটো হাতত লৈ বলাৰ-ফিল্ডাৰ সকলোৱে পেন্টত ঘঁহে৷ বলটোৰ টাফাল যাতে চিকচিকাই থাকে৷ তেতিয়া বলৰ চুইং বেছি হয়৷ কথাটো অলপ-চলপ জানিছিলো৷
কিন্তু নতুনকৈ ক্ৰিকেটখেল চাবলৈ শিকা বন্ধুৰ মাকেনো জানিব সেইবোৰ কথা? গতিকে পাকিস্থানী খেলুৱৈসকলৰ প্ৰচণ্ড খজুৱতি হোৱা বুলিয়েই ভাবিলে তেখেতে
পাছলৈ সেই খজুৱতিয়ে অৱশ্যে আমাৰ কপিলদেৱহঁতকো পালে৷