At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 13 November 2017

সাহিত্যৰ সেঁতু

সাহিত্যৰ সেঁতু

দিল্লীৰ তিলক নগৰত ভাড়ালৈ লোৱা সৰু ঘৰটোত দুপৰীয়াৰ আহাৰ কৰাৰ পাছত অলপ জিৰণি ল'বলৈ বিচনাত বাগৰ দিছোঁ৷ বহিৰৰ পৰিৱেশ প্ৰদূষিত৷ ভিতৰত সোমাই থকাই ভাল৷ তাতে শীতৰ আগমনো ঘটিছে এখোজ দুখোজকৈ৷ গাত এৰী চাদৰখন লৈ বিচনাত বাগৰ দিয়াৰ ক্ষন্তেক পাছতে আমেজত দুচকু মুদ খাই আহিল৷

প্ৰায় দুঘন্টামান পাছত কাষতে থকা মোবাইল ফোনটো বাজি উঠিল৷ চকু মোহাৰি ফোনটো হাতত ল'লোঁ৷ এটা অচিনাকী নম্বৰৰ পৰা ফোনটো আহিছে৷ কলেজৰ প্ৰাচাৰ্য হোৱা বাবে বিভিন্ন ঠাইৰ পৰা ফোন আহি থাকে৷ অচিনাকী হ'লেও ফোন ধৰোঁ৷ ফোনটো ৰিচিভ কৰি লাহেকৈ মাত লগালোঁ, "হেলো....."

সিফালৰ পৰা হিন্দীতে মাত লগালে, " নমস্কাৰ, আপুনি ডঃ মাখন লাল দাসে কৈছেনে?"
:হয়, কৈছো৷  মইও হিন্দীতে উত্তৰ দিলোঁ৷
:মই ৰৱীন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱ৷ "সমকালীন ভাৰতীয় সাহিত্য"ত প্ৰকাশিত আপোনাৰ হিন্দীলৈ অনুবাদ কৰা কবিতাদুটা পঢ়ি খুব ভাল লাগিল৷ "ফুটপাথ" আৰু "ফেন্সি বাজাৰ" ৷ তাতে আপোনাৰ চমু পৰিচয় আৰু ফোন নম্বৰটো পাই ভাবিলোঁ আপোনাক ফোন কৰি ধন্যবাদ দিওঁ৷
সিফালৰ পৰা তেখেতে কৈ গ'ল৷

কেইমাহমান আগতে বৰপেটাৰ প্ৰসিদ্ধ কবি শ্ৰী ধ্ৰুৱ কুমাৰ তালুকদাৰক কবিতা পাঠ কৰিবলৈ সাহিত্য একাডেমীয়ে দিল্লীলৈ মাতিছিল৷ তেখেতৰ ছটা কবিতা মই হিন্দীত সিদ্ধহস্ত নহয় যদিও যথেষ্ট কষ্ট কৰি হিন্দীলৈ অনুবাদ কৰি দিছিলোঁ৷ তাৰে দুটা কবিতা সাহিত্য একাডেমীৰ "সমকালীন ভাৰতীয় সাহিত্য" নামৰ হিন্দী আলোচনীখনত প্ৰকাশ পাইছিল৷ সেয়া নিসন্দেহে মোৰ বাবে এটা নতুন অভিজ্ঞতা আছিল৷ কিন্তু তাকে পঢ়ি দিল্লীৰ পৰা কোনো অচিনাকী লোকে ফোন কৰি শলাগ ল'ব বুলি ভাবিব পৰা নাাছিলোঁ৷

কিবা এক অবুজ আনন্দত মনটো উথলি উঠিল৷ মই শ্ৰী শ্ৰীৱাস্তৱ ডাঙৰীয়াক ধন্যবাদ দিলোঁ৷ তাৰপাছত নানা ধৰণৰ কথা-বতৰা চলিল৷ নিজৰ নিজৰ পৰিচয় অলপ বহলাই জনোৱাৰ পাছত আলোচনা আগবাঢ়িল সাহিত্যলৈ৷

অসমীয়া সাহিত্যৰ প্ৰতি শ্ৰীৱাস্তৱৰ যথেষ্ট ৰাপ আছে৷ তেওঁ প্ৰায় গোটেই অসম ভ্ৰমণ কৰিছে৷ যোগেশ দাসৰ "পৃথিবীৰ অসুখ" নামৰ কিতাপখনৰ ওপৰত কাম কৰিছে অসমৰ জনৈক ডেকাৰ সহায়ত৷ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়েও আলোচনা চলিল৷ তেখেতৰ ঘৰ উত্তৰ প্ৰদেশৰ পূব অঞ্চলত৷ মাতৃভাষা ভোজপুৰী৷ অসমীয়া, বাংলা, উৰিয়া, মৈথিলী আৰু ভোজপুৰীযে অতি নিকট ভাষা, বহুতো শব্দযে একে আৰু হিন্দীৰ পৰা পৃথক সেই বিষয়ে দীঘলীয়া বক্তৃতা এটা দিলে ফোনতেই৷ হয়তো অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি তেখেতৰ বিশেষ অনুৰাগৰ সিও এটা কাৰণ৷

শঙ্কৰদেৱৰ ওপৰত তেখেতে গভীৰভাৱে অধ্যয়ন চলাই আছে৷ ডঃ মহেশ্বৰ নেওগ আৰু ডঃবাণীকান্ত কাকতিৰ লেখাসমূহ পঢ়িছে৷ " শঙ্কৰদেৱৰ বিষয়ে যিমান কাম হৈছে প্ৰায়ভাগ ধৰ্মীয় দৃষ্টিকোণৰ পৰা হৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনামূলক ভাৱে বিশেষ গুৰুত্বপূৰ্ণ একো কাম হোৱা নাই," শ্ৰীবাস্তৱ ডাঙৰীয়াই মন্তব্য কৰিলে৷ তেওঁ এতিয়া শঙ্কৰদেৱৰ ওপৰত কাম কৰি আছে বুলি জানিবলৈ দিলে৷

মোৰ ঘৰ বৰপেটাত বুলি জনোৱাত তেখেতে তপৰাই জনালে বৰপেটা, নগাওঁ, বৰদোৱা আদিৰ কথা জানে বুলি৷

মনটো ভাল লাগিল৷ অসমীয়া মানুহে কৰিবলগা কাম উত্তৰ প্ৰদেশৰ কোনোবাই মন-প্ৰাণ দি কৰি থকা বুলি জানিব পাৰি৷

শ্ৰীবাস্তৱ ডাঙৰীয়াক সোনকালেই সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ৷ দিল্লীত তেখেত মোৰ পৰা মাত্ৰ আঠ কিলোমিটাৰ দূৰৈত থাকে৷ সাহিত্যৰ সেঁতুখনে কিন্তু সেই দূৰত্বখিনিও নোহোৱা কৰি দিলে৷

১৩/১১/২০১৭