At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 11 August 2017

ইষ্ট্ৰি কৰা নহ'ল..

ইষ্ট্ৰি কৰা নহ’ল…

ইংৰাজীত কথা কোৱাটো মোৰ বাবে ভাবিব নোৱাৰা কথা আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া সময়লৈকে৷ নগা, মিজো, খাচীয়া, গাৰো আদি ছাত্ৰবোৰৰ লগত কথাই নাপাতিছিলো ইংৰাজী ক’ব লগা বাবে৷

তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ এদিন কিবা কথাত কাপোৰ এযোৰ ইষ্ট্ৰি কৰিবলগা হ’ল৷ আমাৰ কাপোৰবোৰ নাথনি নামৰ ধোবাজনে লৈ যায় আৰু ইষ্ট্ৰি কৰি ঘুৰাই দিয়ে৷ কিন্তু সেইদিনা কিবা এটা জৰুৰী কথাত কাপোৰ এযোৰ তেতিয়াই ইষ্ট্ৰি কৰি লোৱাৰ প্ৰয়োজন হ’ল৷ গতিকে কাৰ ওচৰত ইষ্ট্ৰি আছে খা-খবৰ ল’লোঁ৷ এজনে ক’লে, ১৭ নে ১৮ নং কোঠাত থকা মিজো ল’ৰাকেইজনৰ ওচৰত এটা ইষ্ট্ৰি আছে৷ আমাৰ কোঠাৰ ওচৰতে৷ মই মৰসাহ কৰি  সেই কোঠাৰ পিনে আগবাঢ়িলোঁ৷ দুৱাৰত টোকৰ মাৰিলো৷ ভিতৰৰ পৰা মাত দিলে: “ইয়েচচচচ”

দুৱাৰখন খুলি ভিতৰ সোমালোঁ৷ ভিতৰত তিনিখন বিচনা৷ দুৱাৰৰ কাষতে থকা  বিচনাখনত ফানা বুলি চিনিয়ৰ এজন শুই আছে৷ তেওঁৰ ভৰিৰ কাষতে ইষ্ট্ৰি এটা জিলিকি আছে৷ মোৰ মনত উৎসাহ জাগিল৷ আনপিনে চুকতথকা টেবুলত পঢ়ি আছিল নিকি বুলি আন এজন চিনিয়ৰে৷ মই নিকিলৈ চাই আন একো পাতনি নেমেলি ক’লো:
“আইৰণ, প্ৰেচচচচ..” 

 আচলতে মই সিমানখিনিয়েই ক’ব পাৰোঁ ইংৰাজীত৷
কওঁতে হাতেৰে ইষ্ট্ৰি কৰাৰ অংগী-ভঙ্গী কৰিও দেখুৱালোঁ যাতে নিকিয়ে বুজি পায়৷ 

নিকিয়েও সহজে বুজি পালে মই ইষ্ট্ৰিটো বিচাৰি অহা বুলি৷ তাৰপাছত বিচনাত শুই থকা ফানাৰ ভৰিৰ পিনে থকা ইষ্ট্ৰিটোৰ পিনে আঙুলিয়াই নিকিয়ে ইংৰাজীতে ফৰফৰাই কিবা ক’লে৷ চাৰিটামান বাক্য৷ মই ভালদৰে একো বুজি নাপালোঁ৷ অলপ অনুমানহে কৰিলোঁ৷

মই এবাৰ নিকিৰ পিনে চালোঁ, এবাৰ শুই থকা ফানাৰ পিনে আৰু এবাৰ লুভীয়া দৃষ্টিৰে ইষ্ট্ৰিটোৰ পিনে৷ কিন্তু নিকিয়ে মোকনো কি ক’লে, ইষ্ট্ৰিটো নিবলৈকে ক’লে নে দিব নোৱাৰে বুলিয়েই ক’লে, নে বিচনাত শুইথকা ফানাক জগাই তেওঁৰ অনুমতি ল’বলৈকে ক’লে ভালদৰে বুজি নাপাই অলপ সময় তেনেদৰে ৰৈ থাকিলোঁ৷ ইংৰাজীতে ওলোটাই কিবা এটা সুধিবলৈও সাহস নহ’ল৷ 

গতিকে অলপ সময় তেনেদৰে থাকি, মুখেৰে একো নামাতি লাহে লাহে চুচুক চামাককৈ কোঠাৰ পৰা ওলাই আহিলোঁ৷ নিকিৰ পিনে ঘূৰিও নাচালোঁ৷ ইষ্ট্ৰি কৰা আৰু নহ’ল৷

কথাটো কিন্তু লাজতে কাকো কোৱা নাছিলোঁ৷

আজি ৰাজহুৱা ভাৱে ক’লো কাৰণ এতিয়াযে ইংৰাজীতো কথা ক’ব পাৰোঁ৷