At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

মোৰ গীতৰ শৰাই.. A collection of my songs..

১) এই জীৱনৰ সিপাৰে..
এই জীৱনৰ সিপাৰে
আৰু এক জীৱন আছে
বন্ধু জানানে তুমি
বন্ধু জানানে তুমি..

দুদিনীয়া এই মানৱ-জীৱন
পদুম পাতৰ পানী
কেতিয়াবা যে পৰিব ওৰ
তাকো নাজানো আমি
বন্ধু জানানে তুমি
বন্ধু জানানে তুমি..

মৰণৰ সিপাৰে আছে যি জীৱন
নাই তাৰ অকণো ক্ষয়
অনন্ত অক্ষয় মধুৰ জীৱন
মৃত্যুৰো নাই ভয়
বন্ধু জানানে তুমি
বন্ধু জানানে তুমি..

যীচুতেই আছে সেই জীৱন
সকলো মানবলৈ
পাবা তেওঁতেই অভয়-আশ্বাস
যাবা সেই জীৱনলৈ
বন্ধু যাবানে তুমি
বন্ধু যাবানে তুমি

এই জীবনৰ....

২) যীচুৱে তোমাক মাতিছে আজি...

বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰত
কোনে আজি টুকুৰিয়ায়
শুনা এবাৰ নীৰৱে ,কাণ পাতি
কোনে টুকুৰিয়ায়
কোনে বাৰু টুকুৰিয়ায়..
যীচুৱে তোমাক মাতিছে আজি.........

তোমাৰ জীৱনৰ ৰথৰ চকৰি
কোন দিশে বাৰু আজি ঘূৰে
কিহৰ আশাত আৰু কিহৰ মায়াত
হৃদয়ে হাঁহাকাৰ কৰে৷

বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰত....

যীচুৱে তোমাক মাতিছে আজি.........

লাহ-বিলাহ আৰু ভোগ-বিলাসত
যদিহে বন্ধু আছা মজি
এবাৰ থমকি ৰৈ নীৰবে শুনা
যীচুৱে মাতিছে আজি
বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰত....

যীচুৱে তোমাক মাতিছে আজি.........

তোমাৰ জীৱন-নাওঁ থৌকি-বাথৌ
ঢৌ-ধুমুহাৰ আস্ফালনত
মুকলি কৰি হৃদয় তোমাৰ
যদিহে যীচুক আহ্বান কৰা
নিশ্চয়ে যীচু কৰিব প্ৰবেশ
আজিয়েই পৰিত্ৰাণ পাবা৷
বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰত....

যীচুৱে তোমাক মাতিছে আজি.........




2 comments:

  1. ভাল লাগিল..পস্ট করিলু এটা ক্ক৭৬বত্চ ট বেয়া নাপাবা..

    ReplyDelete
  2. বহুদিন আগতে লিখিছিলো৷ ধন্যবাদ

    ReplyDelete