At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday 26 January 2014

মাদ্ৰাজৰ পৰা দিল্লী... আজৱ সংযোগ



মাদ্ৰাজৰ পৰা দিল্লী… আজৱ সংযোগ..

১) আই আই টি, মাদ্ৰাজ: 

প্ৰফেচাৰ কে কৃষ্ণাইয়াহ…..
১৯৮৭ চন৷ আই আই টি মাদ্ৰাজত এম টেক কৰি আছো৷ বেমাৰ হোৱা বাবে এসপ্তাহ পলমকৈ গৈছিলো৷ তাৰ এসপ্তাহমান পাছতে প্ৰথমটো পৰীক্ষা৷ কেমিকেল ৰিয়েক্টৰ থিয়ৰী নামৰ বিষয়টো শিকাইছিল কে কিষ্ণাইয়া নামৰ অধ্যাপক এজনে৷ বিশেষ একো তলানলা পোৱা নাছিলো প্ৰথমতে৷ চাৰিটা প্ৰশ্নৰ মাত্ৰ এটা নে দুটাহে বোধকৰো উত্তৰ কৰিছিলো৷ দুদিনমান পিছত বহীবোৰ ঘূৰাই দিলে৷ ২৫ ভিতৰত মই পালো লাজতে মূৰ তল কৰি অলপ পৰ বহি থাকিলো৷ তাৰপাছত চাওঁ নাচাওঁকৈ ওচৰে-পাজৰে থকা দুই এজনৰ বহীবোৰলৈ চালো৷ কোনোবাই পাইছে , কোনোবাই শূণ্য পিছত গম পালো সৰ্বোচ্চ নম্বৰ , পাইছে দ্মশ্ৰী নামৰ শ্ৰেণীৰ একমাত্ৰ ছোৱালীগৰাকীয়ে৷ তাৰ তলতে কোনোবা এজনে পাইছে তাৰ তলতে মোৰ নম্বৰটো৷ মনটো অলপ ভাল লাগিল৷ লাহে লাহে মনপুতি পঢ়াত লাগিলো৷ অলপ-অচৰপ বুজি পোৱা হ’লো৷ পিছৰটো পৰীক্ষাত পালো ১৮ দ্বিতীয় সৰ্বোচ্চ নম্বৰ৷ কৃষ্ণাইয়া ছাৰৰ চকুত পৰিলো৷ ফাইনেলত সৰ্বোচ্চ গ্ৰেড পালো সেইটো বিষয়ত৷

প্ৰফেচাৰ কে ৰেমানন্দ ৰাও…..
চূড়ান্ত ষান্মাসিকত কেৱল এটা প্ৰজেক্ট কৰিব লাগে৷ মই, যুগিন্দৰ আৰু মনূৰ ভাগত গাইড হিচাবে পৰিল কে ৰেমানন্দ ৰাও নামৰ এজন জ্যেষ্ঠ অধ্যাপক৷ আগতে কেতিয়াও দেখা নাই৷ আমি তিনিও তেখেতক বিচাৰি বিচাৰি তেখেতৰ কোঠা পালোগৈ৷ মই চুচুক-চামাককৈ ভিতৰ সোমাই লো৷  পিছে-পিছে যুগিন্দৰ৷ মনূ দুৱাৰমুখতে থিয় হৈ থাকিল৷ তেখেতে মূৰ তল কৰি কিবা লিখি আছিল৷ ওচৰতে ছাত্ৰী এগৰাকী বহি কিবা পঢ়ি আছিল৷
মই লাহেকৈ মাত লগালো৷ তেখেতে মূৰ ডাঙি চালে৷
: চাৰ , আমি আপোনাৰ তলত প্ৰজেক্ট কৰিব লাগে৷
মই লাহেকৈ লো৷
ৰেমানন্দ ৰাও চাৰে মোলৈ চাই প্ৰায় চিঞৰি চিঞৰি সুধিলে,
:প্ৰজেক্ট? হোৱাট প্ৰজেক্ট?
: চাৰ, এম টেক প্ৰজেক্ট৷
মই ভয়ে ভয়ে লো৷
: এম টেক? এম টেক স্টুডেন্টচ আৰ ইউজলেচ ফৰ আচ… (এম টেকৰ ছাত্ৰ-ছাত্ৰী একো কামৰ নহয়)
তেখেতে বিৰক্তিভৰা কন্ঠেৰে প্ৰায় চিঞৰি চিঞৰি লে৷
তেখেতৰ সেই ৰুদ্ৰমূৰ্তি দেখি দুৱাৰমুখত ৰৈ থকা মোৰ বন্ধু পলাই ফাঁট মাৰিলে৷ মই আকৌ লাহেকৈ লো,
: কিন্তু, আমাক আপোনাৰ ওচৰলৈ পঠাই দিছে৷ আমি আপোনাৰ তলতে প্ৰজেক্ট কৰিব লাগিব৷
: অকে, কাম টুমৰো৷
তেখেতে গহীনাই লে৷
লাহেকৈ বাহিৰ ওলাই আহিলো৷ পিছদিনাৰ পৰা প্ৰজেক্ট আৰম্ভ হ’ল৷
কিন্তু সেই খং-বিৰক্তিভৰা অধ্যাপকগৰাকীৰ মৰমভৰা নিৰ্দেশনাত সুকলমে প্ৰজেক্ট শেষ কৰিলো৷  প্ৰজেক্টতো সৰ্বোচ্চ গ্ৰেড পালো৷

২) আই আই টি , দিল্লী:

হৰিভকত…….
১৯৯৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখ৷ দিল্লী আই আই টি পি এইচ ডি বাবে ইন্টাৰভিউ দিবলৈ গৈছো৷ কেমিকেল বিভাগৰ সকলো অধ্যাপক বহি আছে৷ মোক মতা ল৷ ভিতৰ সোমাই লো৷ মূৰব্বী অধ্যাপকজনে মোক বহিবলৈ লে৷ দেখিলেই ভাল লগা সুন্দৰ ব্যক্তি মোক প্ৰথমেই সুধিলে,
: তুমি মাদ্ৰাজ আই আই টিত এম টেক কৰিছিলা?
:হয়
মই উত্তৰ দিলো৷
: প্ৰজেক্টৰ গাইড কোন আছিল?
: কে ৰেমানন্দ ৰাও৷
মই উত্তৰ দিলো৷
: হা? ৰেমানন্দ ৰাও? তেখেত মোৰো গাইড আছিল৷ মইও মাদ্ৰাজ আই আই টিত এম টেক কৰিছিলো৷
তুমি মাদ্ৰাজ দেখিলাই৷ এতিয়া দিল্লীলৈ আহা৷ মোৰ লগত গৱেষণা কৰা৷ ….
তাৰপাছত মূৰব্বী অধ্যাপক গৰাকীয়ে মোক গৱেষণাটো কি বিষয়ৰ বুজোৱাত লাগি ল৷ বাকী অধ্যাপকসকলে কেৱল চাই থাকিল৷  
বুজিলো, মোৰ এডমিচন পাক্কা৷
মনৰ আনন্দত কনট প্লেচ পালোগৈ আৰু প্লাজাত চিনেমা চাবলৈ সোমালো৷

আকৌ কৃষ্ণাইয়াহ….
২০০০ চনৰ জুনমাহ৷ পি এইচ ডি ফাইনেল ভাইভা৷
পি এইচ ডিৰ কাম শেষ হ’ল৷ পৰীক্ষকৰ ৰিপোৰ্টবোৰ আহিল৷ কেৱল ভাইভা হ’বলৈ বাকী৷ মই দিল্লী পালোগৈ৷ গম পালো মোৰ মৌখিক পৰীক্ষা ল’বলৈ আহিব আই আই টি মাদ্ৰাজৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ মূৰব্বী অধ্যাপক কে কৃষ্ণাইয়াহ৷ মোৰ মনত পৰিল৷ তেখেতে বা মোক চিনি পায় নে নাপায় ১২ বছৰৰ মূৰত দেখি? মনতে ভাবিলো৷

ভাইভাৰ দিনা ৰাতিপুৱাই চেমিনাৰ হলৰ বাৰান্দাত থিয় হৈ অপেক্ষা কৰি আছো৷ অলপ পাছত দেখিলো , কৃষ্ণাইয়াহ চাৰ আহি আছে৷ চিনি পোৱাত মোৰ অসুবিধা নহ’ল৷ তেখেতে মোক দূৰৰ পৰা দেখিয়েই চিঞৰি মাত দিলে,
: হেই দাস….
বুলি আহি হাত মিলালেহি৷
মোৰ মনটো আনন্দত নাচি উঠিল৷ 
ভাবিলো, ইমান দিনৰ মূৰতো ইমান ডাঙৰ অধ্যাপক এজনে মোৰ নিচিনা নিঃকিন এজনকো মনত ৰাখিছে, তাকো পৰীক্ষা ল'বলৈ আহি......
তেখেতলৈ মনটো শ্ৰদ্ধাৰে উপচি পৰিল৷
তাৰপাছত মৌখিক পৰীক্ষা কেৱল এক আনুষ্ঠানিকতা হ’ল আৰু ময়ো নামৰ আগত ডঃ বুলি লিখিব পৰা হ’লো৷