At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 24 November 2016

এন্দুৰৰ প্ৰতিশোধ

এন্দুৰৰ প্ৰতিশোধ
এটা প্ৰকাণ্ড এন্দুৰ৷ মোৰ শোৱাকোঁঠাৰ এচিটোৰ ভিতৰতে সোমাই থাকে৷ মই ঘৰৰ পৰা ওলাই গ’লে সি ওলাই আহে, গোটেই ঘৰ তহিলং কৰে৷ ৰাতি হ’লে উৎপাত বেছি হয়৷
কালি ৰাতি খাই-বৈ বিচনাত পৰিছোঁ মাত্ৰ৷ দেখিলো, এন্দুৰটো এচিৰ ভিতৰৰ পৰা ওলাই আহি বিচনাৰ তলত সোমাইছে৷ অলপ সময় তভক মাৰি ৰ’লো৷ একো সাৰ-সুৰ নাই৷ তেনেদৰে এঘন্টামান পাৰ হ’ল৷ মই পানী খাবলৈ বুলি পাকঘৰ পালোঁগে৷ পাকঘৰৰ লাইটটো জ্বলোৱাৰ লগেলগে এন্দুৰটো পাকঘৰৰ পৰা ওলাই দ্ৰয়িংৰুমত সোমোৱা দেখিলোঁ৷ দ্ৰয়িংৰুমৰ চোফাৰ তলত সোমাল সি৷ ৰাতি চোফাখনো কুটুৰ কুটুৰ কৰি থাকে প্ৰায়েই৷ পানী খাই, লাইটটো অফ কৰি ওলাই আহিব ধৰোঁতে মূৰত এটা বুদ্ধি খেলালে৷ পাকঘৰৰ দুৱাৰখন ভালদৰে বন্ধ কৰি দিলো যাতে এন্দুৰটো সোমাব নোৱাৰে৷তাৰপাছত শোৱাকোঁঠাত সোমাই শোৱাকোঁঠাৰ দুৱাৰখনো ভালদৰে জপাই শলখা লগাই দিলো৷ গতিকে এন্দুৰটো পাকঘৰলৈও যাব নোৱাৰিব, শোৱাকোঁঠালৈও আহিব নোৱাৰিব৷ যি উৎপাত কৰে বা খায় সি দ্ৰইংৰুম আৰু বাথৰুমতে কৰিব লাগিব৷ আজি কেনে মজা, এটা বিজয়ৰ হাঁহি মাৰি মই গৰম কাপোৰখন ভালদৰে গাত লৈ মোবাইলত ফেচবুক কৰিবলৈ ধৰিলো৷
ৰাতিপুৱা উঠি শোৱাকোঠাৰ দুৱাৰ খুলি ওলাই আহিলো, কিন্তু দুৱাৰখন আকৌ ভালদৰে বাহিৰৰ পৰা জপাই শলখা লগাই দিলোঁ যাতে এন্দুৰটো আকৌ সোমাব নোৱাৰে৷ ৰাতি এন্দুৰটো দ্ৰইংৰুমতেই থাকিল৷ ৰাতি সি ক’ত কি উদ্ভণ্ডালি কৰিলে তাকে চোৱাত লাগিলোঁ৷ একো চকুত নপৰিল৷ মজিয়াৰ মাজতে থকা টেবুলৰ বস্তুবোৰো ঠিক ঠাইতে আছে৷ চোফাখনৰো নতুনকৈ একো অনিষ্ট কৰা চকুত নপৰিল৷ অলপ আচৰিত হ’লো৷ এন্দুৰটো গ’ল ক’লৈ?
হঠাতে চকু গ’ল দুৱাৰৰ কাষতে থকা মোৰ জোতা আৰু চেণ্ডেললৈ৷ ঘৰৰ ভিতৰ সোমায়েই জোতা-চেণ্ডেল দুৱাৰৰ কাষতে খুলি থওঁ৷ জোতাযোৰ দামী৷ আমাজন নে ফ্লিপকাৰ্টত অৰ্ডাৰ দি কিনিছিলো দুবছৰ আগতে৷ চেণ্ডালযোৰ তাতকৈও দামী৷ প্ৰায় ডেৰবছৰ আগতে উদয়পুৰৰ ইজি ডে’ মলৰ ডাঙৰ দোকান এখনত কিনা৷ বাহিৰলৈ গ’লে সেইযোৰেই পিন্ধি যাওঁ৷ জোতাযোৰ কমেইহে পিন্ধোঁ৷
দূৰৰ পৰাই চকুত পৰিল; চেণ্ডেলযোৰৰ ওচৰ চাপি গৈ আকৌ ভালদৰে চালো৷ হয়, যি ভয় কৰিছিলো সেয়ে হ’ল৷ ৰাতি এন্দুৰটোৱে মোৰ দামী চেণ্ডেলযোৰৰ সম্মুখৰ ফালে এনেদৰে এডোখৰ কামুৰি বখলিয়াই লৈ গৈছে যে কোনোমতেই সেইডোখৰ লুকুৱাব পৰা নাযাব পিন্ধাৰ সময়ত৷ মুঠতে চেণ্ডেলযোৰ ঘৰত পিন্ধাৰ বাহিৰে আৰু উপায় নাই৷
এন্দুৰটোৱে তাৰ প্ৰতিশোধ ভালদৰেই ল’লে৷

এন্দুৰ মৰা দৰৱ নিকিনিলেই নহ’ব৷