At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 30 October 2015

থমকি ৰৈছো

কিবা এটা নতুন কৰাৰ মানসেৰে এই ব্লগটো লিখিবলৈ লৈছিলো৷ জীৱনৰ অনুভৱ আদি লিখিছিলো৷ তাৰ পাছত অনূদিত কবিতা, অণুগল্প আদি৷ গৰুৰ বিষয়ে ৰচনা এখন ধেমালিতে লিখি পেলাইছিলো৷ ৰচনাখনে যথেষ্ট সমাদৰ পোৱাত ৰস ৰচনা আৰু ৰগৰ লিখিবলৈ লওঁ৷ গল্পও লিখি থাকো৷
নিজকে সাহিত্যিক সাহিত্যিক লাগিবলৈ ধৰে৷
এতিয়া অলপ থমকি ৰৈছো৷
নিজকে কিছুমান কথা সুধি চাইছো৷
কিহৰ বাবে, কাৰ বাবে লিখি আছো?
সাহিত্যিক বুলি বিখ্যাত হোৱাৰ উচ্চাকাংক্ষা নাই৷
ৰগৰ লিখি দুই-একক ৰস যোগোৱাৰো আৰু মন নাই৷
মোৰ জীৱনৰ অভিজ্ঞতা আনে পঢ়ি কিবা লাভবান হ'বনে?
ইয়াৰ লেখাবোৰ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ লৈছো pothi.com আৰু createspace.com যোগেৰে। স্থায়ী স্মৃতি হিচাবে ৰৈ ৰাওক বুলি।
কিতাপবোৰ কিনি কোনোবাই পঢ়িব বুলি অৱশ্যে আশা কৰা নাই।

Friday 9 October 2015

প্ৰশ্ন নাপালো বুজি, কোব খালো খুজি..

প্ৰশ্ন নাপালো বুজি, কোব খালো খুজি..

১৯৬৯ চন৷ মই বৰপেটা বিদ্যাপীঠৰ চতু্ৰ্থ শ্ৰেণীৰ ছাত্ৰ তেতিয়া৷ শ্বিলঙৰ পৰা বৰপেটালৈ অহা এমাহমান হৈছেহে মাত্ৰ৷ বৰপেটাৰ মাত-কথা ভালদৰে বুজিব পৰা হোৱাই নাই৷
স্কুলত শিক্ষকসকলে কোৱা কথাবোৰো লাহেলাহে বুজি উঠিব ধৰিছো৷ শিক্ষকসকলৰ ভিতৰত সকলোতকৈ ভয় কৰিছিলো নৰেন শৰ্মা চাৰক৷ আমাক হিন্দী শিকাইছিল৷ হাতত বেতডাল অনবৰতে থাকেই৷ হিন্দীৰ বৰ্ণমালা শিকা হৈ গ’ল৷ আখৰবোৰ ভালদৰেই চিনি পোৱা হৈছো৷ চাৰে ছাত্ৰবোৰক বোৰ্ডৰ ওচৰলৈ মাতি নি কিবা কিবি লিখিবলৈ কয়৷ নোৱাৰিলে পিঠিত চেটেপ চেটেপ বেতৰ কোব৷ কেতিয়াবা হিন্দীত লিখি দিয়ে সেইটো লিখিব লাগে অসমীয়াত৷ কেতিয়াবা অসমীয়াত লিখি দি সেইটো লিখিবলৈ কয় হিন্দীত৷ তেনেদৰে দুটামান দিন পাৰ হে গ’ল৷ হিন্দী আখৰবোৰ ভালদৰেই চিনি পাওঁ বাবে মোৰ অলপো ভয় লগা নাছিল কিবা লিখিবলৈ দিলে পাৰিম বুলি জানি৷
এদিন মোৰ পাল পৰিল৷ চাৰে বোৰ্ডত অসমীয়াতে লিখিলে, “পইচা”৷ মোক ক’লে হিন্দীত লিখা৷ মই অলপো চিন্তা নকৰাকৈ ধামধুম লিখি দিলো, “पइचा” ৷ লিখা শেষ হ’বলৈহে পালে , পিঠিত বেতৰ কোব পৰিলেই৷ কেইটা পৰিল হিচাব নাই৷ কাণমূৰ গৰম হৈ গ’ল৷ লাজে-অপমানে নিজৰ ঠাইত আহি বহিলোহি৷ অসমীয়া আখৰ কেইটা হিন্দী আখৰেৰে লিখিবলৈ দিয়া বুলি ভাবিয়েই তেনেদৰে লিখিছিলো৷ মুখেৰে একো নামাতিলো৷ চকুৰ পানীও নোলাল৷
চাৰে বাকী ছাত্ৰবোৰলৈ চাই সুধিলে কোনোবাই পাৰিব নেকি লিখিবলৈ৷ কোনোবা এজন উঠি আহি লিখি দিলে, “पैसा” ৷ চাৰে শলাগিলে৷ সকলোৰে আগত বৰ লাজ পালো৷ মই ভাবিলো, সেইটোতো মইও জানিছিলো৷ অসমীয়া আখৰ কেইটা হিন্দী আখৰেৰে লিখিবলৈ কোৱা বুলি ভাবিহে মই তেনেদৰে লিখিছিলো৷ কিন্তু জানিলে কি হ’ব? প্ৰশ্ন বুজি নাপালে পিঠিত বেতৰ কোব পৰিবই৷

ইমান বছৰ পাৰ হৈ গ’ল৷ সেই কোব কেইটা আজিও পাহৰিব পৰা নাই৷