গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷ আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটাথকা এটা নাক, আৰু এডাল নেজ৷ ইয়াৰ নেজডাল বৰ দীঘল
আৰু ধুনীয়া, মাইকী মানুহৰ
বেণীডালৰ নিচিনা৷ মতা আৰু মাইকী দুয়োবিধ গৰুৰে নেজ থাকে৷ মাইকীগৰুৰ নেজবিলাকত চুলি
বেছি থাকে৷ ই ঘৰচীয়া যদিও ই ঘৰত নাথাকে, গোহালিতহে থাকে৷ কিছুমান গৰুৰ শিং থাকে , কিছুমানৰ নাথাকে, কাৰণ সিহঁতে লাও খায়৷ সেইবাবে সিহঁতক
লাওখোৱা গৰু বুলিও কয়৷ জাতিলাও, ৰঙালাও, পানীলাও আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু আছে৷
সাধাৰণতে গৰুৱে
ঘাঁহ খায়৷ নহলে যি পায় তাকে খায়৷ বিহাৰী গৰুৱে চাধাও খায়৷ আজিকালি গৰুৱে প্লাষ্টিকৰ
পেকেটো খায়৷ সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায়৷ যেনে: পূৰবী, আমূল, সৰস ইত্যাদি৷ সেইবিলাক দোকানতো পোৱা
যায়৷ নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে৷ কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি ঠাণ্ডা
ঠাইৰ গৰুৱে মাখন দিয়ে৷ মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে৷
গৰুয়ে হাঁহিলে বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত এপাৰি৷ গৰুৱে সকলোকাম শ্লোমোচনত কৰে৷
এবাৰত ঘাঁহ চোবাবই নোৱাৰে৷ এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাক পাছত দুঘন্টামান চোবাই
চোবাই থাকে৷ তাকে পাগুলা বুলি কয়৷ কাম নাথাকিলে গৰুৱে তেনেকৈ টাইম পাছ কৰে৷ মানুহেও
গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইং গাম আবিষ্কাৰ কৰিছে৷ যেনে, হেপি ডেন্ট, চেন্টাৰ ফ্ৰেচ , বাবুল গাম ইত্যাদি৷ বাবুল গামত ডাবুল
টাইম পাছ হয়৷
কিছুমান গৰু ৰাস্তাত থিয় দি থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা হয়৷ সিহঁত মানুহৰ
নিচিনাই৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে৷ যেন ৰাস্তাটো সিহঁতৰ শহুৰেকৰহে৷ শাক-পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে
দোকানে-দোকানে চান্দা
উঠাই ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়৷
গৰু বৰ উপকাৰী৷ কেতিয়াবাহে খং উঠিলে খোঁচে৷ গৰুৱে হাল বাব জানে, গৰুগাড়ী চলাবও জানে৷ আৰু বহুত কাম কৰিব
জানে৷ গৰুৱে হাগিলে যি পদাৰ্থ ওলায়, তাকে গোৱৰ বোলে৷ ই দেখাত সেউজীয়া ৰঙৰ৷ খুব পনীয়া গোবৰ ওলালে
চেৰেলিউৱা বুলি কোৱা হয়৷ আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠে৷
Bhal Lagil
ReplyDeleteI wish the essay was longer!
ReplyDelete(:-)