লাইন অৱ ফায়াৰ--
( ইংৰাজীত কোনে লিখিছিল নাজানো৷ বন্ধু এজনে ফেচবুকত শ্বেয়াৰ কৰিছিল৷ পঢ়ি চকুলো বৈছিল৷ অসমীয়াত অনুবাদ কৰাৰ লোভ সামৰিব নোৱাৰিলো৷ এবাৰ পঢ়ি চালে ভাল পাম৷)
বিবেক প্ৰধান সুখী হ'ব পৰা নাই৷ আনকি শতাব্দী এক্সপ্ৰেছৰ বাতানুকুল ডবাৰ আৰামদায়ক পৰিবেশেও তেওঁৰ মনৰ অস্থিৰতা দূৰ কৰিব পৰা নাই৷ তেওঁ প্ৰজেক্ট মেনেজাৰ কিন্তু এতিয়াও কোম্পানীয়ে উৰাজাহাজত যাবলৈ নিদিয়ে৷ আচলতে তেওঁ সন্মান বিচৰা নাই৷ প্ৰশাসনিক বিষয়াৰ লগত এবাৰ তেওঁ যুক্তি-তৰ্ক কৰিও চাইছিল বোলে ভ্ৰমণৰ সময় কম কৰাটোহে মূল কথা৷ এতিয়া প্ৰজেক্ট মেনেজাৰ হিচাবে তেওঁৰ কাম বহুত৷ কিন্তু একো লাভ নহ'ল৷
সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ বদ্ধপৰিকৰ হৈ তেওঁ বেগৰ পৰা লেপটপটো উলিয়েই ল'লে৷
" মহাশয়, আপুনি কোনোবা চফ্টৱেৰ কোম্পানীত কাম কৰে নেকি?" কাষত বহা মানুহজনে লেপটপটোৰ ফালে আদৰপূৰ্ণভাৱে চাই সুধিলে৷ বিবেকে মানুহজনলৈ কেৰাহিকৈ চাই লাহেকৈ মূৰ দুপিয়ালে আৰু লেপটপটো আধিক যত্নেৰে আলফুলকৈ ব্যৱহাৰ কৰিব ধৰিলে যেন সেইটো এখন দামী গাড়ীহে৷
" অহ!" যেন ধুমুহা আঁতৰ হ'ল এনে এক ভাবেৰে স্বস্তিৰ নিশ্বাস পেলাই মানুহজনে ক'লে, " তেনেহলে আপোনাৰ জীৱনটো এতিয়া সহজ হৈ পৰিল৷"
এইটোৱেই বিবেকৰ ধৈৰ্যৰ শেষ সীমা আছিল৷ ভেকাহি মাৰি উঠিল বিবেক," অহ, কি কথা কয় আপুনি? ওপৰলৈ উঠিলে জীৱন কেতিয়াবা সহজ হয় জানো? দায়িত্বই অধিক কামহে আনে৷ ডিজাইন কৰা, কোড কৰা, সেইবোৰ সহজ কাম৷ এতিয়া মই সেইবোৰ নকৰো কিন্তু সেইবোৰ কৰোৱাওঁ, আৰু বিশ্বাস কৰক, সেইটো বেছি পৰিশ্ৰমৰ কাম৷ কামটো সময়মতে কৰোৱা আৰু উন্নত মানসম্পন্নকৈ কৰোৱা মোৰ কাম৷"
বিবেকে কৈ গ'ল, " কামৰ হেঁচাৰ কথা আপোনাক কৈছো শুনক৷ এফালে গ্ৰাহক, সঘনাই তেওঁলোকৰ প্ৰয়োজনবোৰ সলনি হৈ থাকে, আনফালে আকৌ ব্যৱহাৰ কৰা লোকসকলে বিচাৰে আন কিবা এটা, আৰু আপোনাৰ ওপৰৱালা.... সদায় এনেকুৱা দেখুৱাব যেন কামটো কালিয়েই শেষ হোৱা উচিত আছিল৷"
বিবেক অলপ থমকি ৰ'ল৷ আক্ৰমণাত্মক মনোভাবটো লাহে-লাহে আত্মানুভৱলৈ ৰূপান্তৰিত হ'ল৷ তেওঁ কোৱা কথাবোৰ কোনো অন্যায়ৰ চিকাৰ হোৱা মানুহৰ খঙৰ প্ৰলাপ নহয়, সেয়া আছিল সত্য , আৰু সত্যৰ সপক্ষে কওঁতে খঙেৰে কোৱাৰ প্ৰয়োজন নাই৷
" বন্ধু...", বিজয়সূচক ভাবে বিবেকে সামৰণি মাৰিলে, " অহৰহ গুলি বৰ্ষণৰ মুখা-মুখি হোৱা , লাইন অব ফায়াৰত থিয় হোৱাটো কি বস্তু আপুনি বুজি নাপাব৷"
মানুহজন নিজৰ আসনত ভালদৰে আউজি বহিল, যেন কিবা এটা ভালদৰে বুজিলে এনে ভাবত চকু বন্ধ কৰি৷
অলপ পাছত তেওঁ যি শান্ত অথচ সুনিশ্চিত দৃঢ়তাৰে মাত দিলে সেইটোৱে বিবেকক আচৰিত কৰি তুলিলে৷
" মই জানো মহাশয়... মই জানো, অহৰহ গুলিবৰ্ষণৰ মুখামুখি হোৱাটো কি বস্তু....."
তেওঁ শূণ্যলৈ চাই ৰ'ল ভাবত বিভোৰ হৈ যেন কোনো যাত্ৰী নাই, কোনো ৰেল নাই, আছে মাথোন সময়ৰ সীমাহীন ব্যাপকতা৷
"যেতিয়া ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ পইন্ট ৪৮৭৫ অধিকাৰ কৰিবলৈ আদেশ দিয়া হৈছিল তেতিয়া আমি ত্ৰিশজন আছিলো৷ শত্ৰুৱে ওপৰৰ পৰা গুলি কৰি আছিল৷ কেতিয়া কাৰ পৰা কাৰ গালৈ পিছৰ গুলিটো আহিব জনাৰ উপায় নাছিল৷ অৱশেষত ৰাতিপুৱা যেতিয়া আমি শিখৰত ত্ৰিৰঙ্গ পতাকা উৰুৱাবলৈ সক্ষম হৈছিলো তেতিয়া আমি মাত্ৰ চাৰিজন জীয়াই আছিলো৷"
" আপুনি? আপুনি এজন...."
" মই কাৰগিলৰ ৪৮৭৫ শৃংগত কৰ্তব্যত থকা ১৩ জম্মু-কাশ্মীৰ ৰাইফলচৰ চুবেদাৰ সুশান্ত৷ তেওঁলোকে মোক জানিবলৈ দিয়ামতে মোৰ সেই দায়িত্বকাল শেষ হৈছে আৰু মই এতিয়া অলপ সহজ কাম ল'ব পাৰোঁ৷ কিন্তু মহাশয়, কওঁকচোন কোনোবাই জীৱনটো সহজ কৰাৰ খাটিৰত কৰ্তব্যক জানো নেওচা দিব পাৰে? সেইদিনা সেই শৃংগ অধিকাৰ কৰাৰ দোকমোকালিতে মোৰ এজন সহকৰ্মী বৰফত পৰি আছিল আঘাতপ্ৰাপ্ত হৈ, শত্ৰুৰ গুলিৰ সম্মুখত আনহাতে আমি আছিলো এটা বাংকাৰত লুকাই৷ নিজে আগবাঢ়ি গৈ সেই জোৱানজনক নিৰাপদ ঠাইলৈ লৈ অহাটো মোৰ কৰ্তব্য আছিল৷ কিন্তু মোৰ কেপ্টেইন চাহাবে মোক যাবলৈ অনুমতি নিদিলে আৰু নিজে আগবাঢ়ি গ'ল৷ তেওঁ কৈছিল যে এজন জেন্টলমেন কেডেট হিচাবে লোৱা তেওঁৰ প্ৰথম শপতটো আছিল দেশৰ সুৰক্ষা আৰু মংগলক সদায় প্ৰথম স্থান দিয়া, তাৰপাছত তেওঁ চলোৱা লোক সকলৰ সুৰক্ষা আৰু মঙ্গল...... তেওঁৰ নিজৰ সুৰক্ষা আহে একেবাৰে শেষত, সদায়, সকলো সময়তে৷
"সেই আঘাতপ্ৰাপ্ত জোৱানজনক শত্ৰুৰ গুলিৰ পৰা বচাই আনোঁতে তেওঁৰ মৃত্যু হ'ল জাউৰিয়ে জাউৰিয়ে গুলি খাই৷ তাৰপাছত প্ৰতিদিনে ৰাতিপুৱা যেতিয়া আমি কৰ্তব্যৰ বাবে সাজু হওঁ, মই তেওঁ খোৱা সেই গুলিবোৰ দেখা পাওঁ যিবোৰ আচলে মই খালোহেতেন৷ মই জানো মহাশয়... মই জানো , লাইন অব ফায়াৰত থিয় হোৱা মানে কি ভয়ংকৰ কথা.."
কি প্ৰতিক্ৰিয়া দেখুৱাব বুজিব নোৱাৰি বিবেক স্তম্ভিত হৈ মানুহজনৰ ফালে চাই থাকিল৷ হঠাতে তেওঁ লেপটপটো বন্ধ কৰি দিলে৷ যিজন মানুহৰ বাবে বীৰত্ব, সাহস আৰু দায়িত্ব জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ, যিবোৰ গুণ কোনো মহাকাব্যৰ বীৰ এজনৰ গাতহে থাকে বুলি বিবেকে ইমান দিনে ভাবি আহিছিল, তেনে এজন মানুহৰ আগত লেপটপত ৱৰ্ড ডকুমেন্ট এটা এডিট কৰাটো অতি সৰু কামেই নহয় বৰং মানুহজনৰ প্ৰতি অপমানসূচকযেন লাগিল বিবেকৰ৷
স্টেচন এটা পাই ৰেলখন লাহে-লাহে ৰৈ গ'ল৷ চুবেদাৰ সুশান্ত হাতত বেগটো লৈ নামিবলৈ সাজু হ'ল আৰু বিবেকলৈ হাতখন আগবঢ়াই দি ক'লে, " আহিছো মহাশয়, আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল৷"
বিবেকৰ থৰক-বৰক লাগিল৷
এই হাতখনে পাহাৰ বগাইছে, বন্দুকৰ ট্ৰিগাৰ টানিছে আৰু ত্ৰিৰঙ্গ পতাকা উৰুৱাইছে৷ হঠাতে মন্ত্ৰমুগ্ধৰ দৰে বিবেক "সাৱধান" ভংগীত থিয় হ'ল আৰু সোঁহাতখন নিজে নিজে কপাললৈ উঠি গ'ল এটা সশ্ৰদ্ধ চেলুট হৈ৷
বিবেকৰ ভাব হ'ল, দেশৰ কাৰণে ইমানখিনিতো তেওঁ কৰিব পাৰে৷
বি:দ্ৰ: পইন্ট ৪৮৭৫ অধিকাৰ কৰা ঘটনাটো কাৰগিল যুদ্ধৰ সময়ত ঘটা সত্য ঘটনা৷ বিজয় লাভৰ ওচৰ চাপোঁতেই
কেপ্টেইন বাত্ৰাই নিজৰ জীৱন বিসৰ্জন দিছিল তেওঁ চলাই লৈ যোৱা জোৱানবোৰৰ এজনক বচাবলৈ গৈ৷ এইটো আৰু আগৰ আন বহুতো সাহস, বীৰত্ব আৰু ত্যাগৰ কাৰ্যৰ বাবে তেওঁক মৰণোত্তৰ ভাবে পৰমবীৰ চক্ৰ (সৰ্বোচ্চ মিলিটেৰী সন্মান) প্ৰদান কৰা হৈছিল৷
"নম্ৰ ভাবে জীয়াই থাকক৷ আমি নজনাকৈয়ে আমাৰ চাৰিওফালে বহুতো মহানলোক জীয়াই আছে৷"
"আমি লগপোৱা প্ৰতিজনেই হয়তো একোখন কঠিন যুঁজত ব্যস্ত হৈ আছে৷"
মূল লেখক: সতীশ ধল
অসমীয়া অনুবাদ: ডঃ মাখন লাল দাস

" মহাশয়, আপোনালোকে দেশখন ইমান আধুনিক কৰি তুলিলে, এতিয়া সকলোবোৰ কম্পিউটাৰৰ সহায়তে চলিবলৈ ধৰিছে৷"
"ধন্যবাদ" হাঁহি এটা মাৰি বিবেকে এইবাৰ মানুহজনৰ ফালে ভালদৰে চালে৷ কোনোবাই প্ৰশংসা কৰিলে নিজৰ সন্তুষ্টি লুকুৱাই ৰখাত সদায় ব্যৰ্থ হয় বিবেক৷ কাষতবহা মানুহজন ডেকা, এজন খেলুৱৈৰ নিচিনা সুঠাম শৰীৰ... দেখাত অতি সাধাৰণলোক আৰু সেই বিলাসপূৰ্ণ পৰিবেশত যেন একেবাৰে খাপ নাখায় তেনেকুৱা লাগিল বিবেকৰ৷ হয়তো মানুহজন ৰেলবিভাগৰ স্পোৰ্টচ কোটাত চাকৰি পোৱা মানুহ আৰু ফ্ৰী পাছ পায় বাবে এনেদৰে বাতানুকুল ডবাত অহা-যোৱা কৰিবলৈ পাইছে, বিবেকে ভাবিলে৷
"আপোনালোকক দেখি মই সদায় আচৰিত হওঁ", মানুহজনে কৈ গ'ল, " আপোনালোকে এটা অফিচত বহি কম্পিউটাৰত কিবা-কিবি লিখে আৰু সেয়েই বাহিৰত ইমান ডাঙৰ-ডাঙৰ কাম কৰে!!"
বিবেকে অৱজ্ঞাসূচক হাঁহি এটা মাৰিলে৷ অজলাক খং নকৰি বুজোৱাহে ভাল৷ " কথাবোৰ ইমান সহজ নহয় বন্ধু৷ মাত্ৰ কেইটামান লাইন লিখাৰ কথা নহয়৷ গোটেই প্ৰক্ৰিয়াটোত যথেষ্ট কাম জড়িত হৈ থাকে৷"
ক্ষন্তেকৰ বাবে চফ্টৱেৰ উৎপাদনৰ গোটেই জীৱন-চক্ৰটোৱেই বুজাই দিবৰ মন গ'ল তেওঁৰ কিন্তু নিজকে নিয়ন্ত্ৰণ কৰি মাত্ৰ এটা বাক্য ক'লে, " অতি জটিল কাম৷"
" নিশ্চয় জটিল হ'বই লাগিব৷ সেইকাৰণে আপোনালোকক খুব মোটা দৰমহাও দিয়ে নহয়!"
কথাবোৰ বিবেকে আশাকৰা ধৰণে আগবঢ়া নাছিল৷ ইমান সময়ে দৃঢ় অথচ মৃদুভাবে কৈ থকা বিবেকৰ কথাত এইবাৰ অলপ আক্ৰমণাত্মক সুৰ মিহলি হৈ পৰিল,
"সকলোৱে কেৱল টকাৰ কথাটোহে দেখে৷ আমি কিমান কঠোৰ পৰিশ্ৰম কৰোঁ সেইটো কোনেও নেদেখে৷ পৰিশ্ৰম সম্বন্ধে ভাৰতীয় মানুহৰ ধাৰণাটো ইমান ঠেক ! আমি শীত-তাপ নিয়ন্ত্ৰিত অফিচত বহি কাম কৰোঁ বুলিয়েই আমি যে নাঘামোঁ এনে নহয়৷ আপোনালোকে মাংসপেশীৰ শ্ৰম কৰে, আমি মগজুৰ শ্ৰম কৰোঁ৷ মনত ৰাখিব সেই কামটো কোনোগুণে কম কষ্টকৰ নহয়৷"
মানুহজনক উচিত উত্তৰ দিয়া হৈছে বুলি বুজিলে বিবেকে, এইবাৰ আৰু অলপ বুজাই দিয়া যাওঁক বুলি ভাবি ক'লে, " এটা উদাহৰণ দিছো শুনক৷ এই ৰেলখনৰ কথাকে ধৰক৷ ৰেলৰ গোটেই আৰক্ষণ প্ৰক্ৰিয়াটো কম্পিউটাৰ যোগে হয়৷ যিকোনো দুটা স্টেচনৰ মাজত আপুনি টিকট কাটিব পাৰে গোটেই দেশত বিয়পি থকা শ-শ কম্পিউটাৰচালিত আৰক্ষণ-কেন্দ্ৰৰ পৰা৷ হাজাৰ-হাজাৰ লেন-দেন একেটা তথ্যভাণ্ডাৰৰ পৰাই চালিত হয়, একেটা সময়তে, একেলগে৷ তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা, সুৰক্ষা, প্ৰতিৰক্ষা ইত্যাদি সকলো বাহাল ৰাখি এই লেন-দেনবোৰ সংঘটিত হৈ আছে অনবৰতে৷ এনেকুৱা এটা প্ৰণালী ডিজাইন কৰি উলিওৱা কামটো কিমান জটিল, কিমান প্ৰগ্ৰেমিং, কিমান কোডিং ইয়াত জড়িত হৈ থাকে আপুনি অনুমান কৰিব পাৰিবনে?"
তাৰকাগৃহ চাবলৈ যোৱা শিশু এটাৰ নিচিনাকৈ মানুহজন ভেবা লাগি ৰ'ল৷ তেওঁৰ কাৰণে কথাবোৰ সঁচাকৈয়ে জটিল আৰু বুজি নোপোৱাবিধৰ৷ " আপুনি এনেকুৱা ডিজাইন আৰু কোডিং কৰে?"
" আগতে কৰিছিলো," অতি গহীনাই কৈ বিবেকে অলপ সময় বিৰতি দি আকৌ ক'লে," কিন্তু এতিয়া মই প্ৰজেক্ট মেনেজাৰ৷"
তাৰকাগৃহ চাবলৈ যোৱা শিশু এটাৰ নিচিনাকৈ মানুহজন ভেবা লাগি ৰ'ল৷ তেওঁৰ কাৰণে কথাবোৰ সঁচাকৈয়ে জটিল আৰু বুজি নোপোৱাবিধৰ৷ " আপুনি এনেকুৱা ডিজাইন আৰু কোডিং কৰে?"
" আগতে কৰিছিলো," অতি গহীনাই কৈ বিবেকে অলপ সময় বিৰতি দি আকৌ ক'লে," কিন্তু এতিয়া মই প্ৰজেক্ট মেনেজাৰ৷"
" অহ!" যেন ধুমুহা আঁতৰ হ'ল এনে এক ভাবেৰে স্বস্তিৰ নিশ্বাস পেলাই মানুহজনে ক'লে, " তেনেহলে আপোনাৰ জীৱনটো এতিয়া সহজ হৈ পৰিল৷"
এইটোৱেই বিবেকৰ ধৈৰ্যৰ শেষ সীমা আছিল৷ ভেকাহি মাৰি উঠিল বিবেক," অহ, কি কথা কয় আপুনি? ওপৰলৈ উঠিলে জীৱন কেতিয়াবা সহজ হয় জানো? দায়িত্বই অধিক কামহে আনে৷ ডিজাইন কৰা, কোড কৰা, সেইবোৰ সহজ কাম৷ এতিয়া মই সেইবোৰ নকৰো কিন্তু সেইবোৰ কৰোৱাওঁ, আৰু বিশ্বাস কৰক, সেইটো বেছি পৰিশ্ৰমৰ কাম৷ কামটো সময়মতে কৰোৱা আৰু উন্নত মানসম্পন্নকৈ কৰোৱা মোৰ কাম৷"
বিবেকে কৈ গ'ল, " কামৰ হেঁচাৰ কথা আপোনাক কৈছো শুনক৷ এফালে গ্ৰাহক, সঘনাই তেওঁলোকৰ প্ৰয়োজনবোৰ সলনি হৈ থাকে, আনফালে আকৌ ব্যৱহাৰ কৰা লোকসকলে বিচাৰে আন কিবা এটা, আৰু আপোনাৰ ওপৰৱালা.... সদায় এনেকুৱা দেখুৱাব যেন কামটো কালিয়েই শেষ হোৱা উচিত আছিল৷"
বিবেক অলপ থমকি ৰ'ল৷ আক্ৰমণাত্মক মনোভাবটো লাহে-লাহে আত্মানুভৱলৈ ৰূপান্তৰিত হ'ল৷ তেওঁ কোৱা কথাবোৰ কোনো অন্যায়ৰ চিকাৰ হোৱা মানুহৰ খঙৰ প্ৰলাপ নহয়, সেয়া আছিল সত্য , আৰু সত্যৰ সপক্ষে কওঁতে খঙেৰে কোৱাৰ প্ৰয়োজন নাই৷
" বন্ধু...", বিজয়সূচক ভাবে বিবেকে সামৰণি মাৰিলে, " অহৰহ গুলি বৰ্ষণৰ মুখা-মুখি হোৱা , লাইন অব ফায়াৰত থিয় হোৱাটো কি বস্তু আপুনি বুজি নাপাব৷"
মানুহজন নিজৰ আসনত ভালদৰে আউজি বহিল, যেন কিবা এটা ভালদৰে বুজিলে এনে ভাবত চকু বন্ধ কৰি৷
অলপ পাছত তেওঁ যি শান্ত অথচ সুনিশ্চিত দৃঢ়তাৰে মাত দিলে সেইটোৱে বিবেকক আচৰিত কৰি তুলিলে৷
" মই জানো মহাশয়... মই জানো, অহৰহ গুলিবৰ্ষণৰ মুখামুখি হোৱাটো কি বস্তু....."
তেওঁ শূণ্যলৈ চাই ৰ'ল ভাবত বিভোৰ হৈ যেন কোনো যাত্ৰী নাই, কোনো ৰেল নাই, আছে মাথোন সময়ৰ সীমাহীন ব্যাপকতা৷
"যেতিয়া ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ পইন্ট ৪৮৭৫ অধিকাৰ কৰিবলৈ আদেশ দিয়া হৈছিল তেতিয়া আমি ত্ৰিশজন আছিলো৷ শত্ৰুৱে ওপৰৰ পৰা গুলি কৰি আছিল৷ কেতিয়া কাৰ পৰা কাৰ গালৈ পিছৰ গুলিটো আহিব জনাৰ উপায় নাছিল৷ অৱশেষত ৰাতিপুৱা যেতিয়া আমি শিখৰত ত্ৰিৰঙ্গ পতাকা উৰুৱাবলৈ সক্ষম হৈছিলো তেতিয়া আমি মাত্ৰ চাৰিজন জীয়াই আছিলো৷"
" আপুনি? আপুনি এজন...."
" মই কাৰগিলৰ ৪৮৭৫ শৃংগত কৰ্তব্যত থকা ১৩ জম্মু-কাশ্মীৰ ৰাইফলচৰ চুবেদাৰ সুশান্ত৷ তেওঁলোকে মোক জানিবলৈ দিয়ামতে মোৰ সেই দায়িত্বকাল শেষ হৈছে আৰু মই এতিয়া অলপ সহজ কাম ল'ব পাৰোঁ৷ কিন্তু মহাশয়, কওঁকচোন কোনোবাই জীৱনটো সহজ কৰাৰ খাটিৰত কৰ্তব্যক জানো নেওচা দিব পাৰে? সেইদিনা সেই শৃংগ অধিকাৰ কৰাৰ দোকমোকালিতে মোৰ এজন সহকৰ্মী বৰফত পৰি আছিল আঘাতপ্ৰাপ্ত হৈ, শত্ৰুৰ গুলিৰ সম্মুখত আনহাতে আমি আছিলো এটা বাংকাৰত লুকাই৷ নিজে আগবাঢ়ি গৈ সেই জোৱানজনক নিৰাপদ ঠাইলৈ লৈ অহাটো মোৰ কৰ্তব্য আছিল৷ কিন্তু মোৰ কেপ্টেইন চাহাবে মোক যাবলৈ অনুমতি নিদিলে আৰু নিজে আগবাঢ়ি গ'ল৷ তেওঁ কৈছিল যে এজন জেন্টলমেন কেডেট হিচাবে লোৱা তেওঁৰ প্ৰথম শপতটো আছিল দেশৰ সুৰক্ষা আৰু মংগলক সদায় প্ৰথম স্থান দিয়া, তাৰপাছত তেওঁ চলোৱা লোক সকলৰ সুৰক্ষা আৰু মঙ্গল...... তেওঁৰ নিজৰ সুৰক্ষা আহে একেবাৰে শেষত, সদায়, সকলো সময়তে৷
"সেই আঘাতপ্ৰাপ্ত জোৱানজনক শত্ৰুৰ গুলিৰ পৰা বচাই আনোঁতে তেওঁৰ মৃত্যু হ'ল জাউৰিয়ে জাউৰিয়ে গুলি খাই৷ তাৰপাছত প্ৰতিদিনে ৰাতিপুৱা যেতিয়া আমি কৰ্তব্যৰ বাবে সাজু হওঁ, মই তেওঁ খোৱা সেই গুলিবোৰ দেখা পাওঁ যিবোৰ আচলে মই খালোহেতেন৷ মই জানো মহাশয়... মই জানো , লাইন অব ফায়াৰত থিয় হোৱা মানে কি ভয়ংকৰ কথা.."
কি প্ৰতিক্ৰিয়া দেখুৱাব বুজিব নোৱাৰি বিবেক স্তম্ভিত হৈ মানুহজনৰ ফালে চাই থাকিল৷ হঠাতে তেওঁ লেপটপটো বন্ধ কৰি দিলে৷ যিজন মানুহৰ বাবে বীৰত্ব, সাহস আৰু দায়িত্ব জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ, যিবোৰ গুণ কোনো মহাকাব্যৰ বীৰ এজনৰ গাতহে থাকে বুলি বিবেকে ইমান দিনে ভাবি আহিছিল, তেনে এজন মানুহৰ আগত লেপটপত ৱৰ্ড ডকুমেন্ট এটা এডিট কৰাটো অতি সৰু কামেই নহয় বৰং মানুহজনৰ প্ৰতি অপমানসূচকযেন লাগিল বিবেকৰ৷
স্টেচন এটা পাই ৰেলখন লাহে-লাহে ৰৈ গ'ল৷ চুবেদাৰ সুশান্ত হাতত বেগটো লৈ নামিবলৈ সাজু হ'ল আৰু বিবেকলৈ হাতখন আগবঢ়াই দি ক'লে, " আহিছো মহাশয়, আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল৷"
বিবেকৰ থৰক-বৰক লাগিল৷
এই হাতখনে পাহাৰ বগাইছে, বন্দুকৰ ট্ৰিগাৰ টানিছে আৰু ত্ৰিৰঙ্গ পতাকা উৰুৱাইছে৷ হঠাতে মন্ত্ৰমুগ্ধৰ দৰে বিবেক "সাৱধান" ভংগীত থিয় হ'ল আৰু সোঁহাতখন নিজে নিজে কপাললৈ উঠি গ'ল এটা সশ্ৰদ্ধ চেলুট হৈ৷
বিবেকৰ ভাব হ'ল, দেশৰ কাৰণে ইমানখিনিতো তেওঁ কৰিব পাৰে৷
বি:দ্ৰ: পইন্ট ৪৮৭৫ অধিকাৰ কৰা ঘটনাটো কাৰগিল যুদ্ধৰ সময়ত ঘটা সত্য ঘটনা৷ বিজয় লাভৰ ওচৰ চাপোঁতেই
কেপ্টেইন বাত্ৰাই নিজৰ জীৱন বিসৰ্জন দিছিল তেওঁ চলাই লৈ যোৱা জোৱানবোৰৰ এজনক বচাবলৈ গৈ৷ এইটো আৰু আগৰ আন বহুতো সাহস, বীৰত্ব আৰু ত্যাগৰ কাৰ্যৰ বাবে তেওঁক মৰণোত্তৰ ভাবে পৰমবীৰ চক্ৰ (সৰ্বোচ্চ মিলিটেৰী সন্মান) প্ৰদান কৰা হৈছিল৷
"নম্ৰ ভাবে জীয়াই থাকক৷ আমি নজনাকৈয়ে আমাৰ চাৰিওফালে বহুতো মহানলোক জীয়াই আছে৷"
"আমি লগপোৱা প্ৰতিজনেই হয়তো একোখন কঠিন যুঁজত ব্যস্ত হৈ আছে৷"
মূল লেখক: সতীশ ধল
অসমীয়া অনুবাদ: ডঃ মাখন লাল দাস
No comments:
Post a Comment