At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 15 April 2015

পোহৰ বিচাৰি... নীলা ৰঙৰ স্মৃতি



পোহৰ বিচাৰি... নীলা ৰঙৰ স্মৃতি

“আমি পোহৰ বিচাৰি যাওঁ” – মইনা পাৰিজাতৰ মূলমন্ত্ৰ৷ 
মইনা পাৰিজাত নামটো কোনে ৰাখিছিল নাজানো, কিন্তু এই শুৱলা অৰ্থবহ নামটোৱে এতিয়াও অন্তৰখন উমাল কৰি তোলে৷ 
মইনা পাৰিজাতৰ সৈতে প্ৰথম পৰিচয় ঘটে ১৯৬৮ চনত তিতাবৰত৷ তেতিয়া মই তিতাবৰ অভ্যসন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ৷ এদিন এগৰাকী শিক্ষকে ক’লেহি যে তিতাবৰত মইনা পাৰিজাতৰ অধিবেশন হ’ব৷ তাতে আমাৰ স্কুলৰ পৰাও যোগদান কৰা হ’ব আৰু সেই উদ্দেশ্যে এটা মইনা পাৰিজাত গঠন কৰা হৈছে৷ নাম ৰখা হৈছে, কিশলয় মইনা পাৰিজাত চ’ৰা৷ মোকো নিৰ্বাচিত কৰা হৈছে যোগদান কৰিবলৈ৷ অধিবেশনত বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আদি হ’ব৷ মোক তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, দৌৰ আদিত যোগ দিবলৈ কোৱা হ’ল৷ তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো জনাই দিয়া হ’ল, “উপদেশতকৈ আৰ্হি শ্ৰেয়৷”
মোৰ বাবে সেয়া এক নতুন অভিজ্ঞতা৷ আকস্মিক বক্তৃতা মানে কি জানিছিলো যদিও তৰ্ক প্ৰতিযোগিতাৰ বিষয়ে একো ধাৰণাই নাছিল৷ ঘৰলৈ আহি দেউতাক জনালো৷ দেউতাই বিষয়টোৰ ওপৰত কিবা কিবি লিখি দিলে৷ দুদিনমান পাছত স্কুলত শিক্ষক কেইগৰাকীমানৰ আগত মোক বিষয়টোৰ ওপৰত ক’বলৈ কোৱা হ’ল৷ থিয় হৈ কঁপি কঁপি এটা বাক্য ক’লো,
উপদেশতকৈ আৰ্হি শ্ৰেয় কাৰণ…..
ভয়তে কঁপি কঁপি থৰ লাগিলো৷ দেউতাই লিখি দিয়া কথাবোৰ পাহৰি গ’লো৷ 

এক মিনিটমান তেনেদৰে থিয় হৈ থকাৰ পাছত ছাৰ এজনে ক’লে,
“একো নাই দে৷ ঘৰত ভালকে চাই ল’বি৷ পৰহী আবেলি মিহিৰাম শইকীয়া হাইস্কুললৈ যাব লাগিব৷ তাতে অধিবেশন বহিব৷ তঁহতি তাতে থাকিব লাগিব৷ কাপোৰ-কানি লৈ ওলাবি৷….”
লাজত ৰঙা-চিঙা পৰি মই নিমাতে শুনি থাকিলো৷

দেউতাই বেডিং এটা বান্ধি দিলে৷ ডাঙৰ দাদাই চাইকেলত বেডিংটো উঠাই আগে আগে গ’ল৷ সৰু দাদা আৰু মই পিছে পিছে৷ আমাৰ ঘৰৰ পৰা মিহিৰাম শইকীয়া হাইস্কুললৈ খুব বেছি এক কিলোমিটাৰমান আছিল বোধহয়৷ দাদাদুজন তাতে পঢ়ে৷ 
মিহিৰাম শইকীয়া হাইস্কুলত আমি গোটেই দলটো একলগ হ’লো৷ ল’ৰা তিনিজনমান আৰু ছোৱালী চাৰি গৰাকীমান আছিলো৷ ইতিমধ্যে যোৰহাট, গোলাঘাট আদি চহৰীয়া দলবোৰ আহি ভৰি পৰিছেহি৷ স্মাৰ্ট, তজবজীয়া চহৰীয়া ল’ৰা-ছোৱালীবোৰৰ আত্মবিশ্বাস দেখি মোৰ মনত হীনমন্যতাৰ ভাব উপজিব ধৰিলেই৷  
আমাক সৰু শ্ৰেণীকোঠা এটাত থাকিবলৈ দিয়া হ’ল৷ আমাৰ দলটোৱেই বোধকৰো সকলোতকৈ সৰু দল আছিল৷ বাকী ল’ৰা দুজনে বেডিং নিয়া নাছিল৷ মোৰ বিচনাখনেই উমৈহতীয়া বিচনা হ’ল৷ ছোৱালী কেইগৰাকীও ওচৰৰ কোঠাত এটাতে থাকিল৷ আমাক তাতে এৰি দাদাহঁত গ’লগৈ৷ আমিও সেই অভিনৱ পৰিবেশৰ সোৱাদ ল’বলৈ ধৰিলো৷
আকস্মিক বক্তৃতা প্ৰতিযোগিতাত এজন এজনকৈ আহি ফট-ফটাই বক্তৃতা দিলে৷ বিশেষকৈ যোৰহাটৰ ছোৱালী এগৰাকীৰ মুখত কি আখৈ ফুটা মাত৷ ভয়ত পেটতে হাত ভৰি লুকাল৷ মই ভাবিলো যোগ দি লাভ নাই৷ মনে মনে বহি থাকিলো৷
তৰ্ক প্ৰতিযোগিতাতো একেই অৱস্থা৷ যোগদান নকৰিলো৷ কিন্তু কিবা এটাত যোগদান নকৰিলে বেয়া কথা হ’ব বুলি জানি এশ মিটাৰ দৌৰতেই ভাগ ল’ম বুলি সিদ্ধান্ত ল’লো৷ দাদাহঁতো আহিছিল দৌৰ চাবলৈ৷ স্কুলত দৌৰ প্ৰতিযোগিতাত ভালেই দৌৰিছিলো৷ কিন্তু সেইদিনা দৌৰিব লগা হ’ল বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীবিলাকৰ সৈতে৷ হুইছেল বাজিল৷ প্ৰাণটাকি দৌৰিলো৷ পিছে মই আধামান পাৰ হওঁমানে দুজনমান গৈ পালেই৷ লাজতে মূৰ তল কৰি, দাদাহঁতৰ পিনে নোচোৱাকৈ বেলেগপিনে আতৰি গ’লো৷ 
আমাৰ দলটোৱে আৰু ক’তো একো ভাগ লোৱা মনত নপৰে৷ কিন্তু সাংস্কৃতিক অনুষ্ঠানত ছোৱালী কেইগৰাকীয়ে শ্ৰীকৃষ্ণই লৱণু চোৰ কৰি খোৱা দৃশ্য এটাৰ অভিনয় কৰি (খুব সম্ভৱ চোৰ ধৰা পিম্পৰা গুচোৱাৰ অংশ বিশেষ আছিল) সকলোকে মুগ্ধ কৰিলে৷ চিপহা সত্ৰৰ ছোৱালী৷ সৰুৰে পৰা তেনে অভিনয়ত অভ্যস্ত৷ আমাৰ সন্মান কিছু ৰক্ষা পৰিল বুলি ভাবিলো৷
পিছদিনা অধিবেশনৰ সামৰণি পৰিল৷ বেডিংটো কোনোমতে বান্ধি দাদাৰ চাইকেলত তুলি দি ঘৰ পালোহি৷
মাই কাপোৰ-কানি, বয়-বস্তুবোৰ ধুবলৈ বুলি উলিয়ালে৷ লগত নিয়া কাঁহৰ বাটি এটা দেখি মাই সুধিলে,
“বাটিটোত এইবিলাক কিহৰ ৰং? ধুই আনিব নোৱাৰিলি?”
ভালদৰে লক্ষ্য কৰি মনত পৰিল৷ ছোৱালী কেইগৰাকীয়ে অভিনয়ৰ বাবে নিজক সজাওঁতে শ্ৰীকৃষ্ণৰ মুখত ৰং সানিবলৈ বুলি মোৰ সেই বাটিটোতে নাৰিকল তেলত নীলা ৰং মিহলাই লৈছিল৷ অশেষ চেষ্টা কৰিও পৰিষ্কাৰ কৰিব নোৱাৰি সেইভাগেই ঘৰলৈ লৈ আহিছিলো৷
সেই বাটিটো পৰিষ্কাৰ হওঁতে কিমান দিন লাগিল নাজানো কিন্তু স্মৃটিৰ পটত সেই দিনবোৰৰ কথা চিৰদিনৰ বাবে নিগাজীকৈ অংকিত হৈ ৰৈ গ’ল৷

No comments:

Post a Comment