আন এক প্ৰেম…..
এজন মানুহে প্ৰায়েই
ফুটপাথৰ কাষত বহি কমলাটেঙা বেচা বুঢ়ী এগৰাকীৰ পৰা কমলাটেঙা কিনে৷ বুঢ়ী গৰাকীয়ে ওজন
কৰি কমলা দিয়ে৷ মানুহজনে কমলাখিনি বেগত ভৰাই লয়৷ বুঢ়ীগৰাকীক দিবলগীয়া পইচাখিনি দিয়ে৷
তাৰপাছত বেগৰ পৰা কমলা এটা উলিয়াই লৈ, বাকলি গুচাই এটা কোঁহ উলিয়াই মুখত ভৰায়৷
“ইচ, কমলাটো বৰ
টেঙা৷ মুখত দিবই নোৱাৰি৷” মানুহজনে কয়৷
“টেঙা? হ’বই নোৱাৰে৷”
বুঢ়ীগৰাকীয়ে উত্তৰ দিয়ে৷
“লওঁক তেনেহলে,
আপুনিয়ে খাই চাওঁক,” বুলি মানুহজনে কমলাটোৰ বাকীথকাখিনি বুঢ়ীগৰাকীৰ পিনে আগবঢ়াই দিয়ে৷
বুঢ়ীগৰাকীয়ে হাত পাতি লয় আৰু একোঁহ একোঁহকৈ মুখত ভৰায়৷ প্ৰতিবাদ কৰি কৈ উঠে,
“ইমান মিঠা, টেঙা
বুলি মিছাতে আপত্তি কৰে৷”
ইতিমধ্যে মানুহজন
হাতত বেগটো লৈ আঁতৰি যায়৷
প্ৰতিবাৰেই এনেদৰে
চলি থাকে৷
এদিন মানুহজনক পৰিবাৰে সুধিলে,
“সেই বুঢ়ীগৰাকীয়ে
কেতিয়াও টেঙা কমলা নেবেচে৷ তেওঁ বেচা কমলাবোৰ দেখোন সদায় অতি মিঠা৷ তেনেহলে আপুনি মিছাতে
টেঙা বুলি এই নাটকখননো কিয় কৰে?”
হাঁহি এটা মাৰি
মানুহজনে উত্তৰ দিয়ে,
“সেই দুখীয়া বুঢ়ী
মানুহগৰাকীৰ কোনো নাই৷ অতি দুখীয়া৷ বাটৰ কাষত বহি কমলাটেঙা বেচে৷ কিন্তু নিজে হয়তো
পানী এটুপিও নাখায়৷ গতিকে মই মোৰ কিনা কমলাৰ পৰাই বুদ্ধি কৰি বুঢ়ীগৰাকীক কমলা এটা খুৱাওঁ৷
তেওঁৰ লোকচান নহয়৷”
পৰিবাৰে শলাগি
থ’লে৷
কমলা বেচা বুঢ়ীগৰাকীৰ
কাষতে বহি পাচলি বেচা মানুহ এজনে কথাটো সদায় লক্ষ্য কৰে৷ তেওঁ এদিন বুঢ়ীগৰাকীক সুধিলে,
“আপুনি সেই মানুহজনক
কমলা জুখি দিওঁতে সদায় অলপ বেছিকৈ কিয় জুখি দিয়ে? মানুহজনে দেখোন আপোনাৰ কমলাবোৰ সদায় টেঙা
বুলিহে আপত্তি কৰে?”
বুঢ়ীগৰাকীয়ে হাঁহি
মাৰি উত্তৰ দিলে,
“ মই সকলো বুজি
পাওঁ৷ মানুহজনে আচলতে মোক মাকৰ নিচিনা মৰম কৰে৷ মোক কমলা এটা খুৱাবলৈকে তেনে অভিনয়
কৰে৷ মই জানিও নজনা ভাওঁ ধৰি থাকোঁ৷ যেতিয়া মানুহজনলৈ কমলাটেঙা ওজন কৰোঁ, তেতিয়া মই
বেছিকৈ নিদিওঁ, মানুহজনৰ মৰমৰ শক্তিয়ে আকৰ্ষণ কৰি তৰ্জুখন তেওঁৰ পিনে অধিককৈ নমাই দিয়ে৷
গতিকে এটা কমলা বেছিকৈ উঠে৷”
এৰা, সৰু-সৰু
মৰমৰ কাৰ্যবোৰে আমাৰ জীৱনটো, আমাৰ পৰিৱেশটো, আমাৰ পৃথিবীখন অধিক মধুৰ কৰি তুলিব পাৰে৷
(ইন্টাৰনেটত পোৱা
ইংৰাজী লেখা এটাৰ আধাৰত)
No comments:
Post a Comment