আমি বন্ধা এটি
ঘৰ…
১৯৬৮ চনৰ ডিচেম্বৰ
মাহৰ ৮ তাৰিখে দেউতাৰ মৃত্যু হোৱাৰ পাছত আমি নিজৰ ঠাই বৰপেটালৈ আহোঁ৷ বৰপেটাৰ পালাংদিহাটীৰ
দেউতাৰ পৈত্ৰিক ঘৰত আমাৰ বাবে ঠাই নোজোৰাত আমি কীৰ্তনঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো
ভাড়া লৈ থাকিবলৈ লওঁ৷ আমি মানে মা আৰু আমি পাঁচজন ভাই-ককাই৷ ডাঙৰ দাদা তেতিয়া নৱম শ্ৰেণীত৷
সৰু ভাইটি স্কুললৈ যাবলৈ লৈছিলহে৷ ভাড়া আছিল মাহে ১৫ টকা৷ সেই ভাড়া দিবলৈ খুড়া এজনে
দায়িত্ব লয়৷
চিলঙৰ পৰা দলাহাটী৷
সম্পূৰ্ণ বেলেগ পৰিৱেশ৷ দুশাৰী ঘৰ৷ মাজতে দীঘলকৈ চোতালখন৷ ঘৰবোৰৰ মাজত কোনো ব্যৱধান
নাই৷ এটা ঘৰৰ বেৰখন আনটো ঘৰৰো বেৰ৷ যেন এটা ডাঙৰ পৰিয়ালহে৷ সকলোৱে সকলোকে চিনি পায়৷
সকলোৱে সকলোৰে কথা জানে৷ আমাৰ মাতকথাও বৰপেটীয়ালৈ ৰূপান্তৰিত হৈ পৰিল কেইমানমানৰ ভিতৰতে৷
দুবছৰমান তেনেদৰেই
পাৰ হ’ল৷ গুৱাহাটীত দেউতাই কিনি থোৱা মাটি এডোখৰ আছিল যদিও তাত ঘৰ সজাৰ সামৰ্থ আমাৰ
নাছিল৷ মাহে ১৫৮ টকাকৈ ফেমিলি পেঞ্চন পাইছিলো চৰকাৰৰ পৰা৷ সাঁচতীয়া ধনো বিশেষ একো নাছিল৷
মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ মৃত্যু হৈছিল৷ গতিকে সাঁচিবলৈ সময়ো নাপালে৷
বৰপেটাতেই মাটি
এডোখৰ কিনি ঘৰ এটা সাজি লোৱা ভাল দেখিলো আমি৷ মেটুৱাকুছিৰ পুৰণা শ্মাশানখনৰ সম্মুখতে
এবিঘা মাটি আছিল৷ মালিকৰ ল’ৰাজন মোৰ সহপাঠী বন্ধু৷ এচনীয়া মাটি৷ তাকেই কিনি লোৱা হ’ল৷
মুকলি পথাৰৰ মাজত মাটিডোখৰ৷ কোনো ৰাস্তা-ঘাট নাই৷ খৰালি সমস্যা নাই, বাৰিষাহে পানীয়ে
আগুৰি ধৰে৷ মানুহে কলৰ ভুৰ সাজি লয়৷ দুই-এঘৰে নাঁও ব্যৱহাৰো কৰে৷
মাটিডোখৰ ম্যাদী
কৰি দিয়াৰ দায়িত্ব ল’লে গুৱাহাটীত চাকৰি কৰা মামা এজনে৷ ইফালে আমি ঘৰ সজাৰ কামত মন
দিলোঁ৷ দেউতা জীয়াই থাকোঁতে গুৱাহাটীত ঘৰ সাজিম বুলি কাঠেৰে দুৱাৰ খিৰিকি আদি প্ৰায়
সাজু কৰি থৈছিলেই৷ সেইবোৰ আমি বৰপেটালৈ লৈ আহিছিলো৷
দিন-বাৰ মনত নাই৷
সঠিক চনো মনত নাই৷ কোনোবা এটা দিনত ঘৰৰ খুটা পোতা হ’ল ধৰ্মীয় ৰীতি-নীতিৰে৷ ইটাৰে তলৰ
ভাগ গাঁঠি লৈ কাঠৰ ফ্ৰেমত বাঁহ বা ইকৰাৰে বেৰ গাঁঠি চিমেন্টেৰে প্লাষ্টাৰ কৰি বেৰবোৰ
সঁজা হ’ব৷ ওপৰত টিং দিবলৈ পইচা নুজুৰিব বাবে খেৰেই দিয়া হ’ব৷ কাঠৰ দুৱাৰ-খিৰিকি সাজু
হৈ আছিলেই৷ লগাই দিলেই হ’ব৷ ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ লগত সকলো কামত আমিয়েই সহায়
কৰি দিব পাৰিম৷ গতিকে বনুৱাৰ খৰচো বাচি যাব৷ তেনে পৰিকল্পনাৰেই কাম আৰম্ভ হ’ল৷ আমি
দেহে-কেহে কামত লাগি গ’লো৷ চাওঁতে চাওঁতে প্ৰায় ৩৬ ফুট দীঘল আৰু ১২ ফুট বহল ঘৰ এটা
জিলিকি উঠিল৷ ঘৰৰ ৰং দিয়া কামো আমিয়েই কৰিলো৷ ঘৰৰ পিছপিনে গাতে লগাই দীঘলে দীঘলে বাঁহ
আৰু খেৰেৰে আন এটা ঘৰ সাজি দিয়া হ’ল৷ ঘৰ মানে চাল এখন৷ সেয়া হৈ পৰিল আমাৰ পাকঘৰ, তাঁত শাল ৰখা ঘৰ আৰু
গোহালিঘৰ৷
সকলোৱে মিলি গোটেই
মাটিবিঘা বাঁহৰ জেওৰাৰে বেৰি দিলোঁ৷ তাৰ মাজতে পাচলিৰ বাগিছা পাতিলো৷ লাও, জিকা, ভোল
, বেঙেনা, বিলাহী, লাইশাক, ইত্যাদি ইত্যাদি লহ-পহকৈ গজি উঠিব ধৰিলে৷ আমি ৰাতিপুৱাতে
ওলাই গৈ পথাৰত গোৱৰ বুটলি ফুৰোঁ পাচলিৰ গুৰিত দিবলৈ৷ বগৰী, মধুৰী আদি কেইজোপামান গছো
ৰুলোঁ৷
তেনেদৰেই সেই
পথাৰৰ মাজৰ নিৰ্জন পৰিৱেশত আমি পাঁচ ভাই আৰু মা থাকিবলৈ ল’লো৷ মাই ধেমালি কৰি কৈছিল৷
এইটো আমাৰ জতুগৃহ৷ কুন্তীয়ে পঞ্চ-পাণ্ডৱক লৈ থকাৰ দৰে ময়ো আছোঁ এই পথাৰৰ মাজত৷ বানপানী
আহিল৷ ধুমুহাৰ দিনো আহিল৷ সেই সকলোৰে মাজেৰে আমি সকলোটি মিলি দিনবোৰ পাৰ কৰি গ’লো৷
মুকলি পথাৰৰ মাজত ধুমুহা বতাহে আমাৰ ঘৰটো বৰকৈ খুন্দিয়াইছিল৷ বতাহে ঘৰৰ চালখন উৰুৱাই
নিব বুলি ভয় হৈছিল৷ প্ৰায়েই আমি আটাইকেইটা সোমাইছিলো সকলোতকৈ শক্তিশালী বিচনাখনৰ তলত৷
দেউতাই নিজহাতে বনাই থৈ থোৱা মজবুত পালেং আৰু দুৱাৰ-খিৰিকিবোৰৰ যোগেৰে দেউতাৰ উপস্থিতিও
অনুভৱ কৰিছিলো তেনে ভয়লগা সময়বোৰত৷
No comments:
Post a Comment