At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 15 October 2013

জীৱনে শিকোৱা কথা… পলমকৈ হ’লেও



জীৱনে শিকোৱা কথা… পলমকৈ হ’লেও

জীৱনৰ ব্যস্ততাৰ মাজত আমি গম নোপোৱাকৈয়ে সময়বোৰ পাখিলগা কাঁড়ৰ দৰে পাৰ হৈ যায়৷ জীৱনৰ বিয়লিবেলাত আমি আক্ষেপ হয়তো কৰিবলগা হ’ব পাৰে, কিছুমান কথা আগতে চিন্তা কৰি নোচোৱা বাবে, আগতে নিশিকা বাবে৷ 

কেইটামান প্ৰয়োজনীয় কথা আমি যিমান সোনকালে শিকি লওঁ সিমানেই আমাৰ বাবে মঙ্গলজনক৷

আপোনাৰ সকলোতকৈ প্ৰয়োজনীয় বন্ধুত্ব আপোনাৰ নিজৰ সৈতে:
আমি সুখী বা আনন্দিত হ’বলৈ আনৰ পৰা অনুমোদন লোৱাৰ প্ৰয়োজন নাই৷ আমাৰ নিজৰ লগত যেতিয়া সম্বন্ধ মধুৰ হয়, যেতিয়া আমি নিজক ভাল পাবলৈ, গ্ৰহণ কৰি ল’বলৈ শিকিম, তেতিয়া আনৰ লগতো আমাৰ সম্বন্ধ উন্নত হ’ব৷ নিজে নিজৰ চকুত গ্ৰহণীয় হোৱাৰ পাছতহে আমি আত্ম-বিশ্বাসেৰে আনৰ চকুলৈ চাব পাৰিম৷

আমি আজি কৰা বলিদানৰ সুফল আমি ভৱিষ্যতে পাওঁ:
সাফল্যৰ বাবে কোনো চমু বাট নাই বুলি কোৱা হয়৷ কোনো কামত কৃতিত্ব লভিবলৈ কষ্ট কৰিবই লাগিব৷ পঢ়া-শুনা, ব্যৱসায়-বাণিজ্য, খেলা-ধূলা বা যিকোনো কামত দেহে-কেহে কিছুবছৰ লাগি থাকিলেহে আমি সাফল্যৰ মুখ দেখোঁ৷ ছাত্ৰ হিচাবে জীৱনৰ কেইটামানবছৰ সকলো পাহৰি সম্পূৰ্ণ অধ্যৱসায়েৰে অধ্যয়নৰত ব্যক্তিজনে পাছলৈ ভাল চাকৰিত নিযুক্ত হৈ ভাল জীৱন উপভোগ কৰা দেখিলে আমি ঈৰ্ষা কৰি লাভ নাই৷

আপোনাৰ জীৱনটো আজিয়েই:
কালিলৈ কি হ’ব কোনেও ক’ব নোৱাৰে৷ আজি বোলা সময়খিনিহে আমাৰ হাতত আছে৷ জীৱনটো ভালদৰে উপভোগ কৰিবলৈ হাতত থকা সময়খিনিৰ উচিত ব্যৱহাৰ কৰা উচিত৷ যি কাম কৰিলে আপোনাৰ মনত ভাল লাগে, আপোনাক বিবেকে দোষ নিদিয়ে, তেনে কাম আজি বোলা সময়খিনিতে নকৰোঁ কিয়?

বিফলতাবোৰ আমাৰ বাবে পাঠহে:
আনৰ দ্বাৰা পৰিত্যক্ত হোৱাৰ পাছতো, আনে আঘাত দিয়াৰ পাছতো , বিফল হোৱাৰ পাছতো আশা এৰি নিদি নিজত বিশ্বাস ৰাখি নেৰানেপেৰাকৈ লাগি থকা লোকলৈ উত্তম ফল ফলে৷ অতীতৰ বিফলতাৰ বাবে দুখ কৰি লাভ নাই কাৰণ অতীত আমি সলনি কৰিব নোৱাৰো৷ আমি সেইবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰি ইতিবাচক মনোভাবেৰে আগুৱাই যাবলৈহে শিকিব লাগিব৷

কোনো কাম পিছুৱাই থৈ দিলে আমি অতীতৰ দাস হৈ পৰোঁ:
সময়ৰ আগতেই কামৰ বাবে সাজু হ’বলৈ শিকিলে কালিৰ কামৰ বোজা ভালেখিনি লাঘৱ হ’ব৷ গতিকে পাছত কৰিম বুলি নথৈ আজিয়েই কৰিবলৈ শিকিলে আমি কালিলৈ আনন্দ কৰিম, নিজক ধন্যবাদ দিম কামটো আজিয়েই আৰম্ভ কৰা বাবে৷

মানুহৰ কাৰ্যই প্ৰকৃত সত্য দেখুৱায়:
মানুহে বহুকথাই কয়, কিন্তু মানুহৰ কাৰ্যইহে আচল ৰূপটো প্ৰকাশ কৰে৷ কথা শুনি নহয়, মানুহৰ কামলৈ চাইহে আমি মানুহৰ বিষয়ে ধাৰণা গ্ৰহণ কৰিবলৈ শিকা উচিত৷

সকলো সুন্দৰ জীৱনৰ আঁৰত কিবা নহয় কিবা বেদনা আছে:
কোনো শুদ্ধ-সিদ্ধ নহয়৷ভুল সকলোৱে কৰে৷আমি জীৱনপথত আগবাঢ়োতে উজুটি খাওঁ, আকৌ উঠো, শিকনি লওঁ, আকৌ আগবাঢ়োঁ৷ হয়তো আঘাত আপুনি পাইছে, কিন্তু ধন্যবাদ দিয়া উচিত আপুনি যে জীয়াই আছে৷ জীৱনটোৱেই এটা ডাঙৰ আশীৰ্বাদ৷ আঘাত পোৱাৰ পাছতো আমি সম্মুখলৈ আগুৱাই থকা উচিত কাৰণ কেঁকুৰিৰ সিপাৰে কি আছে আমিতো নাজানো৷

জীৱনটো বৰ দীঘল নহয়:
এইটো আপোনাৰ জীৱন, আপুনিয়েই জীৱ লাগিব, যুঁজ কৰিব লাগিব৷ আপোনাৰ বিশ্বাস, আদৰ্শৰ বাবে যুঁজক, তাৰ বাবেই জীয়াই থাকক৷ আপোনাৰ বাবে যি প্ৰয়োজনীয় বা জৰুৰী তাৰ বাবে যুঁজক৷ আপুনি ভালপোৱা লোকসকলৰ বাবে যুঁজক আৰু তেওঁলোকৰ প্ৰতি আপোনাৰ ভালপোৱা প্ৰকাশ কৰিবলৈ নাপাহৰিব৷ এই সকলো কৰিবলৈ আপোনাৰ হাতত এতিয়াও এটা সুযোগ আছে, এইকথা অনুভৱ কৰি আপুনি ক্ষন্তেক থমকি ৰৈ চিন্তা কৰক৷ আপোনাৰ যি কৰিবলগীয়া আছে, কৰিবলৈ আৰম্ভ কৰক৷ 

মৰমৰ সৰু সৰু কামবোৰেই জগতখন সুন্দৰ কৰে:
দিনটোৰ ব্যস্ততাই, জীৱনৰ বোজাই জুৰুলা কৰা কাৰোবালৈ চাই হাঁহি এটা মাৰক, মৰমৰ ভাব দেখুৱাওঁক, তেওঁলোকক জানিবলৈ দিয়ক যে সুখী বা আনন্দিত হ’বৰ বাবে আন বহুতো কাৰণ আছে৷ দয়াই একমাত্ৰ সঞ্চয়কাৰ্য যি কেতিয়াও বিফলে নাযায়৷ য'তেই কোনো মানুহ আছে, তাতেই মৰম-দয়া দেখুউৱাৰ সুযোগ আছে৷ দিবলৈ শিকক, লাগিলে এটা হাঁহিয়েই হওঁক৷ আপোনাৰ বহুত কিবা-কিবি আছে বাবে নহয় কিন্তু নিজৰ একো নাই বুলি ভবা বহুতো লোক আছে বুলি আপুনি বুজি পোৱা বাবেহে৷

সময় আৰু অভিজ্ঞতাই বেদনা আঁতৰায়:
কোনো ডাঙৰ ক্ষতি, কোনো গভীৰ বেদনা নিশ্চয় উলাই কৰিবপৰা বিষয় নহয়৷ কিন্তু তেনেকথাবোৰ আমি অলপ বেলেগ ধৰণেও চাবলৈ শিকিব পাৰো৷ আজিৰ তেনে ঘটনা এদিন গৈ আমাৰ দীঘল অতীতৰ এটা সৰু অংশ হৈ পৰিব আৰু হয়তো এতিয়াৰ দৰে গুৰুত্বপূৰ্ণ হৈ আৰু নাথাকিব৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত হয়তো আপোনালৈ এনে নতুন দুৱাৰ মুকলি হ’ব পাৰে যাৰ অভিজ্ঞতা আপোনাৰ বাবে সম্পূৰ্ণ নতুন৷

(স্টিফানিৰ "টেন লাইফ লেচঞ্চ"ৰ আলমত)

No comments:

Post a Comment