পাতল ভাজি.. তাকে খাম আজি
প্ৰায় ত্ৰিশবছৰমান আগৰ কথা৷ প্ৰথম মুম্বাইলৈ গৈছো৷ লগত থকা
কেইজনো প্ৰথমবাৰৰ বাবেই মুম্বাইলৈ গৈছে৷ গৈ ধৰমশালা এটাত উঠিলো৷ সন্ধিয়া ওলাই গৈ হঠাতে
ব্যস্ত বজাৰৰ পৰা মুকলি ৰাজপথ এটা দেখিলো৷ তাৰ কিছু দূৰৰ পৰাই সাগৰ৷ পথৰ কাষে-কাষে
চকুৰে মনিব পৰালৈকে শাৰী-শাৰীকৈ লাইট৷ অভিনৱ দৃশ্য৷ প্ৰায় দুমিনিটমান স্তব্ধ হৈ একে
ঠাইতে ৰৈ থাকিলো৷ লগৰ এজনে কলে, “মেৰিন দ্ৰাইভ, কুইনচ নেকলেচ…”
মুম্বাই আৰু মেৰিন দ্ৰাইভ৷ শুনিছিলো৷ আজি দেখিলো৷ হেঁপাহ পলুৱাই
উপভোগ কৰিলো সেই মায়াময় পৰিৱেশ৷
নিশাৰ আহাৰ খাবলৈ সাধাৰণ ৰেষ্টোঁৰা এখনত সোমালো৷ বোৰ্ড এখনত
খোৱা-বস্তুৰ তালিকাখন লিখি থোৱা আছিল৷ প্ৰায় সকলোবোৰ নামেই অচিনাকী৷ কিবা এটা অৰ্ডাৰ
দি খালো৷ কোনোমতে ক্ষুধা নিবাৰণ হ’ল ৰাতিটোৰ বাবে৷
পিছদিনা ৰাতিপুৱা আকৌ একেখন ৰেষ্টোঁৰাত সোমালো৷ ইতিমধ্যে আমি
দুজনমানে অলপ চিনি পাব ধৰিছো কোনবিধ কি বস্তু৷ আমি কিবা এবিধ বস্তুৰ অৰ্ডাৰ দিলো৷
লগৰ
এজন কিন্তু অলপ ব্যতিক্ৰম আছিল৷ তেওঁ লিষ্টখন চালে, কান্দা ভাজি, ….., পা্তল ভাজি….আৰু
অৰ্ডাৰ লবৰ বাবে কাষত ৰৈ থকা ল’ৰাজনলৈ চাই ক’লে,
“এক প্লেট পাতল ভাজি…”
“ মাত্ৰ পাতল ভাজি? আৰু একো নালাগে?” ল’ৰাজনে আচৰিত হৈ সুধিলে৷
“ নালাগে, মই একপ্লেট পাতল ভাজিয়েই খাম৷”
কিছুসময় পাছত আমাৰ খোৱাবস্তুবোৰ আহিল৷ কিন্তু পাতল ভাজি অৰ্ডাৰ
দিয়াজন ৰৈ থাকিল৷
অলপ পাছত ল’ৰাজনে এখন ডাঙৰ প্লেটত পাতল ভাজি লৈ আহি আমাৰ লগৰীয়াজনৰ
সম্মুখত থ’লে৷ আমি সকলোৱে পাতল ভাজিনো কি চালোঁ৷
চাই দেখো, প্লেটখনত কেৱল হালধীয়া পানী আৰু মাজতে এডোখৰ আলু, যেন সাগৰৰ
মাজত এটা দ্বীপহে৷ অৰ্ডাৰ দিয়াজনে আমাৰ ফালে চাই লাজতে সেমেনা-সেমেনি কৰিব ধৰিলে৷
পাতল ভাজি লৈ অহা ল’ৰাজনে ক’লে,
“ এইটো অকলে কেনেকৈ খাব? মই দীঘল পাওৰুটি এটা লৈ আহিছো৷ তাৰ
লগতে খাওঁক৷”
বেচেৰা লগৰীয়াজনে পাওৰুটিটো হাত পাতি ল’লে বাধ্য ছাত্ৰৰ দৰে৷
তাৰপাছত এডোখৰ ভাঙি ডুবাই দিলে “পাতল ভাজি”ত৷
আমি মিচিক-মাচাককৈ হাঁহি খোৱাত মন দিলো৷