অলপ ধেমালি, বাকী খেলি-মেলি....
গোলাপ ফুলৰ যিমান পাহি
তোমাৰ কঁকাল সিমান লাহি|
তুমি দিয়া ফুলাম ৰুমাল
মোৰ জেপত প্ৰথম সোমাল|
সৰ্থেবাৰীৰ কাঁহি-বাতি
চিঠি লিখিলো গোটেই ৰাতি৷
কুকুৰৰ নেজ যিমান বেঁকা
লাইক নকৰি পালো সেকা|
হগাৰ সমান নাইযে সুখ
ব্লক কৰোঁতেহে পালো দুখ|
আকাশত যিমান আছে তৰা
তোমাক নাপাই জীয়াতে মৰা|
গুৱাহাটীত যিমান লোডশ্বেডিং
তোমাক নাপাই বান্ধিলো বেডিং|
পুখুৰীত থকা মেটেকা ফুল
নুবুজিলো মোৰ ক’তনো ভুল৷
ধুনীয়া তোমাৰ প্ৰফাইল ফটো
সমুখত লগাই চলাম অটো৷
i knew, it will come :D
ReplyDeleteহেঃহেঃ :-) ভাল লাগিছে !
ReplyDeleteধন্যবাদ
Deleteহা হা হা