At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday, 8 July 2015

আইটী আমাৰ কাম এতিয়াও শেষ হোৱা নাই৷ আমি যুদ্ধলৈ কেতিয়া উভতি যাব পাৰিম?

আইটী আমাৰ কাম এতিয়াও শেষ হোৱা নাই৷ আমি যুদ্ধলৈ কেতিয়া উভতি যাব পাৰিম?

১৯৭১ চন৷ পাকিস্তানৰ সৈতে আমাৰ যুদ্ধ চলি আছিল৷ মই আছিলো এজনী ষোড়শী—উৎপতীয়া আৰ্মি ছোৱালী৷ এদিন ৰাতি দেউতাই ক’লে যে আমি গোটেইবোৰ লক্ষ্ণৌ ষ্টেচনলৈ যাব লাগিব যুদ্ধত আহত হোৱা সেনাৰে ভৰা ৰেল এখন লগ পাবলৈ, তেওঁলোকৰ বেছিভাগেই হ’ব আঘাতপ্ৰাপ্ত আৰু আমি তেওঁলোকক আহাৰ-পানী যোগাই উৎসাহ দিবলৈ যাম৷ তেওঁলোক চিকিৎসাৰ বাবে মিলিটেৰী হস্পিটেললৈ গৈ আছে৷

মোৰ মনত পৰে, সেইয়া ৰাতিৰ সময় আছিল আৰু ষ্টেচনত আৰ্মিয়ে আহাৰ আৰু পানীৰ ব্যৱস্থা কৰিছিল৷ ৰেলখন লাহে লাহে প্লেটফৰ্ম পালেহি৷ মই নাৰ্ভাচ হ’লো৷ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত কেঁকাই থকা মানুহবোৰকনো মই কি ক’ম? মোকনো দেউতাই কিয় ইমান জোৰ কৰিছে যাবলৈ? মই হয়তো সহ্য কৰিব নোৱাৰিম আৰু মা-দেউতাক হতাশহে কৰিম৷ আন আন অফিচাৰ আৰু তেওঁলোকৰ ভাৰ্যাসকলৰ লগতে মোৰ মাও যাবলৈ ওলাইছিল বাবে মই অলপ সাহস পালো৷

ৰেলখন ৰোৱাৰ পাছত মোৰ হাতত কিছু খোৱাবস্তু আৰু পানী দি মোক ডবা এটালৈ যাবলৈ কোৱা হ’ল৷ ভিতৰত সকলোবয়সৰ মানুহ আছিল আৰু কিছুমান মোতকৈ এক বা দুইবছৰ ডাঙৰ ল’ৰা, কিন্তু কোনোৱে কেঁকাই থকা নাছিল, যদিও কিছুমানৰ অৎগ-প্ৰত্যংগ বেয়াধৰণে ছিঙি গৈছিল আৰু বহুতৰে মূৰ আৰু মুখবোৰ বেণ্ডেজেৰে বন্ধা আছিল৷

মই ফুটা-নুফুটা থোকাথুকি মাতেৰে ক’লো, তেওঁলোকৰ ত্যাগৰ প্ৰতি মই কিমান শ্ৰদ্ধা কৰো আৰু তেওঁলোক মোৰ বাবে বীৰ বুলি৷ তেওঁলোকে মিচিকিয়া হাঁহি মাৰি ক’লে, “আইটী, আমাৰ কাম এতিয়াও শেষ হোৱা নাই৷ আমি যুদ্ধলৈ কেতিয়া উভতি যাব পাৰিম?”

মই অবাক হৈ পৰিলো৷ এনে এটা উত্তৰ মই আশা কৰা নাছিলো৷ এনেদৰে বেয়াকৈ জখম হোৱা মানুহৰ পৰা যিসকলক সমৰক্ষেত্ৰৰ হস্পিটেলত যেনেতেনে চিলাই মাৰি দিয়া হৈছে আৰু এতিয়া চিকিৎসাৰ বাবে কমাণ্ড হস্পিটেললৈ লৈ যোৱা হৈছে৷ কিছুমানৰ হাত-ভৰি আদি কাটি পেলোৱা হ’ব, আন কিছুমানৰ বাবে হয়তো মাহৰ পাছত মাহজোৰা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব বোম আৰু বুলেটে বেয়াধৰণে কৰা ক্ষতিবোৰ মেৰামতি কৰিবলৈ৷ তথাপি তেওঁলোক উভতি যাব বিচাৰে কাম শেষ কৰিবলৈ!!!

শত্ৰুৱে তেওঁলোকৰ শৰীৰহে ভাঙিছে কিন্তু মনোবল ভাঙিব পৰা নাই৷

পিছদিনা দেউতাই মোক হস্পিটেললৈ গৈ থাকিবলৈ ক’লে যিসকল চিঠি লিখিব পৰা অৱস্থাত নাই সেইসকলৰ হৈ চিঠি লিখি দিবলৈ৷ হস্পিটেলৰ এটা অংশত ইনটেনচিভ কেয়াৰত থকা এজন ডেকা অফিচাৰ দেখিলো যাৰ ৰাজহাড় ছিন্ন-ভিন্ন হৈ গৈছিল আৰু কোনোমতে জীৱনটো খামুচি ধৰি আছিল৷ কিছুদিন পাছতে তেওঁৰ মৃত্যু হৈছিল৷ মোৰ মা-দেউতা আৰু তেওঁৰ মাক-দেউতাক তেওঁৰ কাষত আছিল৷ তেওঁ তেওঁলোকক কৈছিল তেওঁৰ কোনো দুখ নাই বুলি৷ যদিও তেওঁ সম্পূৰ্ণৰূপে নিথৰ হৈ আছিল, মোৰ এনেকুৱা লাগিছিল তেওঁ যেন তেওঁৰ বুটজোতাৰে থিয় হৈ আমাৰ দেশৰ পতাকাখনক চেলুট দিহে মৃত্যু বৰণ কৰিলে৷

আন এটা কোঠাত শাৰী শাৰী বিচনাত থকা জোৱানবোৰে মোক কৈছিল তেওঁলোকৰ কোমল বয়সীয়া ভাৰ্যা আৰু মাক-দেউতাকলৈ চিঠিত কি কি লিখিব লাগিব৷ তেওঁলোকৰ ঘৰলৈ লিখা চিঠিবোৰ উৎসাহপূৰ্ণ আছিল আৰু মূল বিষয়টোও আছিল একেই; “ আমাক খুব ভালদৰে যত্ন লোৱা হৈছে৷ কিন্তু আমি সোনকালে ঘৰলৈ যাম বুলি আশা নকৰিবা কাৰণ আমি উভতি গৈ শত্ৰুক পৰাস্ত কৰিব লাগিব৷”

দিন বাগৰি যোৱাৰ লগে লগে তেওঁলোকৰ কিছুমান অস্থিৰ হৈ পৰিব ধৰিলে আৰু মোক অনুৰোধ কৰিলে ডাক্তৰক ক’বলৈ যাতে তেওঁলোকক যাবলৈ এৰি দিয়ে যুদ্ধলৈ৷ তেওঁলোকৰ উৎসাহ আৰু দেশপ্ৰেম চমকপ্ৰদ আছিল৷ মোৰ লাজ লাগিছিল নিজকে ইমান নিখুঁত, সুস্থ অথচ কামত নলগা যেন অনুভৱ কৰি৷ যেতিয়া ডাক্তৰসকলক মই তেওঁলোকৰ বিষয়ে সুধিলো তেওঁলোকে জনালে যে মই যিসকলৰ হৈ চিঠি লিখি আছো সেইসকলৰ এজনো আৰু যুদ্ধ কৰিব পৰাকৈ সক্ষম হৈ নুঠিব৷ তেওঁলোকক অৱসৰ দিব লাগিব৷ “ কিন্তু তেওঁলোক ইমান ডেকা হৈ আছে”, মই যুক্তি দিওঁ৷ আপোনালোকে সোনকালেই তেওঁলোকক আকৌ যুদ্ধ কৰিব পৰাকৈ সুস্থ কৰি তুলিব পাৰিব৷”

সৈনিক হ’ব পৰাকৈ সক্ষম নহ’ব বুলি মোক কোৱা হ’ল৷

আৰু ইফালে মোৰ আহত বীৰসকলে ভাবি আছে তেওঁলোক আকৌ সেনাবাহিনীলৈ যাব য’লৈ যাবলৈ তেওঁলোকে মনে-প্ৰাণে বিচাৰে৷ এনে চমকপ্ৰদ মনোবলৰ এই মানুহখিনিৰ ভৱিষ্যতত বাৰু কি আছে? সেনাবাহিনীয়েই আছিল তেওঁলোকৰ জীৱন আৰু তেওঁলোক আহত হৈছে আমাক সুৰক্ষা দিবলৈ৷

আন কোঁঠাবোৰৰ পৰা পৃথকে ৰখা আন এটা কোঠাত বেয়া ধৰণে জ্বলি যোৱা ডেকা অফিচাৰ এজন আছিল৷ তেওঁৰ প্ৰেমিকালৈ লিখা চিঠিবোৰত কোৱা হৈছিল প্ৰেমিকাই যাতে তেওঁক পাহৰি যায় কাৰণ তেওঁ এতিয়া আৰু প্ৰেমিকাই চিনিপোৱা মানুহজন হৈ থকা নাই৷ তেওঁৰ পোৰা চিনবোৰ গোটেই জীৱন থাকি যাব৷ তেওঁ কেতিয়াও আপত্তি নকৰিছিল আৰু চিঠি লিখাত সহায় কৰি দিয়া বাবে মোৰ প্ৰতি সদায় কৃতজ্ঞতা জ্ঞাপন কৰিছিল৷

তেওঁৰ প্ৰেমিকাই উত্তৰত লিখিছিল তাই তেওঁৰ বাহিৰে আন কাকো বিয়া নকৰায় বুলি৷ তেওঁৰ মুখত হাঁহি বিৰিঙিছিল৷ তেওঁৰ দাগবোৰ ভাল হ’ব, তেওঁ সোনকালেই সুস্থ হ’ব বুলি মই উৎসাহ দিছিলো৷

মই দিনৰ পিছত দিন ধৰি দেখি অহা তেওঁলোকৰ সাহস আৰু ভাৰতবৰ্ষৰ প্ৰতি থকা অসীম প্ৰেম বৰ্ণনা কৰিবলৈ উপযুক্ত শব্দ বিচাৰি পোৱা নাই৷ কেৱল এটা কথাই মই জানিছিলো যে এৰাতিৰ ভিতৰতে মই ডাঙৰ হৈ গৈছিলো আৰু সেই অভিজ্ঞতাৰ কথা মই কেতিয়াও নাপাহৰো৷ মোৰ নিজকে অতি সৰু যেন লাগিছিল কিন্তু গৌৰৱ অনুভৱ কৰিছিলো যে এনেকুৱা যোগ্য ব্যক্তি আমাৰ আছে আমাৰ দেশখন ৰক্ষা কৰিবলৈ৷


মূল: আচালী বাৰ্মা  :::: অনুবাদ: ডঃ মাখন লাল দাস

5 comments: