At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 24 October 2012

আধুনিক মহিষাসুৰ

তেতিয়া আমি তিতাবৰত থাকো৷ ক-খ শ্ৰেণীমানত পঢ়ি আছো৷

পূজাৰ সময়ত বৰপেটাৰোডলৈ আহিছিলো, মোমাইদেউহঁতৰ ঘৰলৈ৷ আমি পাচোঁজন ভাই-ককাই আৰু প্ৰায় সমনীয়া সৰু মোমাইদেউ দুজন , বয়সত গোটেই কেইজন সৰু সৰু আছিলো৷ বৰপেটাৰোডত তেতিয়া খুব ডাঙৰকৈয়ে দুৰ্গা-পূজা পতা হৈছিল৷ পুজাৰ সময়ত ৰং-বিৰঙৰ বেলুন কিনাটো এটা ডাঙৰ আকৰ্ষণ আছিল আমাৰ বাবে৷

এদিন সৰু মোমাইদেউৰ মূৰত এটা বুদ্ধি খেলালে, অলপ ব্যৱসায় কৰাৰ৷ পূজাৰ বজাৰত বেলুন বেচি দুপইচা উপাৰ্জন কৰাৰ৷ কথামতে কাম৷ আমি সকলোৱে নিজৰ নিজৰ হাতত থকা পাঁচ পইচা, দহ পইচা আদি গোটাই বজাৰৰ পৰা দুপেকেটমান বেলুন কিনি আনিলো৷ তাৰ পাছত আটাইকেইজন লাগি পৰিলো বেলুন ফুলোৱাত৷ এজনে মৰাপাটৰ ঠাৰি দুডাল মান লগ লগাই ক্ৰচ এটাৰ নিচিনা ফ্ৰেম এটা সাজিলে আৰু আমি বেলুনবোৰ ফুলাই ফুলাই তাতে ওলোমাবলৈ ধৰিলো৷ প্ৰায় বিশটামান বেলুন ফুলোৱা হ'ল৷ নানা ৰঙৰ বেলুনেৰে ফ্ৰেমটো ভৰি পৰিল৷ আমিও উৎসাহেৰে আগবাঢ়িলো ওচৰতে থকা ৰেল-স্টেচনটোৰ পিনে, আমাৰ ক্ষুদ্ৰ বেলুন ব্যৱসায় আৰম্ভ কৰি দুপইচা ঘটিবলৈ৷

স্টেচন পাই আমি সুবিধাজনক ঠাই এডোখৰ বাছি লৈ, মাটিত গোজ মাৰি থিয় কৰি দিলো আমাৰ বেলুনৰ ফ্ৰেমটো৷ মৃদু বতাহত ৰং-বিৰঙৰ বেলুনবোৰ লৰ-চৰ কৰি থাকিল৷ আমিও ঘাঁহনিত বহিলৈ বেলুনৰ গ্ৰাহক অহালৈ অপেক্ষা কৰিব ধৰিলো৷

সৰু-সৰু ল'ৰা-ছোৱালী দুজন মান ওচৰ চাপি আহি বেলুন কেইটালৈ অলপ পৰ চাই থাকিল৷ আমিও আগ্ৰহেৰে সিহঁতলৈ চাই থাকিলো৷ অলপ পাছত সিহঁত আতৰি গ'ল৷ এটা বেলুনো নিকিনিলে৷ আমাৰ মনটো সেমেকি উঠিল৷

তেনেদৰে আধাঘন্টামান পাৰ হৈ গ'ল৷

অলপ দুৰৰ পৰা দুজন ডাঙৰ ডাঙৰ ল'ৰাই আমাৰ ফালে চাই আছিল৷ লাহে লাহে ল'ৰাদুজন আমাৰ ফালে আগুৱাই আহিল৷ আমি অলপ উৎসাহ অলপ উৎকন্ঠাৰে ল'ৰাদুজনলৈ চাই থাকিলো৷ ল'ৰাদুজন একেবাৰে ওচৰ পালেহি৷

"কি কৰিছ তহঁতে? বেলুন বেচিবলৈ আহিছ?" এজনে সুধিলে৷
আমি মূৰ দুপিয়াই সঁহাৰি দিলো৷

"এই ৰঙা বেলুনটোৰ দাম কিমান?" বুলি ল'ৰা এজনে ৰঙা বেলুন এটা হাতেৰে ধৰিলে৷ লগে লগে প্ৰচন্ড শব্দ এটা কৰি বেলুনটো ফাটি থাকিল৷ আমাৰ বুকুবোৰ বিষাই উঠিল৷

"ধেৎতেৰি, এইটো ফাটিল৷ এই হালধীয়াটোৰ দাম কিমান?" বুলি মিচিকিয়া হাঁহি মাৰি ল'ৰাজনে এইবাৰ হালধীয়া বেলুন এটা হাতেৰে ধৰিলে৷ লগে লগে হালধীয়া বেলুনটোও ফাটি থাকিল৷

আমি অস্থিৰ হৈ পৰিলো৷ ল'ৰাজনে হাঁহিমাৰি ক'লে, " কি কথা? চব বেলুন দেখোন হাতেৰে ধৰিলেই ফাটি থাকে?" তাৰপাছত তৃতীয়টো হাতেৰে ধৰিলে ল'ৰাজনে৷ সেইটোৰো একেই অৱস্থা৷ হাততে ফাটি থাকিল৷

হঠাতে আমাৰ মাজৰ এজনে লক্ষ্য কৰিলে, ল'ৰাজনে হাতত ভঙা গ্লাচৰ টুকুৰা এডোখৰ লৈ আছে আৰু বেলুন কিনাৰ ভাও ধৰি আমাৰ বেলুনবোৰ আচলতে ফুটাবলৈহে আহিছে৷ আমাৰ বুজিবলৈ অসুবিধা নহ'ল৷

বাধা দিয়াৰ সাহস গোটোৱাৰ আগতেই ল'ৰা দুজনে আমাৰ চকুৰ আগতে এটা এটাকৈ গোটেই কেইটা বেলুন ফটাই দি ধেকধেকাই হাঁহি হাঁহি আতৰি গ'ল৷ আমি অসহায় ভাবে মাথোন চাই ৰ'লো৷ আমাৰ ব্যৱসায়ৰো কৰুণ পৰিসমাপ্তি ঘটিল৷

অলপ দুৰৈত থকা পূজা-মন্ডপখনলৈ চাই পঠিয়ালো৷ চকুত পৰিল মহিষাসুৰৰ মূৰ্ত্তিটো৷ মনত এনে ভাব হ'ল যেন এইমাত্ৰ বেলুন ফটাবলৈ অহা ল'ৰাদুজন সেই মহিষাসুৰতকৈও ভয়াবহ৷

আমাৰ মাজত এগৰাকী দুৰ্গাৰ অভাৱ বাৰুকৈয়ে অনুভৱ হৈছিল সেই সময়ত৷

2 comments:

  1. আমি সৰু থাকোতে আকৌ দুষ্ট ল’ৰাবোৰে হাতত কেৰাচিন লৈ আছিল বেলুন ফুটাবলৈ৷ সেই সময়ত হোলীত ৰংখেলিবলৈ কিছুমান স্প্ৰে ওলাইছিল৷ সেই স্প্ৰেৰ ভিতৰত কেৰাচিন তেল লৈ দূৰত কোনোবাই বেলুন লৈ থকা দেখিলে দূৰৰ পৰাই স্প্ৰেৰ সহায়ত কেৰাচিন ছটিয়াই দি বেলুনবোৰ ফটাইছিল৷

    ReplyDelete
  2. মুঠতে দুষ্ট ল'ৰাৰ দুষ্ট বুদ্ধিৰ অভাৱ নাই..

    ReplyDelete