At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday, 6 September 2016

অ' দেতা , অ'মলেট..

অ' দেতা , অ'মলেট..
অ'মলেট খাই সৰুৰে পৰা বৰ ভাল পাওঁ৷ আমি সৰুতে চৰকাৰী ৰেচম পামত আছিলো আৰু দেউতাই ঘৰতে বিলাতী জাতৰ কুকুৰা পুহিছিল৷ দিনে দহ-বাৰটাকৈ কণী পাইছিলো আমি৷ ঘৰতে পুডিং , কেক আদি বনাইছিল মাই আৰু অ'মলেট প্ৰায়েই খাইছিলো৷
নগাঁৱৰ ওচৰৰ শেনচোৱাৰ ৰেচম পামত থকা সময়ৰ কথা৷ তেতিয়া মই স্কুললৈ যাব পৰা হৈছিলো মাত্ৰ৷ পামত কেইঘৰমানহে মানুহ৷ সন্ধিয়া ইঘৰ-সিঘৰ ফুৰিবলৈ যোৱাটো এটা নিয়ম আছিল৷ এদিন আবেলি আমি মা-দেউতাৰ সৈতে এঘৰ মানুহৰ তালৈ ফুৰিবলৈ গ'লো৷ ঘৰমৰ দিন আছিল বাবে দেউতাই গৃহস্থৰ সৈতে আগপিনৰ ঘাঁহনিতে চকী পাৰি বহি কথা পাতিবলৈ ধৰিলে৷ দাদাহঁতো কাষতে বহি কথা শুনি থাকিল অতি শান্ত-শিষ্ট হৈ৷ মা ভিতৰলৈ গৈ গৃহিণীৰ সৈতে কথা পতাত লাগিল৷ স্বভাৱতে চঞ্চল মই এবাৰ বাহিৰ, এবাৰ ভিতৰ কৰি থাকিলোঁ৷
কিছুসময় পাছত পাকঘৰত চাহ-জলপানৰ আয়োজন চলিল৷ প্ৰথমে লুচী বনোৱা দেখিলো৷ মই লাহেকৈ বাহিৰ ওলাই আহি দেউতাৰ ওচৰলৈ গৈ লাহেকৈ ক'লো, "অ' দেতা, লুচী৷"
দেউতাই শুনিও নুশুনাৰ ভাও ধৰিলে৷ মই ভিতৰ সোমাই গ'লো৷ ইতিমধ্যে লুচী বনোৱা হ'ল৷ এইবাৰ অ'মলেট বনাবলৈ লৈছে গৃহিণীয়ে৷ মই অতি উৎসাহেৰে বাহিৰলৈ লৰ মাৰিলোঁ৷ এইবাৰ অলপ জোৰকৈয়ে ক'লো, "অ' দেতা, অ'মলেট৷"
এইবাৰো দেউতাই একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, কেৱল মোৰ ফালে চালে৷
যথাসময়ত চাহ-জলপান খোৱা হ'ল৷ লাহে-লাহে এন্ধাৰ হৈ আহিল৷ আমি সকলোটিৱে ঘৰৰ পিনে খোজ ল'লোঁ৷বেছি দূৰ নহয়৷ এশমিটাৰমান দূৰতে আমাৰ ঘৰ৷ কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছতে হঠাতে দেউতা মোৰ কাষ চাপি আহি দিলে এটা চৰ৷ তাৰপাছত মূৰত আঙুলিৰে প্ৰচণ্ড আঘাত,
"ঘৰত অ'মলেট খাই পোৱা নাই? অভদ্ৰ?"
সকলোৰে আগতে, মাজবাটতে দেউতাৰ চৰ খাই লাজে-অপমানে মৰি যোৱা যেন লাগিল৷ মুখখন ভঙাপাচি যেন কৰি অলপ সময় একে ঠাইতে থিয় দি ৰ'লো৷ দুখো লাগিল৷ "মইনো কি ভুল কৰিলো? দেউতাহঁতক অ'মলেট থকা বুলি খবৰহে দিছিলো৷ ভালহে পাব লাগিছিল?" বুলি ভাবি অভিমানত চকুপানী ওলাল৷ দেউতাহঁত আগুৱাই গৈ থাকিল৷ চাৰিওফালে এন্ধাৰ হৈছিল তেতিয়া৷  মোৰ ভয়ো লাগিল৷ চুচুক-চামাককৈ অলপ দূৰত্ব বজাই ৰাখি মই দেউতাহঁতৰ পিছে-পিছে আগবঢ়িব ধৰিলোঁ৷
অ'মলেট দেখিলে আজিও সেই ঘটনাটো মনত পৰে৷

No comments:

Post a comment