এন্দুৰৰ প্ৰতিশোধ
এটা প্ৰকাণ্ড
এন্দুৰ৷ মোৰ শোৱাকোঁঠাৰ এচিটোৰ ভিতৰতে সোমাই থাকে৷ মই ঘৰৰ পৰা ওলাই গ’লে সি ওলাই আহে,
গোটেই ঘৰ তহিলং কৰে৷ ৰাতি হ’লে উৎপাত বেছি হয়৷
কালি ৰাতি খাই-বৈ
বিচনাত পৰিছোঁ মাত্ৰ৷ দেখিলো, এন্দুৰটো এচিৰ ভিতৰৰ পৰা ওলাই আহি বিচনাৰ তলত সোমাইছে৷
অলপ সময় তভক মাৰি ৰ’লো৷ একো সাৰ-সুৰ নাই৷ তেনেদৰে এঘন্টামান পাৰ হ’ল৷ মই পানী খাবলৈ
বুলি পাকঘৰ পালোঁগে৷ পাকঘৰৰ লাইটটো জ্বলোৱাৰ লগেলগে এন্দুৰটো পাকঘৰৰ পৰা ওলাই দ্ৰয়িংৰুমত
সোমোৱা দেখিলোঁ৷ দ্ৰয়িংৰুমৰ চোফাৰ তলত সোমাল সি৷ ৰাতি চোফাখনো কুটুৰ কুটুৰ কৰি থাকে
প্ৰায়েই৷ পানী খাই, লাইটটো অফ কৰি ওলাই আহিব ধৰোঁতে মূৰত এটা বুদ্ধি খেলালে৷ পাকঘৰৰ
দুৱাৰখন ভালদৰে বন্ধ কৰি দিলো যাতে এন্দুৰটো সোমাব নোৱাৰে৷তাৰপাছত শোৱাকোঁঠাত সোমাই
শোৱাকোঁঠাৰ দুৱাৰখনো ভালদৰে জপাই শলখা লগাই দিলো৷ গতিকে এন্দুৰটো পাকঘৰলৈও যাব নোৱাৰিব,
শোৱাকোঁঠালৈও আহিব নোৱাৰিব৷ যি উৎপাত কৰে বা খায় সি দ্ৰইংৰুম আৰু বাথৰুমতে কৰিব লাগিব৷
আজি কেনে মজা, এটা বিজয়ৰ হাঁহি মাৰি মই গৰম কাপোৰখন ভালদৰে গাত লৈ মোবাইলত ফেচবুক কৰিবলৈ
ধৰিলো৷
ৰাতিপুৱা উঠি
শোৱাকোঠাৰ দুৱাৰ খুলি ওলাই আহিলো, কিন্তু দুৱাৰখন আকৌ ভালদৰে বাহিৰৰ পৰা জপাই শলখা
লগাই দিলোঁ যাতে এন্দুৰটো আকৌ সোমাব নোৱাৰে৷ ৰাতি এন্দুৰটো দ্ৰইংৰুমতেই থাকিল৷ ৰাতি
সি ক’ত কি উদ্ভণ্ডালি কৰিলে তাকে চোৱাত লাগিলোঁ৷ একো চকুত নপৰিল৷ মজিয়াৰ মাজতে থকা
টেবুলৰ বস্তুবোৰো ঠিক ঠাইতে আছে৷ চোফাখনৰো নতুনকৈ একো অনিষ্ট কৰা চকুত নপৰিল৷ অলপ আচৰিত
হ’লো৷ এন্দুৰটো গ’ল ক’লৈ?
হঠাতে চকু গ’ল
দুৱাৰৰ কাষতে থকা মোৰ জোতা আৰু চেণ্ডেললৈ৷ ঘৰৰ ভিতৰ সোমায়েই জোতা-চেণ্ডেল দুৱাৰৰ কাষতে
খুলি থওঁ৷ জোতাযোৰ দামী৷ আমাজন নে ফ্লিপকাৰ্টত অৰ্ডাৰ দি কিনিছিলো দুবছৰ আগতে৷ চেণ্ডালযোৰ
তাতকৈও দামী৷ প্ৰায় ডেৰবছৰ আগতে উদয়পুৰৰ ইজি ডে’ মলৰ ডাঙৰ দোকান এখনত কিনা৷ বাহিৰলৈ
গ’লে সেইযোৰেই পিন্ধি যাওঁ৷ জোতাযোৰ কমেইহে পিন্ধোঁ৷
দূৰৰ পৰাই চকুত
পৰিল; চেণ্ডেলযোৰৰ ওচৰ চাপি গৈ আকৌ ভালদৰে চালো৷ হয়, যি ভয় কৰিছিলো সেয়ে হ’ল৷ ৰাতি
এন্দুৰটোৱে মোৰ দামী চেণ্ডেলযোৰৰ সম্মুখৰ ফালে এনেদৰে এডোখৰ কামুৰি বখলিয়াই লৈ গৈছে
যে কোনোমতেই সেইডোখৰ লুকুৱাব পৰা নাযাব পিন্ধাৰ সময়ত৷ মুঠতে চেণ্ডেলযোৰ ঘৰত পিন্ধাৰ
বাহিৰে আৰু উপায় নাই৷
এন্দুৰটোৱে তাৰ
প্ৰতিশোধ ভালদৰেই ল’লে৷
এন্দুৰ মৰা দৰৱ
নিকিনিলেই নহ’ব৷