At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 29 May 2015

গুৱাহাটী আই আই টি.. চেন্নাইত চেঙালুটি..

গুৱাহাটী আই আই টি.. চেন্নাইত চেঙালুটি..

১৯৮৭/৮৮ চন৷ তেতিয়া আই আই টি মাদ্ৰাজত এম টেক কৰি আছো৷ হোষ্টেলত থাকোঁ৷ অসমীয়া বুলিবলৈ চিনাকী দুজনমানহে আছিল গোটেই কেম্পাচত৷
অসম চুক্তি অনুসাৰে অসমত আই আই টি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হ’ল আৰু সেই মতে লোকসভাত বিল পাছ হ’ল৷ খবৰটো বাতৰি কাকতত প্ৰকাশ পালে৷ মইও পঢ়িলো৷
কিছু সময় পাছতে চাৰিজনমান দক্ষিণ ভাৰতীয় বন্ধু মোৰ ওচৰলৈ দৌৰি আহিল৷ লগতে দিল্লীৰ এজন৷ কোনো পাতনি নেমেলাকৈ কৰ্ণাটকৰ কিশোৰে সুধিলে,
“হেই দাস৷ খড়গপুৰৰ পৰা গুৱাহাটী কিমান দূৰ?”
প্ৰশ্নটো কি কাৰণে কৰা হৈছে মই বুজি পাবলৈ মোৰ অসুবিধা নহ’ল৷ উত্তৰ দিলো,
“ প্ৰায় এহেজাৰ কিলোমিটাৰ৷”
“ তুমি মিছা কৈছা৷” কিশোৰে প্ৰতিবাদ কৰি ক’লে৷
“মিছা ক’বলৈ কিটো আছে?” , মোৰ উত্তৰ৷
 “ খড়গপুৰত দেখোন আই আই টি এখন আছেই, গুৱাহাটীত আকৌ এখন কিয় লাগে?” কিশোৰে সুধিলে৷
মোৰ খংটো সোনকালে উঠে৷ মুখখনো অলপ চোকা৷ মই চোকা ভাষাৰেই উত্তৰ দিলো,
“ কিয় লাগে মোক কিয় সুধিছা? মই সিদ্ধান্ত লৈছা নেকি? দিল্লীৰ পৰা কানপুৰ কিমান দূৰ? দিল্লীত আই আই টি থাকোঁতে কানপুৰত কিয় আৰু এখন পাতিলে?”
এইবাৰ আন এজন দক্ষিণ ভাৰতীয় বন্ধুৱে মাত লগালে,
“ কোন যাব পঢ়িবলৈ গুৱাহাটীলৈ?”
মই বন্ধুজনলৈ ঘোপাকৈ চাই উত্তৰ দিলো,
“কোন যাব মানে? তোমালোকৰ ল’ৰা-ছোৱালী যাব৷ মই যদি অসমৰ পৰা চেন্নাইলৈ পঢ়িবলৈ আহিব পাৰো তোমালোকৰ ল’ৰা-ছোৱালী ইয়াৰ পৰা আমাৰ তালৈ পঢ়িবলৈ যোৱাত আপত্তি কিহৰ?”
আন এজনে মাত লগালে,” আই আই টি এখন লাগে বুলিনো আন্দোলন কৰিব লাগেনে?”
মই উত্তৰ দিলো,” আন্দোলন আই আই টিৰ কাৰণে কৰা হোৱা নাছিল৷ বিদেশী বিতাড়নৰ বাবেহে৷… ইত্যাদি , ইত্যাদি৷”
আৰু কিছুপৰ কথা কটা-কটি হ’ল৷ এটা কথা বুজি পালো, অসমত আই আই টি এখন স্থাপন হোৱা কথাটো তাৰ মানুহবোৰে সহজভাবে ল’ব পৰা নাই৷ অসমৰ নিচিনা এখন পিছপৰা, জংঘলী মানুহৰ ঠাইত আই আই টি? কি আজৱ কাৰবাৰ?.... হয়তো তেনেদৰেই ভাবিছে তেওঁলোকে৷
দুদিনমান পাৰ হ’ল৷ ক্লাচ চলি আছে৷ তেলুগু প্ৰফেচাৰ এজনৰ ক্লাচ৷ মই কিবা এটা প্ৰশ্ন সুধিলো৷ তেখেতে কিবা এটা ক’লে৷ হঠাতে কাষত বহি থকা অশোক কুমাৰে মাত দিলে,
“চাৰ, সিহঁতে অসমত এখন আই আই টি পাব নহয়…”
প্ৰফেচাৰজনে মুখত এটা অদ্ভূত ভাব ফুটাই তুলি কৈ উঠিল…
“ ওহো হো হো…. হয় নেকি? আমাৰ পুৰণা আই বি এম কম্পিউটাৰটো  সিহঁতকে দি দিব পাৰিম৷ “
দুই এজনে সশব্দে হাঁহিলে৷ খঙত মোৰ তেজ উতলি উঠিল৷
উগ্ৰ জাতীয়তাবাদী মই নহয়, কিন্তু নিজৰ ঠাই, নিজৰ মানুহখিনিক কোনোবাই ঠাট্টা-উপলুঙা কৰিলে দেখোন মনটোৱে বিদ্ৰোহ কৰি উঠে৷


Tuesday, 12 May 2015

मेरे कुछ चुनिन्दा मुक्तक

मेरे कुछ चुनिन्दा मुक्तक.....

1......
बेफिक्र हुँ मैं फिक्र करता हुँ मगर
आदत रही मुझको बनाने की डगर
हुँ परेशाँ क्यों कटे इस क्षेत्र में पर
अब हजारों आस के प्यारे सजर ..

2....
खुदमें खुदको खुब तलाशा 
पाने की थी पूरी आशा 
अनजाने में लेकिन दिलने
मुझको दिया करारा झांसा

3.....
तेरे घर आने को तैयार था
तेरी दावत का इंतजार था
तेरे शहर में आके भी 
दुर्लभ तिरा दीदार था .

4....
भाषा ने लोगों को जोड़ा
उसी ने लोगों को तोड़ा 
बहुत अनुरागी थे जो
उन्होंने ही मुँह मोड़ा .

Thursday, 16 April 2015

ধুনপেচ, ফেচন ইত্যাদি..



ধুনপেচ, ফেচন ইত্যাদি..

প্ৰায় এশ বছৰ আগতে লিখা অভিধান এখনত ধুনপেচ শব্দৰ উদাহৰণ হিচাবে হেনো বাক্য এটা লিখা হৈছিল, “ আজিকালিৰ ডেকা ল’ৰাৰ ধুনপেচ কি চাবা?
এশ বছৰ আগৰ ডেকাল’ৰাৰ ধুনপেচ? চিন্তা কৰিলে আজিৰ ডেকাই হাঁহি এটা মাৰিবযে নিশ্চিত৷ সেইসকল কেতিয়াবাই আউট ডেটেদ হৈ গ’ল৷
জীৱনৰ বিয়লি পৰত এবাৰ উভটি চাই নিজৰ সময়ৰ ধুনপেচৰ কথাবোৰো মনত পেলাই ভাল লাগে৷ সেইসময়ৰ চিনেমাবোৰ চালেই কথাবোৰ মনত পৰি যায়৷ তেনে কিছুমান ফেচনৰ কথাকে উল্লেখ কৰিব খুজিছো ইয়াত৷

হাই হিল: কেৱল ছোৱালীয়েই নহয়, ল’ৰাবোৰেও ওখ দেখিবলৈ হাই হিল জোতা পিন্ধিছিল৷ হিলটো সাধাৰণতে কাঠৰ আছিল৷ তেনে এজাক ডেকা বাটেৰে খোজ কাঢ়ি গ’লে খট্ খট্ শব্দ কৰি এদল ঘোঁৰা গৈ থকা যেন লাগিছিল৷ এবাৰ সৰস্বতী পূজাৰ দেৱী বিসৰ্জন দিবলৈ যাওঁতে হোষ্টেলৰ ল’ৰাবোৰে নাচি থাকোঁতে মণিপুৰী ল’ৰা এজনৰ এপাত জোতাৰ হিলটো খুলি গ’ল৷ প্ৰায় ছয় ইঞ্চি ওখ হিলটো ল’ৰাজনে হাতত ল’লে ঠিকেই কিন্তু খোজকাঢ়োতে এখন ভৰি আনখন ভৰিতকৈ প্ৰায় ছয় ইঞ্চি দীঘল হোৱা বাবে ভালেখিনি সময় কষ্ট সহ্য কৰি থাকিবলগীয়া হ’ল মুচি এজনৰ হতুৱাই খুলি পৰা হিলটো আকৌ গজাল মাৰি লগাই নোলোৱালৈকে৷

দ্ৰেইন পাইপ: ল’ৰাৰ লংপেন্টবোৰ একেবাৰে শৰীৰত লিপিট খাই পৰা আছিল৷ শকতবোৰৰ কথা যেন-তেন কিন্তু খীণবোৰৰ ভৰিবোৰ মুৰ্গীৰ ঠেং যেন দেখিছিল৷ পেন্টবোৰৰ তলটো এঘাৰ-বাৰ ইঞ্চিমান বহল আছিল৷ পিন্ধিবৰ সময়ত কোনোমতে ঠেলি হেঁচি ভৰিখন সুমুৱাই দিয়া হৈছিল৷ খুলিবৰ সময়ত কেতিয়াবা আন এজনক আধাখোলা পেন্টটো জোৰেৰে টানিবলৈ কোৱা হৈছিল৷ তাতে আন এটা উপায় কৰি পেন্টৰ তলৰ কাষদুটা অলপ অলপ কাটি দিয়াৰ ব্যৱস্থাও কোনো কোনোৱে কৰি লৈছিল৷

বেলবটম: তাৰপাছত আহিল বেলবটম৷ ই আছিল হিপ্পী সংস্কৃতিৰ এটা অৱদান৷ এঘাৰ-বাৰ ইঞ্চিৰ পৰা পেন্টৰ তলবোৰ একেবাৰে ত্ৰিশ-পয়ত্ৰিশ ইঞ্চি হ’লগৈ৷ কিছুমানে আকৌ তলটো বহল কৰিবলৈ পেন্টৰ কাষেৰে বেলেগ কাপোৰো লগাই লৈছিল৷ তেনে বেলবটম পিন্ধা ডেকা-গাভৰুৱে বাটেৰে খোজ কাঢ়ি গ’লে গোটেই বাটটো সাৰি পৰিষ্কাৰ কৰি লৈ গৈছিল৷

জুলফী: মুখত দাড়ি-গোঁফ ফুটি উঠক বা নুঠক ডেকাসকলে কিন্তু এটা সময়ত দীঘলকৈ খট বা জুলফী ৰাখিছিল৷ তাৰে সুযোগ লৈ কিছুমান শিক্ষকে শাস্তি দিবলৈ ছাত্ৰৰ জুলফী টানিছিল৷ 

দীঘল চুলি : ইও আছিল হিপ্পী সংস্কৃতিৰ অৱদান৷ ডেকাসকলৰ চুলি খুব দীঘল দীঘল আছিল৷ কাণ দুখন চুলিৰে ঢাক খাই থাকে৷ একেবাৰে কান্ধলৈকে দীঘল কৰিছিল কিছুমানে৷ বেলবটম পিন্ধা দীঘল চুলিৰ সেই নতুন ডেকাসকলক বহুতেই পিছৰ পৰা ছোৱালী বুলি ভুলো কৰিছিল৷

ৰুমাল: এইটো বেছি প্ৰচলিত নহ’ল যদিও দ্ৰেইন পাইপৰ দিনত বহুতো ডেকাই ডিঙিত ফুলাম ৰুমাল একোখনো লৈছিল, কলাৰৰ তলেৰে৷ নিশ্চয় চিনেমাৰ প্ৰভাৱ৷

মাফলাৰ: দীঘল দীঘল পখৰা মাফলাৰো এটা ফেচন হৈছিল৷ মাফলাৰবোৰ ইমান দীঘল আছিল যে ডিঙিত পাক মাৰি লোৱাৰ পাছত একেবাৰে আঁঠুলৈকে ওলমি পৰিছিল দুয়ো মূৰে৷

দাড়ি আৰু বেগ: খুব সম্ভৱ বাম-পন্থীসকলৰ প্ৰভাৱত এই ফেচনটো চলিছিল৷ ডেকাসকলে মুখবোৰ দাড়িৰে ভোবোকাৰ কৰি তুলিছিল৷ লগতে কান্ধত লৈছিল একোখন বেগ৷ নাপিতসকলৰ ব্যৱসায়ত বিজুতি ঘটিছিল যদিও বেগৰ ব্যৱসায় ৰমৰমীয়া হৈছিল৷

চাৰ্টৰ বিভিন্ন ধৰণৰ কলাৰ, চাৰ্টৰ কাপোৰৰ নানা ধৰণৰ প্ৰিন্ট (ববী প্ৰিন্ট, অমানুস চাৰ্ট)আদি আন বহুতো কথাই এতিয়া সোঁৱৰণিৰ বাগিছাখনত একো-একোপাহ ৰঙ-বিৰঙৰ ফুলৰ দৰে ফুলি থাকি হাত বাউলি দি মাতি থাকে৷

Wednesday, 15 April 2015

পোহৰ বিচাৰি... নীলা ৰঙৰ স্মৃতি



পোহৰ বিচাৰি... নীলা ৰঙৰ স্মৃতি

“আমি পোহৰ বিচাৰি যাওঁ” – মইনা পাৰিজাতৰ মূলমন্ত্ৰ৷ 
মইনা পাৰিজাত নামটো কোনে ৰাখিছিল নাজানো, কিন্তু এই শুৱলা অৰ্থবহ নামটোৱে এতিয়াও অন্তৰখন উমাল কৰি তোলে৷ 
মইনা পাৰিজাতৰ সৈতে প্ৰথম পৰিচয় ঘটে ১৯৬৮ চনত তিতাবৰত৷ তেতিয়া মই তিতাবৰ অভ্যসন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ৷ এদিন এগৰাকী শিক্ষকে ক’লেহি যে তিতাবৰত মইনা পাৰিজাতৰ অধিবেশন হ’ব৷ তাতে আমাৰ স্কুলৰ পৰাও যোগদান কৰা হ’ব আৰু সেই উদ্দেশ্যে এটা মইনা পাৰিজাত গঠন কৰা হৈছে৷ নাম ৰখা হৈছে, কিশলয় মইনা পাৰিজাত চ’ৰা৷ মোকো নিৰ্বাচিত কৰা হৈছে যোগদান কৰিবলৈ৷ অধিবেশনত বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আদি হ’ব৷ মোক তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, দৌৰ আদিত যোগ দিবলৈ কোৱা হ’ল৷ তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো জনাই দিয়া হ’ল, “উপদেশতকৈ আৰ্হি শ্ৰেয়৷”
মোৰ বাবে সেয়া এক নতুন অভিজ্ঞতা৷ আকস্মিক বক্তৃতা মানে কি জানিছিলো যদিও তৰ্ক প্ৰতিযোগিতাৰ বিষয়ে একো ধাৰণাই নাছিল৷ ঘৰলৈ আহি দেউতাক জনালো৷ দেউতাই বিষয়টোৰ ওপৰত কিবা কিবি লিখি দিলে৷ দুদিনমান পাছত স্কুলত শিক্ষক কেইগৰাকীমানৰ আগত মোক বিষয়টোৰ ওপৰত ক’বলৈ কোৱা হ’ল৷ থিয় হৈ কঁপি কঁপি এটা বাক্য ক’লো,
উপদেশতকৈ আৰ্হি শ্ৰেয় কাৰণ…..
ভয়তে কঁপি কঁপি থৰ লাগিলো৷ দেউতাই লিখি দিয়া কথাবোৰ পাহৰি গ’লো৷ 

এক মিনিটমান তেনেদৰে থিয় হৈ থকাৰ পাছত ছাৰ এজনে ক’লে,
“একো নাই দে৷ ঘৰত ভালকে চাই ল’বি৷ পৰহী আবেলি মিহিৰাম শইকীয়া হাইস্কুললৈ যাব লাগিব৷ তাতে অধিবেশন বহিব৷ তঁহতি তাতে থাকিব লাগিব৷ কাপোৰ-কানি লৈ ওলাবি৷….”
লাজত ৰঙা-চিঙা পৰি মই নিমাতে শুনি থাকিলো৷

দেউতাই বেডিং এটা বান্ধি দিলে৷ ডাঙৰ দাদাই চাইকেলত বেডিংটো উঠাই আগে আগে গ’ল৷ সৰু দাদা আৰু মই পিছে পিছে৷ আমাৰ ঘৰৰ পৰা মিহিৰাম শইকীয়া হাইস্কুললৈ খুব বেছি এক কিলোমিটাৰমান আছিল বোধহয়৷ দাদাদুজন তাতে পঢ়ে৷ 
মিহিৰাম শইকীয়া হাইস্কুলত আমি গোটেই দলটো একলগ হ’লো৷ ল’ৰা তিনিজনমান আৰু ছোৱালী চাৰি গৰাকীমান আছিলো৷ ইতিমধ্যে যোৰহাট, গোলাঘাট আদি চহৰীয়া দলবোৰ আহি ভৰি পৰিছেহি৷ স্মাৰ্ট, তজবজীয়া চহৰীয়া ল’ৰা-ছোৱালীবোৰৰ আত্মবিশ্বাস দেখি মোৰ মনত হীনমন্যতাৰ ভাব উপজিব ধৰিলেই৷  
আমাক সৰু শ্ৰেণীকোঠা এটাত থাকিবলৈ দিয়া হ’ল৷ আমাৰ দলটোৱেই বোধকৰো সকলোতকৈ সৰু দল আছিল৷ বাকী ল’ৰা দুজনে বেডিং নিয়া নাছিল৷ মোৰ বিচনাখনেই উমৈহতীয়া বিচনা হ’ল৷ ছোৱালী কেইগৰাকীও ওচৰৰ কোঠাত এটাতে থাকিল৷ আমাক তাতে এৰি দাদাহঁত গ’লগৈ৷ আমিও সেই অভিনৱ পৰিবেশৰ সোৱাদ ল’বলৈ ধৰিলো৷
আকস্মিক বক্তৃতা প্ৰতিযোগিতাত এজন এজনকৈ আহি ফট-ফটাই বক্তৃতা দিলে৷ বিশেষকৈ যোৰহাটৰ ছোৱালী এগৰাকীৰ মুখত কি আখৈ ফুটা মাত৷ ভয়ত পেটতে হাত ভৰি লুকাল৷ মই ভাবিলো যোগ দি লাভ নাই৷ মনে মনে বহি থাকিলো৷
তৰ্ক প্ৰতিযোগিতাতো একেই অৱস্থা৷ যোগদান নকৰিলো৷ কিন্তু কিবা এটাত যোগদান নকৰিলে বেয়া কথা হ’ব বুলি জানি এশ মিটাৰ দৌৰতেই ভাগ ল’ম বুলি সিদ্ধান্ত ল’লো৷ দাদাহঁতো আহিছিল দৌৰ চাবলৈ৷ স্কুলত দৌৰ প্ৰতিযোগিতাত ভালেই দৌৰিছিলো৷ কিন্তু সেইদিনা দৌৰিব লগা হ’ল বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীবিলাকৰ সৈতে৷ হুইছেল বাজিল৷ প্ৰাণটাকি দৌৰিলো৷ পিছে মই আধামান পাৰ হওঁমানে দুজনমান গৈ পালেই৷ লাজতে মূৰ তল কৰি, দাদাহঁতৰ পিনে নোচোৱাকৈ বেলেগপিনে আতৰি গ’লো৷ 
আমাৰ দলটোৱে আৰু ক’তো একো ভাগ লোৱা মনত নপৰে৷ কিন্তু সাংস্কৃতিক অনুষ্ঠানত ছোৱালী কেইগৰাকীয়ে শ্ৰীকৃষ্ণই লৱণু চোৰ কৰি খোৱা দৃশ্য এটাৰ অভিনয় কৰি (খুব সম্ভৱ চোৰ ধৰা পিম্পৰা গুচোৱাৰ অংশ বিশেষ আছিল) সকলোকে মুগ্ধ কৰিলে৷ চিপহা সত্ৰৰ ছোৱালী৷ সৰুৰে পৰা তেনে অভিনয়ত অভ্যস্ত৷ আমাৰ সন্মান কিছু ৰক্ষা পৰিল বুলি ভাবিলো৷
পিছদিনা অধিবেশনৰ সামৰণি পৰিল৷ বেডিংটো কোনোমতে বান্ধি দাদাৰ চাইকেলত তুলি দি ঘৰ পালোহি৷
মাই কাপোৰ-কানি, বয়-বস্তুবোৰ ধুবলৈ বুলি উলিয়ালে৷ লগত নিয়া কাঁহৰ বাটি এটা দেখি মাই সুধিলে,
“বাটিটোত এইবিলাক কিহৰ ৰং? ধুই আনিব নোৱাৰিলি?”
ভালদৰে লক্ষ্য কৰি মনত পৰিল৷ ছোৱালী কেইগৰাকীয়ে অভিনয়ৰ বাবে নিজক সজাওঁতে শ্ৰীকৃষ্ণৰ মুখত ৰং সানিবলৈ বুলি মোৰ সেই বাটিটোতে নাৰিকল তেলত নীলা ৰং মিহলাই লৈছিল৷ অশেষ চেষ্টা কৰিও পৰিষ্কাৰ কৰিব নোৱাৰি সেইভাগেই ঘৰলৈ লৈ আহিছিলো৷
সেই বাটিটো পৰিষ্কাৰ হওঁতে কিমান দিন লাগিল নাজানো কিন্তু স্মৃটিৰ পটত সেই দিনবোৰৰ কথা চিৰদিনৰ বাবে নিগাজীকৈ অংকিত হৈ ৰৈ গ’ল৷