At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 29 May 2015

গুৱাহাটী আই আই টি.. চেন্নাইত চেঙালুটি..

গুৱাহাটী আই আই টি.. চেন্নাইত চেঙালুটি..

১৯৮৭/৮৮ চন৷ তেতিয়া আই আই টি মাদ্ৰাজত এম টেক কৰি আছো৷ হোষ্টেলত থাকোঁ৷ অসমীয়া বুলিবলৈ চিনাকী দুজনমানহে আছিল গোটেই কেম্পাচত৷
অসম চুক্তি অনুসাৰে অসমত আই আই টি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হ’ল আৰু সেই মতে লোকসভাত বিল পাছ হ’ল৷ খবৰটো বাতৰি কাকতত প্ৰকাশ পালে৷ মইও পঢ়িলো৷
কিছু সময় পাছতে চাৰিজনমান দক্ষিণ ভাৰতীয় বন্ধু মোৰ ওচৰলৈ দৌৰি আহিল৷ লগতে দিল্লীৰ এজন৷ কোনো পাতনি নেমেলাকৈ কৰ্ণাটকৰ কিশোৰে সুধিলে,
“হেই দাস৷ খড়গপুৰৰ পৰা গুৱাহাটী কিমান দূৰ?”
প্ৰশ্নটো কি কাৰণে কৰা হৈছে মই বুজি পাবলৈ মোৰ অসুবিধা নহ’ল৷ উত্তৰ দিলো,
“ প্ৰায় এহেজাৰ কিলোমিটাৰ৷”
“ তুমি মিছা কৈছা৷” কিশোৰে প্ৰতিবাদ কৰি ক’লে৷
“মিছা ক’বলৈ কিটো আছে?” , মোৰ উত্তৰ৷
 “ খড়গপুৰত দেখোন আই আই টি এখন আছেই, গুৱাহাটীত আকৌ এখন কিয় লাগে?” কিশোৰে সুধিলে৷
মোৰ খংটো সোনকালে উঠে৷ মুখখনো অলপ চোকা৷ মই চোকা ভাষাৰেই উত্তৰ দিলো,
“ কিয় লাগে মোক কিয় সুধিছা? মই সিদ্ধান্ত লৈছা নেকি? দিল্লীৰ পৰা কানপুৰ কিমান দূৰ? দিল্লীত আই আই টি থাকোঁতে কানপুৰত কিয় আৰু এখন পাতিলে?”
এইবাৰ আন এজন দক্ষিণ ভাৰতীয় বন্ধুৱে মাত লগালে,
“ কোন যাব পঢ়িবলৈ গুৱাহাটীলৈ?”
মই বন্ধুজনলৈ ঘোপাকৈ চাই উত্তৰ দিলো,
“কোন যাব মানে? তোমালোকৰ ল’ৰা-ছোৱালী যাব৷ মই যদি অসমৰ পৰা চেন্নাইলৈ পঢ়িবলৈ আহিব পাৰো তোমালোকৰ ল’ৰা-ছোৱালী ইয়াৰ পৰা আমাৰ তালৈ পঢ়িবলৈ যোৱাত আপত্তি কিহৰ?”
আন এজনে মাত লগালে,” আই আই টি এখন লাগে বুলিনো আন্দোলন কৰিব লাগেনে?”
মই উত্তৰ দিলো,” আন্দোলন আই আই টিৰ কাৰণে কৰা হোৱা নাছিল৷ বিদেশী বিতাড়নৰ বাবেহে৷… ইত্যাদি , ইত্যাদি৷”
আৰু কিছুপৰ কথা কটা-কটি হ’ল৷ এটা কথা বুজি পালো, অসমত আই আই টি এখন স্থাপন হোৱা কথাটো তাৰ মানুহবোৰে সহজভাবে ল’ব পৰা নাই৷ অসমৰ নিচিনা এখন পিছপৰা, জংঘলী মানুহৰ ঠাইত আই আই টি? কি আজৱ কাৰবাৰ?.... হয়তো তেনেদৰেই ভাবিছে তেওঁলোকে৷
দুদিনমান পাৰ হ’ল৷ ক্লাচ চলি আছে৷ তেলুগু প্ৰফেচাৰ এজনৰ ক্লাচ৷ মই কিবা এটা প্ৰশ্ন সুধিলো৷ তেখেতে কিবা এটা ক’লে৷ হঠাতে কাষত বহি থকা অশোক কুমাৰে মাত দিলে,
“চাৰ, সিহঁতে অসমত এখন আই আই টি পাব নহয়…”
প্ৰফেচাৰজনে মুখত এটা অদ্ভূত ভাব ফুটাই তুলি কৈ উঠিল…
“ ওহো হো হো…. হয় নেকি? আমাৰ পুৰণা আই বি এম কম্পিউটাৰটো  সিহঁতকে দি দিব পাৰিম৷ “
দুই এজনে সশব্দে হাঁহিলে৷ খঙত মোৰ তেজ উতলি উঠিল৷
উগ্ৰ জাতীয়তাবাদী মই নহয়, কিন্তু নিজৰ ঠাই, নিজৰ মানুহখিনিক কোনোবাই ঠাট্টা-উপলুঙা কৰিলে দেখোন মনটোৱে বিদ্ৰোহ কৰি উঠে৷


No comments:

Post a comment