মাদ্ৰাজৰ পৰা দিল্লী… আজৱ সংযোগ..
১) আই আই টি, মাদ্ৰাজ:
প্ৰফেচাৰ কে কৃষ্ণাইয়াহ…..
১৯৮৭ চন৷ আই আই টি মাদ্ৰাজত এম টেক কৰি আছো৷ বেমাৰ হোৱা বাবে এসপ্তাহ পলমকৈ গৈছিলো৷ তাৰ এসপ্তাহমান পাছতে প্ৰথমটো পৰীক্ষা৷ কেমিকেল ৰিয়েক্টৰ থিয়’ৰী নামৰ বিষয়টো শিকাইছিল কে কিষ্ণাইয়াহ নামৰ অধ্যাপক এজনে৷ বিশেষ একো তলানলা পোৱা নাছিলো প্ৰথমতে৷ চাৰিটা প্ৰশ্নৰ মাত্ৰ এটা নে দুটাহে বোধকৰো উত্তৰ কৰিছিলো৷ দুদিনমান পিছত বহীবোৰ ঘূৰাই দিলে৷ ২৫ ৰ ভিতৰত মই পালো ৪ ৷ লাজতে মূৰ তল কৰি অলপ পৰ বহি থাকিলো৷ তাৰপাছত চাওঁ নাচাওঁকৈ ওচৰে-পাজৰে থকা দুই এজনৰ বহীবোৰলৈ চালো৷ কোনোবাই পাইছে ২, কোনোবাই শূণ্য ৷ পিছত গম পালো সৰ্বোচ্চ নম্বৰ ৮ , পাইছে পদ্মশ্ৰী নামৰ শ্ৰেণীৰ একমাত্ৰ ছোৱালীগৰাকীয়ে৷ তাৰ তলতে কোনোবা এজনে পাইছে ৬ ৷ তাৰ তলতে মোৰ নম্বৰটো৷ মনটো অলপ ভাল লাগিল৷ লাহে লাহে মনপুতি পঢ়াত লাগিলো৷ অলপ-অচৰপ বুজি পোৱা হ’লো৷ পিছৰটো পৰীক্ষাত পালো ১৮ ৷ দ্বিতীয়
সৰ্বোচ্চ নম্বৰ৷ কৃষ্ণাইয়াহ ছাৰৰ চকুত পৰিলো৷ ফাইনেলত সৰ্বোচ্চ গ্ৰেড পালো সেইটো বিষয়ত৷
প্ৰফেচাৰ কে ৰেমানন্দ ৰাও…..
চূড়ান্ত ষান্মাসিকত কেৱল এটা প্ৰজেক্ট কৰিব লাগে৷ মই, যুগিন্দৰ আৰু মনূৰ ভাগত গাইড হিচাবে পৰিল কে ৰেমানন্দ ৰাও নামৰ এজন জ্যেষ্ঠ
অধ্যাপক৷ আগতে কেতিয়াও দেখা নাই৷ আমি তিনিও তেখেতক বিচাৰি বিচাৰি তেখেতৰ কোঠা পালোগৈ৷ মই চুচুক-চামাককৈ ভিতৰ সোমাই গ’লো৷ পিছে-পিছে
যুগিন্দৰ৷ মনূ দুৱাৰমুখতে থিয় হৈ থাকিল৷ তেখেতে মূৰ তল কৰি কিবা লিখি আছিল৷ ওচৰতে ছাত্ৰী এগৰাকী বহি কিবা পঢ়ি আছিল৷
মই লাহেকৈ মাত লগালো৷ তেখেতে মূৰ ডাঙি চালে৷
: চাৰ , আমি আপোনাৰ তলত প্ৰজেক্ট কৰিব লাগে৷
মই লাহেকৈ ক’লো৷
ৰেমানন্দ ৰাও চাৰে মোলৈ চাই প্ৰায় চিঞৰি চিঞৰি সুধিলে,
:প্ৰজেক্ট? হোৱাট প্ৰজেক্ট?
: চাৰ, এম টেক প্ৰজেক্ট৷
মই ভয়ে ভয়ে ক’লো৷
: এম টেক? এম টেক স্টুডেন্টচ আৰ ইউজলেচ ফৰ আচ… (এম টেকৰ ছাত্ৰ-ছাত্ৰী একো কামৰ নহয়)
তেখেতে বিৰক্তিভৰা কন্ঠেৰে প্ৰায় চিঞৰি চিঞৰি ক’লে৷
তেখেতৰ সেই ৰুদ্ৰমূৰ্তি দেখি দুৱাৰমুখত ৰৈ থকা মোৰ বন্ধু পলাই ফাঁট মাৰিলে৷ মই আকৌ লাহেকৈ ক’লো,
: কিন্তু, আমাক আপোনাৰ ওচৰলৈ পঠাই দিছে৷ আমি আপোনাৰ তলতে প্ৰজেক্ট কৰিব লাগিব৷
: অকে, কাম টুমৰো৷
তেখেতে গহীনাই ক’লে৷
লাহেকৈ বাহিৰ ওলাই আহিলো৷ পিছদিনাৰ পৰা প্ৰজেক্ট আৰম্ভ হ’ল৷
কিন্তু সেই খং-বিৰক্তিভৰা অধ্যাপকগৰাকীৰ মৰমভৰা নিৰ্দেশনাত সুকলমে প্ৰজেক্ট শেষ কৰিলো৷ প্ৰজেক্টতো সৰ্বোচ্চ গ্ৰেড পালো৷
২) আই আই টি , দিল্লী:
হৰিভকত…….
১৯৯৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখ৷ দিল্লী আই আই টি ৷ পি এইচ ডি ৰ বাবে ইন্টাৰভিউ দিবলৈ গৈছো৷ কেমিকেল বিভাগৰ সকলো অধ্যাপক বহি আছে৷ মোক মতা হ’ল৷ ভিতৰ সোমাই গ’লো৷ মূৰব্বী অধ্যাপকজনে মোক বহিবলৈ ক’লে৷ দেখিলেই ভাল লগা সুন্দৰ ব্যক্তি ৷ মোক প্ৰথমেই সুধিলে,
: তুমি মাদ্ৰাজ আই আই টিত এম টেক কৰিছিলা?
:হয়
মই উত্তৰ দিলো৷
: প্ৰজেক্টৰ গাইড কোন আছিল?
: কে ৰেমানন্দ ৰাও৷
মই উত্তৰ দিলো৷
: হা? ৰেমানন্দ ৰাও? তেখেত মোৰো গাইড আছিল৷ মইও মাদ্ৰাজ আই আই টিত এম টেক কৰিছিলো৷
তুমি মাদ্ৰাজ দেখিলাই৷ এতিয়া দিল্লীলৈ আহা৷ মোৰ লগত গৱেষণা কৰা৷ ….
তাৰপাছত মূৰব্বী অধ্যাপক গৰাকীয়ে মোক গৱেষণাটো কি বিষয়ৰ হ’ব বুজোৱাত লাগি গ’ল৷ বাকী অধ্যাপকসকলে কেৱল চাই থাকিল৷
বুজিলো, মোৰ এডমিচন পাক্কা৷
মনৰ আনন্দত কনট প্লেচ পালোগৈ আৰু প্লাজাত চিনেমা চাবলৈ সোমালো৷
আকৌ কৃষ্ণাইয়াহ….
২০০০ চনৰ জুনমাহ৷ পি এইচ ডি ৰ ফাইনেল ভাইভা৷
পি এইচ ডিৰ কাম শেষ হ’ল৷ পৰীক্ষকৰ ৰিপোৰ্টবোৰ
আহিল৷ কেৱল ভাইভা হ’বলৈ বাকী৷ মই দিল্লী পালোগৈ৷ গম পালো মোৰ মৌখিক পৰীক্ষা ল’বলৈ আহিব
আই আই টি মাদ্ৰাজৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ মূৰব্বী অধ্যাপক কে কৃষ্ণাইয়াহ৷ মোৰ মনত পৰিল৷
তেখেতে বা মোক চিনি পায় নে নাপায় ১২ বছৰৰ মূৰত দেখি? মনতে ভাবিলো৷
ভাইভাৰ দিনা ৰাতিপুৱাই চেমিনাৰ হলৰ
বাৰান্দাত থিয় হৈ অপেক্ষা কৰি আছো৷ অলপ পাছত দেখিলো , কৃষ্ণাইয়াহ চাৰ আহি আছে৷ চিনি
পোৱাত মোৰ অসুবিধা নহ’ল৷ তেখেতে মোক দূৰৰ পৰা দেখিয়েই চিঞৰি মাত দিলে,
: হেই দাস….
বুলি আহি হাত মিলালেহি৷
মোৰ মনটো আনন্দত নাচি উঠিল৷
ভাবিলো, ইমান
দিনৰ মূৰতো ইমান ডাঙৰ অধ্যাপক এজনে মোৰ নিচিনা নিঃকিন এজনকো মনত ৰাখিছে, তাকো পৰীক্ষা ল'বলৈ আহি......
তেখেতলৈ মনটো
শ্ৰদ্ধাৰে উপচি পৰিল৷
তাৰপাছত মৌখিক পৰীক্ষা কেৱল এক আনুষ্ঠানিকতা
হ’ল আৰু ময়ো নামৰ আগত ডঃ বুলি লিখিব পৰা হ’লো৷