ৰুমমেটৰ বিচনাত কোন সেয়া দীঘল চুলিৰ...
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ আছিলো তেতিয়া৷ ৰুমমেট আছিল মেকানিকেলৰ পঞ্চম বাৰ্ষিকৰ এজন ছাত্ৰ৷ অবিশ্বাস্য হ’লেও সত্য যে তেখেতৰ লগত বহুদিনলৈ মুখা-মুখি নহৈছিলেই৷ তেখেত ৰাতিপুৱা দেৰীকৈ উঠে৷ দহ-এঘাৰ বাজি যায়৷ ইফালে মই আঠবজাৰ আগে আগে ক্লাচ কৰিবলৈ যাওঁ৷ তেতিয়া তেওঁ শুই থাকে৷ দুপৰীয়া ভাত খাবলৈ আহোঁ কিন্তু তেখেত ৰুমত নাথাকেই৷ আন কৰোবাৰ ৰুমত থাকে৷ মাজে-মাজে তেখেতৰ বিশেষ হাঁহিটো দূৰৰ পৰা ভাঁহি আহে৷ সেই হাঁহিটো এবাৰ ওলালে শেষেই নহয়৷ ভিতৰৰ পৰা বতাহ উলিয়াই দি প্ৰথমে হা্ঁহে, তাৰপাছত বতাহ ভিতৰলৈ টানি-টানি হাঁহে৷ বেক
গিয়েৰ লগোৱা হাঁহি৷ সেই ভিতৰলৈ বতাহ টানি-টানি মৰা হাঁহিটোত লগৰ বোৰে ৰস পাই হাঁহে৷ তাকে দেখি তেখেতে আকৌ হা্ঁহে৷ এনেদৰে হাঁহিৰ আদান-প্ৰদান ভালেমান সময় ধৰি চলি থাকে৷ গোটেই হোষ্টেলেই শুনে সেই হাঁহি৷ ময়ো গম পাওঁ ৰুমমেট হোষ্টেলতে আছে বুলি ক’ৰবাত৷
কলেজৰ পৰা আহি, আবেলি ফুৰি-মেলি, আড্ডা মাৰি, নিশাৰ আহাৰ খাই, আকৌ কাৰোবাৰ ৰুমত আড্ডা মাৰি, অলপ পঢ়া-শুনা কৰি ৰাতি ১২মান বজাত মই বিচনাত পৰোঁ৷ তাৰপাছত নিদ্ৰাদেৱীৰ কোলাত৷ ৰুমমেট আহি কেতিয়া ৰুমত সোমায় গমেই নাপাওঁ৷ তেনেদৰেই পাৰ হৈ যায় বহুদিন৷
সেইসময়ত চূড়ান্ত পৰীক্ষাত বহিলেই চাকৰি পাইছিল ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ ছাত্ৰ সকলে , বিশেষকৈ অসম ৰাজ্যিক বিদ্যুত পৰিষদত৷ চাকৰিত যোগ দিয়াৰ পাছত ৰিজাল্ট ওলায়৷ তাৰে কিছুসংখ্যকে এটা-দুটা বিষয়ত বেক পায় অৰ্থাৎ ফেল কৰে৷ দুমাহমানৰ পাছত বেক পৰীক্ষা দিবলৈ আহে কলেজলৈ৷ কিছুমানে বিভাগৰ জীপ আদি লৈ আহে৷ এতিয়া শুনিলে বহুতৰে বিশ্বাস কৰিবলৈ হয়তো টান লাগিব৷
এদিন ৰাতি বাৰমান বজাত বিচনাত পৰিলো আনদিনাৰ দৰেই৷ ৰুমমেটৰ দেখা-দেখি নাই৷ দূৰৰ পৰা হাঁহিৰ শব্দও ভাঁহি অহা নাই৷ দুৱাৰখন এনেই জপাই থওঁ৷ ৰুমমেটে অতি সাৱধানে ভিতৰ সোমায় মই টোপনি যোৱাৰ পাছত৷ মই গমেই নাপাওঁ৷ সেইদিনাও তেনেদৰেই শুই পৰিলো৷
ৰাতিপুৱা সাৰ পাই ৰুমমেটৰ বিচনাৰ পিনে চালো৷ চাই থতমত খালো৷ আকৌ ভালদৰে চালো৷ দেখিলো বিচনাত ৰুমমেট নাই৷ কঁকাললৈ বৈ পৰা চুলিৰে কোনোবা এগৰাকীহে শুই আছে মোৰ ফালে পিঠি দি৷ আকৌ ভালদৰে চালো৷ হয়, মই ভুল দেখা নাই৷ দীঘল চুলিৰ কোন সেইগৰাকী? আগতেতো কেতিয়াও দেখা নাই? অলপসময় তভক মাৰি ৰ’লো৷
মোৰ ৰুমমেট অতি ধাৰ্মিক, দিনত কিমানবাৰযে প্ৰাৰ্থনা কৰে তাৰ হিচাব নাই৷ আনকি ক্ৰিকেটৰ ফিল্ডিং কৰি থাকোঁতেও মাজে-মাজে চকু বন্ধ কৰি, কপালত হাত এখন দি কামাখ্যা মন্দিৰৰ পিনে চাই পঠিয়ায়৷ তেওঁনো এনে গৰ্হিত কাম কৰিবনে? চিন্তা কৰি কৰি হায়ৰাণ হ’লো৷ কি কৰা উচিত বুজি নাপালো৷ বাহিৰলৈ ওলাই গৈ কাৰোবাক কোৱাও উচিত নহ’ব কাৰণ ৰুমমেটৰ মান-সন্মানৰ কথা আছে৷ গতিকে অলপো সাৰ-সুৰ নকৰি দীঘল চুলিৰ সেই অজ্ঞাত ব্যক্তিৰ পিনে চাই থাকিলো৷
হঠাতে ব্যক্তি গৰাকীয়ে বাগৰ সলালে৷ অলপ ভালদৰে লক্ষ্য কৰিলো৷ মতা মানুহযেন লাগিল এইবাৰ৷ এইবাৰ অলপ সাহস পাই বিচনাত উঠি বহিলো ভালদৰে চাবলৈ৷ তেনেতে ক’ৰবাৰ পৰা ৰুমমেট সোমাই আহিল৷
: অ’ সিং, উঠক৷ পৰীক্ষা আৰম্ভ হ’বই নহয় অলপ পাছত৷
ৰুমমেটে দীঘল চুলিৰ ব্যক্তিগৰাকীক মাত লগালে৷ তাৰপাছত মোৰ পিনে চাই হাঁহি মাৰি ক’লে,
: হা হা হা, তুমি দীঘল চুলি দেখি ভয় খাইছিলা নিশ্চয়৷ তেওঁ মোৰ পৰীক্ষা দিবলৈ অহা এজন বন্ধুৰ জীপৰ দ্ৰাইভাৰ সিং৷ ৰাতি তোমাক নজগালো আৰু৷
মই একো উত্তৰ নিদি বুৰ্বকৰ দৰে হাঁহি এটা মাৰিলো৷ তাৰপাছত ৰাতিপুৱাৰ কামফেৰা কৰিবলৈ ওলাই গ’লো৷
ভাবিলো,
বিচনাত কঁকাললৈকে বৈ পৰা চুলিৰ কাৰোবাক শুই থকা দেখিলে কোন ডেকা ল’ৰাইনো মই ভবাৰ নিচিনাকৈ নাভাবিব?
No comments:
Post a Comment