At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 6 October 2012

পুখুৰীৰ ইপাৰৰ পৰা সিপাৰলৈ……

.

কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িম বুলি অচলতে সপোনতো ভবা নাছিলো৷ ৰসায়ন বিজ্ঞানৰ প্ৰতি বেছি আগ্ৰহ নাছিল আৰু কেমিকেল ইঞ্জিনিয়াৰিং ৰসায়ন বিজ্ঞানৰ আন এটা ৰূপ বুলিয়েই ভাবিছিলো আন দহজনে ভবাৰ দৰে৷ কোনো দ্বিধাবোধ নকৰাকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত নাম লিখিছিলো৷ ১৯৭৮ৰ ডিচেম্বৰ মাহৰ দুই তাৰিখে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত ভৰি দি মনত এক অজান পুলক জাগিছিল৷ নবাগত ছাত্ৰসকলক ১,২ আৰু ৪ নং ছাত্ৰাবাসত থাকিবলৈ দিয়া হৈছিল কাৰণ বাকী ছাত্ৰসকল বছেৰেকীয়া পৰীক্ষা দি ঘৰাঘৰি গৈছিল৷ মোৰ ভাগত পৰিল ১ নং ছাত্ৰাবাস৷ ৰুমমেট হিচাবে পালো শান্তিনাৰায়ণ ডেকা আৰু যতীন বৰুৱা৷ কলেজ এৰি যাবলগী্য়া কিন্তু প্ৰজেক্টৰ কাম শেষ কৰিবলৈ হোষ্টেলত থাকি যোৱা অতি চিনিয়ৰ কেইজনমানৰ বাহিৰে হোষ্টেলত আমাৰ বাহিৰে কোনো নাছিল বাবে যথেষ্ট মুকলিমুৰীয়া বাবে আৰম্ভ হ’ল আমাৰ এইচিয়ান জীৱন৷

তেনেদেৰে দুটামাহ পাৰ কৰি সময়ত ৬ নং ছাত্ৰাবাস পালোহি, আৰম্ভ হ’ল প্ৰকৃতাৰ্থৰ হোষ্টেল জীবন৷ চিনিয়ৰৰ সতে চা-চিনাকী চলিল৷ লগতে চলি থাকিল নিয়মিত ক্লাচ, চেচনেল আদিৰ ব্যস্ততা৷ সকলোবোৰ বিষয়ৰ ভিতৰত “ইঞ্জিনিয়াৰিং মেকানিকচ” আৰু “হীট পাৱাৰ” এই দুয়োটা বিষয় সকলোতকৈ ভাল লাগিছিল, দুয়োটা আছিল মেকানিকেল বিভাগৰ৷ গতিকে এবছৰ পাছত বিভাগ সলনি কৰাৰ সুবিধা ওলোৱাৰ লগে লগে আবেদন কৰিলো মেকানিকেললৈ যাবলৈ৷ প্ৰিন্সিপালৰ কোঠাত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেলৰ মুৰব্বী অধ্যাপকসকলৰ উপস্তিতিত মোক সোধা হ’ল, ‘ তুমি মেকানিকেল কিয় ল’ব খুজিছা?” তপৰাই উত্তৰ দিলো, মেকানিকেলৰ বিষয়বোৰ ভাল পাওঁ বুলি৷ চিভিলৰ মুৰব্বী অধ্যাপক সমুদ্ৰদেৱ ফুকনচাৰে মিচিকিয়া হাঁহি এটা মাৰি ক’লে, “আমি তোমাক কেমিকেলহে দিম বুলি ভাবিছো৷” প্ৰচন্ড আপত্তিৰ সুৰেৰে মই সাহসেৰে উত্তৰ দিলো, ‘ নাই নাই, মই কেমিকেল নলওঁ, কেমিস্ট্ৰি মই খুব বেয়া পাওঁ৷” “কেমিস্ট্ৰিত কিমান নম্বৰ পালা এইবাৰ?”, প্ৰিন্সিপাল দেবব্ৰত গোস্বামী চাৰে সুধিলে৷ নম্বৰটো ক’লো৷ “বেচ ভাল নম্বৰ পাইছা দেখোন৷”, তেখেতে মন্তব্য কৰিলে৷”নাই, মই কেমিস্ট্ৰি বেয়া পাওঁ, কেমিকেল নলওঁ৷”, মই আকৌ জোৰ দি ক’লো৷ কেমিকেলৰ মুৰব্বী অধ্যাপক অমল চন্দ্ৰ শৰ্মা চাৰে নিমাত হৈ কেবল চাই আছিল৷কোনো ধৰণৰ মন্তব্য কৰা নাছিল৷ যিহেতু মই কেমিকেললৈ নাযাওঁ, গতিকে তেখেতৰ আগত সাহস কৰি কৈ আছিলো৷ মেকানিকেলৰ মুৰব্বী অধ্যাপক অপৰ্ণা কুমাৰ পদ্মপতি চাৰে মাত লগালে, “ কেমিকেল ইঞ্জিনিয়াৰিং মানে কেমিস্ট্ৰি নহ্য় নহয়, মেকানিকেলতো কেমিস্ট্ৰি লাগে৷ তোমাক এতিয়াই মেকানিকেল দিব পাৰো, আনকি অহাবছৰো তুমি মেকানিকেল আহিব পাৰা, কিন্তু তুমি কেমিকেল পঢা, ভাল ছাত্ৰ-ছাত্ৰী কেমিকেললৈ যাব লাগে, অহা কেইবছৰ মানত আমাক বহুত কেমিকেল ইঞ্জিনিয়াৰ লাগিব৷” সমুদ্ৰদেৱ ফুকনচাৰ আছিল আমাৰ চুপাৰ আৰু পদ্মপতি চাৰ আছিল মই সকলোতকৈ শ্ৰদ্ধা কৰা অধ্যাপক৷ দুয়োগৰাকীৰ কথা পেলাব নোৱাৰি, অনিচ্ছা স্বত্বেও কেমিকেল পঢ়িম বুলি সন্মতি দিলো৷ উগুল থুগুল মনেৰে হোষ্টেল পালোগৈ৷

মই কেমিকেল লোৱা খবৰটো শুনি ঘৰত হুৱাদুৱা লাগিল৷ ইলেক্ট্ৰিকেলৰ ৫ম বাৰ্ষিকত পঢ়ি থকা মোৰ দাদা দৌৰি আহিল৷ “তই কি কৰিলি, কেমিকেল কিয় ল’লি?”, দাদাৰ প্ৰশ্ন৷ মই ক’লো, “যি হয় হ’ব, ল’লো আৰু৷ চাৰহঁতে ল’ব ক’লে ৷” দাদা উধাতু খাই চাৰহঁতক লগ ধৰিবলৈ গ’ল৷ কেমিকেলৰ মুৰব্বী অধ্যাপক অমল শৰ্মা চাৰকো দেখা কৰিলে৷ আবেলি মোক ক’লেহি, “ ঠিকে আছে দে, এতিয়া খালী ভালকে পঢ়৷” “চাই থাকচোন”, মইও দৃঢ়তাৰে ক’লো৷ মনত অৱশ্যে আছিল এক অজান শংকাৰ ভাব৷ সেই সময়ত সকলোৱে কেমিকেল এৰি আন বিভাগলৈ গৈছিল, চিভিলত মুঠ ছাত্ৰ-ছাত্ৰী হৈছিলগৈ ৯৮ জন৷ মোৰ সিদ্ধান্তটো আছিল সম্পূৰ্ণ সোঁতৰ বিপৰীতে৷ কোনোবাই উৰা-বাতৰি উলিয়াই দিলে, মোক হেনো গাড়ী দিব, জাৰ্মেনীলৈ পঠিয়াব, সেই কাৰণে কেমিকেললৈ আহিলো৷ কথাটো কাণত পৰাত অকলে অকলে হাঁহিলো৷ চিভিলৰ কমল শৰ্মাচাৰে কলেজত লগ পাই ক’লে, “তুমি বোলে কেমিকেললৈ গ’লা? ভালেই কৰিলা৷ যিফালে কোনো নাযায়, সেইফালে যাব লাগে৷”

যথা সময়ত কেমিকেলৰ শ্ৰেণীকোঠাত সোমালোগৈ৷ অসীম ভট্টাচাৰ্য, ৰতন নেৱাৰ, অনুপম দাস, চিন্ময় দাস, ৰত্নদ্বিপ দত্ত, দ্ৰিংচন টেৰিয়াং বহি আছিল কোঠাত৷ ৰতন নেৱাৰে হাত আগবঢ়াই আদৰণি জনাই ক’লে, “ Competition কৰিম দেই৷” মই মিচিকিয়াই হাহিলো৷ মৃনাল বৰুৱা চাৰৰ Fundamentals of chemical Engineering and stoichiometry ৰে আৰম্ভ হ’ল কেমিকেল ইঞ্জিনিয়াৰিঙৰ সৈতে মোৰ সুদীৰ্ঘ যাত্ৰা৷ ইমতিয়াজ আলী চাৰে Chemical technology, Unit Operation, Fuel Furnace and refractory আদিৰে, পাত্ৰ চাৰে Materials of Construction ৰ দীঘল দীঘল নোটেৰে কেমিকেল ইঞ্জিনিয়াৰিঙৰ সোৱাদ বঢ়াই তুলিলে৷ পাচলৈ ৰাঘবেন্দ্ৰ চোধুৰী চাৰৰ ইউনিট অপাৰেচন, পেট্ৰোকেমিকেল টেকনোলোজী, অমল শৰ্মা চাৰৰ ইনস্ট্ৰুমেন্টেচন এন্দ প্ৰচেচ কন্ট্ৰল আৰু ড়িজাইন আদিৰ যোগেদি কেমিকেল ইঞ্জিনিয়াৰিঙৰ গভীৰতাত সোমাই পৰিলো৷অসম আন্দোলনৰ কাৰণে প্ৰায় দুটা বছৰ নষ্ট হ্য় আৰু ১৯৮৪ চনৰ জুন মাহৰ ১৫ তাৰিখে নিজকে কেমিকেল ইঞ্জিনিয়াৰ বুলি ক’ব পৰা হলোগৈ৷ সেই মাহৰে ২৯ তাৰিখে ডিগবৈৰ অসম অয়লত অফিচাৰ ট্ৰেইনী হিচাবে চাকৰিত যোগ দিলো৷

১৯৬৩ চনতে আৰম্ভ হোৱা কেমিকেল বিভাগৰ বাবে কেমিকেল বিল্ডিংটো সাজিবলৈ বোধকৰো আৰম্ভ কৰা হৈছিল ১৯৬৮ নে ৬৯ চনতে৷ নানান কাৰণত অতি লেহেম গতিৰে নিৰ্মাণ কাৰ্য চলিছিল আৰু আমি Main Building তেই আমাৰ শিক্ষাজীৱন সমাপ্ত কৰিলো৷ কেমিকেল বিল্ডিং আংশিকভাবে সাজি উলিওৱা হয় ১৯৮৪/৫ চনত আৰু সেই আধৰুৱা বিল্ডিঙলৈকে বিভাগটো স্থানান্তৰিত কৰা হয়৷ ১৯৮৫ চনৰ মে’ মাহত কেমিকেল বিভাগৰ প্ৰবক্তা হিচাবে চাকৰিত যোগ দি প্ৰথমে এই কেমিকেল বিল্ডিঙত পদাৰ্পণ কৰাৰ সৌভাগ্য হ্য় আৰু আৰম্ভ হ্য় জীবনৰ আন এটা অধ্যায়ৰ, কেমিকেল বিভাগত শিক্ষকতাৰ জীবন৷ এসময়ৰ শিক্ষাগুৰু সকল হ’ল সহকৰ্মী আৰু মাত্ৰ কিছুদিন আগলৈকে সমনীয়াৰ দৰে ব্যৱহাৰ কৰি অহা অৰূপ মিশ্ৰ, সিদ্ধাৰ্থ বৰুৱা আদি হৈ পৰিল ছাত্ৰ, মাত্ৰ এবছৰৰ কাৰণে হ’লেও৷ সময় বাগৰি গ’ল৷ কেমিকেল বিল্ডিং সম্পূৰ্ণ হৈ আহিল, সন্মুখত থকা খালটো বিয়াগোম পুখুৰীত পৰিণত হ’ল৷ এজন এজনকৈ শিক্ষাগুৰু সকলে অবসৰ ল’লে, বিল্ডিঙৰ সন্মুখৰ গছ কেইজোপা প্ৰকান্ড গছত পৰিণত হ’ল৷ ব্যক্তিগত কাৰণত ২০০৯ চনৰ জানুৱাৰী মাহত কলেজৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ল’লো৷পুখুৰীৰ ইপাৰে আৰম্ভ হোৱা ৩০ বছৰীয়া যাত্ৰাটিৰ সামৰণি পৰিল সিটো পাৰে৷ ৰৈ গ’ল মাথোন মিঠা মিঠা কিছুমান স্মৃতি....

2 comments:

  1. am not rich in expressive words especially using my mother tongue...quite irony though!

    so have picked the 26 alphabets to scribble my views on this post of yours.

    well...such memories can never be left alone on the pages of a diary...as everyday till the last wink...we can learn to stay young through those... and this is what can be best felt in your jewel-studded frames...

    you writing is so focused and vividly expressed, that one can actually visualize the moments inscribed.

    keep writing and and go deep sailing Xhunkan Mama with the waves of your passion!
    :-)

    ReplyDelete