এটি সুন্দৰ আদৰ্শ
(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ আধাৰত)
এহাল সৰু ল’ৰা-ছোৱালী বজাৰৰ মাজেৰে লাহে-লাহে খোজ কাঢ়ি গৈ আছিল৷ দুয়ো ভাই-ভনী৷ ছোৱালীজনীৰ বয়স ছবছৰ আৰু ল’ৰাটোৰ চাৰিবছৰ৷ হঠাতে ল’ৰাটোৱে মন কৰিলে বায়েক পিছপৰি গৈছে৷ সি থমকি ৰ’ল৷ উভতি চাই দেখে বায়েক এঠাইত ৰৈ কিবা এটা চাই আছে৷ সি ওচৰ চাপি গ’ল৷ গৈ দেখে বায়েকে আপোনমনে দোকানত সজাই থোৱা পুতলা এটা চাই আছে৷
“তুমি কি চাইছা?” সি বায়েকক সুধিলে৷
“সৌ পুতলাটো৷ ইমান মৰমলগা৷” বায়েকে পুতলাটোলৈ আঙুলিয়াই দি ক’লে৷
“তোমাক লাগিব নেকি?” ল’ৰাটোৱে সুধিলে৷
বায়েকে মূৰ দুপিয়ালে৷
“ৰ’বা, মই কিনি দিম তোমাক৷” বুলি কৈ ল’ৰাটো দোকানীৰ ওচৰ চাপি গ’ল৷
দোকানীজনে দুয়োকো ভালদৰে লক্ষ্য কৰি আছিল৷ সিহঁতৰ কথা-বতৰা শুনি আছিল৷ তেওঁ ল’ৰাটোলৈ মৰমেৰে চাই থাকিল কিন্তু কিবা এটা কোৱাৰ আগতেই ল’ৰাটোৱে মাত ল’গালে,
“সৌ পুতলাটো দিয়কচোন৷”
“পুতলাটো কিনিবলৈ তোমাৰ লগত পইচা আছে জানো?” ল’ৰাটোৰ ইমান গহীন ব্যৱহাৰ দেখি মনতে অতি ৰং পাই দোকানীজনে মৰমেৰে সুধিলে৷
“আছে নহয়৷” বুলি কৈ ল’ৰাটোৱে পেন্টৰ জেপৰ পৰা কেইটামান শামুকৰ খোলা উলিয়াই দোকানীজনৰ সম্মুখত ৰাখিলে আৰু দোকানীজনলৈ চাই গহীনাই সুধিলে,
“ইমানখিনিৰে হ’বনে? আৰু লাগিব নেকি?”
দোকানীজন মুগ্ধ হ’ল সৰু ল’ৰাটোৰ সৰলতাত৷ তেওঁ মিচিকিয়াই হাঁহি ক’লে,
“হ’ব৷ তোমাৰ লগত দেখোন বহুত টকা আছে৷”
দোনাকীজনে গণি গণি চাৰিটা শামুকৰ খোলা ৰাখি বাকীকেইটা ল’ৰাটোক ঘূৰাই দিলে৷ ল’ৰাটোৱে সন্তুষ্ট মনেৰে সেইকেইটা আকৌ জেপত ভৰাই থ’লে আৰু পুতলাটো লৈ বায়েকৰ হাতত দিলে৷ বায়েকে আলফুলকৈ সাৱটি ল’লে আৰু দুয়ো দোকানৰ পৰা বাহিৰ ওলাই গ’ল৷
গোটেই ঘটনাটো লক্ষ্য কৰি থকা ডেকা এজনে দোকানীজনক সুধিলে, “ আপুনি ইমান দামী পুতলাটো চাৰিটা শামুকৰ খোলাৰ বিনিময়ত দি দিলে কিয়?”
দোকানীজনে উত্তৰ দিলে,
“ইমান সৰু ল’ৰাটোৰ ইমান গহীন. ইমান দায়িত্বশীল ব্যৱহাৰ দেখি বুজি পাইছো সি জীৱনত সফল হ’বই৷ সি এদিন খুব ডাঙৰ মানুহ হ’বই৷ তেতিয়া নিশ্চয় এই ঘটনাটো মনত পৰিলে ভাল লাগিব তাৰ৷ মই যে তাক মৰম কৰিছিলো, তাক সহায় কৰিছিলো সি নিশ্চয় মনত পেলাব আৰু আনৰ প্ৰতি সিও ভাল ব্যৱহাৰ কৰিব৷ এইদৰেইতো পৃথিবীখন আমি ধুনীয়া কৰি তুলিব পাৰোঁ ইতিবাচক চিন্তাৰে!!!”
Beautiful.
ReplyDelete