At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 23 October 2013

অলপ ধেমালি.. ইঞ্জিনিয়াৰিং কবিতা



অলপ ধেমালি.. ইঞ্জিনিয়াৰিং কবিতা

ইলেক্ট্ৰিকেল কবিতা……..

থাকিলে থাকক তোমাৰ
মেগা ওম ৰেজিচটেন্চ
মইও বঢ়াই যাম ট্ৰেন্চফৰ্মাৰেৰে
কিলো কিলো ভল্টেজ
যদিহে লগাই লোৱা
এটি কেপাচিটেন্স
বাঢ়ি যাব আমাৰ
টাইম কন্সটেন্ট৷

চিভিল….

প্লেন ইলিভেচন
অঁকাৰ আগতেই
ভাগি ' মোৰ
থিয়ডলাইট
বাঢ়ি ' আমাৰ মাজৰ স্পান
চিন্তা নকৰিবা
বঢ়াই ' কলম দুটামান৷
যদি তুমি থাকা লুকাই
হাবি-বনে ক’ৰবাত সোমাই
কৰি ল’ম মই
ৰিমোট চেন্সিং
থাকিলে থাকক তোমাৰ
ওখ ফেন্সিং৷

মেকানিকেল

যদি তুমি ৱাটাৰ
মই ' বয়লাৰ
পিঠিত দিলে মাধমাৰ
লগাম হিট এক্সেন্জাৰ
যদিহে দেখুূউৱা আইন
চলাম স্টিম টাৰ্বাইন
মোৰ চিঞৰত
পাহৰি যাবা মেক নাম্বাৰ৷

ইলেক্ট্ৰনিক্স কবিতা…

দায়দ ত্ৰায়দ এৰিলি
চেমি কন্ডাক্টৰ ধৰিলি
মাইক্ৰ প্ৰচেচৰ লগ পাই
অটোমেটিক হৈ পৰিলি৷

কেমিকেল….
হাঁহিটি দেখিলে তোমাৰ
বাঢ়ি যায় মোৰ
ভেপাৰ প্ৰেচাৰ
পঠিয়াবলৈ মন যায়
লেগ পাইপেৰে
মনৰ চেচুৰেটেত
স্টিম ধাৰাষাৰ
নহলে কিজানি
কনদেন্স হৈ যায়
কুটিল চাৱনিত
তোমাৰ দেউতাৰ৷
সযতনে ভৰাই থৈছো
মোৰ বেটচ ৰিয়েক্টৰত
তোমাৰ হাঁহিবোৰ
হ’ব ফাৰমেন্ট অপাৰ
কৰি আছো
আজিও সেয়ে
হীট ট্ৰেন্সফাৰ৷

ইন্সট্ৰুমেন্টেচন..
নাপালো বুজি আজিও মই
তোমাৰ চেনজিটিভিটি
কাণতলীয়া চৰত বাগৰি পৰোঁ
মানি লৈ গ্ৰেভিটি
জুখিলো প্ৰেচাৰ
টেম্পাৰেচাৰ
আৰু প্ৰবাহৰ ধাৰ
তথাপি বিচাৰি নাপালো আজিও
এৰৰৰ উত্সটি৷




4 comments:

  1. ভাল লাগিছে !

    ReplyDelete
  2. চাৰ, কিছু দিলে এইটো

    ReplyDelete
  3. ধন্যবাদ
    প্ৰতিভূ দত্তৰ পৰা উদগণি পাইহে লেখা হৈ গ'ল৷
    কম্পিউটাৰ চায়েন্সৰ বাবে লেখা নহ'ল এইবাৰ৷

    ReplyDelete