ইষ্ট্ৰি কৰা নহ’ল…
ইংৰাজীত কথা কোৱাটো
মোৰ বাবে ভাবিব নোৱাৰা কথা আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া সময়লৈকে৷ নগা, মিজো,
খাচীয়া, গাৰো আদি ছাত্ৰবোৰৰ লগত কথাই নাপাতিছিলো ইংৰাজী ক’ব লগা বাবে৷
তেতিয়া মই অসম
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ এদিন কিবা কথাত কাপোৰ এযোৰ ইষ্ট্ৰি
কৰিবলগা হ’ল৷ আমাৰ কাপোৰবোৰ নাথনি নামৰ ধোবাজনে লৈ যায় আৰু ইষ্ট্ৰি কৰি ঘুৰাই দিয়ে৷
কিন্তু সেইদিনা কিবা এটা জৰুৰী কথাত কাপোৰ এযোৰ তেতিয়াই ইষ্ট্ৰি কৰি লোৱাৰ প্ৰয়োজন
হ’ল৷ গতিকে কাৰ ওচৰত ইষ্ট্ৰি আছে খা-খবৰ ল’লোঁ৷ এজনে ক’লে, ১৭ নে ১৮ নং কোঠাত থকা মিজো
ল’ৰাকেইজনৰ ওচৰত এটা ইষ্ট্ৰি আছে৷ আমাৰ কোঠাৰ ওচৰতে৷ মই মৰসাহ কৰি সেই কোঠাৰ পিনে আগবাঢ়িলোঁ৷ দুৱাৰত টোকৰ মাৰিলো৷ ভিতৰৰ
পৰা মাত দিলে: “ইয়েচচচচ”
দুৱাৰখন খুলি
ভিতৰ সোমালোঁ৷ ভিতৰত তিনিখন বিচনা৷ দুৱাৰৰ কাষতে থকা বিচনাখনত ফানা বুলি চিনিয়ৰ এজন শুই আছে৷ তেওঁৰ ভৰিৰ
কাষতে ইষ্ট্ৰি এটা জিলিকি আছে৷ মোৰ মনত উৎসাহ জাগিল৷ আনপিনে চুকতথকা টেবুলত পঢ়ি আছিল
নিকি বুলি আন এজন চিনিয়ৰে৷ মই নিকিলৈ চাই আন একো পাতনি নেমেলি ক’লো:
“আইৰণ, প্ৰেচচচচ..”
আচলতে মই সিমানখিনিয়েই ক’ব পাৰোঁ ইংৰাজীত৷
কওঁতে হাতেৰে
ইষ্ট্ৰি কৰাৰ অংগী-ভঙ্গী কৰিও দেখুৱালোঁ যাতে নিকিয়ে বুজি পায়৷
নিকিয়েও সহজে বুজি পালে
মই ইষ্ট্ৰিটো বিচাৰি অহা বুলি৷ তাৰপাছত বিচনাত শুই থকা ফানাৰ ভৰিৰ পিনে থকা ইষ্ট্ৰিটোৰ
পিনে আঙুলিয়াই নিকিয়ে ইংৰাজীতে ফৰফৰাই কিবা ক’লে৷ চাৰিটামান বাক্য৷ মই ভালদৰে একো বুজি নাপালোঁ৷ অলপ অনুমানহে কৰিলোঁ৷
মই এবাৰ নিকিৰ
পিনে চালোঁ, এবাৰ শুই থকা ফানাৰ পিনে আৰু এবাৰ লুভীয়া দৃষ্টিৰে ইষ্ট্ৰিটোৰ পিনে৷ কিন্তু
নিকিয়ে মোকনো কি ক’লে, ইষ্ট্ৰিটো নিবলৈকে ক’লে নে দিব নোৱাৰে বুলিয়েই ক’লে, নে বিচনাত
শুইথকা ফানাক জগাই তেওঁৰ অনুমতি ল’বলৈকে ক’লে ভালদৰে বুজি নাপাই অলপ সময় তেনেদৰে ৰৈ
থাকিলোঁ৷ ইংৰাজীতে ওলোটাই কিবা এটা সুধিবলৈও সাহস নহ’ল৷
গতিকে অলপ সময় তেনেদৰে থাকি,
মুখেৰে একো নামাতি লাহে লাহে চুচুক চামাককৈ কোঠাৰ পৰা ওলাই আহিলোঁ৷ নিকিৰ পিনে ঘূৰিও নাচালোঁ৷ ইষ্ট্ৰি কৰা আৰু নহ’ল৷
কথাটো কিন্তু
লাজতে কাকো কোৱা নাছিলোঁ৷
আজি ৰাজহুৱা ভাৱে
ক’লো কাৰণ এতিয়াযে ইংৰাজীতো কথা ক’ব পাৰোঁ৷