At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday 3 January 2016

কি হ'ল?

কি হ’ল?
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসৰ বাসিন্দা আমি তেতিয়া৷ বহুদিনৰ পৰা শুনি আছিলো ১৯৮০ চনত অসমত খুব ডাঙৰ ভূমিকম্প এটা হ’ব বুলি৷ আমি সেই সময়ত হোষ্টেলত৷ ভূমিকম্প আহিব আহিব বুলি বাট চাই থাকোঁ৷
আমাতকৈ এবছৰ জুনিয়ৰ ছাত্ৰ এজন আছিল৷ খুব ভাল ল’ৰা৷ চিধা-চাধা ল’ৰা বুলি অলপ বেছিকৈ ৰেগিঙো খাইছিল চিনিয়ৰৰ পৰা৷ ৰেগিং মানে তেওঁক লৈ ধেমালিহে কৰিছিল৷ চিনিয়ৰবোৰে তেওঁক লৈ কৰা ধেমালিবোৰ দেখি আমিও বৰ ৰং পাইছিলো৷ ৰেগিঙৰ সময়ৰে কথা৷ এদিন ৰাতি দুইমান বজাত তেওঁ “ইউৰেক, ইউৰেকা” বুলি চিঞৰি বাৰান্দাৰে দৌৰি ফুৰিছিল৷ আমি সাৰ পাই দুৱাৰ খুলি ওলাই চাওঁ তেওঁ হাতত  কাঁচৰ বটল এটা  লৈ অকলে অকলে দৌৰি আছে৷ বটলটোত চাৰ্ফৰ পানী ভৰাই থোৱা আছে৷ সেইটোকে লৈ দৌৰি আছে ইউৰেকা ইউৰেকা বুলি৷ আমি ধমকি দিলো ৰাতিখন ইমানকৈ চিঞৰি থকা কাৰণে৷ আমাৰ গালি খাই তেওঁ অলপ থমকি ৰ’ল৷ তাৰ পাছত আমাৰ চিনিয়ৰ দুজনমানে তেওঁক আকৌ ধমকি দিলে চিঞৰি চিঞৰি দৌৰিবলৈ৷ আকৌ আৰম্ভ হ’ল, “ইউৰেকা, ইউৰেকা,,” আমিও ৰস পালোঁ তাকে দেখি৷
তেনেদৰে কিছুদিন পাৰ হৈ গ’ল৷ ল’ৰাজন থাকে প্ৰথম মহলাত৷ আমাৰ লগৰে এজনৰ ৰুমমেট৷ তেতিয়া ছয় নং ছাত্ৰাবাসটো দুমহলীয়াহে আছিল৷ এদিন ৰাতি হঠাৎ ভূমিকম্প আহিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ আমি সকলো দৌৰি তল পালোঁহি৷ হোষ্টেলৰ আগৰ পথাৰখনতে কিছুসময় গোট খাই থাকিলো৷ ভূমিকম্প মাত্ৰ কেইচেকেণ্ডমানহে আছিল যদিও প্ৰায় এঘন্টামান সকলোৱে তাতে আড্ডা মাৰি থাকিলো৷ তাৰপাছত লাহে লাহে নিজৰ নিজৰ ৰুমলৈ গ’ল সকলোৱে৷
মোৰ ৰুমটো পোৱাৰ আগতে বন্ধুজনৰ ৰুমটো পায়৷ তাতে গৈ সোমালো৷ আমাক দেখি আঠুৱাৰ তলেৰে মূৰটো লাহেকৈ উলিয়াই সেই ল’ৰাজনে আমালৈ চাই সুধিলে,
“কি হ’ল?”
ইমান চিঞৰ বাখৰ, জোকাৰণিতো সাৰ নোপোৱা ল’ৰাজনৰ সেই প্ৰশ্নতহে আমি আকৌ অধিক ৰস পাই প্ৰাণখুলি হাঁহিলো৷

ভূমিকম্পৰ ভয়ো ক’ৰবাত হেৰাল৷

1 comment: