At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 14 October 2019

নিজৰ সন্তানক আনৰ সন্তান বুলি ক'লে দুখ নালাগিবনে?

মোৰ ব্লগৰ পৰা হুবহু কপি কৰি নিজৰ নামত পোষ্ট কৰা উদাহৰণ বহুকেইটা পালোঁ৷ গতিকে মই ব্লগটো মচি দিয়াই ভাল দেখিছোঁ৷  যিসকলে মোৰ ব্লগ পঢ়ি সঁচাকৈয়ে ভাল পাইছিল, তেখেতসকলক ধন্যবাদ জনালোঁ৷


Wednesday, 19 June 2019

লিখিবলৈ মনেই নোযোৱা হ'ল

এসময়ত দিনে এটাকৈ ব্লগ লিখিছিলোঁ৷ কিয় জানো, লিখিবলৈ মনেই নোযোৱা হ'ল৷ এতিয়াও কোনো কোনোৱে মোৰ ব্লগত ভুমুকি মাৰে৷ হয়তো দুই-এটা পুৰণি লেখা পঢ়ে৷ তেখেতসকলক ধন্যবাদ জনালোঁ৷

Monday, 13 November 2017

সাহিত্যৰ সেঁতু

সাহিত্যৰ সেঁতু

দিল্লীৰ তিলক নগৰত ভাড়ালৈ লোৱা সৰু ঘৰটোত দুপৰীয়াৰ আহাৰ কৰাৰ পাছত অলপ জিৰণি ল'বলৈ বিচনাত বাগৰ দিছোঁ৷ বহিৰৰ পৰিৱেশ প্ৰদূষিত৷ ভিতৰত সোমাই থকাই ভাল৷ তাতে শীতৰ আগমনো ঘটিছে এখোজ দুখোজকৈ৷ গাত এৰী চাদৰখন লৈ বিচনাত বাগৰ দিয়াৰ ক্ষন্তেক পাছতে আমেজত দুচকু মুদ খাই আহিল৷

প্ৰায় দুঘন্টামান পাছত কাষতে থকা মোবাইল ফোনটো বাজি উঠিল৷ চকু মোহাৰি ফোনটো হাতত ল'লোঁ৷ এটা অচিনাকী নম্বৰৰ পৰা ফোনটো আহিছে৷ কলেজৰ প্ৰাচাৰ্য হোৱা বাবে বিভিন্ন ঠাইৰ পৰা ফোন আহি থাকে৷ অচিনাকী হ'লেও ফোন ধৰোঁ৷ ফোনটো ৰিচিভ কৰি লাহেকৈ মাত লগালোঁ, "হেলো....."

সিফালৰ পৰা হিন্দীতে মাত লগালে, " নমস্কাৰ, আপুনি ডঃ মাখন লাল দাসে কৈছেনে?"
:হয়, কৈছো৷  মইও হিন্দীতে উত্তৰ দিলোঁ৷
:মই ৰৱীন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱ৷ "সমকালীন ভাৰতীয় সাহিত্য"ত প্ৰকাশিত আপোনাৰ হিন্দীলৈ অনুবাদ কৰা কবিতাদুটা পঢ়ি খুব ভাল লাগিল৷ "ফুটপাথ" আৰু "ফেন্সি বাজাৰ" ৷ তাতে আপোনাৰ চমু পৰিচয় আৰু ফোন নম্বৰটো পাই ভাবিলোঁ আপোনাক ফোন কৰি ধন্যবাদ দিওঁ৷
সিফালৰ পৰা তেখেতে কৈ গ'ল৷

কেইমাহমান আগতে বৰপেটাৰ প্ৰসিদ্ধ কবি শ্ৰী ধ্ৰুৱ কুমাৰ তালুকদাৰক কবিতা পাঠ কৰিবলৈ সাহিত্য একাডেমীয়ে দিল্লীলৈ মাতিছিল৷ তেখেতৰ ছটা কবিতা মই হিন্দীত সিদ্ধহস্ত নহয় যদিও যথেষ্ট কষ্ট কৰি হিন্দীলৈ অনুবাদ কৰি দিছিলোঁ৷ তাৰে দুটা কবিতা সাহিত্য একাডেমীৰ "সমকালীন ভাৰতীয় সাহিত্য" নামৰ হিন্দী আলোচনীখনত প্ৰকাশ পাইছিল৷ সেয়া নিসন্দেহে মোৰ বাবে এটা নতুন অভিজ্ঞতা আছিল৷ কিন্তু তাকে পঢ়ি দিল্লীৰ পৰা কোনো অচিনাকী লোকে ফোন কৰি শলাগ ল'ব বুলি ভাবিব পৰা নাাছিলোঁ৷

কিবা এক অবুজ আনন্দত মনটো উথলি উঠিল৷ মই শ্ৰী শ্ৰীৱাস্তৱ ডাঙৰীয়াক ধন্যবাদ দিলোঁ৷ তাৰপাছত নানা ধৰণৰ কথা-বতৰা চলিল৷ নিজৰ নিজৰ পৰিচয় অলপ বহলাই জনোৱাৰ পাছত আলোচনা আগবাঢ়িল সাহিত্যলৈ৷

অসমীয়া সাহিত্যৰ প্ৰতি শ্ৰীৱাস্তৱৰ যথেষ্ট ৰাপ আছে৷ তেওঁ প্ৰায় গোটেই অসম ভ্ৰমণ কৰিছে৷ যোগেশ দাসৰ "পৃথিবীৰ অসুখ" নামৰ কিতাপখনৰ ওপৰত কাম কৰিছে অসমৰ জনৈক ডেকাৰ সহায়ত৷ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়েও আলোচনা চলিল৷ তেখেতৰ ঘৰ উত্তৰ প্ৰদেশৰ পূব অঞ্চলত৷ মাতৃভাষা ভোজপুৰী৷ অসমীয়া, বাংলা, উৰিয়া, মৈথিলী আৰু ভোজপুৰীযে অতি নিকট ভাষা, বহুতো শব্দযে একে আৰু হিন্দীৰ পৰা পৃথক সেই বিষয়ে দীঘলীয়া বক্তৃতা এটা দিলে ফোনতেই৷ হয়তো অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি তেখেতৰ বিশেষ অনুৰাগৰ সিও এটা কাৰণ৷

শঙ্কৰদেৱৰ ওপৰত তেখেতে গভীৰভাৱে অধ্যয়ন চলাই আছে৷ ডঃ মহেশ্বৰ নেওগ আৰু ডঃবাণীকান্ত কাকতিৰ লেখাসমূহ পঢ়িছে৷ " শঙ্কৰদেৱৰ বিষয়ে যিমান কাম হৈছে প্ৰায়ভাগ ধৰ্মীয় দৃষ্টিকোণৰ পৰা হৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনামূলক ভাৱে বিশেষ গুৰুত্বপূৰ্ণ একো কাম হোৱা নাই," শ্ৰীবাস্তৱ ডাঙৰীয়াই মন্তব্য কৰিলে৷ তেওঁ এতিয়া শঙ্কৰদেৱৰ ওপৰত কাম কৰি আছে বুলি জানিবলৈ দিলে৷

মোৰ ঘৰ বৰপেটাত বুলি জনোৱাত তেখেতে তপৰাই জনালে বৰপেটা, নগাওঁ, বৰদোৱা আদিৰ কথা জানে বুলি৷

মনটো ভাল লাগিল৷ অসমীয়া মানুহে কৰিবলগা কাম উত্তৰ প্ৰদেশৰ কোনোবাই মন-প্ৰাণ দি কৰি থকা বুলি জানিব পাৰি৷

শ্ৰীবাস্তৱ ডাঙৰীয়াক সোনকালেই সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ৷ দিল্লীত তেখেত মোৰ পৰা মাত্ৰ আঠ কিলোমিটাৰ দূৰৈত থাকে৷ সাহিত্যৰ সেঁতুখনে কিন্তু সেই দূৰত্বখিনিও নোহোৱা কৰি দিলে৷

১৩/১১/২০১৭

Friday, 11 August 2017

ইষ্ট্ৰি কৰা নহ'ল..

ইষ্ট্ৰি কৰা নহ’ল…

ইংৰাজীত কথা কোৱাটো মোৰ বাবে ভাবিব নোৱাৰা কথা আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া সময়লৈকে৷ নগা, মিজো, খাচীয়া, গাৰো আদি ছাত্ৰবোৰৰ লগত কথাই নাপাতিছিলো ইংৰাজী ক’ব লগা বাবে৷

তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ এদিন কিবা কথাত কাপোৰ এযোৰ ইষ্ট্ৰি কৰিবলগা হ’ল৷ আমাৰ কাপোৰবোৰ নাথনি নামৰ ধোবাজনে লৈ যায় আৰু ইষ্ট্ৰি কৰি ঘুৰাই দিয়ে৷ কিন্তু সেইদিনা কিবা এটা জৰুৰী কথাত কাপোৰ এযোৰ তেতিয়াই ইষ্ট্ৰি কৰি লোৱাৰ প্ৰয়োজন হ’ল৷ গতিকে কাৰ ওচৰত ইষ্ট্ৰি আছে খা-খবৰ ল’লোঁ৷ এজনে ক’লে, ১৭ নে ১৮ নং কোঠাত থকা মিজো ল’ৰাকেইজনৰ ওচৰত এটা ইষ্ট্ৰি আছে৷ আমাৰ কোঠাৰ ওচৰতে৷ মই মৰসাহ কৰি  সেই কোঠাৰ পিনে আগবাঢ়িলোঁ৷ দুৱাৰত টোকৰ মাৰিলো৷ ভিতৰৰ পৰা মাত দিলে: “ইয়েচচচচ”

দুৱাৰখন খুলি ভিতৰ সোমালোঁ৷ ভিতৰত তিনিখন বিচনা৷ দুৱাৰৰ কাষতে থকা  বিচনাখনত ফানা বুলি চিনিয়ৰ এজন শুই আছে৷ তেওঁৰ ভৰিৰ কাষতে ইষ্ট্ৰি এটা জিলিকি আছে৷ মোৰ মনত উৎসাহ জাগিল৷ আনপিনে চুকতথকা টেবুলত পঢ়ি আছিল নিকি বুলি আন এজন চিনিয়ৰে৷ মই নিকিলৈ চাই আন একো পাতনি নেমেলি ক’লো:
“আইৰণ, প্ৰেচচচচ..” 

 আচলতে মই সিমানখিনিয়েই ক’ব পাৰোঁ ইংৰাজীত৷
কওঁতে হাতেৰে ইষ্ট্ৰি কৰাৰ অংগী-ভঙ্গী কৰিও দেখুৱালোঁ যাতে নিকিয়ে বুজি পায়৷ 

নিকিয়েও সহজে বুজি পালে মই ইষ্ট্ৰিটো বিচাৰি অহা বুলি৷ তাৰপাছত বিচনাত শুই থকা ফানাৰ ভৰিৰ পিনে থকা ইষ্ট্ৰিটোৰ পিনে আঙুলিয়াই নিকিয়ে ইংৰাজীতে ফৰফৰাই কিবা ক’লে৷ চাৰিটামান বাক্য৷ মই ভালদৰে একো বুজি নাপালোঁ৷ অলপ অনুমানহে কৰিলোঁ৷

মই এবাৰ নিকিৰ পিনে চালোঁ, এবাৰ শুই থকা ফানাৰ পিনে আৰু এবাৰ লুভীয়া দৃষ্টিৰে ইষ্ট্ৰিটোৰ পিনে৷ কিন্তু নিকিয়ে মোকনো কি ক’লে, ইষ্ট্ৰিটো নিবলৈকে ক’লে নে দিব নোৱাৰে বুলিয়েই ক’লে, নে বিচনাত শুইথকা ফানাক জগাই তেওঁৰ অনুমতি ল’বলৈকে ক’লে ভালদৰে বুজি নাপাই অলপ সময় তেনেদৰে ৰৈ থাকিলোঁ৷ ইংৰাজীতে ওলোটাই কিবা এটা সুধিবলৈও সাহস নহ’ল৷ 

গতিকে অলপ সময় তেনেদৰে থাকি, মুখেৰে একো নামাতি লাহে লাহে চুচুক চামাককৈ কোঠাৰ পৰা ওলাই আহিলোঁ৷ নিকিৰ পিনে ঘূৰিও নাচালোঁ৷ ইষ্ট্ৰি কৰা আৰু নহ’ল৷

কথাটো কিন্তু লাজতে কাকো কোৱা নাছিলোঁ৷

আজি ৰাজহুৱা ভাৱে ক’লো কাৰণ এতিয়াযে ইংৰাজীতো কথা ক’ব পাৰোঁ৷

Tuesday, 4 April 2017

আমি বন্ধা এটি ঘৰ…

আমি বন্ধা এটি ঘৰ…
১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে দেউতাৰ মৃত্যু হোৱাৰ পাছত আমি নিজৰ ঠাই বৰপেটালৈ আহোঁ৷ বৰপেটাৰ পালাংদিহাটীৰ দেউতাৰ পৈত্ৰিক ঘৰত আমাৰ বাবে ঠাই নোজোৰাত আমি কীৰ্তনঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো ভাড়া লৈ থাকিবলৈ লওঁ৷ আমি মানে মা আৰু আমি পাঁচজন ভাই-ককাই৷ ডাঙৰ দাদা তেতিয়া নৱম শ্ৰেণীত৷ সৰু ভাইটি স্কুললৈ যাবলৈ লৈছিলহে৷ ভাড়া আছিল মাহে ১৫ টকা৷ সেই ভাড়া দিবলৈ খুড়া এজনে দায়িত্ব লয়৷
চিলঙৰ পৰা দলাহাটী৷ সম্পূৰ্ণ বেলেগ পৰিৱেশ৷ দুশাৰী ঘৰ৷ মাজতে দীঘলকৈ চোতালখন৷ ঘৰবোৰৰ মাজত কোনো ব্যৱধান নাই৷ এটা ঘৰৰ বেৰখন আনটো ঘৰৰো বেৰ৷ যেন এটা ডাঙৰ পৰিয়ালহে৷ সকলোৱে সকলোকে চিনি পায়৷ সকলোৱে সকলোৰে কথা জানে৷ আমাৰ মাতকথাও বৰপেটীয়ালৈ ৰূপান্তৰিত হৈ পৰিল কেইমানমানৰ ভিতৰতে৷
দুবছৰমান তেনেদৰেই পাৰ হ’ল৷ গুৱাহাটীত দেউতাই কিনি থোৱা মাটি এডোখৰ আছিল যদিও তাত ঘৰ সজাৰ সামৰ্থ আমাৰ নাছিল৷ মাহে ১৫৮ টকাকৈ ফেমিলি পেঞ্চন পাইছিলো চৰকাৰৰ পৰা৷ সাঁচতীয়া ধনো বিশেষ একো নাছিল৷ মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ মৃত্যু হৈছিল৷ গতিকে সাঁচিবলৈ সময়ো নাপালে৷
বৰপেটাতেই মাটি এডোখৰ কিনি ঘৰ এটা সাজি লোৱা ভাল দেখিলো আমি৷ মেটুৱাকুছিৰ পুৰণা শ্মাশানখনৰ সম্মুখতে এবিঘা মাটি আছিল৷ মালিকৰ ল’ৰাজন মোৰ সহপাঠী বন্ধু৷ এচনীয়া মাটি৷ তাকেই কিনি লোৱা হ’ল৷ মুকলি পথাৰৰ মাজত মাটিডোখৰ৷ কোনো ৰাস্তা-ঘাট নাই৷ খৰালি সমস্যা নাই, বাৰিষাহে পানীয়ে আগুৰি ধৰে৷ মানুহে কলৰ ভুৰ সাজি লয়৷ দুই-এঘৰে নাঁও ব্যৱহাৰো কৰে৷
মাটিডোখৰ ম্যাদী কৰি দিয়াৰ দায়িত্ব ল’লে গুৱাহাটীত চাকৰি কৰা মামা এজনে৷ ইফালে আমি ঘৰ সজাৰ কামত মন দিলোঁ৷ দেউতা জীয়াই থাকোঁতে গুৱাহাটীত ঘৰ সাজিম বুলি কাঠেৰে দুৱাৰ খিৰিকি আদি প্ৰায় সাজু কৰি থৈছিলেই৷ সেইবোৰ আমি বৰপেটালৈ লৈ আহিছিলো৷
দিন-বাৰ মনত নাই৷ সঠিক চনো মনত নাই৷ কোনোবা এটা দিনত ঘৰৰ খুটা পোতা হ’ল ধৰ্মীয় ৰীতি-নীতিৰে৷ ইটাৰে তলৰ ভাগ গাঁঠি লৈ কাঠৰ ফ্ৰেমত বাঁহ বা ইকৰাৰে বেৰ গাঁঠি চিমেন্টেৰে প্লাষ্টাৰ কৰি বেৰবোৰ সঁজা হ’ব৷ ওপৰত টিং দিবলৈ পইচা নুজুৰিব বাবে খেৰেই দিয়া হ’ব৷ কাঠৰ দুৱাৰ-খিৰিকি সাজু হৈ আছিলেই৷ লগাই দিলেই হ’ব৷ ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ লগত সকলো কামত আমিয়েই সহায় কৰি দিব পাৰিম৷ গতিকে বনুৱাৰ খৰচো বাচি যাব৷ তেনে পৰিকল্পনাৰেই কাম আৰম্ভ হ’ল৷ আমি দেহে-কেহে কামত লাগি গ’লো৷ চাওঁতে চাওঁতে প্ৰায় ৩৬ ফুট দীঘল আৰু ১২ ফুট বহল ঘৰ এটা জিলিকি উঠিল৷ ঘৰৰ ৰং দিয়া কামো আমিয়েই কৰিলো৷ ঘৰৰ পিছপিনে গাতে লগাই দীঘলে দীঘলে বাঁহ আৰু খেৰেৰে আন এটা ঘৰ সাজি দিয়া হ’ল৷ ঘৰ মানে চাল এখন৷ সেয়া হৈ পৰিল আমাৰ পাকঘৰ, তাঁত শাল ৰখা ঘৰ আৰু গোহালিঘৰ৷
সকলোৱে মিলি গোটেই মাটিবিঘা বাঁহৰ জেওৰাৰে বেৰি দিলোঁ৷ তাৰ মাজতে পাচলিৰ বাগিছা পাতিলো৷ লাও, জিকা, ভোল , বেঙেনা, বিলাহী, লাইশাক, ইত্যাদি ইত্যাদি লহ-পহকৈ গজি উঠিব ধৰিলে৷ আমি ৰাতিপুৱাতে ওলাই গৈ পথাৰত গোৱৰ বুটলি ফুৰোঁ পাচলিৰ গুৰিত দিবলৈ৷ বগৰী, মধুৰী আদি কেইজোপামান গছো ৰুলোঁ৷

তেনেদৰেই সেই পথাৰৰ মাজৰ নিৰ্জন পৰিৱেশত আমি পাঁচ ভাই আৰু মা থাকিবলৈ ল’লো৷ মাই ধেমালি কৰি কৈছিল৷ এইটো আমাৰ জতুগৃহ৷ কুন্তীয়ে পঞ্চ-পাণ্ডৱক লৈ থকাৰ দৰে ময়ো আছোঁ এই পথাৰৰ মাজত৷ বানপানী আহিল৷ ধুমুহাৰ দিনো আহিল৷ সেই সকলোৰে মাজেৰে আমি সকলোটি মিলি দিনবোৰ পাৰ কৰি গ’লো৷ মুকলি পথাৰৰ মাজত ধুমুহা বতাহে আমাৰ ঘৰটো বৰকৈ খুন্দিয়াইছিল৷ বতাহে ঘৰৰ চালখন উৰুৱাই নিব বুলি ভয় হৈছিল৷ প্ৰায়েই আমি আটাইকেইটা সোমাইছিলো সকলোতকৈ শক্তিশালী বিচনাখনৰ তলত৷ দেউতাই নিজহাতে বনাই থৈ থোৱা মজবুত পালেং আৰু দুৱাৰ-খিৰিকিবোৰৰ যোগেৰে দেউতাৰ উপস্থিতিও অনুভৱ কৰিছিলো তেনে ভয়লগা সময়বোৰত৷

Monday, 20 March 2017

এনেকৈয়ে শিকোঁ শব্দবোৰ

এনেকৈয়ে শিকোঁ শব্দবোৰ..

অসমীয়া মাধ্যমত পঢ়িছিলো৷ ইংৰাজী বিষয় হিচাবে পঢ়িছিলো যদিও ইংৰাজী পঢ়া বা কোৱাৰ অভ্যাস প্ৰায় নাছিল বুলিয়েই ক'ব পাৰি৷ বৰপেটাত ইংৰাজী কোৱা কোনো মানুহৰ সৈতে মুখামুখি হ'বলগীয়াও হোৱা নাছিল৷ ইংৰাজী ব্যাকৰণ ঠিকেই জানিছিলো , কিন্তু শব্দ-ভাণ্ডাৰ আছিল অতি দুৰ্বল৷ শব্দ-ভাণ্ডাৰ টনকীয়াল হয় ভাষা পঢ়া আৰু শুনাৰ যোগেদিহে৷
১৯৭৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজলৈ আহিলো৷ তাত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মেধাবী ছাত্ৰ-ছাত্ৰীৰ মাজত সোমাই পৰিলো৷ তাৰ মাজতে ফটফটাই ইংৰাজী ক'ব পৰা ছাত্ৰ-ছাত্ৰী কিছুমানো আছিল যিসকলক দেখি অলপ ভালো লাগিছিল, লাজো লাগিছিল৷
এদিন ৰাতি ভাত খোৱা পাছত আমাৰ ছাত্ৰাবাসৰ নবাগত আবাসীবোৰৰ চিনাকী পৰ্ব চলি আছিল৷ সকলোৱে নিজৰ চিনাকী দি আছিল৷ তেনেতে এজনে থিয় হৈ  ক'লে, " মোৰ নাম ..... ফাৰ্ষ্ট মেছৰ ব'না ফাইড বৰ্ডাৰ৷" বৰ্ডাৰ মানে আবাসী বুলি বুজি পালো যদিও ব'না ফাইড মানেনো কি একো বুজি নাপালো৷ লাজতে কাকো সুধিবলৈ সাহস নহ'ল৷ পিছত কিতাপ খুচৰি তাৰ অৰ্থ বুজি ল'লো৷
এদিন শ্ৰেণীৰ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰী একেলগে  বহি ক্ৰিকেট খেল চাই আছিলো৷ এগৰাকী ছাত্ৰীয়ে টিফিন বাকচ খুলি জেম লগোৱা ব্ৰেড দুচকল উলিয়াই কিবা এটা ক'লে৷ কথাৰ মাজতে এটা শব্দ ব্যৱহাৰ কৰিলে, "বছ" ৷ বছ মানে কি বুজি নাপাই মনতে ভাবি থাকিলো৷ ইংৰাজী Boss শব্দটোৰ অৰ্থ বুজিবলৈ অৱশ্যে বেছি দিন নালাগিল৷
অলপ পাছত আমাৰ মাজৰে এজন বেটিং কৰিবলৈ ওলাই গ'ল৷ এগৰাকী ছাত্ৰীয়ে লগৰ এগৰাকীক সুধিলে ,
"ই স্কীপাৰ নেকি?"
স্কীপাৰ? মই মনতে ভাবিলো৷ স্কিপিং কৰা মানে জানিছিলো৷ যিয়ে বেছি স্কিপিং কৰে তাকে স্কীপাৰ বোলে নেকি? নিজকে নিজে সুধিলো৷ আনক সুধিবলৈ সাহস নহ'ল৷ স্কীপাৰ মানে যে অধিনায়ক সেইটো পাছত নিজেই বুজি পালো৷
এনেদৰেই শিকি থাকিলো, আজিও শিকি আছোঁ৷৷৷৷

Monday, 13 February 2017

আন এক প্ৰেম...

আন এক প্ৰেম…..

এজন মানুহে প্ৰায়েই ফুটপাথৰ কাষত বহি কমলাটেঙা বেচা বুঢ়ী এগৰাকীৰ পৰা কমলাটেঙা কিনে৷ বুঢ়ী গৰাকীয়ে ওজন কৰি কমলা দিয়ে৷ মানুহজনে কমলাখিনি বেগত ভৰাই লয়৷ বুঢ়ীগৰাকীক দিবলগীয়া পইচাখিনি দিয়ে৷ তাৰপাছত বেগৰ পৰা কমলা এটা উলিয়াই লৈ, বাকলি গুচাই এটা কোঁহ উলিয়াই মুখত ভৰায়৷
“ইচ, কমলাটো বৰ টেঙা৷ মুখত দিবই নোৱাৰি৷” মানুহজনে কয়৷
“টেঙা? হ’বই নোৱাৰে৷” বুঢ়ীগৰাকীয়ে উত্তৰ দিয়ে৷
“লওঁক তেনেহলে, আপুনিয়ে খাই চাওঁক,” বুলি মানুহজনে কমলাটোৰ বাকীথকাখিনি বুঢ়ীগৰাকীৰ পিনে আগবঢ়াই দিয়ে৷ বুঢ়ীগৰাকীয়ে হাত পাতি লয় আৰু একোঁহ একোঁহকৈ মুখত ভৰায়৷ প্ৰতিবাদ কৰি কৈ উঠে,
“ইমান মিঠা, টেঙা বুলি মিছাতে আপত্তি কৰে৷”
ইতিমধ্যে মানুহজন হাতত বেগটো লৈ আঁতৰি যায়৷
প্ৰতিবাৰেই এনেদৰে চলি থাকে৷

এদিন মানুহজনক পৰিবাৰে সুধিলে,
“সেই বুঢ়ীগৰাকীয়ে কেতিয়াও টেঙা কমলা নেবেচে৷ তেওঁ বেচা কমলাবোৰ দেখোন সদায় অতি মিঠা৷ তেনেহলে আপুনি মিছাতে টেঙা বুলি এই নাটকখননো কিয় কৰে?”

হাঁহি এটা মাৰি মানুহজনে উত্তৰ দিয়ে,
“সেই দুখীয়া বুঢ়ী মানুহগৰাকীৰ কোনো নাই৷ অতি দুখীয়া৷ বাটৰ কাষত বহি কমলাটেঙা বেচে৷ কিন্তু নিজে হয়তো পানী এটুপিও নাখায়৷ গতিকে মই মোৰ কিনা কমলাৰ পৰাই বুদ্ধি কৰি বুঢ়ীগৰাকীক কমলা এটা খুৱাওঁ৷ তেওঁৰ লোকচান নহয়৷”
পৰিবাৰে শলাগি থ’লে৷

কমলা বেচা বুঢ়ীগৰাকীৰ কাষতে বহি পাচলি বেচা মানুহ এজনে কথাটো সদায় লক্ষ্য কৰে৷ তেওঁ এদিন বুঢ়ীগৰাকীক সুধিলে,
“আপুনি সেই মানুহজনক কমলা জুখি দিওঁতে সদায় অলপ বেছিকৈ কিয় জুখি দিয়ে? মানুহজনে দেখোন আপোনাৰ কমলাবোৰ সদায় টেঙা বুলিহে আপত্তি কৰে?”

বুঢ়ীগৰাকীয়ে হাঁহি মাৰি উত্তৰ দিলে,
“ মই সকলো বুজি পাওঁ৷ মানুহজনে আচলতে মোক মাকৰ নিচিনা মৰম কৰে৷ মোক কমলা এটা খুৱাবলৈকে তেনে অভিনয় কৰে৷ মই জানিও নজনা ভাওঁ ধৰি থাকোঁ৷ যেতিয়া মানুহজনলৈ কমলাটেঙা ওজন কৰোঁ, তেতিয়া মই বেছিকৈ নিদিওঁ, মানুহজনৰ মৰমৰ শক্তিয়ে আকৰ্ষণ কৰি তৰ্জুখন তেওঁৰ পিনে অধিককৈ নমাই দিয়ে৷ গতিকে এটা কমলা বেছিকৈ উঠে৷”

এৰা, সৰু-সৰু মৰমৰ কাৰ্যবোৰে আমাৰ জীৱনটো, আমাৰ পৰিৱেশটো, আমাৰ পৃথিবীখন অধিক মধুৰ কৰি তুলিব পাৰে৷

(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ আধাৰত)


Thursday, 24 November 2016

এন্দুৰৰ প্ৰতিশোধ

এন্দুৰৰ প্ৰতিশোধ
এটা প্ৰকাণ্ড এন্দুৰ৷ মোৰ শোৱাকোঁঠাৰ এচিটোৰ ভিতৰতে সোমাই থাকে৷ মই ঘৰৰ পৰা ওলাই গ’লে সি ওলাই আহে, গোটেই ঘৰ তহিলং কৰে৷ ৰাতি হ’লে উৎপাত বেছি হয়৷
কালি ৰাতি খাই-বৈ বিচনাত পৰিছোঁ মাত্ৰ৷ দেখিলো, এন্দুৰটো এচিৰ ভিতৰৰ পৰা ওলাই আহি বিচনাৰ তলত সোমাইছে৷ অলপ সময় তভক মাৰি ৰ’লো৷ একো সাৰ-সুৰ নাই৷ তেনেদৰে এঘন্টামান পাৰ হ’ল৷ মই পানী খাবলৈ বুলি পাকঘৰ পালোঁগে৷ পাকঘৰৰ লাইটটো জ্বলোৱাৰ লগেলগে এন্দুৰটো পাকঘৰৰ পৰা ওলাই দ্ৰয়িংৰুমত সোমোৱা দেখিলোঁ৷ দ্ৰয়িংৰুমৰ চোফাৰ তলত সোমাল সি৷ ৰাতি চোফাখনো কুটুৰ কুটুৰ কৰি থাকে প্ৰায়েই৷ পানী খাই, লাইটটো অফ কৰি ওলাই আহিব ধৰোঁতে মূৰত এটা বুদ্ধি খেলালে৷ পাকঘৰৰ দুৱাৰখন ভালদৰে বন্ধ কৰি দিলো যাতে এন্দুৰটো সোমাব নোৱাৰে৷তাৰপাছত শোৱাকোঁঠাত সোমাই শোৱাকোঁঠাৰ দুৱাৰখনো ভালদৰে জপাই শলখা লগাই দিলো৷ গতিকে এন্দুৰটো পাকঘৰলৈও যাব নোৱাৰিব, শোৱাকোঁঠালৈও আহিব নোৱাৰিব৷ যি উৎপাত কৰে বা খায় সি দ্ৰইংৰুম আৰু বাথৰুমতে কৰিব লাগিব৷ আজি কেনে মজা, এটা বিজয়ৰ হাঁহি মাৰি মই গৰম কাপোৰখন ভালদৰে গাত লৈ মোবাইলত ফেচবুক কৰিবলৈ ধৰিলো৷
ৰাতিপুৱা উঠি শোৱাকোঠাৰ দুৱাৰ খুলি ওলাই আহিলো, কিন্তু দুৱাৰখন আকৌ ভালদৰে বাহিৰৰ পৰা জপাই শলখা লগাই দিলোঁ যাতে এন্দুৰটো আকৌ সোমাব নোৱাৰে৷ ৰাতি এন্দুৰটো দ্ৰইংৰুমতেই থাকিল৷ ৰাতি সি ক’ত কি উদ্ভণ্ডালি কৰিলে তাকে চোৱাত লাগিলোঁ৷ একো চকুত নপৰিল৷ মজিয়াৰ মাজতে থকা টেবুলৰ বস্তুবোৰো ঠিক ঠাইতে আছে৷ চোফাখনৰো নতুনকৈ একো অনিষ্ট কৰা চকুত নপৰিল৷ অলপ আচৰিত হ’লো৷ এন্দুৰটো গ’ল ক’লৈ?
হঠাতে চকু গ’ল দুৱাৰৰ কাষতে থকা মোৰ জোতা আৰু চেণ্ডেললৈ৷ ঘৰৰ ভিতৰ সোমায়েই জোতা-চেণ্ডেল দুৱাৰৰ কাষতে খুলি থওঁ৷ জোতাযোৰ দামী৷ আমাজন নে ফ্লিপকাৰ্টত অৰ্ডাৰ দি কিনিছিলো দুবছৰ আগতে৷ চেণ্ডালযোৰ তাতকৈও দামী৷ প্ৰায় ডেৰবছৰ আগতে উদয়পুৰৰ ইজি ডে’ মলৰ ডাঙৰ দোকান এখনত কিনা৷ বাহিৰলৈ গ’লে সেইযোৰেই পিন্ধি যাওঁ৷ জোতাযোৰ কমেইহে পিন্ধোঁ৷
দূৰৰ পৰাই চকুত পৰিল; চেণ্ডেলযোৰৰ ওচৰ চাপি গৈ আকৌ ভালদৰে চালো৷ হয়, যি ভয় কৰিছিলো সেয়ে হ’ল৷ ৰাতি এন্দুৰটোৱে মোৰ দামী চেণ্ডেলযোৰৰ সম্মুখৰ ফালে এনেদৰে এডোখৰ কামুৰি বখলিয়াই লৈ গৈছে যে কোনোমতেই সেইডোখৰ লুকুৱাব পৰা নাযাব পিন্ধাৰ সময়ত৷ মুঠতে চেণ্ডেলযোৰ ঘৰত পিন্ধাৰ বাহিৰে আৰু উপায় নাই৷
এন্দুৰটোৱে তাৰ প্ৰতিশোধ ভালদৰেই ল’লে৷

এন্দুৰ মৰা দৰৱ নিকিনিলেই নহ’ব৷ 

Friday, 21 October 2016

আকাশৰ পৰা কি পৰিল?

আকাশৰ পৰা কি পৰিল?


সৰু থাকোঁতে আকাশেৰে উৰি যোৱা উৰাজাহাজ দেখিলে আমি ওপৰলৈ তধা লাগি চাইছিলো, একেবাৰে মুখ মেলি মেলি৷ তেতিয়া ধেমালি কৰি এজনে আনজনক কৈছিলো,

:ওপৰলৈ নাচাবি৷ এৰোপ্লেনৰ পায়খানাৰ পৰা ময়লা আহি মুখতে পৰিব৷


ৰেলৰ পায়খানা দেখা সকলোৱে জানে ময়লাবোৰ ৰেলআলিয়ে আলিয়ে পৰি যায় বুলি৷ (অৱশ্যে আজিকালি অলপ সলনি হ'ব ধৰিছে)৷ উৰাজাহাজৰ পায়খানাবোৰ তেনেকুৱাই নেকি বুলি ভাবিছিলো যদিও নহয় বুলি বুজাই দিছিল দাদাহঁতে৷

অলপতে , ৫ অক্টোবৰ ১০১৬ তাৰিখে আবেলি ৰাজস্থানৰ কাৰোলি জিলাৰ নাৰাইনা নামৰ গাঁৱৰ ওচৰত কিছুমান গৰখীয়াই সৰু পাহাৰ এটাৰ আগত গৰু চৰাই থাকোঁতে আকাশৰ পৰা  এচপৰা প্ৰকাণ্ড বৰফ আহি পৰা দেখা পায়৷ বৰফডোখৰ পৰি টুকুৰা-টুকুৰ হয়৷ কাৰো গাত নপৰিল আৰু কোনেও একো আঘাত নাপালে৷ আকাশৰ পৰা সেই বৰফ চাবলৈ বহুতো মানুহৰ সমাগম হয়৷

একেধৰণৰ দুই-এটা ঘটনা আন ঠাইতো ঘটা বুলি জানিব পৰা গৈছে৷

বৰফৰ টুকুৰাটো ক'ৰ পৰা আহিল আৰু তাৰ উপাদান পানী নে আন কিবা সেই বিষয়ে নানা ধৰণৰ জল্পনা-কল্লনা চলাৰ লগতে সৰু-সুৰা গৱেষণাও চলে৷ দিল্লীস্থিত বিশেষজ্ঞ বিমল কুমাৰ শ্ৰীৱাস্তৱৰ মতে সেই বৰফ আন একো নহয়, উৰাজাহাজৰ পায়খানাৰ পৰা ওলোৱা পানী, পেচাব ইত্যাদি গোট মাৰি হোৱা বৰফ৷

ফেচবুকত এইবিষয়ে পঢ়ি হঠাতে সৰু কালৰ কথা মনত পৰি গ'ল৷

অৱশ্যে শূণ্য ডিগ্ৰীতকৈও কম উষ্ণতাৰ মাজেৰে পৰা সেই পায়খানাৰ পানীত কোনো বীজাণু জীয়াই থকাৰ সম্ভাৱনা নিশ্চয় নাই৷ তথাপি পায়খানাৰ পৰা পৰি ওলোৱা বাবেই তাক হাতেৰে চুবলৈ কাৰো মন নাযাব৷ ঘৰৰ মুধচত নপৰিলেই ৰক্ষা৷

Wednesday, 19 October 2016

তেখেতৰ জন্মদিন.....

তেখেতৰ জন্মদিন….

তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ সেইসময়ত প্ৰথম বাৰ্ষিক নাছিল৷ দুবছৰীয়া প্ৰাকবিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰি আমি ভৰ্তি হৈছিলো দ্বিতীয় বাৰ্ষিকত৷ অৰ্থাৎ আমি আছিলো নবাগত৷ আমাৰ ছাত্ৰাবাসত আমি ষোল্লজন নবাগত আছিলো৷ এজন খাচীয়া, এজন জয়ন্তীয়া আৰু তিনিজন মিজো৷ বাকী থাকিলো আমি অসমীয়া এঘাৰজনহে৷ গতিকে আমাৰ মাজত প্ৰচণ্ড মিল৷  বাৰ আৰু তেৰ নম্বৰ ৰুমত তিনিজনকৈ আমি ছজন আৰু আৰু বাকী পাঁচজন চিনিয়ৰৰ লগত অকলে অকলে বেলেগ বেলেগ ৰুমত৷ গতিকে বাকী কেইজনে প্ৰায় সকলো সময়তে আমাৰ বাৰ বা তেৰ নম্বৰ ৰুমতে আড্ডা মাৰেহি৷ সন্ধিয়া ফুৰিবলৈ, চাহ খাবলৈ, চিনেমা চাবলৈ, খেলিবলৈ প্ৰায় সকলো কামতে আটাইকেইজন একেলগে ওলাই যাওঁ৷

সময় পাৰ হৈ গ’ল৷ আমাৰ পৰীক্ষা ওচৰ চাপি আহিল৷ আমিও পঢ়া-শুনাত মন দিবলৈ ধৰিলো৷ তেনেহেন চিৰিয়াচ সময়তে এটা চিৰিয়াচ সমস্যাই দেখা দিলে৷ ছাত্ৰাবাসৰ সকলোতকৈ চিনিয়ৰ আবাসীজনক আমি যথেষ্ট সমীহ কৰি চলিছিলো৷ বহুবছৰধৰি হোষ্টেলতে আছে৷ যথেষ্ট চিনিয়ৰ হোৱা বাবে তেখেতক আমি “তেখেত” নাম দিছিলো৷ তেখেতৰ কাষৰ কোঠাটোতে আমাৰ লগৰ এজন থাকে৷ এদিন লগৰজনক মাতি তেখেতে ক’লে, “কালি মোৰ জন্মদিন৷ মোৰ ৰুমটো অলপ ডেকোৰেট কৰি দিবা৷ লগৰবোৰকো ক’বা ৰুমটো সজোৱাত লাগি-ভাগি দিবলৈ৷” 

লগৰীয়াজনে আমাক কথাটো ক’লে৷ আমাৰ হাঁহিও উঠিল, খঙো উঠিল৷ হোষ্টেলত জন্মদিন পাতে? তাতে আমাৰ জুনিয়ৰবোৰক কামত খটুৱাবলৈ আহিছে ৰুম সজোৱাত৷ আমি নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷ সন্ধিয়া ভাত খাই ডাইনিং হলৰ পৰা উভতি আহোঁতে বাৰান্দাতে তেখেতে পালে৷ ৰুমমেট এজনক প্ৰায় আদেশ দিয়াৰ দৰে ক’লে, “মোৰ ৰুমলৈ আহিবাচোন৷ কাম আছে৷” ইফালে আমাৰ বহুত পঢ়িবলগীয়া আৰু হোমৱৰ্ক আদি কৰিবলগীয়া আছিল৷ ৰুমমেট অলপ নিমাখিত বিধৰ প্ৰাণী আছিল৷ চিনিয়ৰৰ কথা পেলাব নোৱাৰি মুখেৰে ভোৰভোৰাই ওলাই গ’ল৷ আমি বাকীদুজন ৰুমতে থাকিলো৷ প্ৰায় দুঘন্টামান পাছত ৰুমমেটজন উভতি আহিল৷ আমাৰ আগত আহি আকৌ ভোৰভোৰালে৷ আমাৰো খং ভালকৈয়ে উঠিছিল৷ কাষৰ ৰুমলৈ গ’লো৷ তাতে বাকী গোটেইকেইজন বহি আছিল৷ তেখেতৰ বিৰুদ্ধে মুখ খুলি কোৱাৰ সাহস আমাৰ নাছিল৷ গতিকে আমাৰ উৰ্বৰ মস্তিষ্ক কামত লগালো৷ সকলোৱে মিলি এখন জাননী লিখিবলৈ ধৰিলো৷ হাতৰ আখৰ যাতে কোনেও চিনি পাব নোৱাৰে সেইবাবে এজনে এটা আখৰ লিখোঁ, তাৰপাছত আন এজনে আন এটা আখৰ৷ তেনেদৰে সকলোৰে হাতৰ আখৰ মিহলি কৰি জাননী এখন লিখিলো৷ জাননী মানে সমজুৱা নিমন্ত্ৰণী পত্ৰ৷ তেখেতৰ তেত্ৰিছবছৰীয়া জন্মদিনলৈ বুলি৷ পত্ৰখন যিমান পাৰি ৰসাল কৰি তুলিলো সকলোৱে মিলি৷ তাৰপাছত মাজৰাতি আন কোনেও নেদেখাৰ সুযোগ লৈ আমি পত্ৰখন নোটিচ বোৰ্ডত লগাই দিলো৷

পিছদিনা ৰাতিপুৱাৰ পৰা হোষ্টেলত বিৰাট আমোদৰ সৃষ্টি হ’ল৷ সকলোৱে নোটিচখন পঢ়ে আৰু ঢেকঢেকাই হাঁহে৷ অৱশেষত তেখেতৰ কাণতো পৰিল নোটিচখনৰ কথা৷ “কোনে লিখিছে, কোনে লিখিছে” বুলি খঙতে ভোৰভোৰালে তেখেতে৷ আমি দূৰৰ পৰা আলেখলেখ চাই থাকিলো৷ কোনেও এবাৰো সন্দেহ নকৰিলে আমাৰ নিচিনা নিমাখিত নবাগত কেইজনে সকলোতকৈ চিনিয়ৰ আবাসীজনক লৈ তেনেকুৱা ধেমালি কৰিবলৈ সাহস কৰিব পাৰিম বুলি৷


(তেখেতলৈ ক্ষমা প্ৰাৰ্থনাৰে) 

Friday, 7 October 2016

ঐ তই, তই....



ঐ তই, তই….

তই তুচ্চাৰ্থক সম্বোধন যদিও অতি মৰমৰ সকলোকো তই বুলি সম্বোধন কৰা হয়৷ সকলোতকৈ নিকট বন্ধু-বান্ধৱীয়ে পৰস্পৰক তই বুলি সম্বোধন কৰে৷ বৰপেটালৈ থাকিবলৈ অহাৰ পাছত এটা কথা বিশেষভাৱে মন কৰিছিলো যে বৰপেটাত মানুহে তুমি বুলি কমহে সম্বোধন কৰে; চিনাকী-অচিনাকী প্ৰায় সকলোৱে “কিয়ে বাপু, তোৰ ঘৰ ক’ত, ক’ত থাকা? তোৰ দেউতেৰ নাম কি? …. “ বুলিহে কথা পাতে৷ বৰপেটা বিদ্যাপীঠত একেলগে পঢ়া সহপাঠীবোৰৰ কাকো তুমি বুলি সম্বোধন কৰা মনত নপৰে; সকলো তই ৷ শিক্ষকসকলেও আমাক সকলোকে তই বুলিয়েই সম্বোধন কৰি আছিহিল আৰু লগ পালে এতিয়াও তই বুলিয়েই সম্বোধন কৰে৷
আনহাতে কটন কলেজ আৰু অসম ইঞ্জিনিয়াৰিং কলেজত একেলগে পঢ়া বন্ধু-বান্ধৱীসকলৰ খুব কম সংখ্যকেহে মোক তই বুলি সম্বধন কৰা মনত পৰে৷ তেনে বন্ধু-বান্ধৱীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি৷ অৱশ্যে ভাল বন্ধু-বান্ধৱীৰ সংখ্যা কম নহয়৷
মোৰ দুয়োটা সন্তানৰ জন্ম অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁতেই হৈছিল৷ তাতেই উমলি-জামলি ডাঙৰ হৈছিল দুয়োটা৷ ডাঙৰ ল’ৰাটো সৰুৰে পৰা বৰ ভদ্ৰ৷ মুখত কেতিয়াও টান মাত নুফুটিছিল আৰু আজিও নুফুটে৷ আনক গালি পাৰিবও নাজানিছিল, হয়তো আজিও নাজানে৷ কেতিয়াবা কিবা কথাত মাকৰ ওপৰত ভীষণ খং উঠিলে সি মাকক কেৱল,
“ ঐ তই, তই…. “ বুলিহে গালি পাৰিছিল৷
তই শব্দটোকে বেচেৰাই গালি বুলি ভাবিছিল৷

Thursday, 6 October 2016

লেমৰ চিমনি, টাপলি আদি…



লেমৰ চিমনি, টাপলি আদি…
(বন্ধু ৰাজৰ্ষি দত্তচৌধুৰীৰ লেমবিষয়ক লেখা এটা পঢ়ি মনলৈ উভতি অহা কিছু কথা)

সৰুতে বিজুলিবাতিৰ পোহৰতে পঢ়িছিলো যদিও দেউতা ঢুকুৱাৰ পাছত বৰপেটালৈ আহি বিজুলি সংযোগ নথকা ভাড়াঘৰ এটাত থাকিবলৈ লোৱাৰ পাছত লেমৰ খুটিনাটিৰ সৈতে ভালদৰে পৰিচিত হওঁ৷ সকলোতকৈ ডাঙৰ কাম আছিল সদায় আবেলি লেমৰ চিমনি পৰিষ্কাৰ কৰি তাত তেল ভৰোৱাটো৷ ঘৰত আন কাম কৰা মানুহ নাছিল বাবে সেই কাম আমিয়েই কৰিবলগীয়া হৈছিল৷ সচৰাচৰ দাদা এজনে সেই কাম বেছিকৈ কৰিছিল৷

লেমৰ চিমনি ফাটি গ’লে নতুনকৈ এটা কিনি লোৱাটো আমাৰ বাবে সহজ কাম নাছিল৷ চিমনিৰ ফাঁটটোৰ ওপৰেৰে কাগজেৰে টাপলি মাৰি যিমান দিনলৈকে পাৰি কাম চলাবলৈ চেষ্টা কৰিছিলো৷ লেমটো জ্বলোৱাৰ পাছত গৰম হৈ কাগজডোখৰ পুৰি গ’লে আকৌ নতুনকৈ এডোখৰ আঠা লগাই দিছিলো৷ কাগজ লগোৱা ফালেৰে পোহৰ কমকৈ ওলোৱা বাবে পঢ়াৰ সময়ত পোহৰ ভালদৰে ওলোৱা ফালটো গাৰ ফালে কৰি লৈছিলো৷ একেখন মেজতে দুজনে পঢ়িবলগা হ’লেহে কেতিয়াবা টনা-আজোৰা লাগিছিল৷ কেতিয়াবা কাজিয়াৰ সূত্ৰপাতো হৈছিল তাৰে পৰাই৷

লেম আছিল দুবিধ: এবিধ হাত লেম আৰু আনবিধ বৈঠক লেম৷ বৈঠক লেম অ’লৈ-ত’লৈ লৈ ফুৰিব নোৱাৰি৷ তেলৰ সৰু পাত্ৰটোৰ ওপৰতে চিমনিটো মাত্ৰ থাকে, ধৰি লৈ ইফালে-সিফালে নিবলৈ কোনো হেণ্ডেল নাথাকে৷ বৈঠক লেমৰ চিমনিটো দীঘল৷ জাতি লাও এটাৰ নিচিনা৷ পেটটো ডাঙৰ, ডিঙিটো সৰু৷ তাৰ পোহৰো অলপ বেছি৷ 

এদিন দাদাই কাগজৰ চুঙা এটা কৰি বৈঠক লেমৰ চিমনিটোৰ ওপৰত বহুৱাই দিলে৷ গতিকে চিমনিটো আৰু দীঘল হৈ পৰিল৷ লগে-লগে জুইশিখাৰ ৰং সলনি হৈ অধিক নীলা হৈ পৰিল আৰু পোহৰো বাঢ়ি গ’ল৷ আমাৰ উৎসাহো বাঢ়ি গ’ল৷ বাতৰি কাকতেৰে যিমান পাৰি সিমান দীঘলকৈ চুঙা বনাই চিমনিটোৰ ওপৰত বহুৱাই দি চালো৷ পোহৰ আৰু বাঢ়ি যোৱা যেন দেখিলো৷ কিন্তু কাগজৰ চুঙাটো বাগৰি পৰি যাব খোজা বাবে হাতেৰে ধৰি থাকিব লগা হ’ল৷ মুঠতে চিমনিটোকে লৈ আমি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ধৰিলো৷

মন কৰিবলগীয়া কথা এয়ে যে প্ৰথমে সেই পৰীক্ষা কৰা দাদাজন আৰু দাদাক সহায় কৰা মইও পাছলৈ ইঞ্জিনিয়াৰ হলোঁগৈ৷ তেনেদৰে কাগজৰ চুঙা লগাই দি চিমনিটোৰ উচ্চতা বঢ়াই দিলে কি হয় আৰু পোহৰ কিয় সলনি হয় সেই বিষয়ে অৱশ্যে ভালদৰে পঢ়িবলৈ পালো ইঞ্জিনিয়াৰিং কলেজতহে৷..

Friday, 16 September 2016

গোটেই চহৰৰ পৰিৱেশ….... এটি গজল

গোটেই চহৰৰ পৰিৱেশ….. 
তেওঁক বেয়া নাভাবিবা যাক বেয়া যেন লাগে
তেওঁৰ পৰাহে বাচিবা যাক দেৱতা যেন লাগে

মোক ব্যাকুল কৰি তোলে তেওঁৰ নীৰৱতাই
ইমানেই নীৰৱ যে কিবা কৈ থকা যেন লাগে
 
এয়া জানো সঁচা বা হয়তো মোৰ ধাৰণাহে, কিন্তু
য’লৈকে যাওঁ তেওঁ মোকেই চাই থকা যেন লাগে

কোনো লক্ষ্য নাই কেৱল ওলাই যোৱাই উদ্দেশ্য
সেইফালেই যাওঁ যিফালেই ৰাস্তা থকা যেন লাগে

তেওঁ মৰিল মোৰ ভিতৰত যি আছিল শ্বাসৰুদ্ধ
গোটেই চহৰৰ পৰিৱেশ মুকলি মুকলি যেন লাগে

এই ঘৰখন য’ত মই বছৰ বছৰ ধৰি আছো
বহুত পুৰণি কিন্তু কেতিয়াবা নতুন যেন লাগে

মূল হিন্দী: নৰেন্দ্ৰ শৰ্মা, ইন্দোৰ  :: অনুবাদ: ডঃ মাখন লাল দাস