At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 19 October 2016

তেখেতৰ জন্মদিন.....

তেখেতৰ জন্মদিন….

তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ সেইসময়ত প্ৰথম বাৰ্ষিক নাছিল৷ দুবছৰীয়া প্ৰাকবিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰি আমি ভৰ্তি হৈছিলো দ্বিতীয় বাৰ্ষিকত৷ অৰ্থাৎ আমি আছিলো নবাগত৷ আমাৰ ছাত্ৰাবাসত আমি ষোল্লজন নবাগত আছিলো৷ এজন খাচীয়া, এজন জয়ন্তীয়া আৰু তিনিজন মিজো৷ বাকী থাকিলো আমি অসমীয়া এঘাৰজনহে৷ গতিকে আমাৰ মাজত প্ৰচণ্ড মিল৷  বাৰ আৰু তেৰ নম্বৰ ৰুমত তিনিজনকৈ আমি ছজন আৰু আৰু বাকী পাঁচজন চিনিয়ৰৰ লগত অকলে অকলে বেলেগ বেলেগ ৰুমত৷ গতিকে বাকী কেইজনে প্ৰায় সকলো সময়তে আমাৰ বাৰ বা তেৰ নম্বৰ ৰুমতে আড্ডা মাৰেহি৷ সন্ধিয়া ফুৰিবলৈ, চাহ খাবলৈ, চিনেমা চাবলৈ, খেলিবলৈ প্ৰায় সকলো কামতে আটাইকেইজন একেলগে ওলাই যাওঁ৷

সময় পাৰ হৈ গ’ল৷ আমাৰ পৰীক্ষা ওচৰ চাপি আহিল৷ আমিও পঢ়া-শুনাত মন দিবলৈ ধৰিলো৷ তেনেহেন চিৰিয়াচ সময়তে এটা চিৰিয়াচ সমস্যাই দেখা দিলে৷ ছাত্ৰাবাসৰ সকলোতকৈ চিনিয়ৰ আবাসীজনক আমি যথেষ্ট সমীহ কৰি চলিছিলো৷ বহুবছৰধৰি হোষ্টেলতে আছে৷ যথেষ্ট চিনিয়ৰ হোৱা বাবে তেখেতক আমি “তেখেত” নাম দিছিলো৷ তেখেতৰ কাষৰ কোঠাটোতে আমাৰ লগৰ এজন থাকে৷ এদিন লগৰজনক মাতি তেখেতে ক’লে, “কালি মোৰ জন্মদিন৷ মোৰ ৰুমটো অলপ ডেকোৰেট কৰি দিবা৷ লগৰবোৰকো ক’বা ৰুমটো সজোৱাত লাগি-ভাগি দিবলৈ৷” 

লগৰীয়াজনে আমাক কথাটো ক’লে৷ আমাৰ হাঁহিও উঠিল, খঙো উঠিল৷ হোষ্টেলত জন্মদিন পাতে? তাতে আমাৰ জুনিয়ৰবোৰক কামত খটুৱাবলৈ আহিছে ৰুম সজোৱাত৷ আমি নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷ সন্ধিয়া ভাত খাই ডাইনিং হলৰ পৰা উভতি আহোঁতে বাৰান্দাতে তেখেতে পালে৷ ৰুমমেট এজনক প্ৰায় আদেশ দিয়াৰ দৰে ক’লে, “মোৰ ৰুমলৈ আহিবাচোন৷ কাম আছে৷” ইফালে আমাৰ বহুত পঢ়িবলগীয়া আৰু হোমৱৰ্ক আদি কৰিবলগীয়া আছিল৷ ৰুমমেট অলপ নিমাখিত বিধৰ প্ৰাণী আছিল৷ চিনিয়ৰৰ কথা পেলাব নোৱাৰি মুখেৰে ভোৰভোৰাই ওলাই গ’ল৷ আমি বাকীদুজন ৰুমতে থাকিলো৷ প্ৰায় দুঘন্টামান পাছত ৰুমমেটজন উভতি আহিল৷ আমাৰ আগত আহি আকৌ ভোৰভোৰালে৷ আমাৰো খং ভালকৈয়ে উঠিছিল৷ কাষৰ ৰুমলৈ গ’লো৷ তাতে বাকী গোটেইকেইজন বহি আছিল৷ তেখেতৰ বিৰুদ্ধে মুখ খুলি কোৱাৰ সাহস আমাৰ নাছিল৷ গতিকে আমাৰ উৰ্বৰ মস্তিষ্ক কামত লগালো৷ সকলোৱে মিলি এখন জাননী লিখিবলৈ ধৰিলো৷ হাতৰ আখৰ যাতে কোনেও চিনি পাব নোৱাৰে সেইবাবে এজনে এটা আখৰ লিখোঁ, তাৰপাছত আন এজনে আন এটা আখৰ৷ তেনেদৰে সকলোৰে হাতৰ আখৰ মিহলি কৰি জাননী এখন লিখিলো৷ জাননী মানে সমজুৱা নিমন্ত্ৰণী পত্ৰ৷ তেখেতৰ তেত্ৰিছবছৰীয়া জন্মদিনলৈ বুলি৷ পত্ৰখন যিমান পাৰি ৰসাল কৰি তুলিলো সকলোৱে মিলি৷ তাৰপাছত মাজৰাতি আন কোনেও নেদেখাৰ সুযোগ লৈ আমি পত্ৰখন নোটিচ বোৰ্ডত লগাই দিলো৷

পিছদিনা ৰাতিপুৱাৰ পৰা হোষ্টেলত বিৰাট আমোদৰ সৃষ্টি হ’ল৷ সকলোৱে নোটিচখন পঢ়ে আৰু ঢেকঢেকাই হাঁহে৷ অৱশেষত তেখেতৰ কাণতো পৰিল নোটিচখনৰ কথা৷ “কোনে লিখিছে, কোনে লিখিছে” বুলি খঙতে ভোৰভোৰালে তেখেতে৷ আমি দূৰৰ পৰা আলেখলেখ চাই থাকিলো৷ কোনেও এবাৰো সন্দেহ নকৰিলে আমাৰ নিচিনা নিমাখিত নবাগত কেইজনে সকলোতকৈ চিনিয়ৰ আবাসীজনক লৈ তেনেকুৱা ধেমালি কৰিবলৈ সাহস কৰিব পাৰিম বুলি৷


(তেখেতলৈ ক্ষমা প্ৰাৰ্থনাৰে) 

No comments:

Post a Comment