At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 30 August 2014

ইমান ডাঙৰ লাও, ক’তনো পেলাওঁ?

ইমান ডাঙৰ লাও, ক’তনো পেলাওঁ?

তিতাবৰ বুনিয়াদী অভ্যসন বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ বগাগাওঁ, তাঁতীগাওঁ, কাছজান , চিপহাসত্ৰ আদি বিভিন্ন গাওঁ-ঠাইৰ ল’ৰা-ছোৱালী একেলগে পঢ়িছিলো৷ প্ৰায়বোৰৰ লগতেই নলে-গলে লগা বন্ধু আছিলো৷ আমি আছিলো স্কুল-চৌহদৰ গাতে লাগি থকা চৰকাৰী ৰেচম পামখনত৷ মাজৰ কাঁটা-তাঁৰৰ বেৰখন পাৰ হ’লেই আমাৰ ৰেচম পামখন৷ মাজে মাজে বেৰ পাৰ হৈয়েই অহা-যোৱা কৰিছিলো স্কুললৈ৷ নহ'লে স্কুলৰ সম্মুখেৰে যোৱা ৰেল আলিটোৰ পাৰে পাৰে গৈ পামখনৰ মূল প্ৰৱেশদ্বাৰেৰে ঘৰলৈ অহা-যোৱা কৰিছিলো৷ সাধাৰণতে পানীখোৱা ছুটীৰ সময়ত অলপ লৰা-লৰি হৈছিল বাবে কাঁটা-তাঁৰৰ বেৰ পাৰ হৈ চমু বাটেৰে ঘৰলৈ গৈছিলো আৰু স্কুল ছুটী হোৱাৰ পাছত হাতত সময়েই সময়েই বাবে লাহে-ধীৰে খোজ কাঢ়ি মূল বাটেৰে ঘৰলৈ খোজ লৈছিলো৷ কিন্তু ছুটীৰ পাছত সোনকালে ঘৰলৈ যাবলৈ মন নোযোৱা বাবে অলৌ-তলৌকৈ ঘূৰি ফুৰিছিলো৷ 

দেউতাক সকলোৱে চিনি পাইছিল৷ আন কোনো ধৰণৰ ভয়ৰ কাৰণো নাছিল৷ গতিকে নিশ্চিন্ত মনে অনাই-বনাই ঘূৰি ফুৰিছিলো৷ কেৱল আন্ধাৰ হোৱাৰ আগে-আগে ঘৰ সোমালেই হ’ল৷ সিমানখিনি স্বাধীনতা আছিল৷

কাছজানৰ লক্ষ্য আছিল মোৰ অতি নিকট বন্ধু৷ সি প্ৰায়েই তাৰ ঘৰলৈ মাতে৷ স্কুলৰ চৌহদৰ পৰা ওলাই ৰেলআলিটো পাৰ হৈয়েই তিনি আলিটো৷ তাৰে এটা আলিৰে অলপদূৰ আগুৱাই গৈয়েই আৰম্ভ হয় ধাননি পথাৰ৷ সেই পথাৰৰ মাজেমাজে আৰু কিছুদূৰ গৈয়েই পোৱা যায় বিখ্যাত ধোদৰ আলিটো৷ পথাৰৰ মাজেৰে যোৱা আলিটো ধোদৰ আলিত লগ লগাৰ আগতেই সোঁহাতে আছিল লক্ষ্যহঁতৰ ঘৰ৷ হয়তো এতিয়াও আছে৷

লক্ষ্যহঁতৰ ঘৰলৈ মোক প্ৰায়েই মাতে৷ গৈ ভাল পাওঁ৷ সকলোৱে আদৰ-সাদৰ কৰে৷ ডাঙৰ কাঁহৰ বাটিত এৱাঁ গাখীৰ আৰু গুড়েৰে চিৰা খাবলৈ দিয়ে৷ স্বভাৱতেই খকুৱা মোৰ বাবে সেয়া আছিল অতি প্ৰিয়৷ এদিন লক্ষ্যহঁতৰ ঘৰত আবেলি তেনেদৰে জলপান খাই আহিবলৈ লওঁতেই লক্ষ্যৰ ককায়েক নে আন কোনোবা এজনে ঘৰৰ চালত উঠি লাও এটা পাৰি আনি মোৰ হাতত দিলে৷ এহাতত স্কুলৰ কিতাপ আৰু আনহাতে প্ৰকাণ্ড লাওটো লৈ কেঁকাই-গেথাই ঘৰ পাওঁতে বেলি মাৰ যাবৰ হ’ল৷ পোনে-পোনে পিছপিনৰ চোতাললৈ গৈ পাকঘৰৰ বাৰান্দাত বহি থকা মাৰ হাতত লাওটো দিলোঁগৈ৷ দেউতাও ওচৰতে কিবা কাম কৰি আছিল৷ আন কাৰো পৰা ফুটা-কড়ি এটাও দেউতাই কেতিয়াও আমাক ল’বলৈ নিদিছিল৷ মোৰ হাতত লাওটো দেখি দেউতাই সুধিলে,

“ সেইটো ক’ত পালি?”

“ লগৰ ল’ৰা এজনৰ ঘৰলৈ গৈছিলো৷ দি পঠিয়াইছে৷”

“ আমাৰ ঘৰত লাও উভৈনদী৷ কাটি কাটি দানা সিজাই গৰুক খুৱাওঁ৷ তই বেলেগৰ ঘৰৰ পৰা লাও লৈ আহিছ? আজিৰ পৰা নানিবি৷”, দেউতাই খং কৰি ক’লে৷

আমাৰ ঘৰৰ বাৰীত লাও-কোমোৰা-জিকা-ভোল সকলো উভৈনদী আছিল৷

কিছুদিন পাছত লক্ষ্যহঁতৰ ঘৰলৈ আকৌ গ’লো৷ আহিবৰ সময়ত আকৌ দিলে লাও এটা৷ এইবাৰ আগৰটোতকৈও ডাঙৰ আৰু দীঘল জাতিলাও৷ মই নালাগে নালাগে বুলি বাৰেবাৰে আপত্তি কৰা স্বত্বেও জোৰকৈ দি পঠিয়ালে৷ ইমান মৰম কৰি আগ্ৰহেৰে দিয়া বস্তুটো নানোনো কেনেকৈ? গতিকে এহাতত কিতাপ আৰু কান্ধত লাওটো লৈ ওলাই আহিলো৷ তাৰপাছত পথাৰৰ মাজ পালোহি৷ ইফালে ঘৰত দেউতাৰ গালি খাব লাগিব লাওটো ঘৰলৈ নিলে৷ মূৰত এটা বুদ্ধি খেলালে৷ আগে-পিছে চাৰিওফালে চালো৷ কোনো নাই৷ পথাৰৰ মাজৰ সেই বাটটোত মই তেতিয়া অকলে৷

কান্ধৰ পৰা লাওটো নমাই মই ধাননিৰ মাজলৈ দলিয়াই দিলো৷ কোনেও নেদেখিলে৷ তাৰপাছত একোৱেই যেন হোৱা নাই এনে ভাবেৰে ঘৰলৈ বেগাই খোজ ল’লো৷


সেই লাওটো কি হ’ল আজিলৈকে গমহে নাপালোঁ৷

Wednesday, 27 August 2014

কুকুৰাৰ গু... মুখ ধো.

কুকুৰাৰ গু.. মুখ ধো

সৰুৰে পৰা অলপ অঁকৰা স্বভাৱৰ আছিলো৷ সৰু কথাতে কেতিয়াবা খং উঠে৷ খং উঠিলে ৰক্ষা নাই গোটেই দিনটো খঙতে থাকোঁ৷

তিতাবৰত থকা সময়ৰ কথা৷ তেতিয়া প্ৰথম/দ্বিতীয় শ্ৰেণীমানত পঢ়োঁ৷ এদিন ৰাতিপুৱা অলপ দেৰিলৈকে বিচনাতে আছিলো৷ মা আহি সোনকালে উঠি মুখ-হাত ধুই ল'বলৈ তাগিদা দি গ'লহি৷ আকৌ আহি দেখে মই বিচনাতে আছোঁ, উঠিবৰ মনেই নাই৷ আকৌ তাগিদা দি কিবা এটা ক'লে৷ মোৰ উঠিল খং৷
ক'লো, "নুঠো যোৱা , মুখো নোধোওঁ৷"

মাই ক'লে, "উঠ যদি উঠ, নহলে মুৰ্গীৰ গু খুৱাই দিম৷"

আমাৰ ঘৰত এজাক মুৰ্গী আছিল৷ গতিকে মুৰ্গীৰ গু অতি সহজে পোৱা যাব পাৰে৷ মইও এলাপেচা ভকত নহয়৷ নিজৰ জিদত অতল হৈ থাকিলো৷ বিচনাতে পৰি থাকিলো৷ ভাবিলো, চাওঁচোন কেনেকৈ মুৰ্গীৰ গু খুৱায়৷

প্ৰায় পাঁচ মিনিটমান পাছত মা হাতত সাৰে ভৰিত সাৰে আহি পিছপিনেৰে মোৰ মুখত ক'লা ক'লা কিবা এসোপামান হেঁচি হেঁচি দিলে ভৰাই৷ মই বিচনাতে উঠি বহি কান্দিবলৈ ধৰিলো মুৰ্গীৰ গু খুৱালে বুলি৷ মা আঁতৰি গ'ল৷

মই বিচনাতে বহি থুৱাই থাকিলো৷ ঘিণো লাগিল৷ তাৰপাছত কিবা মন গ'ল ক'লা ৰঙৰ পদাৰ্থবোৰ পৰীক্ষা কৰি চাবলৈ৷ বিচনাত পৰি থকা ক'লা পদাৰ্থ এডোখৰ হাতত তুলি লৈ পৰীক্ষা কৰি চালো৷চাই দেখো সেয়া মুৰ্গীৰ গু নহয়, এঙাৰহে৷

মুৰ্গীৰ গু বুলি ঘিণতে মোৰ টোপনি কেনিবা উৰিল৷
মুখখন লেতেৰা হ'ল বাবে মুখ নুধুলেও উপায় নাই৷
খুব লাজ লাগিল৷ খঙো মাৰ গ'ল৷
লাহে লাহে বিচনাৰ পৰা নামি আহিলো৷
মাৰ বুদ্ধি নশলাগি নোৱাৰিলো৷ 

Friday, 22 August 2014

কাৰণ আমি ভাৰতীয়..

কাৰণ আমি ভাৰতীয়...

আমি ভাৰতীয় লোকসকলৰ কিছুমান সাধাৰণ গুণ/লক্ষণ আছে৷ কম-বেছি পৰিমাণে প্ৰায় সকলোৰে গাত ৷ তাৰে কিছুমান এনেধৰণৰ:

১) আপুনি হয়তো এতিয়ালৈকে এতোলাও সোণ কিনা নাই আৰু কিনাৰ মনো নাই৷ কিন্তু সোণৰ দাম বাঢ়িলে আপোনাৰ বেয়া লাগে, কমিলে ভাল লাগে৷
২) টুথপেষ্টটো শেষ নহয় হে নহয়৷ হেঁচি হেঁচি, পকাই-পকাই একেবাৰে ফুল এটাৰ দৰে কৰি শেষ বিন্দু পেষ্ট বাহিৰ নকৰালৈকে তাৰ আয়ুস৷
৩) আপোনাৰ দ্ৰইংৰুমৰ শ্বোকেচত খুব ধুনীয়া ব'ন চাইনাৰ টি-চেট আদি আছে৷ অতি বিশেষ আলহী আহিলেহে কেতিয়াবা আপুনি সেইবোৰ উলিয়ায়৷
৪) কাপোৰ এযোৰ পুৰণি হ'লে ৰাতি পিন্ধা পোছাক কৰি লয়৷ বেছি পুৰণি হ'লে ফাকুৱা খেলিবলৈ থয়৷ তাৰপাছত ঘৰ মোচা কাপোৰ কৰি লয়৷
৫) ঘৰৰ জাবৰ আদিৰ পেকেট ৰাতি মনেমনে আনৰ ঘৰৰ আগত পেলাই থৈ আহোঁ৷
৬) টুথব্ৰাছডালযে একেবাৰে জবাফুলটোৰ নিচিনা নোহোৱালৈকে ব্যৱহাৰ কৰিয়েই থাকোঁ৷
৭) টিভিৰ ৰিমোটটো জোৰেৰে হেঁচিম বাৰে বাৰে, হাতেৰে থপৰিয়াম, থেকেচি দিম কিন্তু বেটাৰীযে সলনি কৰিব লাগে কেতিয়াও চিন্তা নকৰোঁ৷
৮)যদি সন্ধিয়া বিয়াৰ নিমন্ত্ৰণ আছে তেন্তে দিনটো একো নাখাওঁ আৰু বিয়াঘৰত টেঁটুলৈকে ভৰাই খাম যেন এমাহমান একো খাবলৈহে নাই পোৱা৷
৯) বেলেগৰ পানীৰ টেপ খোলা হৈ থকা দেখিলেও একো নকৰোঁ, বেলেগৰ ঘৰৰ লাইট-ফেন এনেই চলি থকা দেখিলেও একো নকৰোঁ৷
১০) অতি ভিৰ হোৱা বাছত বহি থাকিলে কোনো বয়সীয়া মানুহ/মাইকী মানুহ/চিনাকি মানুহ আদি দেখিলে খিৰিকিৰে বাহিৰলৈ চাই থাকোঁ, নহলে টোপনি যোৱাৰ ভাও ধৰোঁ৷
১১) দেশখন ৰসাতলে গ'ল বুলি ডাঙৰ-ডাঙৰ কথা কওঁ কিন্তু ক'ত কেনেকৈ কৰ ফাঁকি দিব পাৰি তাৰেই চিন্তাত থাকোঁ৷

( কিছুমান ইন্টাৰনেটৰ পোষ্ট এটাৰ পৰা আৰু কিছুমান নিজৰ মনলৈ অহা চিন্তা)

Thursday, 21 August 2014

দুজন আৰক্ষী আৰু এজন পাইলট

দুজন আৰক্ষী আৰু এজন পাইলট..

চনটো মনত নাই৷ খুব সম্ভৱ ২০০৩ চন৷

মোৰ দ্বিতীয়জন খুৰশালীৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গাড়ী লৈ ওলালোঁ ৷ গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ বঙাইগাওঁ, তাৰ পৰা বৰপেটা৷ লগত ওলাল শহুৰ আৰু শাহু৷ শহুৰৰ গাড়ী৷ দ্ৰাইভাৰ ল'ব নালাগে বুলি ক'লো৷ ময়েই চলাই নিয়াৰ দায়িত্ব ল'লো৷

গোৱালপাৰাত নিমন্ত্ৰণ জনোৱাৰ কাম শেষ কৰি আবেলি বঙাইগাওঁ অভিমুখে যাত্ৰা আৰম্ভ কৰিলো৷
যোগীঘোপাত নতুনকৈ নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ তৃতীয়খন দলং তাৰ আগতে দেখাৰ সুযোগ ঘটা নাছিল৷ দলংখনৰ প্ৰৱেশস্থলতে দুজন আৰক্ষী বহি আছিল৷ হয়তো সেইপিনে যোৱা সকলো যান-বাহনৰ সবিশেষ লিখি ৰখাৰ দায়িত্ব আছিল তেওঁলোকৰ৷

যথা স্থানত গাড়ীখন ৰখালো৷ আৰু আৰক্ষীদুজনৰ পিনে চাই বাট চাই থাকিলো কি কয় বা কিনো কৰে বুলি৷

বহি থকাৰ পৰাই এজনে চিঞৰি ক'লে,
" অ' পাইলট৷ নামি আহক৷"

মই বুজিলো, মোকেই পাইলট বুলি কৈছে৷ গাড়ীৰ পৰা নামি গ'লো৷ মোক দীঘল বহী এটাত গাড়ীৰ নম্বৰ আদি লিখিবলৈ ক'লে৷

সাধাৰণ চিপাহী এজনে প্ৰফেচৰ জোঁৱাইক পাইলট বুলি তাচ্চিল্যৰ সুৰেৰে মতাটো সহ্য কৰিব নোৱাৰি মোৰ শহুৰে গাড়ীৰ ভিতৰৰ পৰাই আৰক্ষীদুজনলৈ চাই ক'লে,
: আপোনালোকে যাক পাইলট বুলি কৈছে তেওঁ ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ..

আৰক্ষীদুজনে বিশেষ একো প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰিলে৷

সদায় চোৰ, পকেটমাৰ, গুণ্ডা, ডকাইত, সন্ত্ৰাসবাদী আদিৰ সৈতে মুখামুখি হৈ থকা বাবেই হওঁক বা আন কিবা কাৰণতেই হওঁক সাধাৰণ ৰাইজৰ প্ৰতি কেনে ব্যৱহাৰ কৰা উচিত সেইকথা হয়তো পাহৰিয়েই যায় তেখেতসকলে৷ 

Saturday, 5 July 2014

অভিনৱ পদ্ধতিৰ ব্লেকমেইল...?

অভিনৱ পদ্ধতিৰ ব্লেকমেইল?

প্ৰায় বিশবছৰ আগৰ কথা৷
কিবা এটা কাৰণত ৰেলেৰে দিল্লীৰ ফালে গৈ আছো৷
খুব সম্ভৱ অৱধ অসম মেইল৷ লক্ষ্ণৌ হৈ যায়৷

ৰাতিপুৱা আঠমান বজাত ৰেলখন গৈ লক্ষ্ণৌত ৰ'ল৷ দীঘলীয়া সময়ৰ বাবে ৰয়৷ শ্লীপাৰ শ্ৰেণীৰ ডবা এটাৰ একেবাৰে এমূৰৰ তলৰ বাৰ্থ এটা মোৰ আছিল৷ বেছিভাগ মানুহ তাতে নামিল মুখ-হাত ধুই চাহ-জলপান খাবলৈ বুলি৷ মোৰ কাষত কেৱল এজন সেনা-বাহিনীত কাম কৰা লোক বহি আছে৷ সম্মুখত আন এজন লোক৷ মই খিৰিকিৰ কাষৰ চীটটোত৷

হঠাতে এজন সাধুবাবা সোমাই আহিল ডবাটোলৈ৷ পিন্ধনত ক'লা কাপোৰ৷ হাতত এডাল প্ৰকাণ্ড সাপ৷ মোৰ দেখিয়েই গাটো শিয়ৰি উঠিল৷
বাবাজন আহি আমাৰ ফালে চালে৷ মই দেখিও নেদেখা ভাও ধৰি খিৰিকিৰে বাহিৰলৈ চালো৷ বাবাজনে  মোৰ কাষত বহি থকা সৈনিকজনৰ পিনে চালে৷ অলপ ওচৰ চাপি আহি কথা পাতিবলৈ ধৰিলে... সুধিলে...
কি নাম, ঘৰত কোন কোন আছে.. কি কাম কৰে, ক'লৈ গৈ আছে.. ইত্যাদি..

সৈনিকজনে ভক্তিপূৰ্ণভাবে উত্তৰ দি থাকিল৷

তাৰপাছত হঠাতে সাধুবাবাজনে নিজৰ কপালখন সৈনিকজনৰ কপালত হেঁচি দি কিবা মন্ত্ৰ মতাৰ দৰে কৰিলে৷ মই ভয়ে-ভয়ে চাই থাকিলো৷ অৱশ্যে মোৰ ভয় বাবাজনৰ হাতত থকা সাপডাললৈহে৷

তাৰপাছত সাধুবাবাজনে সৈনিকজনৰ হাতৰ পৰা অলপ নোম আজুৰি চিঙি দিলে আৰু নোমখিনি নিজৰ হাতৰ তলুৱাত মোহাৰি দিলে৷ নোমখিনি অতি আচৰিতভাবে লগে-লগে পানী হৈ গ'ল৷
সেই যাদুমন্ত্ৰ অবাক হৈ চাই থাকিলো৷

এইবাৰ সাধুবাবাজনে সৈনিকজনক টকা এটা খুজিলে৷
সৈনিকজনে একো চিন্তা নকৰি পকেটৰ পৰা এশ টকীয়া নোট এখন উলিয়াই বাবাজনৰ হাতত দিলে৷ সেই সময়ৰ এশ টকা মানে আজিৰ হাজাৰ টকাতকৈও বহু বেছি হ'ব নিশ্চয়৷

বাবাজনে নোটখন হাতত লৈ দীঘলকৈ দুই-তিনিভাঁজমান কৰিলে৷ তাৰপাছত সৈনিকজনক সুধিলে..

"ধন বড়া য়া ধৰম বড়া.... ধন ডাঙৰ নে ধৰ্ম ডাঙৰ?

" ধৰম বড়া..." আশাকৰা মতেই সৈনিকজনে উত্তৰ দিলে৷

এইবাৰ বাবাজনে নোটখন দুহাতেৰে ফালি পেলোৱাৰ উপক্ৰম কৰা দেখুৱাই সুধিলে,

" ফাড় দুঁ?.... ফালি দিওঁ নে?...."

সৈনিকজন অলপ সময় নিমাতে থকাত বাবাজনে আকৌ সুধিলে,

"ধন বড়া য়া ধৰম বড়া.... ?

" ধৰম বড়া..." এইবাৰো সৈনিকজনে একেই উত্তৰ দিলে৷

 বাবাজনে আকৌ নোটখন দুহাতেৰে ফালি পেলোৱাৰ উপক্ৰম কৰা দেখুৱাই সুধিলে,

" ফাড় দুঁ ?"

সৈনিকজনে কওঁ-নকওঁকৈ ক'লে...

"জী. ফাড় দিজিয়ে.... ফালি দিয়ক.."

বাবাজনে কিন্তু নোটখন নাফালিলে.. অলপসময় একেথৰে সৈনিকজনৰ চকুলৈ চাই থাকিল৷
এইবাৰ নোটখন নিজৰ পকেটত ভৰাই সুধিলে বাবাজনে ,

"ৰখ লুঁ?   ৰাখি থওঁনে?..."

সৈনিকজনে অনিচ্ছা স্বত্বেও মূৰ দুপিয়ালে৷

এশটকীয়া নোটখন পকেটত ভৰাই সাধুবাবা নিমিষতে তাৰ পৰা অন্তৰ্ধান হ'ল৷
মইও স্বস্তিৰ নিশ্বাস পেলালো৷

কিন্ত থতমত খাই বহি থকা সৈনিকজনলৈ চাইহে  বেয়া লাগিল৷



Thursday, 3 July 2014

পাচৱৰ্ড পাচৱৰ্ড

পাচৱৰ্ড পাচৱৰ্ড...

আজিৰ এই ইন্টাৰনেট, অনলাইন বেংকিং, অনলাইন শ্বপিঙৰ দিনত পাচৱৰ্ড এটা অতি প্ৰয়োজনীয় বিষয় ৷ কোনেও অনুমান কৰিব নোৱাৰা পাচৱৰ্ড এটা দিব পৰাটো নিজৰ বাবেই মঙ্গলজনক৷ প্ৰায়ভাগ লোকৰেই দুটা তিনিটাকৈ ইমেইল একাউন্ট, ফেচবুক একাউন্ট, টুইটাৰ একাউন্ট, বেংক একাউন্ট আৰু বহুত কিবাকিবি একাউন্ট থাকে৷ সকলোবোৰ একাউন্টত একেটা পাচৱৰ্ড দিলে মনত ৰাখিবলৈ সহজ হয় যদিও নিৰাপত্তাৰ দিশৰ পৰা উচিত নহয়৷

বেছিভাগ লোকৰ পাচৱৰ্ডবোৰ এনেধৰণৰ হয়:
নিজৰ কোনো অতি আপোনলোকৰ নাম৷
মৰমৰ পোহনীয়া জন্তুৰ নাম৷
নিজৰ থকা ঠাইখনৰ নাম৷
ইত্যাদি৷
লগতে সংখ্যা দিব লাগিলে, নিজৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ, জন্মৰ চন, ঘৰৰ নম্বৰ ইত্যাদি দিয়ে৷ নহলে ১২৩৪৫ বা মনত ৰাখিবলৈ সহজ কোনো নম্বৰৰ ক্ৰম দি দিয়ে৷

এটা শক্তিশালী পাচৱৰ্ডত তিনি-চাৰি ধৰণৰ অনুদান থাকিব লাগে বুলি কোৱা হয়:
১) কোনো আখৰৰ ক্ৰম, যেনে নাম, শব্দ, বাক্যাংশ আদি
২) কিছুমান সংখ্যা, যেনে চন আদি
৩) কিছুমান চিহ্ন, যেনে &, *, ! আদি
৪) অন্ততঃ এটা বৰফলা আখৰ
উদাহৰণ স্বৰূপে: Dipak1988*&,
কোনেও অনুমান কৰিব নোৱাৰা পাচৱৰ্ড দিয়াৰ ক্ষেত্ৰত আৰু কিছুমান পৰামৰ্শ দিব পৰা যায়৷
১) কোনো নাম বা ঠাইৰ নাম ব্যৱহাৰ নকৰি আন ধৰণে দিব পৰা যায়৷
যেনে, সহজে মনলৈ অহা নাৰ্চাৰী ৰাইমৰ শাৰী এটা মনত পেলাওঁক৷
উদাহৰণ স্বৰূপে: Twinkle Twinklw Little Star
এতিয়া প্ৰতিটো শব্দৰ প্ৰথম আখৰ কেইটা লওঁক: ttlr
২) তাৰপাছত যি একাউন্ট, তাৰ লগত খাপ খোৱাকৈ যোগ দিয়ক:
ttlrgoogle
৩) এতিয়া সৰুফলা-বৰফলাৰ সংমিশ্ৰণ কৰক:
ttlrGoogle
৪) তাৰপাছত মনত ৰাখিবপৰা সংখ্যাৰ ক্ৰম যোগ দিয়ক৷
৫) পাচৱৰ্ডটো মাজে-মাজে সলনি কৰি থাকক৷

কিছুমানলোকে অতি আমোদজনক ভাবে পাচৱৰ্ড ভাবি উলিয়াব পাৰে৷

মধ্যপ্ৰদেশৰ এখন ইঞ্জিনিয়াৰিং কলেজত কাম কৰি থকা সময়ৰ কথা৷ এদিন কিবা কাৰণত কলেজৰ চাৰ্ভাৰৰ পাচৱৰ্ডটোৰ প্ৰয়োজন হ'ল৷ কিন্তু পাচৱৰ্ড জনা অধ্যাপকগৰাকী অনুপস্থিত থকাত তেওঁলৈ ফোন কৰি পাচৱৰ্ড জানিব বিচৰাত তেওঁ উত্তৰ দিলে:
"য়ে তো কামাল হো গয়া৷"
মই আকৌ সুধিলো, পাচৱৰ্ডটো কি?
তেওঁ উত্তৰ দিলে, য়ে তো কামাল হো গয়া, yetokamalhogaya
মই বুজি পাই হাঁহি উত্তৰ দিলো, " আপ ভী কামাল কৰতে হেয়৷"

ডেকা এজনৰ লেপটপটো খুজিলো ব্যৱহাৰ কৰিবলৈ৷ পাচৱৰ্ড দি থোৱা আছিল৷
পাচৱৰ্ডটো জানিব বিচৰাত তেওঁ ক'লে,
" পনীয়াগু"
মই আচৰিত হৈ সুধিলো, "কি?"
তেওঁ উত্তৰ দিলে, পনীয়া গু... poniagu
সেই একেজন ডেকাই দিয়া আন এটা পাচৱৰ্ড :
howkiye (হাও কিয়ে... বৰপেটাৰ ফালে মানুহে অলপ আচৰিত হ'লে এনেদৰে কয় !)

মুঠতে পাচৱৰ্ড দিয়াটোও  সৃষ্টিশীলতাৰ পৰিচায়ক হ'ব পাৰে৷   কোনো সীমা-সংখ্যা নাই৷ পাচৱৰ্ডটো কেৱল নিজৰ মনত থাকিব লাগিব আৰু আনে সহজে অনুমান কৰিব নোৱাৰিব লাগিব৷ 

Friday, 27 June 2014

সংবাদ বিজুতি?

সংবাদ বিজুতি?

মহাভাৰতত থকা “অশ্বত্থামা হত, কিন্তু ইতি গজ” কথাষাৰ মিছা কথা নাছিল৷ অশ্বত্থামা সঁচাকৈয়ে মৰিছিল৷ কিন্তু অশ্বত্থামা নামৰ হাতী এটাহে মৰিছিল৷ কথাষাৰ সঁচা, কিন্তু তাৰ যোগেদি বেলেগ এটা সংবাদহে (ভুৱা সংবাদ) প্ৰেৰিত হৈছিল “কিন্তু ইতি গজ” বাক্যাংশটি গাপ দি ৰাখি৷
সঠিক বাৰ্তা প্ৰেৰণ কৰিবলৈ শিকাটো যেনেদৰে প্ৰয়োজনীয় শুনা কথাৰ পৰা সঠিক বাৰ্তা আহৰণ কৰিবলৈ শিকাটোও প্ৰয়োজনীয়৷ এইখিনিতে উদাহৰণ স্বৰূপে ইন্টাৰনেটত পঢ়া এটা ঘটনা উল্লেখ কৰা হ’ল৷

ঘটনাটো বিদেশৰ৷
মহিলা এগৰাকীয়ে ঘৰলৈ আলহী মাতিছিল আৰু আলহীক কাঠফুলা ৰান্ধি খুৱাব বিচাৰিছিল৷ কিন্তু ঘৰত বা ওচৰৰ দোকানত কাঠফুলা নথকাত চিন্তাত পৰিল৷ গিৰিয়েকে ক’লে,
“ওচৰৰ হাবিৰ পৰা অলপ কাঠফুলা গোটাই আনোগৈ ব’লা৷”
“বনৰীয়া কাঠফুলাহেনো বিষাক্ত?”, মহিলাগৰাকীয়ে শংকা প্ৰকাশ কৰিলে৷
“ একো নহয়, বেলেগ জন্তুৱে খাই থকা কাঠফুলা বিচাৰি আনিম৷ জন্তু যদি নমৰে, মানুহো নমৰে৷”, গিৰিয়েকে উপায় উলিয়ালে৷

কথামতে কাম৷ হাবিৰ পৰা তেনে কাঠফুলা বিচাৰি অনা হ’ল যিবোৰ আন জন্তুৱে খোৱা চকুত পৰিল৷
অলপ কাঠফুলাৰে তৰকাৰী এখন বনাই মহিলাগৰাকীয়ে তেওঁলোকৰ কুকুৰ টমক খাবলৈ দিলে আৰু চাই থাকিল৷ টমৰ একো অনিষ্ট নহ’ল৷

পিছদিনা ৰাতিপুৱাও টমক চালেগৈ৷ টম সম্পূৰ্ণ সুস্থ ৷ মহিলাগৰাকীয়ে নিশ্চিন্ত মনে বাকী কাঠফুলাখিনি ৰান্ধিলে৷ আলহী আহিল৷ সকলোৱে তৃপ্তিৰে খালে৷

তেনেতে সৰু ছোৱালীজনী আহি মাকৰ কাণত ফুচফুচাই ক’লে,
“টম মৰিল…”

মহিলাগৰাকী অলপ সময় তভক মাৰি ৰ’ল৷ তাৰপাছত উঠি গৈ ডাক্তৰক ফোন কৰিলে৷ ডাক্তৰে নিৰ্ভয় দি ক’লে,
“চিন্তা নকৰিব, আমি এম্বুলেন্স লৈ আহি আছো..”

অলপ সময় পাছতে চাইৰেন বজাই বজাই এম্বুলেন্স আহি পালেহি৷ এজন এজনকৈ সকলোকে বাথৰুমলৈ নি বমি কৰোৱালে আৰু পেটৰ ভিতৰৰ পৰা সকলো খাদ্য পাম কৰি কৰি উলিয়ালে৷

সকলো আহি ভাগৰত লাল-কাল দি চোফাত বহি পৰিল৷

সৰু ছোৱালীজনী আকৌ মাকৰ ওচৰলৈ আহি ক’লে’
“সেই মানুহজন যে বৰ অভদ্ৰ”
“কোনজন মানুহ?” মহিলাগৰাকীয়ে সুধিলে৷

“ আমাৰ টমক গাড়ীৰে চেপি মৰা মানুহজন৷ 
টমক চেপাৰ পাছত মানুহজনে গাড়ীখন নৰখালেই৷”

মহিলা অবাক৷ বাকী সকলো অবাক৷

সংবাদ বিজুতি ঘটিলে এনেকুৱাই হয়৷

Thursday, 26 June 2014

ঘোঁৰা আৰু ছাগলী..

ঘোঁৰা আৰু ছাগলী...

এজন খেতিয়কৰ এটা ঘোঁৰা আৰু এটা ছাগলী আছিল৷
এদিন ঘোঁৰাটো অচিন ৰোগত পৰিল
 খেতিয়কজনে ভেটেৰনেৰী ডাক্তৰ মাতি আনিলে৷ ডাক্তৰে ক'লে,
: এইটো অচিন ভাইৰাচ৷ তিনিদিনৰ ভিতৰত যদি ভাল নহয় তেনেহলে ঘোঁৰাটো ভালদৰে বান্ধি থৈ দিব লাগিব যাতে বেলেগ ঘোঁৰাৰ লগ ল'ব নোৱাৰে৷
মই তিনিদিনৰ ঔষধ দিছো৷ দিনত দুবাৰকৈ খুৱাব৷"

ছাগলীটোৱে কথাবোৰ শুনি আছিল৷ ঘোঁৰাটোৰ অৱস্থা দেখি তাৰ বৰ বেয়া লাগিল৷ খেতিয়কে ডাক্তৰক আগবঢ়াই থবলৈ গ'ল আৰু ছাগলীটো ঘোঁৰাৰ ওচৰলৈ আহি ক'লে,

:" বন্ধু, চিন্তা নকৰিবা৷ তুমি ভাল হ'বা৷
হতাশ নহবা৷ উঠিবলৈ চেষ্টা কৰা৷ নহলে তোমাক কামৰ পৰা আতৰাই দিব৷ তোমাৰ অপমান হ'ব৷ উঠা৷ উঠা৷"
ঘোঁৰাটো কিন্তু নুঠিল৷

পিছদিনাও খেতিয়কজনে ঘোঁৰাটোক ঔষধ খুৱালে কিন্তু অৱস্থাৰ একো পৰিৱৰ্তন নহ'ল৷

দুখমনে খেতিয়কজন যোৱাৰ পাছত ছাগলীটো আকৌ আহি ঘোঁৰাটোৰ কাষ পালে আৰু উৎসাহ দি ক'বলৈ ধৰিলে৷
: বন্ধু, চেষ্টা কৰা৷ উঠা৷ তুমি পাৰিবা৷ চেষ্টা কৰা৷
ঘোঁৰাটোৱে চেষ্টা নকৰি মাটিত দীঘল দি পৰি থাকিল৷

পিছদিনা ডাক্তৰ আহিল৷ ঘোঁৰাটো পৰীক্ষা কৰিলে৷ ঔষধো খুৱালে আৰু ক'লে,
: "ঘোঁৰাটোৰ অৱস্থাৰ একো উন্নতি হোৱা নাই৷ আজিৰ ভিতৰত যদি ভাল নহয় তেনেহলে ইয়াক কোনো নিৰ্জন ঠাইত নি বান্ধি ৰাখিব লাগিব৷ নহলে এই ভাইৰাচে আন ঘোঁৰাবোৰকো পাব৷"

ডাক্টৰ যোৱাৰ পাছত ঘোঁৰাটো লেবেজান হৈ অকলে পৰি থাকিল৷
ছাগলীটো ওচৰ চাপি আহি ক'লে,
: বন্ধু৷ আৰু সময় নাই৷ জোৰ পুৰি হাত পালেহি৷ তুমি চেষ্টা কৰা৷ পাৰিবা৷ উঠা৷
উঠা৷ চেষ্টা কৰা৷
বঢ়িয়া৷ পাৰিছা৷
পাৰিছা৷
এতিয়া খোজ কাঢ়িবলৈ চেষ্টা কৰা৷
এখোজ, দুখোজ, তিনিখোজ..
পাৰিছা
পাৰিছা..
পাৰিছা..
গৈ থাকা..."

অলপ পিছত খেতিয়কে বাহিৰ ওলাই দেখে যে ঘোঁৰাটো পথাৰত চেঁকুৰি আছে.. খট খট খট খট....

অতি আচৰিত হৈ খেতিয়কে আনন্দতে চিঞৰিবলৈ ধৰিলে,
: "অলৌকিক কথা৷ঘোঁৰাটো আচৰিত ভাবে ভাল হৈ গ'ল....
আজি ভোজ-ভাতৰ আয়োজন কৰিব লাগিব....
ছাগলীটো মাৰি তাৰ মাংসৰে ৰাইজক আজি এসাজ খুৱাব লাগিব......

আধুনিক নীতি শিক্ষা :  কোনটো কামৰ বাবে কাক প্ৰশংসা কৰিব লাগে মেনেজমেন্টে নাজানিবও পাৰে৷
কোনো কামৰ বাবে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হৈও জীয়াই থাকিবলৈ শিকাটো এটা কলা ৷

(ইন্টাৰনেটত পোৱা ইংৰাজী টোকা এটাৰ অসমীয়া ৰূপান্তৰ)