At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 31 December 2015

ভিলাই

ভিলাই..


জিৰ জিৰ বৰষুণত
মূৰ দোঁৱাই
তিতি থিয় হৈ
বাটৰ কাষত
গছবোৰ সলনি হৈ পৰা
ছাঁয়ালৈ
নিজৰ সম্মুখতে
ঘটিত হোৱা এই ৰূপান্তৰণ,


টপ্-টপকৈ সৰি থকা টোপালত
জিলমিলোৱা পোহৰবোৰ
আৰু ৰং-বিৰঙৰ ডাৱৰৰ
যাদু ৰচনা কৰা
কাৰখানাৰ চিমনিবোৰ,


ইফালে বাট
সিফালে বাট
মাজেৰে পাৰহৈ যোৱা
ৰেলৰ চিৰিবোৰ,


এই মাথোন সলনি হৈছে হয়তো
পালপাতি কৰা ডিউটিবোৰ,
ক্ৰচিঙৰ গেটত
আৱদ্ধ হৈ পৰা
ভীৰৰ অস্থিৰতা,

চাকি-বন্তিৰ এনে সময়তে
ঘৰ পাবলৈ অস্থিৰ
তেনেকুৱা ভীৰত
মইহে কেতিয়াও নহ’লো
চাইকেল ৰখাই
হেণ্ডেলত ওলোমাই থোৱা
পাচলিৰ মোনা,


মোৰ হাতঘড়ীত
কিয় নহ’ল
ঘৰলৈ ওভতাৰ সময়,
এনেই হোৱা নাই
মুম্বাইৰ পৰা কলকাতালৈ যোৱা
ডাউন গাড়ী এখন
পাৰ হৈ যোৱা,


কোনো ক্ৰুৰ সিদ্ধান্ত অবিহনে
কিদৰে সম্ভৱ হ’ব
এটি বীতৰাগ মন
কিদৰে হ’ব
এটি আধ্যাত্মিক সন্ধ্যা….

মূল (হিন্দী): সতীশ জয়চৱাল;  অনুবাদ: ডঃ মাখন লাল দাস

Monday, 14 December 2015

ভাল ল’ৰা

ভাল ল’ৰা

পাঠকে ছোৱালীজনীৰ বাবে বহুদিনৰ পৰাই ভাল ল’ৰা এটা বিচাৰি আছে৷ ছোৱালী কম্পিউটাৰ ইঞ্জিনিয়াৰ৷ নাম থকা কোম্পানীত কাম কৰে৷ ভাল নাচে, গানো গায়৷ দেখিবলৈও চিনেমাৰ অভিনেত্ৰীৰ দৰেই৷ স্বভাৱে-চৰিত্ৰই সতী-সাৱিত্ৰীতকৈ কোনো গুণে কম নহ’ব যেন লাগে৷ যি ঘৰলৈকে বোৱাৰী হৈ যাব সেই ঘৰেই ভাগ্যবান বুলি ভাবিব লাগিব৷ পঢ়ি থকা অৱস্থাতে আন বহুতৰ নিচিনাকৈ ল’ৰা এটা যোগাৰ কৰি ল’ব নোৱাৰিলে তাই৷ হয়তো দেউতাক বিয়া-বাৰুৰ ক্ষেত্ৰত খুব কাঢ়া বুলি ভাবিয়েই তাই সাবধানে দিনবোৰ পাৰ কৰিলে৷ কিন্তু এতিয়া দৰা বিচাৰি হায়ৰাণ হৈছে দেউতাক পাঠক৷

পাঠক মোৰ বাল্যবন্ধু৷ ইঞ্জিনিয়াৰিং কলেজতো একেলগে পঢ়া দুয়ো৷ পাছ কৰি তেওঁ ৰিফাইনাৰিৰ চাকৰিত সোমাল, মই সোমালোঁ কলেজতে শিক্ষকতাৰ কামত৷ বিয়াও প্ৰায় একে সময়তে পাতিছিলো দুয়ো৷ প্ৰায়েই অহা-যোৱা চলিছিল দুয়ো ঘৰৰ মাজত৷ এতিয়া অৱসৰ পাই ওচৰা-ওচৰিকৈ ফ্লেট কিনি প্ৰায় একেলগে আছোঁহি৷

প্ৰথমতে ছোৱালীজনীৰ বাবে দৰাৰ কথা ভাবি বেছি মূৰ ঘমোৱা নাছিল পাঠকে৷ ইমান ভাল ছোৱালী যেতিয়া অতি সহজে দৰা পাবই বুলি নিশ্চিন্তে বহি আছিল৷ প্ৰথমতে তাই পঢ়ি-শুনি থিতাপি লওঁক, তাৰপাছত বিয়া-বাৰুৰ কথা লাহে-ধীৰে ভাবিব লাগিব৷ কেতিয়াবা কথা-প্ৰসঙ্গত পাঠকে কৈছিল৷ ছোৱালীৰ পঢ়া-শুনাৰ প্ৰতিয়েই ইমান দিনে মনোযোগ দি আহিল পাঠকে৷ তাইও দেউতাকক নিৰাশ নকৰি খুব ভালদৰেই পাছ কৰি গ’ল সকলো পৰীক্ষা৷

কিন্তু ছোৱালীৰ বিয়াৰ চিন্তা মনলৈ অহাৰ পাছৰে পৰা দৰা বিচাৰি পাঠক ভাগৰি পৰিছে৷ দৰাৰ ক্ষেত্ৰত পাঠকৰ চৰ্ত বহুত৷ ল’ৰা ইঞ্জিনিয়াৰ হ’ব লাগিব৷ ভাল চাকৰি কৰা হ’ব লাগিব৷ দেখোতো ভাল হ’ব লাগিব৷ ভাল পৰিয়ালৰ হ’ব লাগিব৷ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগিব৷ কেৱল অসমীয়া হ’লেই নহ’ব, পাৰিলে তেওঁৰ নিজৰ অঞ্চলৰ মূল বাসিন্দা হ’ব লাগিব৷ সেইবোৰ ঠিকে থাকিলেও নহ’ব পঞ্জিকা মতেও ৰাহি-যোৰাও মিলিব লাগিব৷ এবাৰ খুব ভাল ল’ৰা এজনৰ খবৰ পাই পাঠকক জনাইছিলো৷ পাঠকে পঞ্জিকা চাই নাকচ কৰি পেলালে৷ তাৰপাছত কিছুদিন বিয়াৰ কথা তল পৰি আছিল৷ আজি হঠাতে ৰাতিপুৱাতে পাঠকৰ ফোন পালোঁ৷
“আবেলি এপাক ঘৰলৈ আহিবাচোন৷”
“কিয়? কিবা পাতিছা নেকি?”
“নাই৷ ল’ৰা এজন ফুৰিবলৈ আহিব৷ তোমাক চিনাকি কৰাই দিম বুলি ভাবিছো৷ সোনকালে আহিবা”

অৱসৰ পোৱা মানুহ৷ হাতত সময় অপৰ্যাপ্ত৷ ভাত-পানী খাই সোনকালেই পাঠকৰ ঘৰ পালোঁগৈ৷ পাঠকেই কথাটো উলিয়ালে৷
“ভাল ল’ৰা এজনৰ খবৰ পালোঁ৷ ইঞ্জিনিয়াৰ, পুণেত থাকে৷ পঞ্জিকা মতেও মিলাই চাইছো৷ মিলিছে৷ মাজনীক ইতিমধ্যে পুণেত দেখি পচন্দও কৰিছে৷”
“খুব ভাল কথা৷ সোনকালে সকলো ঠিক কৰি দিয়া তেনেহলে৷” মই অতি উৎসাহেৰে ক’লো৷
“ল’ৰাজন দুদিনমানৰ কাৰণে ঘৰলৈ আহিছে৷ খবৰটো পাই আজি ঘৰলৈ মাতিছো৷ তোমাৰ কলেজৰ পৰাই পাছ কৰা ল’ৰা৷ তুমি চিনি পাব পাৰা৷ সেইকাৰণে তোমাৰ মত এটাও লৈ ল’ব খুজিছো৷”
“ল’ৰাজন কি ইঞ্জিনিয়াৰ? চিভিল যদি ভালদৰে চিনি পাম৷”
“নহয়, ইলেক্ট্ৰিকেল৷ তথাপি তুমি চিনি পাবও পাৰা৷ হোষ্টেলত আছিলতো৷ অলপ কথা-বতৰা পাতি চাবা৷”

মইও হয়ভৰ দি ৰৈ থাকিলোঁ ল’ৰাজনৰ বাবে৷ ভালো লাগিল মোৰ মতামতকো পাঠকে ইমান গুৰুত্ব দিব খোজা দেখি৷ দুয়ো ইটো-সিটো কথা পাতি কিছু সময় পাৰ কৰিলোঁ৷ বেছি সময় বাট চাব লগা নহ’ল৷ ল’ৰাজন আহি ওলাল৷ মুখখন চিনাকি চিনাকি লাগিল৷ পাঠকনীয়ে আথে-বেথে বহুৱালে৷ পাঠকে মোক চিনাকি কৰি দিলে৷ আশাকৰা ধৰণেই ল’ৰাজন মোৰ চিনাকি পোৱাৰ পাছত অলপ নাৰ্ভাচ হোৱা যেন লাগিল৷ 

দুই-এটা কথাৰ আদান-প্ৰদান হোৱাৰ পাছত পাঠকনী পাকঘৰত সোমাল৷ পাঠকো ভিতৰলৈ গ’ল ল’ৰাজনৰ লগত মোক অকলে এৰি দি৷ মই কথা আৰম্ভ কৰিলো৷ কথা মানে যেন মৌখিক পৰীক্ষাহে৷ নাম কি? এতিয়া কি কৰি আছা? কোন চনত পাছ কৰিছিলা? কোন হোষ্টেলত আছিলা? ইত্যাদি ইত্যাদি৷
ল’ৰাজনে উত্তৰ দি গ’ল মোৰ প্ৰশ্নবোৰৰ এটা এটাকৈ৷ চন আৰু হোষ্টেলৰ কথা জনাৰ লগে লগেই ফট-ফটকৈ বহুতো কথা মনত পৰি গ’ল মোৰ৷
পাঠক সোমাই আহিল৷ পাঠকনীয়ে চাহ-জলপান দি গ’ল৷ কিছুসময় কথা-বতৰা চলিল৷ তাৰপাছত ল’ৰাজন বিদায় লৈ গ’লগৈ৷

“চিনি পালানে ল’ৰাজন?” আশাকৰা মতেই পাঠকৰ প্ৰথম প্ৰশ্ন৷
“পাইছো৷ মই অধীক্ষক হৈ থকা হোষ্টলতে আছিল৷” উত্তৰ দিলোঁ৷ কিন্তু মোৰ মনটোত সমান্তৰাল ভাবে বেলেগ এটা চিন্তা চলি আছিল বুলি পাঠকে সহজে অনুমান কৰি আকৌ পোনে-পোনে সুধিলে,
“কেনেকুৱা ল’ৰা? ভালনে? তোমাৰ মতামত কি?”
এইবাৰহে দোমোজাত পৰিলো৷ ল’ৰাজনক চিনি পোৱাৰ পাছত ল’ৰাজনৰ বিষয়ে যিমানখিনি কথা মনত পৰিছে গোটেইখিনি জনাই দিয়া উচিত হ’বনে নাই মনতে ঠাৱৰ কৰিব নোৱাৰি উত্তৰ দিলোঁ,
“নাই, মই চিনি পাইছো যদিও মাত্ৰ এদিনহে লগ পাইছিলো৷ গতিকে কেনেকুৱা ল’ৰা সেই বিষয়ে মতামত নিদিয়াই ভাল হ’ব৷”
“মাত্ৰ এদিন? সেইটো আকৌ কেনেকুৱা কথা? তুমি অধীক্ষক হৈ থকা হোষ্টেলতে আছিল হেনো ল’ৰাজন?” পাঠকৰ স্বাভাৱিক প্ৰশ্ন৷
“মই তিনিবছৰ বাহিৰত আছিলো উচ্চ শিক্ষাৰ বাবে৷ উভতি আহি হোষ্টেলৰ অধীক্ষকৰ দায়িত্ব লৈছিলো৷ ইতিমধ্যে ল’ৰাজনে ফাইনেল পৰীক্ষা দি সেই হোষ্টেল এৰি গৈছিল মাত্ৰ৷ ফাইনেলৰ ৰিজাল্ট দিয়াৰ পাছত হোষ্টেলৰ ক্লিয়াৰেঞ্চ ল’বলৈ, মানে হোষ্টেলত একো দিবলগীয়া নাই বুলি চাৰ্টিফিকেট ল’বলৈহে মোৰ ওচৰলৈ আহিছিল৷ এদিনৰ চিনাকি মাত্ৰ৷”
“মাত্ৰ এদিন লগ পালা৷ তাকো ইমান বছৰ আগতে৷ তথাপি ল’ৰাজন চিনি পালানে?” পাঠকৰ পৰা এইটো প্ৰশ্নও আহিব পাৰে বুলি মই ভয় কৰি আছিলো৷ সকলো কথা কৈ দিয়াই ভাল হ’ব বুলি ভাবি উত্তৰ দিলোঁ,
“কেতিয়াবা মনত থাকি যায়৷ ল’ৰাজনৰ আচলতে অলপ টকা দিবলৈ বাকী আছিল৷ বেছি নহয় এশ টকামান আছিল বোধকৰো৷ এটকাও বাকী থাকিলে ক্লিয়াৰেঞ্চ মই নিদিওঁ কাৰণ কলেজৰ পৰা একেবাৰে ওলাই যোৱাৰ পাছত আৰু সেই টকা পোৱাৰ কোনো আশা নাথাকে৷ গতিকে পাছত ময়েই ভৰিবলগীয়া হ’ব৷” পাঠক নিজেও ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত থাকি অহা৷ সকলো জানেই বুলি জানিও অলপ ব্যাখ্যা কৰি ক’লো৷
“ল’ৰাজনক ক্লিয়াৰেঞ্চ দিয়া নাছিলা নেকি তুমি?” পাঠকে জেৰা কৰাৰ দৰেই সুধিলে৷ 

ক্ষন্তেক ৰৈ উত্তৰ দিলো,
“এদিন ৰাতিপুৱাতে আহি ওলাইছিল ল’ৰাজন ক্লিয়াৰেঞ্চ ল’বলৈ৷ মই টকা দিবলৈ বাকী থকা ল’ৰাবোৰৰ তালিকাখন চালো৷ ল’ৰাজনৰ নামটো প্ৰায় ওপৰতে আছিল৷ তেওঁক জনাই দিলো তেওঁৰ অলপ দিবলগা থকা কথাটো৷ ল’ৰাজনে অনুৰোধ কৰি কৈছিল,
“ছাৰ, মই দূৰৰ পৰা আহিছো৷ লগত বেছি টকা নাই৷ ক্লিয়াৰেঞ্চটো দি দিয়ক৷ মোৰ মাহীৰ ঘৰ ইয়াতে৷ অফিচৰ কামখিনি কৰি আবেলি মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আপোনাক দি থৈ যামহি৷ আপোনাক কথা দিছো৷ মোক বিশ্বাস কৰক৷”
ল’ৰাজনৰ কথাত পতিয়ন গৈ ক্লিয়াৰেঞ্চৰ ফৰ্মখনত চহী কৰি দিলো৷ ল’ৰাজন গ’লগৈ৷ সেইদিনা আবেলি নাহিল৷ পিছদিনাও নাহিল৷ বছৰ পাৰ হৈ গ’ল৷ কোনোদিনেই নাহিল৷ আজিহে ইমান দিনৰ মূৰত আকৌ মুখা-মুখি হৈছোঁ৷ মূখখন অলপ অলপ চিনিব পাৰিছিলো৷ নামটো কোৱাত গোটেই ঘটনাটো মনত পৰি গ’ল৷ ল’ৰাজনৰ বিষয়ে অৱশ্যে মই আৰু একো নাজানো” কথাখিনি কৈ শেষ কৰি পাঠকৰ পিনে চালো৷ মোৰ বুকুৰ পৰা বোজা এটা আঁতৰি যোৱা যেন লাগিল৷ 

পাঠক কিছু সময় মনে মনে থাকিল৷ তাৰপছত লাহেকৈ মাত দিলে,
“ভুল তোমাৰেই৷ তুমি ইমান সহজে সকলোকে বিশ্বাস কৰি লোৱা৷ ল’ৰাজন বুধিয়ক৷ আজিৰ যুগৰ লগত খাপ খাই চলিব পৰা ল’ৰা৷ সেইটো একো ডাঙৰ দোষ বা দ্ৰবেক বুলি ক’ব নোৱাৰি৷”

মই পাঠকৰ কথাখিনি শলাগি থলোঁ৷ বিদায় লৈ ঘৰ পালোঁহি৷ দুদিনমান পাছত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন পাম বুলি প্ৰায় নিশ্চিত হ’লো৷

Sunday, 13 December 2015

আপিগিলানে কলাত লবো…

আপিগিলানে কলাত লবো…

সৰুতে বৰ চাপৰ আছিলো৷ মূৰটো ডাঙৰ, নাকটোও চেপেটা বাবে আৰু অধিক চাপৰ দেখা গৈছিল মোক৷ কিছুমানে “গাইথা” বুলি জোকাইছিল৷ কিছুমানে জোকাইছিল “মাদা” (শকত) বুলি৷ ওখ হোৱাৰ দুৰ্বাৰ হেঁপাহ এটা মনত পুহি ৰাখিছিলো৷ এবাৰ অষ্টম নে নৱম শ্ৰেণীত থাকোঁতে বৰপেটাত অসম বিজ্ঞান সমিতিৰ অধিৱেশন এখন হৈছিল৷ প্ৰদৰ্শনী চাবলৈ আমি শাৰী পাতিছিলো৷ সকলোতকৈ চাপৰ বাবেই হয়তো মোক একেবাৰে আগত থিয় কৰাই দিয়া হৈছিল৷ দুৱাৰমুখতে আছিল এখন দীঘল আইনা৷ মূৰৰ পৰা ভৰিলৈকে সম্পূৰ্ণকৈ দেখা যায়৷ তাতে নিজৰ চেহেৰাটো ভালদৰে চালো৷ চাই দৃষ্টি ঘূৰাই দিলোঁ৷ সঁচাকৈয়ে মই ইমান চাপৰ৷

মোৰ সহপাঠী প্ৰভাতো প্ৰায় মোৰ সমানেই ওখ আছিল৷ দুয়ো আছিলো নলে-গলে লগা বন্ধু৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগে আগে এদিন সন্ধিয়া দুয়ো চাউলখোৱা নদীৰ দলঙৰ ওপৰেৰে গৈ আছিলো অলপ মুকলি বতাহ খোৱাৰ মানসেৰে৷ সেই সময়ত বহুতো যুৱক তাত গোট খায়, একে উদ্দেশ্যেৰেই৷ 

আমি খোজ কাঢ়ি কিছুদূৰ পাৰ হৈ যোৱাৰ পাছতে প্ৰভাতে মাত দিলে,
“সিহঁতে আমাক দুটাক দেখি কি কৈছে মন কৰিলিনে?”
“নাই কৰা৷ মই বেলেগ কিবা চিন্তা কৰি আছিলোঁ৷” মই উত্তৰ দিলোঁ৷
“আমাক দেখি সিহঁতে কৈছে, কি সৰু-সৰু ছলিয়ে৷ আহুন কলেজত গেলি আপিগিলানে কলাত লবো৷ (ইহঁত কলেজলৈ গ’লে ছোৱালী বিলাকে কোলাত ল’ব)৷”
একো উত্তৰ নিদিলো৷ ওখ হোৱাৰ বাসনা আৰু অধিক প্ৰবল হ’ল৷ দুৱাৰত ধৰি ওলমি থকা, ৰিঙত ধৰি উঠা-নমা কৰা আদি ব্যায়াম কৰি থাকিলো৷
সময় বাগৰি গ’ল৷ চাপৰ বুলি কোনেও হাঁহিব নোৱাৰা অৱস্থা এটা পালোঁ৷

কলেজত অৱশ্যে কোনেও কোলাত ল’বলৈ সাহস নকৰিলে৷

Friday, 30 October 2015

থমকি ৰৈছো

কিবা এটা নতুন কৰাৰ মানসেৰে এই ব্লগটো লিখিবলৈ লৈছিলো৷ জীৱনৰ অনুভৱ আদি লিখিছিলো৷ তাৰ পাছত অনূদিত কবিতা, অণুগল্প আদি৷ গৰুৰ বিষয়ে ৰচনা এখন ধেমালিতে লিখি পেলাইছিলো৷ ৰচনাখনে যথেষ্ট সমাদৰ পোৱাত ৰস ৰচনা আৰু ৰগৰ লিখিবলৈ লওঁ৷ গল্পও লিখি থাকো৷
নিজকে সাহিত্যিক সাহিত্যিক লাগিবলৈ ধৰে৷
এতিয়া অলপ থমকি ৰৈছো৷
নিজকে কিছুমান কথা সুধি চাইছো৷
কিহৰ বাবে, কাৰ বাবে লিখি আছো?
সাহিত্যিক বুলি বিখ্যাত হোৱাৰ উচ্চাকাংক্ষা নাই৷
ৰগৰ লিখি দুই-একক ৰস যোগোৱাৰো আৰু মন নাই৷
মোৰ জীৱনৰ অভিজ্ঞতা আনে পঢ়ি কিবা লাভবান হ'বনে?
ইয়াৰ লেখাবোৰ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ লৈছো pothi.com আৰু createspace.com যোগেৰে। স্থায়ী স্মৃতি হিচাবে ৰৈ ৰাওক বুলি।
কিতাপবোৰ কিনি কোনোবাই পঢ়িব বুলি অৱশ্যে আশা কৰা নাই।

Friday, 9 October 2015

প্ৰশ্ন নাপালো বুজি, কোব খালো খুজি..

প্ৰশ্ন নাপালো বুজি, কোব খালো খুজি..

১৯৬৯ চন৷ মই বৰপেটা বিদ্যাপীঠৰ চতু্ৰ্থ শ্ৰেণীৰ ছাত্ৰ তেতিয়া৷ শ্বিলঙৰ পৰা বৰপেটালৈ অহা এমাহমান হৈছেহে মাত্ৰ৷ বৰপেটাৰ মাত-কথা ভালদৰে বুজিব পৰা হোৱাই নাই৷
স্কুলত শিক্ষকসকলে কোৱা কথাবোৰো লাহেলাহে বুজি উঠিব ধৰিছো৷ শিক্ষকসকলৰ ভিতৰত সকলোতকৈ ভয় কৰিছিলো নৰেন শৰ্মা চাৰক৷ আমাক হিন্দী শিকাইছিল৷ হাতত বেতডাল অনবৰতে থাকেই৷ হিন্দীৰ বৰ্ণমালা শিকা হৈ গ’ল৷ আখৰবোৰ ভালদৰেই চিনি পোৱা হৈছো৷ চাৰে ছাত্ৰবোৰক বোৰ্ডৰ ওচৰলৈ মাতি নি কিবা কিবি লিখিবলৈ কয়৷ নোৱাৰিলে পিঠিত চেটেপ চেটেপ বেতৰ কোব৷ কেতিয়াবা হিন্দীত লিখি দিয়ে সেইটো লিখিব লাগে অসমীয়াত৷ কেতিয়াবা অসমীয়াত লিখি দি সেইটো লিখিবলৈ কয় হিন্দীত৷ তেনেদৰে দুটামান দিন পাৰ হে গ’ল৷ হিন্দী আখৰবোৰ ভালদৰেই চিনি পাওঁ বাবে মোৰ অলপো ভয় লগা নাছিল কিবা লিখিবলৈ দিলে পাৰিম বুলি জানি৷
এদিন মোৰ পাল পৰিল৷ চাৰে বোৰ্ডত অসমীয়াতে লিখিলে, “পইচা”৷ মোক ক’লে হিন্দীত লিখা৷ মই অলপো চিন্তা নকৰাকৈ ধামধুম লিখি দিলো, “पइचा” ৷ লিখা শেষ হ’বলৈহে পালে , পিঠিত বেতৰ কোব পৰিলেই৷ কেইটা পৰিল হিচাব নাই৷ কাণমূৰ গৰম হৈ গ’ল৷ লাজে-অপমানে নিজৰ ঠাইত আহি বহিলোহি৷ অসমীয়া আখৰ কেইটা হিন্দী আখৰেৰে লিখিবলৈ দিয়া বুলি ভাবিয়েই তেনেদৰে লিখিছিলো৷ মুখেৰে একো নামাতিলো৷ চকুৰ পানীও নোলাল৷
চাৰে বাকী ছাত্ৰবোৰলৈ চাই সুধিলে কোনোবাই পাৰিব নেকি লিখিবলৈ৷ কোনোবা এজন উঠি আহি লিখি দিলে, “पैसा” ৷ চাৰে শলাগিলে৷ সকলোৰে আগত বৰ লাজ পালো৷ মই ভাবিলো, সেইটোতো মইও জানিছিলো৷ অসমীয়া আখৰ কেইটা হিন্দী আখৰেৰে লিখিবলৈ কোৱা বুলি ভাবিহে মই তেনেদৰে লিখিছিলো৷ কিন্তু জানিলে কি হ’ব? প্ৰশ্ন বুজি নাপালে পিঠিত বেতৰ কোব পৰিবই৷

ইমান বছৰ পাৰ হৈ গ’ল৷ সেই কোব কেইটা আজিও পাহৰিব পৰা নাই৷

Thursday, 20 August 2015

পাতল ভাজি.. তাকে খাম আজি

পাতল ভাজি.. তাকে খাম আজি

প্ৰায় ত্ৰিশবছৰমান আগৰ কথা৷ প্ৰথম মুম্বাইলৈ গৈছো৷ লগত থকা কেইজনো প্ৰথমবাৰৰ বাবেই মুম্বাইলৈ গৈছে৷ গৈ ধৰমশালা এটাত উঠিলো৷ সন্ধিয়া ওলাই গৈ হঠাতে ব্যস্ত বজাৰৰ পৰা মুকলি ৰাজপথ এটা দেখিলো৷ তাৰ কিছু দূৰৰ পৰাই সাগৰ৷ পথৰ কাষে-কাষে চকুৰে মনিব পৰালৈকে শাৰী-শাৰীকৈ লাইট৷ অভিনৱ দৃশ্য৷ প্ৰায় দুমিনিটমান স্তব্ধ হৈ একে ঠাইতে ৰৈ থাকিলো৷ লগৰ এজনে কলে, “মেৰিন দ্ৰাইভ, কুইনচ নেকলেচ…”
মুম্বাই আৰু মেৰিন দ্ৰাইভ৷ শুনিছিলো৷ আজি দেখিলো৷ হেঁপাহ পলুৱাই উপভোগ কৰিলো সেই মায়াময় পৰিৱেশ৷

নিশাৰ আহাৰ খাবলৈ সাধাৰণ ৰেষ্টোঁৰা এখনত সোমালো৷ বোৰ্ড এখনত খোৱা-বস্তুৰ তালিকাখন লিখি থোৱা আছিল৷ প্ৰায় সকলোবোৰ নামেই অচিনাকী৷ কিবা এটা অৰ্ডাৰ দি খালো৷ কোনোমতে ক্ষুধা নিবাৰণ হ’ল ৰাতিটোৰ বাবে৷

পিছদিনা ৰাতিপুৱা আকৌ একেখন ৰেষ্টোঁৰাত সোমালো৷ ইতিমধ্যে আমি দুজনমানে অলপ চিনি পাব ধৰিছো কোনবিধ কি বস্তু৷ আমি কিবা এবিধ বস্তুৰ অৰ্ডাৰ দিলো৷ 

লগৰ এজন কিন্তু অলপ ব্যতিক্ৰম আছিল৷ তেওঁ লিষ্টখন চালে, কান্দা ভাজি, ….., পা্তল ভাজি….আৰু অৰ্ডাৰ লবৰ বাবে কাষত ৰৈ থকা ল’ৰাজনলৈ চাই ক’লে,

“এক প্লেট পাতল ভাজি…”

“ মাত্ৰ পাতল ভাজি? আৰু একো নালাগে?” ল’ৰাজনে আচৰিত হৈ সুধিলে৷

“ নালাগে, মই একপ্লেট  পাতল ভাজিয়েই খাম৷”

কিছুসময় পাছত আমাৰ খোৱাবস্তুবোৰ আহিল৷ কিন্তু পাতল ভাজি অৰ্ডাৰ দিয়াজন ৰৈ থাকিল৷

অলপ পাছত ল’ৰাজনে এখন ডাঙৰ প্লেটত পাতল ভাজি লৈ আহি আমাৰ লগৰীয়াজনৰ সম্মুখত থ’লে৷ আমি সকলোৱে পাতল ভাজিনো কি চালোঁ৷

চাই দেখো, প্লেটখনত কেৱল হালধীয়া পানী আৰু মাজতে এডোখৰ আলু, যেন সাগৰৰ মাজত এটা দ্বীপহে৷ অৰ্ডাৰ দিয়াজনে আমাৰ ফালে চাই লাজতে সেমেনা-সেমেনি কৰিব ধৰিলে৷ 

পাতল ভাজি লৈ অহা ল’ৰাজনে ক’লে,

“ এইটো অকলে কেনেকৈ খাব? মই দীঘল পাওৰুটি এটা লৈ আহিছো৷ তাৰ লগতে খাওঁক৷”

বেচেৰা লগৰীয়াজনে পাওৰুটিটো হাত পাতি ল’লে বাধ্য ছাত্ৰৰ দৰে৷ তাৰপাছত এডোখৰ ভাঙি ডুবাই দিলে “পাতল ভাজি”ত৷


আমি মিচিক-মাচাককৈ হাঁহি খোৱাত মন দিলো৷

Monday, 10 August 2015

নিশাৰ বীৰ.. উন্নত শিৰ

নিশাৰ বীৰ.. উন্নত শিৰ
১৯৭৬ চন৷ কটন কলেজৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত নাম ভৰ্তি কৰি ফাৰ্ষ্ট মেছত আবাসী হিচাবে থাকিবলৈ লৈছো৷ পুৰণি ছাত্ৰ বা দাদা সকলে ৰাতি নিজৰ ৰুমলৈ মাতি নি চা-চিনাকি হৈ থাকে৷ নানা ধৰণৰ প্ৰশ্ন সোধে৷ ধেমালিও কৰে৷ কেতিয়াবা ভালো লাগে, কেতিয়াবা ভয় লাগে৷ তথাপি কোনো আপত্তি নকৰাকৈ জ্যেষ্ঠসকলৰ আদেশ শিৰোধাৰ্য কৰি সকলো কৰি গৈ আছিলো৷
নবাগত আদৰণি সভা হোষ্টেলত বেলেগকৈ হয়৷ সেইদিনা ৰাতিহে হেনো চা-চিনাকি অলপ বেছিকৈ হয়৷ ভাবি ভয় লাগি আছিল৷
অৱশেষত সেই দিনটো আহি পালে৷ সন্ধিয়া আদৰণি সভা শেষ হ’ল৷ নিমন্ত্ৰিত অতিথি আদি সকলো গ’লগৈ৷ ৰাতি দহমানবজাৰ পৰা আৰম্ভ হ’ল এক বিশেষ কাৰ্যক্ৰম৷ মেডকেল পৰীক্ষা৷ চা-চিনাকিৰ সেইটো হেনো বিশেষ পৰ্ব৷ আমাক এজন এজনকৈ এটা বিশেষ কোঠালৈ মাতি নিয়া হ’ল৷ ভিতৰত হেনো কিবা মেডিকেল কৰা হয়৷  আমি নিজৰ পাল কেতিয়া পৰে বুলি অপেক্ষা কৰি থাকিলো৷

অৱশেষত মোৰ পাল পৰিল৷ কোনে মাতিলে মনত নাই৷ লাহেকৈ ভিতৰ সোমাই গ’লো৷ কোঠাটোৰ ভিতৰৰ লাইটটো জলোৱা নাই৷ বাহিৰৰ পৰা লাইটৰ পোহৰত দেখিলো এখন টেবুলৰ কাষত দুজন চিনিয়ৰ৷ এজন প্ৰাকবিশ্ববিদ্যালয় দ্বিতীয় বাৰ্ষিক আৰু আনজন বি.এ. প্ৰথম বাৰ্ষিকৰ৷

মোক আদেশ দিয়া হ’ল দিগাম্বৰ হ’বলৈ৷ মই নহওঁ বুলি ক’লো৷ আকৌ জোৰকৈ ক’লে৷ মই মান্তি নহ’লো৷

“টেবুলৰ তলত সোমাই থাকা৷” এচুকত থকা টেবুল এখনৰ পিনে আঙুলিয়াই এজনে মোক আদেশ দিলে৷ মই টেবুলৰ তলত সোমাবলৈ আঁঠু কাঢ়ি দেখিলো ইতিমধ্যে আন এজন সোমাই আছে৷ চিনি পালো৷ শিৱসাগৰৰ মৃদুল ৷ তাৰমানে দিগাম্বৰ হ’বলৈ অস্বীকাৰ কৰিলে মৃদুলেও৷ ভাল লাগিল৷

সৰু টেবুলখনৰ তলতে কুচিমুচি দুয়ো সোমাই থাকিলো৷
তাৰপাছত কোন কোন আহিল আৰু কি কি হ'ল চাবলৈ নহ'ল৷ 
কিছুসময় পাৰ হ'ল৷
সোমাই আহিল লক্ষীমপুৰৰ গোকুল৷ লগত চতিয়াৰ ৰূপক৷ চিনিয়ৰ দুজনে আদেশ দিবলৈহে পালে, গোকুলে চিঞৰি চিঞৰি গালি পাৰিবলৈ আৰম্ভ কৰি দিলে …. 
“চিনি পোৱা নাই? এফালৰ পৰা কাটি থৈ যাম….” আৰু বহুত কিবা কিবি…
হয়তো গালি পাৰিবলৈ সাজু হৈয়েই আহিছিল গোকুল৷
সাহস পাই ৰূপকেও ফেৰ পাতি ধৰিলে চিনিয়ৰ দুজনক৷
কথা বিষম দেখি চিনিয়ৰ দুজনে গোটেই প্ৰক্ৰিয়াটোৰ তাতেই সমাপ্তি ঘটাই আমাক টেবুলৰ তলৰ পৰা ওলাই আহিবলৈ ক’লে৷ আমি কানি-কাপোৰ জোকাৰি বাহিৰ ওলাই আহিলো৷
সেইসময়ত লক্ষীমপুৰৰ গোকুল আমাৰ বাবে হৈ পৰিল ৰক্ষাকৰ্তা বীৰ৷
চিনিয়ৰ দুজনকহে আৰু কেতিয়াও ভাল ভাবে ল’ব নোৱাৰিলো৷

Wednesday, 15 July 2015

সংঘৰ্ষ আৰু সাফল্যৰ আন নাম: চিলভাষ্টাৰ ষ্টেলোন



সংঘৰ্ষ আৰু সাফল্যৰ আন নাম: চিলভাষ্টাৰ ষ্টেলোন

চিলভাষ্টাৰ ষ্টেলোন চলচ্চিত্ৰ জগতৰ এটা চিৰস্মৰণীয় নাম, হিলউদৰ বিখ্যাত তাৰকা৷ তেওঁ একেদিনাই সেই স্থান অজৰ্ন কৰা নাছিল৷ আচলতে যথেষ্ট দুখ-কষ্ট সহ্য কৰিব লগা হৈছিল তেওঁ জীৱনত৷ তেওঁৰ জীৱনৰ সংঘৰ্ষৰ কাহিনীয়ে সকলোকে প্ৰেৰণা যোগাব পাৰে৷
এটা সময়ত তেওঁৰ আৰ্থিক অৱস্থা ইমান শোচনীয় আছিলযে তেওঁ ঘৈণীয়েকৰ অলঙ্কাৰ চুৰ কৰি বিক্ৰি কৰিব লগা হৈছিল৷ অৱস্থা বেয়া হৈ গৈ থাকিল আৰু এসময়ত তেওঁ হৈ পৰিছিল গৃহহীন৷ নিউইয়ৰ্কৰ বাচ আস্থানতে তেওঁ তিনি ৰাতি কটাবলগীয়া হৈছিল৷ ঘৰৰ ভাড়া দিবলৈ পইচা নাছিল৷ আহাৰ কিনিবলৈও পইচা নাছিল৷ অৱশেষত তেওঁ নিজৰ অতি মৰমৰ কুকুৰটোকে মদৰ দোকান এখনলৈ অহা অচিনাকী মানুহ এজনৰ ওচৰত বেচি দিব লগা হৈছিল মাত্ৰ ২৫ ডলাৰত৷ কুকুৰটোক খুৱাবলৈ তেওঁৰ টকা নথকাৰ বাবেই সেই চৰম পদক্ষেপটো ল’বলগীয়া হৈছিল৷ কুকুৰটো বেচি কান্দি কান্দি তেওঁ আতৰি গৈছিল৷
তাৰ দুসপ্তাহ পাছত তেওঁ মহম্মদ আলি আৰু চুক ৱেপনাৰৰ মাজত হোৱা বক্সিং খেল এখন চায়৷ সেই খেলখন চাই তেওঁ অনুপ্ৰাণিত হয় বিখ্যাত চিনেমা ৰকিৰ কাহিনী লিখিবলৈ৷ তেওঁ ২০ ঘন্টা বহি বহি সেই চিনেমাৰ চিত্ৰনাট্য লিখিলে৷ সেইখন তেওঁ বেচিবলৈ চেষ্টা কৰিলে আৰু চিত্ৰনাট্যখনৰ বাবে ষ্টুডিঅ’ এটাৰ পৰা তেওঁ ১২৫,০০০ টকাৰ অফাৰ পালে৷ কিন্তু তেওঁৰ আছিল মাত্ৰ এটা অনুৰোধ: চিনেমাখনৰ মূল নায়ক তেওঁ নিজে হ’ব৷ ৰকিৰ চৰিত্ৰ তেওঁ ৰূপায়িত কৰিব৷ কিন্তু ষ্টুডিঅ’টো মান্তি নহ’ল৷ তেওঁলোকে এজন ভাল প্ৰকৃত ষ্টাৰকহে ৰকি হিচাবে ল’ব বিচাৰিলে৷
তেওঁলোকে ক’লে “ তেওঁ দেখিবলৈ ভাল নহয়, কথা কোৱাৰ ধৰণটোও থিক নহয়”৷ তেওঁ চিত্ৰনাট্যখন লৈ ওলাই আহিল৷ কেইসপ্তাহমান পাছত সেই একেটা ষ্টুডিঅ’ই তেওঁক চিত্ৰনাট্যখনৰ বাবে ২৫০,০০০ ডলাৰ দিবলৈ ওলাল৷ তেওঁ মান্তি নহ’ল৷ তেওঁলোকে ৩৫০,০০০ ডলাৰ আগবঢ়ালে৷ তথাপি তেওঁ অমান্তি হ’ল৷ তেওঁলোকক তেওঁৰ চিনেমাখন লাগে , তেওঁক নালাগে৷ তেওঁ ক’লে নহব৷ তেওঁ নায়ক হ’বই লাগিব৷
অৱশেষত ষ্টুডিঅ’টোৱে তেওঁক চিত্ৰনাট্যৰ বাবে ৩৫,০০০ ডলাৰ দিলে আৰু চিনেমাৰ মূল নায়ক হিচাবে তেওঁকেই ল’লে৷ ৰকি নিৰ্মিত হ’ল আৰু ইতিহাস ৰচনা হ’ল৷ চিনেমাখনে শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বাবে অস্কাৰ বঁটা লাভ কৰে৷ আনকি তেওঁৰ নাম শ্ৰেষ্ঠ অভিনেতা বঁটাৰ বাবেও প্ৰস্তাৱিত হৈছিল৷ ৰকি চিনেমাখন আমেৰিকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীত সৰ্বকালৰ এখন শ্ৰেষ্ঠ চিনেমা হিচাবেও অন্তৰ্ভুক্ত হয়৷
তেওঁ লাভ কৰা ৩৫,০০০ ডলাৰেৰে তেওঁ কৰা প্ৰথম কামটো আছিল হৃদয়স্পৰ্শী৷ সৰ্বপ্ৰথমে তেওঁ বেচি দিয়া মৰমৰ কুকুৰটো আকৌ কিনিলে৷ কুকুৰটোৰ বাবে তেওঁ সেই মদৰ দোকানৰ আগত তিনিদিন অপেক্ষা কৰি থাকিল সেই অচিনাকী মানুহজনৰ বাবে৷ তৃতীয়দিনা সেই মানুহজন কুকুৰটো লগত লৈ তালৈ আহিল৷ ষ্টেলোনে মানুহজনক বুজাই ক’লে কিয় বাধ্য হৈ তেওঁ কুকুৰটো বেচিব লগা হৈছিল আৰু কুকুৰটো তেওঁ ওভোটাই কিনি ল’ব বিচাৰে বুলি৷ মানুহজন মান্তি নহ’ল৷ ষ্টেলোনে তেওঁক ১০০ ডলাৰ দিলে৷ মানুহজন মান্তি নহ’ল৷ ৫০০ ডলাৰ যাচিলে তথাপি মান্তি নহ’ল৷ আনকি ১০০০ ডলাৰতো মান্তি নহ’ল৷ অবিশ্বাস্য হ’লেও সত্য যে ষ্টেলোনে যিটো কুকুৰ মাত্ৰ ২৫ ডলাৰত বেচিছিল সেইটো ঘুৰাই পাবলৈ ১৫,০০০ ডলাৰ দিবলগা হ’ল৷ তথাপি তেওঁ কিনিলে, নিজৰ মৰমৰ কুকুৰটো৷
এসময়ৰ ভিকহু সেই চিলভাষ্টাৰ ষ্টেলোন আজি পৃথিবীবিখ্যাত অভিনেতা, মেগাষ্টাৰ৷
ভিকহু হোৱাটো নিশ্চয় বেয়া কথা৷ হয়তো আপোনাৰ বহুতো সপোন আছে কিন্তু সেইবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ আপুনি অক্ষম, অতি নিঃকিন৷ আমাৰ বহতৰে এনেকুৱা সপোন থাকে৷
জীৱনটো কঠিন৷ হয়তো সুযোগবোৰ আহিব আৰু আপোনাৰ কাষেৰে পাৰ হৈ যাব কাৰণ আপুনি এজন অতি সাধাৰণ মানুহ৷ মানুহে হয়তো আপোনাৰ সৃষ্ট বস্তুটো বিচাৰিব কিন্তু আপোনাক নিবিচাৰে৷ জগতখন বৰ নিষ্ঠুৰ৷ যদি আপুনি ইতিমধ্যেই বিখ্যাত, ধনী নাইবা প্ৰভাৱশালী লোকৰ সৈতে পৰিচিত নহয় তেনেহলে জগতত আপুনি অধিক কষ্টই পাব৷
হয়তো আপোনাৰ মুখৰ আগতে দুৱাৰ জপাই দিব, মানুহে আপোনাৰ যশ চুৰ কৰি নিব আৰু আপোনাৰ আশা চুৰমাৰ কৰি পেলাব৷ হয়তো আপুনি অহৰহ চেষ্টা চলাই যাব কিন্তু একো নঘটিব৷
হয়তো আপুনি আশাহত হ’ব৷ আপুনি ভিকহুত পৰিণত হ’ব৷ হয়তো জীৱিকাৰ বাবে অতি সাধাৰণ কাম কৰিবলগীয়া হ’ব৷ হয়তো নিজৰ ভাতমুঠি যোগাৰ কৰিবলৈও কষ্ট হ’ব৷ আৰু হয়তো ফুটপাথত শুবলগীয়াও হ’ব পাৰে৷ এনেকুৱা ঘটে, ঘটি থাকে৷
কিন্তু আপোনাৰ সপোন ধ্বংস কৰিবলৈ কাকো অনুমতি নিদিব৷ লাগিলে যিয়েই নঘটক সপোনটো সযতনে জীয়াই ৰাখক৷ আপোনাৰ আশা নোহোৱা কৰি পেলালেও সপোন দেখি থাকক৷ আপোনাক বাৰে বাৰে খেদি পঠিয়ালেও সপোন দেখি থাকক৷
সপোন দেখি থাকক৷
আপুনি আচলতে কিমান কি কৰিবলৈ সমৰ্থ সেইটো আপোনাৰ বাহিৰে কোনেও ভালদৰে নাজানে৷ মানুহে হয়তো আপুনি দেখাত কেনেকুৱা নাইবা আপোনাৰ কি আছে তাৰ ভিত্তিতেই আপোনাৰ বিষয়ে কিবা এটা মতপোষণ কৰি ল’ব৷ কিন্তু যুঁজি থাকক৷ যুঁজি থাকক ইতিহাসৰ পাতত আপোনাৰ নিজৰ ঠাই অকণমানৰ বাবে৷ যুঁজি থাকক নিজৰ অকণ নাম আৰু যশস্যাৰ বাবে৷
কেতিয়াও এৰি নিদিব৷
লাগিলে আপোনাৰ যথাসৰ্বস্ব বেচি দি কুকুৰৰ লগতে শুবলগীয়া হওঁক৷ তথাপি একো নাই৷ যেতিয়ালৈকে আপুনি জীয়াই আছে আপোনাৰ কাহিনীৰ অন্ত পৰা নাই৷
যুদ্ধ কৰি যাওক৷ আপোনাৰ সপোন আৰু আশা জীয়াই ৰাকক৷

মূল : নাম্মাটিভি চেনেল ; অসমীয়া ৰূপান্তৰ: ডঃ মাখন লাল দাস