At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 12 February 2014

সংগীতৰ জয়...



সংগীতৰ জয়..

ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীৰ পৰা কলিকতালৈ আহিছিলো আজি কিছুদিন আগতে৷ কুৱঁলীৰ বাবে দুঘন্টা পলমকৈ যাত্ৰা আৰম্ভ ল৷ মোৰ কম্পাৰ্টমেন্টটোত এজন হিন্দীভাষী লোক৷ ব্যৱসায়ৰ কামত কলিকতালৈ আহি আছে৷ বাকী কেইজন বাংলাভাষী৷ এজন যুৱক আৰু এটা তিনিজনীয়া পৰিয়াল৷ পৰিয়ালটো পাঞ্জাৱত থাকে৷ গিৰীয়েকে সীমান্ত সুৰক্ষা বাহিনীত কাম কৰে৷ ঘৈণীয়েক ডাক্তৰ৷ নবছৰীয়া একমাত্ৰ সন্তানটিৰ উপনয়নৰ বাবে কলিকতাৰ ওচৰৰ বেণ্ডেলত থকা তেওঁলোকৰ ঘৰলৈ আহি আছে৷ অলপ সময়ৰ পাছতেই আমাৰ মাজত কথা-বতৰা আৰম্ভ ল৷ পাঞ্জাৱত থকা বাবে সুন্দৰ হিন্দী কয়৷ তেওঁৰ কেইবাজনো অসমীয়া বন্ধু আছে বুলি জনালে৷ আমি হিন্দীতেই কথা-বতৰা পাতি থাকিলো ৷ বাকী বাংলাভাষী কেইজনেও হিন্দীতেই কথা পাতিলে৷ কাষৰ বাৰ্থত থকা আন এজন বাংলাভাষী ডেকাইও কথা-বতৰাত ভাগ লে৷ তাৰ পিছদিনা কলিকতাত তৃণমূল কংগ্ৰেছৰ সমাবেশ এটা বলগীয়া আছিল৷ আমি হাওড়া গৈ পোৱাৰ পাছত যান-জঁটত পৰিম বুলি নিশ্চিত লো ৰেলখন অধিক পলমকৈ গৈ পালেই ভাল বুলি ভাবিলো কিছু ৰাজনৈতিক আলোচনা চলিল৷ কিছুপৰ পাছত খাই-বৈ সকলো টোপনিত পৰিলো৷
 
পিছদিনা ৰাতিপুৱাৰ কামবোৰ সমাপ্ত কৰি সকলো আৰামেৰে বহি আকৌ কথা-বতৰা পাতি সময় পাৰ কৰিবলৈ ধৰিলো৷ ইতিমধ্যে দুঘন্টা পলমকৈ যাত্ৰা কৰা ৰেলখন সাত ঘন্টা দেৰীকৈ চলি থকা বুলি গম পালো৷ বাৰে-বিংকৰা কথা পাতি সময় অতিবাহিত কৰাৰ বাহিৰে আন কাম নাছিল৷ ওপৰৰ চাইড বাৰ্থত ইমানপৰে নিমাতে শুই অহা বাংলাভাষী ডেকাজনে গান বজাবলৈ ধৰিলে মোবাইলত৷ ভাহি আহিল মোৰ চিনাকী কন্ঠৰ বাংলা গান এটা৷
হেমন্ত কুমাৰ?”
মই ডেকাজনলৈ চাই সুধিলো৷
ডেকাজনে শলাগিলে৷ হেমন্ত কুমাৰ মোৰ বৰ প্ৰিয় বুলি লো৷ তাৰ পাছত ডেকাজনৰ মোবাইলৰ পৰা এটাৰ পাছত এটাকৈ বিভিন্ন গায়কৰ বাংলা গান ভাহি আহিবলৈ ধৰিলে৷ মইও খুব ভাল লগা বুলি কৈ থাকিলো৷ ডেকাজন ওপৰৰ পৰা নামি আহি মোৰ সম্মুখত বহি পৰিল৷ তাৰপাছত বজাই শুনালে সন্ধ্যা মুখাৰ্জী আৰু আন কেইজনমান বিখ্যাত বাংলা গায়ক-গায়িকাৰ গান৷ অনুপ ঘোষালৰমধুৰ আমাৰ মায়েৰ হাসি…..” গানটো শুনি অভিভুত লো৷ মই অনুৰোধ কৰিলো ব্লু টুথেৰে গান কেইটামান মোৰ মোবাইললৈ পঠিয়াই দিবলৈ৷ এটা এটাকৈ দহটামান গান কপি কৰি লো ৷ ৰাজনীতি এৰি আমি সংগীতৰ আলোচনাত ব্যস্ত হৈ পৰিলো ৷ সম্মুখত বহি থকা হিন্দীভাষী লোকজনে মোবাইলত গানৰ ভিডিও এটা বজালে….”চাহুঁগা মেই তুঝে, চাঁঝ চবেৰে……” মহম্মদ ৰফীৰ সুমধুৰ কন্ঠ ভাহি আহিল৷ তাকে লৈ আলোচনা চলিল৷
তেনেতে হঠাতে অতি চিনাকী মাত এটা ৰবাৰ পৰা ভাহি আহিল৷ ইফালে-সিফালে চাই দেখিলো মোৰ কাষত বহি অহা পঞ্জাবত থকা মানুহজনৰ মোবাইল এটা বাজিছে৷ বুজিলো সেই গানটো তেখেতৰ ৰিংটোন৷ কিন্তু গানটোচোন অতি চিনাকী৷ অসমীয়া গান৷
: জুবিন গাৰ্গ?
মই তেওঁলৈ চাই সুধিলো৷
: হয়৷
: আপুনি জুবিন গাৰ্গৰ গান শুনে?
মই আচৰিত হৈ সুধিলো৷
:জুবিন গাৰ্গৰ গান মোৰ বৰ প্ৰিয়৷
তেওঁ মিচিকিয়া হাঁহি মাৰি লে৷
পঞ্জাৱত থাকে৷ কেতিয়াও অসমলৈ অহা নাই৷ অসমীয়া ভাষা নাজানে৷ তেনে এজন বাংলাভাষী লোকে জুবিন গাৰ্গৰ অসমীয়া গান মোবাইলৰ ৰিংটোন হিচাবে ব্যৱহাৰ কৰিছে৷ কথাটো বিশ্বাস কৰিবলৈকে টান লাগিল৷ মনটো ভাল লাগি ল৷ হেমন্ত কুমাৰৰ গানে মোক এজন বাংলাভাষীৰ ওচৰ চপাই নিছিল আৰু জুবিন গাৰ্গৰ গানে আন এজন বাংলাভাষীক মোৰ ওচৰ চপাই আনিলে৷
মনতে ভাবিলো. সংগীতৰ ভাষা সাৰ্বজনীন৷
জয়, সংগীতৰ জয়

No comments:

Post a Comment