At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday, 16 February 2014

কেতিয়াবা এনেকুৱাও হয়..



কেতিয়াবা এনেকুৱাও হয়..
১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহৰ কথা৷ বিশেষ কামত হঠাতে দিল্লীলৈ যাবলগীয়া হ’ল৷ কোনোমতে দিল্লীলৈ যাবৰ বাবে নৰ্থ-ইষ্ট এক্সপ্ৰেছত টিকট এটা পালো কিন্তু উভতি অহা যাত্ৰাৰ বাবে টিকেট কৰিব নোৱাৰিলো “লিংক ফেইলিওৰ” হৈ থকা বাবে৷ কিবা এটা উপায় কৰি দিল্লীৰ পৰা উভতিম বুলি মৰসাহ কৰি দিল্লী পালোঁগৈ৷
পিছদিনা কাম সমাপ্ত হোৱাৰ পাছত অসমলৈ উভতিবলৈ টিকট কৰাৰ মানসেৰে ৰিজাৰ্ভেচন অফিচ পালোঁগৈ৷ সেইদিনা বোধকৰো ২১ তাৰিখ আছিল৷ মই ২২ তাৰিখৰ নৰ্থ-ইষ্ট বা আন কোনো ৰেলত ৰিজাৰ্ভেচন আছে নেকি জানিব বিচৰাত উত্তৰ পালো যে ২২ ফেব্ৰুৱাৰীতো বাদেই মাৰ্চ মাহৰ ১৩ তাৰিখলৈকে কোনো ৰেলতেই ৰিজাৰ্ভেচন নাই৷ বিপাঙত পৰিলো৷ অলপ সময় চিন্তা কৰি কাটিহাৰলৈকে কোনো মতে অহাটো ভাল হ’ব বুলি ভাবিলো৷ তাৰ পৰা শিলিগুৰি বেছি দূৰ নহয়৷ আৰু শিলিগুৰিৰ পৰা নাইট বাছ পোৱা যায় গুৱাহাটীলৈ৷ ভবামতেই কাম৷ খবৰ কৰি গম পালো কাটিহাৰ এক্সপ্ৰেছত সহজে ৰিজাৰ্ভেচন পোৱা যাব৷ গতিকে কাটিহাৰ এক্সপ্ৰেছত কাটিহাৰ পৰ্যন্ত টিকট এটা কৰি ল’লো৷ কাটিহাৰ এক্সপ্ৰেছ আৰু নৰ্থ-ইষ্ট এক্সপ্ৰেছ পিছদিনা ৰাতিপুৱা প্ৰায় একেসময়তে এৰে৷ এখন পুৰণি দিল্লীৰ পৰা আনখন নতুন দিল্লীৰ পৰা৷ কিন্ত নৰ্থ-ইষ্ট এক্সপ্ৰেছখন তাৰ পিছদিনা ৰাতিপুৱা ৬ মান বজাতে কাটিহাৰ পায় আৰু কাটিহাৰ এক্সপ্ৰেছখন আবেলি ১ মান বজাতহে পায়হি৷
পিছদিনা যাত্ৰা আৰম্ভ হ’ল কাটিহাৰ এক্সপ্ৰেছেৰে৷ গোটেইখন ৰেলত ময়েই বোধকৰো একমাত্ৰ অসমীয়া৷ এক অবিস্মৰণীয় অভিজ্ঞতা৷ ৰাতি হ’ল৷ কোনোমতে টোপনি গ’লো৷ পিছদিনা সাৰ পাই অপেক্ষা কৰি ৰ’লো কাটিহাৰ পাবলৈ৷ প্ৰায় ঠিক সময়তে কাটিহাৰ পালে ৰেলখনে৷ অলপ ভয়-শংকাৰ ভাবেৰে ৰেলৰ পৰা নামি পৰিলো৷ কাটিহাৰ নতুন ঠাই৷ আগতে কেতিয়াও কোনো কামতে তালৈ যাবলগীয়া হোৱা নাই৷ প্লেটফৰ্মত নামি ইফালে-সিফালে চালো৷ লোকে লোকাৰণ্য যেন লাগিল প্লেটফৰ্মটো৷ অলপ মন কৰি দেখিলো আনটো প্লেটফৰ্মত মই দিল্লীৰ পৰা আহিবলৈ বিচাৰি ৰিজাৰ্ভেচন নোপোৱা নৰ্থ-ইষ্ট এক্সপ্ৰেছখন ৰৈ আছে৷ ৰাতিপুৱা ৬টামান বজাতে কাটিহাৰ আহি পালে৷ তেন্তে ৰৈ আছে কিয়? খবৰ লৈ গম পালো সেইদিনা পশ্চিম বংগ বন্ধ৷ আবেলি ৬টালৈকে বন্ধ৷ গতিকে ৰেলখন আবেলি ২ বজাতহে কাটিহাৰ এৰিব৷ ময়ো ভালেই পালো৷ এনেহে লাগিল যেন ৰেলখনে মোৰ বাবেহে অপেক্ষা কৰি আছিল৷
ততাতৈয়াকৈ টিকট এটা কিনি ল’লো৷ তাৰপাছত ডবা এটাৰ সম্মুখৰ বেঞ্চ এখনত বহি থকা টি টি ই এজনক সুধিলো,
: গুৱাহাটীলৈকে ৰিজাৰ্ভেচন এটা হ’ব নেকি?
তেওঁ উত্তৰ দিলে, অতি ভদ্ৰ ভাবে,
: আপ বেইথিয়ে না…
মইও ডবাটোত উঠি খালি চীট এটাত বহি পৰিলো৷ টি টি ই জন আহিল৷ মোৰ ৰিজাৰ্ভেচন কৰি দিলে৷ দিবলগীয়া অতিৰিক্ত মাচুলখিনি দিলো৷ মোৰ পৰা এটকাও বেছিকৈ নল’লে৷ মোৰ সপোন সপোন যেন লাগিল৷
আবেলি ২ বজাত ৰেলখন চলিবলৈ ধৰিলে ৷ সন্ধিয়া ৭ মান বজাত নিউজলপাইগুৰি পালো৷ কিন্তু সমস্যা-উৎকণ্ঠাৰ সামৰণি নপৰেহে নপৰে৷ ৰেলখন ভালেমানপৰ ৰৈ থাকিল৷ মানুহৰ আলোচনা-বিলোচনা শুনি গম পালো পিছদিনা ৰাতিপুৱা ৬ বজাৰ পৰা ৭২ ঘন্টাৰ বাবে অসমবন্ধ আহ্বান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ ওচৰত জনৈক সোণোৱাল সহিত ৫জন ছাত্ৰৰ মৃত্যুৰ প্ৰতিবাদত৷ ভাবিলো, কোনোমতে নিউজলপাইগুৰি পালোঁহি৷ এতিয়া ইয়াতে ৭২ ঘন্টা ৰৈ থাকিব লাগিলেহে অৱস্থা কাহিল হ’ব৷ মনেমনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলো৷ ৰেলখন গ’লেই হয় বুলি৷
ৰাতি ৮ মান বজাত লাহেলাহে ৰেলখন চলিবলৈ ধৰিলে৷ মনটো ভাল লাগিল৷ পিছদিনা ৰাতিপুৱা গুৱাহাটী পালে খোজকাঢ়ি হ’লেও বেলতলালৈ যাবগৈ পাৰিম বুলি ভাবি আশ্বস্ত হ’লো৷
পিছদিনা ৰাতিপুৱা ৫ মান বজাত গুৱাহাটী পালো৷ হাতত বেগটো লৈ বেলতলালৈকে খোজ কাঢ়িবলৈ মন বান্ধি পল্টনবজাৰৰ পিনে আগবাঢ়িলো৷ মূল ৰাস্তাত ভৰি দিছোহে মাত্ৰ তেনেতে অ: ৰা: প: নিগমৰ মিনি চিটিবাছ এখন আহি থকা দেখি হাত ডাঙিলো৷ বাছখন ৰৈ গ’ল আৰু মইও উঠি বহিলো৷ সম্মুখত চাৰিজন আৰক্ষী বহি আছিল, বাকী যাত্ৰী কোনো নাই৷ তীব্ৰ বেগে বাছ চলিল৷ প্ৰায় ২০ মিনিটমানতে গৈ বেলতলাৰ চাৰ্ভে স্টপেজ পাই বাছৰ পৰা নামি পৰিলো৷ খালী ৰাস্তাৰে ঘৰ অভিমুখে খোজ ল’লো৷ প্ৰায় পাঁচ/দহ মিনিটমানৰ বাট৷
ঘৰ পালো৷ কলিং বেল বজালো৷ কোনোবাই আহি দুৱাৰ খুলি দিলে৷ ভিতৰ সোমাই ঘড়ীলৈ চালো৷ ৬ বাজিবলৈ তেতিয়াও দহ মিনিট বাকী৷ অসম বন্ধ আৰম্ভ হোৱাৰ আগে আগেই ঘৰ পালোহি নিৰাপদে৷
ভাবিলে আজিও সপোন সপোন লাগে, ভাল লাগে সেই ৰোমাঞ্চকৰ যাত্ৰাটোৰ কথা মনত পেলাই৷

No comments:

Post a comment