মোৰ প্ৰথম আৰু
শেষ বৰগীত .. কীৰ্তনঘৰত
সৰুৰে পৰা বৰগীত
শুনি শুনি ডাঙৰ হৈছিলো৷ সন্ধিয়া মাৰ লগত প্ৰাৰ্থনা কৰিছিলো বৰগীত গাই গাই ৷ ১৯৬৯ চনত
বৰপেটালৈ অহাৰ পাছতহে বৰগীতৰ সূক্ষ্ম দিশবোৰৰ সৈতে পৰিচয় ঘটে৷
তেতিয়া মই বৰপেটা
বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ৷ বৰপেটালৈ অহা কিছুদিন হৈছেহে মাত্ৰ৷ কোনোবা এজনে
খবৰ দিলে বৰপেটা চৰকাৰী উচ্চতৰ হাইস্কুলত এটা মইনা পাৰিজাত আৰম্ভ কৰা হৈছে বুলি ৷ দুজনমান
উৎসাহী বন্ধুৰ সৈতে মইনা পাৰিজাতত যোগ দিলোঁগৈ৷ প্ৰথম দিনাই আমাক এটা বৰগীত শিকোৱা
হ’ল৷
“গোকুল চলৰে মুৰাৰু
ৰে….”
শিকাবলৈ আহিছিল
বিখ্যাত বৰগীত গায়ক নৰেন দাস৷
এমাহমান পাছতে
খবৰ পালোঁ দক্ষিণহাটীৰ জীৱনলতা ছোৱালী হাইস্কুলত অসম কেশৰী মইনা পাৰিজাত নামেৰে আন
এটা মইনা পাৰিজাত আৰম্ভ হ’ব ধৰা কথাটো৷ মোৰ ঘৰৰ ওচৰ হোৱা বাবে আৰু লগ-সমনীয়া সেইপিনে
বেছি থকা বাবে তালৈকে গ’লোঁগৈ৷
অসম কেশৰী মইনা
পাৰিজাতত আমাক নিয়মিত ভাবে বৰগীত শিকাবলৈ আহিছিল বৰপেটা কীৰ্তন ঘৰৰ কেৱলীয়া ভকত এজন৷
“আৰে চিন্তিত
গোপিনী পেখিয়ে নৈৰাশ..” আছিল আমাক শিকোৱা প্ৰথমটো বৰগীত৷
বৰগীতৰ তাল বেলেগ-বেলেগ
বুলি আৰু তালবোৰ আমি সচৰাচৰ শুনি থকা আধুনিক গীত , লোকগীত আদিৰ তালতকৈযে অলপ বেলেগ
সেই কথা বুজি পালো৷ এটা চক্ৰত তালটো ঘূৰি থাকে৷ এবাৰ এৰিলে আকৌ ঠিক ঠাইত ধৰিব নোৱাৰিলে
তালটো ওলট-পালট হৈ যায়৷ সেইবাবে গোৱাৰ সময়ত হাতেৰে তাল দি থকা হয়৷ সেই সকলো কথা ভালদৰে
আয়ত্ব কৰিবলৈ ধৰিছিলো ৷ কেৱলীয়া ভকত গৰাকীৰ মই এজন প্ৰিয় ছাত্ৰ হৈ পৰিছিলো অতি কম সময়ৰ
ভিতৰতে৷ মাজে-মাজে তেখেতে মিলন মন্দিৰত চলোৱা পাঠদানতো যোগদান কৰিছিলোঁগৈ আৰু বৰগীতৰ
লগতে কৃষ্ণ নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য আদিও শিকিছিলো৷
সেইসময়ৰে কথা৷
তেতিয়া বোধকৰো মই ষষ্ঠ শ্ৰেণীত ৷ এদিন সন্ধিয়া কিবা কাৰণত দক্ষিণহাটীৰ পিনে গৈছিলো৷
কীৰ্তনঘৰত কিবা এখন ডাঙৰ অনুষ্ঠান চলি আছিল৷ চাবলৈ বুলি ভিতৰ সোমালো আৰু মঞ্চৰ কাষ
পালোঁগৈ৷ মোক দেখি মোৰ গুৰু কেৱলীয়া ভকত গৰাকীয়ে কাষলৈ মাতি ক’লে,
“তই বৰগীত এটা
গাব লাগিব৷”
মই ভয় খাই অলপ
আপত্তি কৰি ক’লো,
: নাই, মই মানসিক
ভাবে সাজু হৈ নাই অহা, নাগাওঁ৷
তেখেতে জোৰ দি
ক’লে৷ “তই সদায় গাই আছ নহয়৷ কোনো ৰিহাৰ্চেল নালাগে৷ গাব লাগিব৷ “
মইও মান্তি হ’লো৷
আগতে তেনেকুৱা কোনো অনুষ্ঠানত বৰগীত বা আন একো গান গাই পোৱা নাই বুলি ক’ব লাগিব৷ কীৰ্তন
ঘৰৰ চৌহদত আয়োজিত তেনে ডাঙৰ অনুষ্ঠানত বৰগীত গাবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি ভাবিলো৷
সময় চমু চাপি
আহিল৷ মোৰ বুকুখনে পিছে ধান বানিবলৈ ধৰিলে৷ যিমান পাৰো নিজকে সুস্থিৰ কৰিবলৈ প্ৰচেষ্টা
চলাই থাকিলো৷
অৱশেষত মোৰ নামটো
ঘোষণা কৰি দিয়া হ’ল৷ ভয়ে-ভয়ে মঞ্চত প্ৰৱেশ কৰিলো৷ চাওঁ-নাচাওঁকৈ সম্মুখলৈ চাই পঠিয়ালোঁ৷
একেবাৰে সম্মুখত , মাটিত পাৰি দিয়া বিশেষ আসনত বহি আছিল বুঢ়া সত্ৰাধিকাৰ মহোদয়৷ তেখেতৰ
পিনে চালো৷ চকুৱে চকুৱে পৰিল৷ বুকুৰ ভিতৰত কলিজাটোৱে প্ৰচণ্ড জোৰেৰে ধপ-ধপাবলৈ ধৰিলে৷
কাণ-মূৰ গৰম হৈ আহিবলৈ ধৰিলে৷
ভয়ে-ভয়ে আৰম্ভ
কৰিলোঁ মোৰ বৰগীত.. মাধৱদেৱ বিৰচিত বৰগীত এটি৷ লগত কোনে খোল সঙ্গত কৰিছিল মনত নাই৷
তাল নিজেই হাতত লৈছিলো৷ কিন্তু এফাকি কোনোমতে গোৱাৰ পাছত ডিঙি শুকাই আহিল৷ বাৰে-বাৰে
ঢোক গিলিবলৈ ধৰিলো৷ ক’ৰ তাল ক’লৈ গ’ল হিচাব নাই৷ সম্মুখত বহি মোৰ পিনে একান্তমনে চাই
থকা মানুহবোৰলৈ যিমানেই চাওঁ সিমানেই অধিক ঢোক গিলোঁ৷ তেনেদৰে কোনোমতে ঘামি-জামি বৰগীতটো
সামৰি মঞ্চৰ পৰা নামি আহিলো৷
কেৱলীয়া ভকতজন
মোৰ পিনে আগবাঢ়ি আহিল৷ মই লাজ-লাজকৈ তেখেতৰ পিনে চালো৷ তেখেতে মোলৈ চাই গালি পৰাৰ দৰেই
ক’লে,
“ধেৎ….”
মাথোন সিমানেই৷
তাৰ মাজেৰেই ক’বলগা সকলোখিনি কৈ দিলে তেখেতে৷ মই একো উত্তৰ নিদিলো৷ তাৰপাছত তলমূৰকৈ
আঁতৰি আহি আন্ধাৰৰ আঁৰ লৈ ঘৰ পালোঁহি৷
সেয়াই আছিল বৰপেটা
কীৰ্তন ঘৰত মোৰ প্ৰথম আৰু শেষ বৰগীত৷