At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 3 September 2014

ইতু আমাৰ ভথো....

ইতু আমাৰ ভথো...

দেউতা ঢুকুৱাৰ সময়ত আমি পাঁচোজন ভাই-ককাই অতি সৰু সৰু আছিলো৷ ডাঙৰ দাদা অষ্টম শ্ৰেণীত, মই তৃতীয় শ্ৰেণীত, সৰু ভাইটি স্কুল যোৱাই নাছিল৷ সেইসময়ত আমি আছিলো শ্বিলঙত৷ আমাৰ ডাঙৰ মাহী গৰাকীও আগৰ পৰাই শ্বিলঙত আছিল৷
মৃত্যুৰ আগে আগে হেনো দেউতাই ডাঙৰ মহাক কৈ গৈছিল, " ল'ৰাকেইটাক চাবা" বুলি৷
দেউতাৰ মৃত্যুৰ পাছত আমি বৰপেটালৈ গুচি আহোঁ যদিও  ডাঙৰ মহাই আমাৰ এজন অভিভাৱক যেন হৈ পৰিল৷
দেখিবলৈ চুটি-চাপৰ, নাক-ফেঁচা আৰু অলপ শকত আছিলো বাবে মহাই মোক মাতিছিল "ভথো" বুলি৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত খুব ভাল ৰিজাল্ট কৰাৰ পাছত প্ৰথম গুৱাহাটীলৈ গৈছো৷ মহাহঁত তেতিয়া গুৱাহাটীত৷ মহাৰ ডাঙৰ ছোৱালীজনীয়েও সেইবাৰ মোৰ লগতে একেলগে মেট্ৰিক পাছ কৰিছে৷ গুৱাহাটীলৈ গ'লে  গান্ধীবস্তিত থকা তেওঁলোকৰ ঘৰতে থাকোঁ৷

সন্ধিয়া হ'ল তেওঁলোকৰ ঘৰ পাওঁতে৷ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱা বাবে বুকু এহাত ফুলাই গৈছো৷ ঘৰৰ চাঁদত বহি আছিল ঘৰৰ সকলো৷ মইও উৎসাহেৰে ওপৰলৈ উঠি গ'লো৷ মোক দেখি মহাৰ লগতে বহি কথাপাতি থকা সম্বন্ধীয় ভনীয়েক এগৰাকীয়ে অভিনন্দন জনাই ক'লে,
" কংগ্ৰেচুলেশ্বন!"
মই কেৱল তেখেতলৈ চাই মিচিকিয়াই হাঁহি মূৰ দুপিয়ালো৷
মহাই মোলৈ চাই ক'লে,
" ইমান দূৰৰ পৰা বাছত আইছা (আহিছা)৷ ভাগাৰ (ভাগৰ) লাগি আছে৷ যা, তলত যাই (গৈ) মুখ-হাত ধুই লো (ল') ৷"

মই তললৈ নামি আহি মুখ-হাত ধুই ল'লো৷

অলপ পাছত মহা তললৈ নামি আহি পোনে পোনে মোৰ ওচৰলৈ আহি ক'লে,
" বেটা, ভথো ৷ কংগ্ৰেচুলেশ্বন বুলি কলি (ক'লে) থেংক ইউ ব'লি ক'বা লাগে তাকো নাজনা? "

থেংক ইউ বুলি কোৱা অভ্যাসেই নাছিল আমাৰ৷ গতিকে মহাৰ ভনীয়েকে মোক কংগ্ৰেচুলেশ্বন জনাওঁতে মই একো নোকোৱাত মহাই লাজ পাই মোক তললৈ পঠিয়াই দিছিল আৰু  তললৈ আহি মোক কথাটো শিকাই দিছিল৷

মহাহঁতৰ ঘৰতে দুদিনমান থাকিলো৷ এদিন ডাঙৰ ছোৱালীজনীৰ লগৰে এজাক ছোৱালী আহিল তেওঁলোকৰ ঘৰলৈ৷ কাৰ পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা হ'ল, কোনে ক'ত কিহত এডমিশ্বন ল'লে, ইত্যাদি নানা ধৰণৰ কথা-বতৰা চলি আছে দ্ৰইংৰুমত  ছোৱালীবোৰৰ মাজত৷ মই কাষৰ ৰুমতে বহি আছিলো৷ স্বভাৱতেই অলপ লাজকুৰীয়া মই৷ এনেতে ক'ৰবাৰ পৰা মহা আহি মোক দেখি হাতত ধৰি টানি লৈ গ'ল দ্ৰইং ৰুমলৈ৷ গোটেই ছোৱালীজাকে আমালৈ চালে৷
ছোৱালীবোৰৰ আগত মহাই মোক চিনাকি কৰি দিলে এনেদৰে,

" ইতু আমাৰ ভথো...."

সকলো অবাক৷ মইও অবাক৷
কিনো কৰিম, কি ক'ম একো ধৰিব নোৱাৰি মই ছোৱালীজাকৰ পিনে চাই নমস্কাৰ দি ক'লো,
" নমস্কাৰ!!!!"

কাৰো চকুলৈ চাবলৈ সাহস নহ'ল৷ কোনোবাই ফিচিঙা-ফিচিং কৰিছিল যদিও চকুত নপৰিল৷

কালৰ সোঁতত ভথো নামটোও মহাৰ লগতে গুচি গ'লগৈ৷ 

No comments:

Post a Comment