জীৱনৰ সকলোতকৈ লজ্জাজনক দুৰ্ঘটনা..
মাদ্ৰাজৰ পৰা আহিয়েই ১৯৮৯ত স্কুটাৰ এখন কিনিলো৷ শ্ৰীমতীয়ে টকা অলপ জমা কৰি থৈছিল৷ বাৰহেজাৰ আৰু কেইটামান টকা দি এদিন পাতল নীলা/সেউজীয়া ৰঙৰ ভেচপা স্কুটাৰখন কিনি আনিলো৷
আগতে বঙাইগাঁওত মটৰ চাইকেল দুদিনমান চলাইছিলো৷ স্কুটাৰখন কিনি গুৱাহাটীৰ দৰে ব্যস্ত নগৰত চলাবলৈ যি সাহস লাগে সেই সাহস অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদতে কেইদিনমান চলাই আহৰণ কৰিব লাগিব বুলি বুজি কলেজত পঢ়ি থকা মোৰ খুৰশালি দুজনৰ আশ্ৰয় ললো৷
শিকা এদিন নে দুদিন হৈছে মাথোন৷ ডাঙৰ খুৰশালি চিন্ময়ক পিছত বহুৱাই মই স্কুটাৰ চলাই লৈ গ'লো তিনি নং ছাত্ৰাবাসৰ পিনে৷ সেইপিনে মানুহ-দুনুহ , যাতায়ত আদি বেছি নাই বাবে৷ গেট পাৰ হৈ অলপ গৈয়েই উভতিলো৷ গেটেৰে আকৌ প্ৰৱেশ কৰি তিনি নং ছাত্ৰাবাসৰ পিনে আগবাঢ়িছো মাত্ৰ তেনেতে সম্মুখৰ পৰা প্ৰচণ্ড শব্দ কৰি আহি গ'ল কলেজ বাছখন৷ মোৰ হাত ভৰি সকলো কঁপিবলৈ ধৰিলে৷ চকুৰে একো নেদেখা হোৱা যেন লাগিল৷ বাওঁফালে পাহাৰ , সোঁফালে বাছখন৷ মাজতে প্ৰায় এফুট/ডেৰফুটমান ঠাই৷ কিবা বিজুতি ঘটিলেই পোনেপোনে বাছৰ চকাৰ তলত৷ মোৰ স্কুটাৰৰ গতি কমক চাৰি চাৰিগুণ বাঢ়িল৷ হয়তো ভয়তে নাৰ্ভাচ হৈ কিবা বুলি কিবা পকাই দিলো৷ স্কুটাৰখন উৰি যোৱাদি পাৰ হৈ গ'ল বাছ আৰু পাহাৰৰ মাজৰ ঠেক ঠাইখিনিৰে৷ পিছপিনে বহি থকা চিন্ময়ে ভয়তে দুয়োভৰি দাঙি দিছে ওপৰলৈ৷ পাৰ হৈ উঠি মই পিছলৈ চাই ক'লো,
"কেনে দেখিলা? "
কোনোমতে উশাহ ঘুৰাই লৈ চিন্ময়ে ক'লে,
"বাপৰে... মই বোলো আজি শেষ.."
মোৰ বুকুখন তেতিয়াও ধপ ধপ কৰি আছিল৷ পোনেপোনে ঘৰলৈ গৈ পানী এগিলাচ খাইহে সম্বিত ঘূৰাই পোৱা যেন লাগিল৷
তেতিয়াৰ পৰা কলেজ বাছখনলৈ ভয় বাঢ়ি গ'ল৷ বাছৰ দ্ৰাইভাৰেতো নাজানে মই স্কুটাৰ চলাবলৈ শিকি আছো বুলি৷ গতিকে গাৰ কাষেৰে জোৰেৰে চলাই লৈ যায় বাছখন ৷ ইফালে মোৰ সমগ্ৰ শৰীৰ কঁপিব ধৰে৷
এদিন মালিগাঁও যাবলৈ সাহস কৰিলো৷ লগত ল'লো আনজন খুৰশালি প্ৰশান্তক৷ ইউনিভাৰচিটিৰ স্টেটবেংকলৈকে মই চলাই নিলো আৰু হাইৱে পোৱাৰ লগে লগে প্ৰশান্তক চলাবলৈ দিলো৷ আহোঁতেও প্ৰশান্তই চলাই লৈ আহিল৷ সুন্দৰবড়ীত মই বোলো দিয়া৷ এতিয়া নিৰাপদ৷ মই চলাওঁ৷
কথামতে কাম৷ প্ৰশান্ত পিছত বহিল৷ মই লাহে লাহে কলেজৰ পিনে আগবাঢ়িলো৷ আয়ুৰ্বেদিক কলেজৰ আগৰ কেঁকুৰিটো পাইছো মাত্ৰ৷ হঠাতে সম্মুখৰ পৰা আহিল নহয় কলেজবাছখন৷ চিধা ৰাস্তা হ'লেও এককথা৷ একেবাৰে কেঁকুৰিটোতে বাছখনৰ মুখামুখি হ'লো৷ সেইখিনিত ৰাস্তাটোও ঠেক৷ মই বাছখনক ঠাই এৰি দি স্কুটাৰখন কাষলৈ নমাই দিলো৷ বাছখন পাৰ হৈ গ'ল৷
বিপদ পাৰ হ'ল বুলি স্বস্তিৰ নিশ্বাস পেলাই মই স্কুটাৰখন বাটৰ কাষৰ পৰা আকৌ ওপৰৰ ৰাস্তালৈ পোনালো৷ কিন্তু ই কি? স্কুটাৰখন আগলৈ, ওপৰলৈ কোনোমতে নাযায়৷ মই এক্সিলাৰেটৰ পকাওঁহে পকাওঁ, স্কুটাৰখনে হোঁ, হোঁ শব্দহে কৰে, আগলৈ নাযায়৷ লাহে লাহে স্কুটাৰখন পিছলৈ যাবলৈ ধৰিলে৷ স্কুটাৰত কোনো বেক গিয়াৰ নাথাকে৷ তথাপি পিছুৱাই গৈ থাকিল আৰু আমি প্ৰয়োজনীয় সাবধানতা অৱলম্বন কৰাৰ আগতেই স্কুটাৰে সৈতে আমি দুয়ো গৈ তলৰ পথাৰত বাগৰি পৰিলো৷ কিন্তু কপাল ভাল ৷ আমি একেবাৰে তলত নপৰিলো৷ জেওৰা এখনৰ ওপৰত অতি আমেজেৰে শুইহে পৰিলো৷ স্কুটাৰখনে তেতিয়াও হোঁ হোঁ কৈ চিঞৰি আছিল৷ তাকে দেখি মানুহবোৰ দৌৰি আহিল৷ আমি একো হোৱা নাই বুলি কৈ উঠিলো৷ স্কুটাৰখন থিয় কৰিলো৷ তাৰপাছত দুৰ্ঘটনাৰ কাৰণ বিচাৰিলো৷ বুজিবলৈ অসুবিধা নহ'ল যে বাছখনক চাইড দি কাষলৈ নামি যাওঁতে মই গিয়াৰ সলনি কৰিছিলো আকৌ ওপৰলৈ উঠিবৰ বাবে৷ কিন্তু ফাৰ্ষ্ট গিয়াৰ নালাগি নিউত্ৰেলতেই থাকি গ'ল৷ সেইবাবেই সেই দুৰ্ঘটনা৷
কিন্তু সকলোতকৈ লাজলগীয়া দুৰ্ঘটনালৈ আৰু কিছুদিন বাকী৷
দিন পাৰ হ'ল৷ মোৰ আত্মবিশ্বাস বাঢ়িল৷ এদিন শহুৰ ঘৰলৈ আহিল৷ মই শহুৰক আদাবাৰীলৈকে আগবঢ়াই থ'বলৈ ওলালো স্কুটাৰখন লৈ৷ শহুৰক পিছত বহুৱাই বীৰদৰ্পে আগবাঢ়িলো স্কুটাৰেৰে৷ ভালেই চলাইছো যেন লাগিল৷ জালুকবাৰী, কাটিয়া দলং আদি অনায়াসে পাৰ হ'লো৷ শৰাইঘাট চাৰ্ভিচ ষ্টেচনটো পাবৰ হ'ল৷ সেই সময়ত ৰাস্তাৰ নিৰ্মাণকাৰ্য চলি আছিল৷ ৰাস্তাৰ মাজৰ দিভাইদাৰ বনোৱাৰ কামো চলি আছিল৷ দিভাইদাৰৰ ঠাইখিনি অলপ দকৈ খান্দি সেইখিনি সৰু সৰু শিলেৰে পূৰ কৰি থোৱা আছিল৷ মূল ৰাস্তাৰ সৈতে একে লেভেল কৰি থোৱা আছিল বাবে ঘপককৈ চকুত নপৰে৷
শৰাইঘাট চাৰ্ভিচ ষ্টেচন পাবৰ হ'লত মনত পৰিল স্কুটাৰত তেল কম আছে৷ গতিকে তেল ল'বলৈ বুলি সোঁপিনে দিলো পোনাই৷ আগচকাটো দিভাইদাৰ বনাবলৈ পাৰি থোৱা শিলবোৰৰ ওপৰ পাইছে মাত্ৰ৷ তেনেতে সিপাৰৰ পৰা গাড়ী নে স্কুটাৰ এখন আহি থকা দেখি হেণ্ডেলপাত ঘূৰাই স্কুটাৰখনৰ দিশ সলনি কৰিব খুজিলো৷ কিন্তু স্কুটাৰখন ঠাইতে বাগৰি পৰিল৷ সৰু সৰু শিলৰ তৰপটোৱে স্থান সলনি কৰা বাবে স্কুটাৰখনে খোপনি হেৰুৱালে৷ তলকিবই নোৱাৰিলো৷ মোৰ লগতে শহুৰো বাগৰি পৰিল৷ বাটৰ কাষত ৰৈ থকা চিটিবাছবোৰত বহি থকা অজস্ৰ মানুহে দেখিলে৷ কথা নাই বতৰা নাই মাজ ৰাস্তাতে স্কুটাৰ এখন নিজে নিজে বাগৰি পৰা দেখি হয়তো সকলো আচৰিত হ'ল৷
কিন্তু মানুহে দেখাতকৈ অধিক লাজ পালো শহুৰক পেলোৱা বাবেহে৷

No comments:
Post a Comment