At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 2 September 2014

গৰুৰ লাজ

গৰুৰ লাজ...

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসত আমাৰ বাৰ্ষিকৰ আমি এঘাৰজন অসমীয়া ল'ৰা ভৰ্তি হৈছিলো৷ পিছলৈ দুজনমান বেলেগ ছাত্ৰাবাসলৈ যায়গৈ৷ সংখ্যাত কম হোৱা বাবে আমি আটাইকেইজনে সদায় একেলগেই ঘূৰি ফুৰিছিলো৷ বিশেষকৈ ষ্টাডি লিভৰ সময়ত ৰাতিপুৱা চাহখাবলৈ যাওঁতে৷

ষ্টাডিলিভ আমাৰ সময়ত অতি বিখ্যাত বস্তু আছিল৷ বছৰটোত প্ৰায় পাঁচ/ছমাহমান ভালদৰে পাঠদান হয়৷ পৰীক্ষা চলে প্ৰায় দুমান৷ পৰীক্ষাৰ আগতে কমেও এমাহমান স্টাডিলিভ হয়৷ পৰীক্ষাৰ পাছত প্ৰায় দুমাহমান যায় পুনৰ ভালদৰে পাঠদান আৰম্ভ হোৱালৈকে৷তাতে আকৌ পৰীক্ষা পিছুউৱা কামটোতো আছেই৷

আমি চূড়ান্ত বাৰ্ষিকত থাকোঁতে আমাৰ পাঠদান জুলাই মাহতে শেষ হৈছিল কিন্তু পৰীক্ষা হৈছিল জানুৱাৰী মাহত৷ গতিকে আমি পঢ়িবৰ বাবে ছমাহ সময় পাইছিলো৷ ষ্টাডিলিভ হিচাবে৷ কিন্তু পঢ়া-শুনানো কোনে কৰে ইমান দিন আগৰ পৰা? ৰাতিপুৱা (?) উঠিয়েই মুখ-হাত ধুই তলৰ কোনো এটা কোঁঠাত নহ'লে বেলকনিত এজন এজনকৈ গোট খায়৷ আৰম্ভ হয় আড্ডা৷ তাৰপাছত সকলোটি লগ হৈ ওলাই যাওঁ সুন্দৰবড়ী/আয়ুৰ্বেদিক কলেজৰ পিনে চাহ খাবলৈ৷

এদিন তেনেদৰে সকলোটি গৈ আছো, খুব সম্ভৱ ৰাণা, ৰাজীৱ, অজয়, হীৰেণ, দীপক, দ্বীপেন, অলকেশ, সিদ্ধাৰ্থ, উৎপল আৰু মই৷ ৰাতিপুৱা বৰষুণ দিছিল৷ ৰাস্তা-ঘাট তিতি আছিল৷ অলপ পিচলো হৈ আছিল৷ কথাপাতি গৈ গৈ আমি সাত নং হোষ্টেল পাৰ হৈ কলেজৰ মূল গেটখন পাৰ হ'লো৷তেতিয়া আয়ুৰ্বেদিক কলেজৰ আগৰ দোকানবোৰ নাছিল৷ আমাৰ আগে আগে এজাক গৰুও গৈ আছিল৷ বিভিন্ন বয়সৰ গৰু৷ পোৱালীৰ পৰা বুঢ়ালৈকে ৷ সকলোবোৰ গৰু  গহীন ভাবে গৈ আছিল, কিন্তু দমৰা এটাই পিছ ঠেং দুখন একেলগে পিছলৈ ওপৰলৈ মাৰি মাৰি কিবা আচৰিত ধৰণে জপিয়াই জপিয়াই গৈ আছিল৷হয়তো কিবা কথাত তাৰ স্ফূৰ্তি লাগি আছিল৷  কথাটো আমি গুৰুত্ব দিয়া নাছিলো কিন্তু সকলো কথা অতি সূক্ষ্মভাবে লক্ষ্য কৰা আৰু অতি ৰসিক ৰাজীৱে সেই দমৰাটোলৈ চাই মন্তব্য কৰিলে,

" চোৱাচোন এই দমৰাটোক৷ ই চাল মাৰি মাৰি গৈ আছে৷"

" এৰা, ডেকা হৈছেতো.." স্বভাৱসুলভ দুষ্টালিৰে আন এজনে মন্তব্য কৰিলে৷

কিন্তু আমি দমৰাটোৰ বিষয়ে তেনেদৰে আলোচনা কৰি থাকোঁতেই কিনো হ'ল ক'ব নোৱাৰো, দমৰাটো কিবা বিজুতি ঘটি পিচল খাই ৰাস্তাতে ধেপেচকৈ পৰিল৷ চাৰিওখন ঠেং এফালে দি পেটটো ৰাস্তাত পেলাই একাষৰীয়াকৈ পৰিল৷
তাকে দেখি আমি সকলোৱে একেলগে  হা হা হা কৈ অট্টহাস্য কৰিলো৷

"বেছি চাল দিছিলি নহয়, কেনে মজা.." বুলি কোনোবা এজনে মন্তব্য কৰিলে৷

বেচেৰা দমৰাটো পৰাৰ পৰা উঠিল থিয় হ'ল৷তাৰ জাপ কেনিবা গ'ল৷ সি একেবাৰে তললৈ মূৰ কৰি কইনাখোজেৰে আগবাঢ়িবলৈ ধৰিলে৷

আমি সকলোৱে তাকেই লক্ষ্য কৰি থাকিলো৷ গোটেই ঘটনাটোত বেচ ৰস পালো৷ এজনে ক'লে,
" ই তামাম লাজ পালে৷ এতিয়া তলমূৰ কৰি গৈছে চা.."

গৰুৰো লাজ আছে বুলি সেইদিনাহে গম পালো৷


No comments:

Post a Comment