এটা দুটকীয়া মুদ্ৰা…
সৰু ল’ৰাটো তেতিয়া গুৱাহাটীৰ
ফেকাল্টি স্কুলৰ প্ৰথম/দ্বিতীয় শ্ৰেণীমানত পঢ়ে ৷ ৰাতিপুৱা আঠবজাতে স্কুললৈ ওলাই যায়
সি স্কুলবাছেৰে ৷ ব্ৰহ্মপুত্ৰৰ সিটো পাৰে স্কুলখন ৷ ইমান ৰাতিপুৱাতে টিফিন বনাই দিয়া
কামটো সহজ নহয় বাবে আমি তাক স্কুলৰ কেন্টিনতেই টিফিন খাবলৈ দিছিলো মাজে-মাজে ৷ কেন্টিনত
গৰম গৰম পুৰী-ভাজি আদি পোৱা গৈছিল, আঠ টকাতে ৷
টিফিন বাকচত ৰাতিপুৱাতে ভৰাই লৈ যোৱা
ঠাণ্ডা বস্তুবোৰ খোৱাতকৈ গৰমে গৰমে কিবা এটা
খোৱা ভাল বুলি ভাবি আমিও তাৰ হাতত পইচা দি পঠিয়াবলৈকে ভাল পাইছিলো ৷ কিন্তু শ্ৰীমতী
আছিল অলপ কাঢ়া ৷ কেন্টিনত এটকা, দুটকা আদিত চকলেট, বাবল গাম আদিও পাইছিল নিশ্চয় ৷ সেইবোৰ
কিনি খাবলৈ ল’লে ল’ৰাটোৰ মনটো দিনে-দিনে লুভীয়া হৈ যাব পাৰে আৰু মনে-মনে কিনি খাবলৈ
ল’ব পাৰে বাবে তাক গণি-গণি আঠ টকাহা হাতত দিয়া হৈছিল ৷
এদিনৰ কথা ৷ শ্ৰীমতীৰ হাতত খুচুৰা
নথকাত ল’ৰাটোৰ হাতত দহটকীয়া নোট এখন দি ক’লে,
“ চাবি কিন্তু, আঠ টকাহে খৰচ
কৰিবি আৰু বাকী থকা দুটকা মোক আনি ঘূৰাই দিবি আবেলি ৷”
মূৰ দুপিয়াই শলাগি থ’লে ল’ৰাটোৱে
৷
আবেলি স্কুলৰ পৰা উভতি আহিল ল’ৰা
৷ মাকে প্ৰথমেই সুধিলে,
“দুটকাটো ক’ত? “
ল’ৰাও কম নহয় ৷ বেগৰ পৰা উলিয়াই
মাকৰ হাতত দিলে দুটকাৰ মুদ্ৰাটো ৷ মই একো মন্তব্য নিদি চাই থাকিলো মাক-পুতেকৰ কাণ্ড
৷ তাৰপাছত কল্পনা কৰিলো, ল’ৰাটোৰ স্কুলৰ কেন্টিনৰ সেই দৃশ্য ৷ তাৰ হাতত এটা দুটকীয়া মুদ্ৰা ৷ সম্মুখত মোক খা মোক খা কৰি আছে চকলেট, কেডবেৰিজ, বাবল গাম ইত্যাদি ৷ সি তাৰ
হাতত থকা মুদ্ৰাটোলৈ এবাৰ চাইছে ৷ কিবা এটা কিনি খাবলৈ মন গৈছে ৷ কিন্তু পাছ মুহূৰ্ত্ততে
মাকৰ সকীয়নিলৈ মনত পৰিছে ৷ আৰু মুদ্ৰাটো আলফুলকৈ বেগত ভৰাই থৈছে মাকৰ হাতত দিবলৈ বুলি
৷
ল’ৰাটোলৈ ইমান মৰম লাগি গ’ল যে
তাক টকা দহটা দি দিলো পিছদিনা স্কুলত কিবা কিনি খাবলৈ ৷