সজ….অসজ…… মহৎ লোকৰ মত..
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত
প্ৰবক্তা হিচাবে চাকৰিত যোগ দিয়া ডেৰবছৰ পাছতে বিবাহ-পাশত আৱদ্ধ হওঁ ৷ সেই সময়ত চৌহদত
কোৱাৰ্টাৰৰ খুব অভাৱ আছিল বাবে তিন নম্বৰ ছাত্ৰাবাসৰ ওচৰতে থকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ
বাবে সজা সৰু কোৱাৰ্টাৰ এটাতে আমি থাকিবলৈ
ল’লো ৷ অতি সাধাৰণ আচবাব, সা-সৰঞ্জামেৰে আমাৰ নতুন সংসাৰ আৰম্ভ কৰোঁ ৷
এদিন আবেলি শ্ৰীমতীৰ সৈতে খোজ
কাঢ়িবলৈ ওলালোঁ ৷ তিনি নম্বৰ হোষ্টেলৰ আগেৰে খোজ কাঢ়ি আগবাঢ়ি গৈ এ. পি. আৰ. ও. চৌহদ
পাৰ হৈ একেবাৰে সাতমাইল পালোঁগৈ ৷ তাতে দোকান এখনত দুপদমান সামগ্ৰী কিনি দুয়ো উভতি
খোজ ল’লো ঘৰলৈ বুলি ৷
তেতিয়া বেলি মাৰ যাব ধৰিছে ৷
আহি আহি কলেজৰ চৌহদৰ গেটখন পালোঁহি ৷ তিনি নম্বৰ ছাত্ৰাবাসৰ আগ পাবৰ হ'ল ৷ সম্মুখৰ পৰা এদল ছাত্ৰ আহি আছিল ৷ চাৰি-পাঁচজন মান ছাত্ৰৰ সেই দলটো নিশ্চয়
সন্ধিয়া চাহ-পানী খাবলৈ ওলাই গৈছিল ৷ আমাৰ একেবাৰে ওচৰ আহি পালে দলটো ৷
আমাৰ পিনে লক্ষ্য
কৰি দলটোৰ মাজৰে এজনে মন্তব্য কৰিলে, আমি শুনাকৈ.. নিশ্চয় আমাক উদ্দেশ্য কৰি...
“ সজ পথেৰে গ’লেই……. “
মন্তব্যটোৰ আচল অৰ্থ বুজিবলৈ
মোৰ অসুবিধা নহ’ল ৷ কাৰণ ময়ো সেইখন কলেজতে ছাত্ৰাবাসত থাকি পাছ কৰি উঠিছো মাত্ৰ তিনিবছৰ আগতে ৷
আচলতে মোৰ শ্ৰীমতীক মোৰ কোনো
অবিবাহিতা বান্ধৱী বুলি সন্দেহ কৰি ছাত্ৰজনে তেনেদৰে মন্তব্য কৰিলে ৷
আমাৰ কাষেৰে দলটো পাৰ হৈ গ’ল
৷ কোনোবা এজনে নিশ্চয় সেই মন্তব্য কৰা ছাত্ৰজনক সেয়া মোৰ পত্নী বুলি ক’লে কাৰণ পিছপিনৰ
পৰা আকৌ এটা মন্তব্য ভাঁহি আহি মোৰ কাণত পৰিল,
: “ আবে, হয় নেকি বে.. একেবাৰে
বুঢ়ী দেখোন.. “
শ্ৰীমতীৰ টনচিলৰ সমস্যা আছিল
বাবে ডিঙিয়ে-মূৰে কাপোৰ মেৰিয়াই লৈছিল সেইদিনা ৷ সেইবাবে হয়তো অধিক বয়স বুলি ভাবিলে
সেই ছাত্ৰজনে ৷ কথাটো বুজিবলৈ অসুবিধা নহ’ল ৷ শ্ৰীমতীৰ সহপাঠী ছাত্ৰ-ছাত্ৰীবোৰ সেইসময়ত কলেজৰ তৃতীয়
ষান্মাসিকতহে পঢ়ি আছিল ৷ সেই মন্তব্য দিয়া ছাত্ৰজনতকৈও বয়সত সৰু ৷
শ্ৰীমতীয়ে একো মন্তব্য নিদিলে
৷ কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে ৷
মই লাজ পোৱা উচিত, গৌৰৱ কৰা উচিত
নে খং কৰা উচিত একো ধৰিবই নোৱাৰিলো ৷
No comments:
Post a Comment