পূজাৰ বতৰা..পৰিলো এবাৰতে ধৰা..
পূজাৰ বতৰা……পৰিলো এবাৰতে ধৰা..
তিতাবৰত থকা সময়ৰ কথা ৷ তেতিয়া প্ৰাইমেৰী স্কুলত পঢ়োঁ ৷ থাকোঁ বেচিক তিনিআলিত থকা চৰকাৰী ৰেচম পামত ৷ দেউতা আছিল সেই পামৰ অধীক্ষক ৷ সেই
ঠাইৰ এজন আগশাৰীৰ মানুহ ৷ আমি ওচৰে-পাজৰে থকা সকলো ধৰণৰ লগ-সমনীয়াৰ
লগত অবাধে মিলামিচা কৰিছিলো ৷ তাত কোনো ধৰণৰ বাধা নাছিল ৷ কিন্তু ভাল-বেয়া সকলোধৰণৰ কথা শিকিছিলো সেই লগ-সমনীয়াবোৰৰ পৰা ৷
পূজাৰ সময়ত পূজা চাবলৈ আমি লগ-সমনীয়াৰ লগত দলে-বলে গৈছিলো বিশেষকৈ ৰেলস্টেচনৰ সম্মুখত পতা পূজাখনলৈ ৷ পূজাস্থলৰ আশে-পাশে বহা পূজাৰ বজাৰখন
আমাৰ বিশেষ আকৰ্ষণ আছিল৷ পিষ্টল, নানা ধৰণৰ বেলুন, পুতলা, ফটকা, বাৰে-বৰণীয়া খেলৰ সামগ্ৰীৰে ঠাঁহ খাই থকা অস্থায়ী দোকানবোৰৰ মাজে-মাজে আমি ঘূৰি
ফুৰিছিলো ৷ হাতত পইচা থাকিলে দুই-এপদ সামগ্ৰী কিনিছিলো যদিও ঘৰৰ পৰা বৰ
বেছি এটকা-দুটকাহে আমাৰ হাতলৈ আহিছিল পূজা চাবলৈ বুলি ৷ কিন্তু আন এটা
কাম কৰিহে আমাৰ বেছি আনন্দ লাগিছিল ৷ আমাৰ মাজৰেই দুজনমান অতি পাকৈতআছিল দোকানৰ পৰা বস্তু সৰকোৱাত ৷ দোকানীৰ চকুত ধূলি মাৰি বস্তু চুৰ কৰাত ৷
সেই কামটোক আমি কৈছিলো “ফাক মৰা” বুলি ৷ সেই কাম কৰিবলৈ গোটেই
দলটো একেলগে দোকান এখনলৈ যায় ৷ সকলোৱে দোকানত সজাই থোৱা বস্তুবোৰ
লিৰিকি-বিদাৰি চায় ৷ দুজনমানে দাম সোধে, দৰ-দাম কৰি দোকানীক ব্যস্ত কৰি
ৰাখে আৰু দোকানীৰ মনোযোগ সেইফালে থাকোঁতেই আন এজনে কিবা এটা লৈ
পকেটত ভৰাই লয় ৷ তেনেদৰে ফাক মৰাত সিদ্ধহস্ত আছিল আমাৰ লগৰে দুজনমান৷পূজা চাই ঘৰলৈ উভতি আহোঁতে সকলোৱে গৌৰৱেৰে প্ৰদৰ্শন কৰিছিল ফাক মাৰি
অনা বস্তুবোৰ ৷
সেইকামটো কৰিবলৈ মোৰহে কেতিয়াও সাহস হোৱা নাছিল ৷ চুৰ কৰা বেয়া কাম
বুলি জানিছিলো যদিও তেনেদৰে ফাক মৰাত কিবা এটা বিশেষ উত্তেজনা জড়িত হৈ
থকা যেন লাগিছিল আৰু তাৰ যোগেৰে বীৰত্ব প্ৰদৰ্শন হোৱা যেন লগা বাবে মোৰো
ফাক মাৰি চাবলৈ মন গৈছিল৷
এদিন তেনেদৰে দলে-বলে দোকান এখনত আমাৰ দলটো গোট
খালে ৷ সকলোৱে বেৰি ধৰিলে দোকানীজনক ৷ মইও হাতত সৰু বল এটা তুলি লৈ লিৰিকি-বিদাৰি
থাকিলো ৷ তাৰপাছত সুবিধা বুজি বলটো মোৰ চুৱেটাৰৰ তলেৰে ভৰাই লুকুৱাই
ল’লো ৷ কিন্তু চকুৰ পচাৰতে আন এজন লোকে আহি মোক থাপ মাৰি ধৰিলে ৷
বলটো কাঢ়ি উলিয়াই ল’লে ৷ মই ভাবিলো আজি কথা বিষম ৷ দোকানীয়ে উত্তম-মাধ্যম সোধাব বুলি ভয়তে কঁপিবলৈ ধৰিলে ৷ মুখেৰে একো মাত নোলাল ৷ লগৰীয়াকেইজনো মোক তাতে এৰি উধাও হ’ল সেই ঠাইৰ পৰা ৷ মানুহজনে মোৰ পিনে
চালে, কিবা ভাবিলে আৰু একো নকৰি এৰি দিলে ৷ ময়ো লাজত তলমূৰ কৰি তাৰ
পৰা এখোজ-দুখোজকৈ আগবাঢ়িলো লগৰীয়া কেইজনক বিচাৰি ৷ ঘৰতো কথাটো
কোনেও গম নাপালে ৷ পালে দেউতাই পিঠি বখলা-বখল যে কৰিলেহেতেন তাত
কোনো সন্দেহ নাছিল৷
সময় বাগৰি গ’ল ৷ আমিও তিতাবৰ এৰিলো ৷ জীৱনত প্ৰথম আৰু শেষবাৰৰ বাবেচুৰ কৰাৰ বাবে কৰা সেই প্ৰয়াস এক অদ্ভুত স্মৃতি হৈ ৰৈ গ’ল ৷
No comments:
Post a Comment