At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 25 March 2015

ডাঙৰ হ'লে বুজিবা

ডাঙৰ হ’লে বুজিবা..

কথাবোৰ এতিয়া মনত পৰিলে হাঁহি উঠে, কিন্তু সৰু ল’ৰা-ছোৱালীয়ে কেনেদৰে চিন্তা কৰে সেই কথা উপলব্ধি কৰিব পাৰি৷

সৰু-সৰু মানুহ?
ট্ৰেনজিস্টৰ তেতিয়াও বজাৰত ওলোৱা নাই৷ আমাৰ ঘৰত এটা প্ৰকাণ্ড “পাই” ৰেডিঅ’ আছিল৷ ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া ঘৰত ৰেডিঅ’ বাজিছিল৷ তেতিয়া আমি সৰু সৰু৷ মই হয়তো ক-খ শ্ৰেণীমানত আছিলো৷ ৰেডিঅ’ৰ ভিতৰত মানুহ থাকে বুলি ভাবিছিলো৷ কেতিয়াবা সুবিধা পালে মনে মনে ৰেডিঅ’ৰ পিছফালে থকা সৰু ফুটাৰে ভিতৰলৈ জুমি চাইছিলো৷ সৰু সৰু লাইটৰ নিচিনা কিবা জ্বলি থকা দেখিছিলো৷ সেইবোৰকে মানুহ বুলি ভাবিছিলো৷কিন্তু ইমান সৰু সৰু মানুহ ক’ৰ পৰা আহিছিল বুজি পোৱা নাছিলো৷ পিছত ইলেক্ট্ৰনিক্স পঢ়ি বুজি পালো সেইবোৰ ভাল্ভ আছিল বুলি৷

মানুহনে ছবি?
তিতাবৰত এটা চিনেমা হল আছিল যদিও আমি চিনেমা চাবলৈ কেতিয়াবা গোলাঘাটলৈহে গৈছিলো৷ দেউতাই এদিন চিনেমাৰ বিষয়ে থূলমূলকৈ বুজাই দিছিল যে চিনেমা আচলতে ফটোহে৷ সেই সময়ত আমাৰ ঘৰত এটা কেমেৰা আছিল আৰু মাজে মাজে দেউতাই আমাৰ ফটো উঠাইছিল৷ গতিকে ফটোৰ নিগেটিভ দেখাৰ সুযোগ পাইছিলো৷ দেউতাই কৈছিল চিনেমা মানে তেনেকুৱা কিছুমান নিগেটিভৰ নিচিনা ফটো ৷ তাৰ মাজেদি লাইট মাৰি দিলে পৰ্দাত পৰি ছবি হৈ যায়৷ মোৰ মনটোয়ে সিমানেই বুজিলে যে “চিনেমা মানে ফটোহে৷ মানুহ নহয়৷” এদিন চিনেমা চাই থাকোঁতে কাষত বহি থকা ডাঙৰ দাদাক ক’লো৷ চিনেমা মানে ফটোহে৷ মানুহ নহয়৷ দাদাই কিন্তু লগে লগে উত্তৰ দিলে, নহয়, চিনেমা মানে সঁচা মানুহেই৷ মোৰ চিন্তাত আকৌ আউল লাগিল৷ পৰ্দাৰ পিছপিনে মানুহবোৰ লুকাই থাকে বুলি ভাবিলো৷

শিলৰ খুন্দা?
সৰু ল’ৰাছোৱালীক কথাবোৰ যিমান পাৰি সহজভাবে কিন্তু শুদ্ধকৈ বুজাই দিব পাৰিলে ভাল৷ প্ৰথম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ এদিন পাঠদানৰ সময়ত শিক্ষক এগৰাকীয়ে আমাক মেঘ, বিজুলী আদিৰ বিষয়ে এনেদৰে বুজাই দিছিল:
মেঘবোৰ আচলতে প্ৰকাণ্ড প্ৰকাণ্ড শিল৷ আকাশত ঘূৰি ফুৰে৷ যেতিয়া মেঘে মেঘে খুন্দা খায় তেতিয়া শিলে শিলে খুন্দা খোৱাৰ নিচিনাকৈ গিৰিং কৈ শব্দ হয় আৰু ফিৰিঙতি ওলায়৷ সেয়ে বিজুলী-ঢেৰেকণি ৷ ডাঙৰ হৈ কথাবোৰ বেলেগ ধৰণে বুজাৰ পাছত নিজকে নিজে হাঁহিছিলো৷


নিজে পিতৃ হোৱাৰ পাছত তেনে অনেক প্ৰশ্নৰ উত্তৰ দিব লগীয়া হৈছিল৷ এদিন স্কুটাৰেৰে সপৰিয়ালে আহি আছিলো৷ তেতিয়া সন্ধিয়া সাতমান বাজিছে৷ হঠাতে ভৰলু থানাৰ ওচৰ পাওঁতে লাইট গ’ল৷ সকলোপিনে আন্ধাৰ হৈ গ’ল৷ সন্মুখত থিয় হৈ অহা ল’ৰাটোৱে সুধিলে,
“চব ফালে আন্ধাৰ হ’ল কিন্তু আমাৰ স্কুটাৰৰ লাইটটো কিয় জ্বলি থাকিল?”
যিমান পাৰো সহজ ভাবে বুজাই দিলো৷

এদিন হাউলীত বাছত বহি আছো৷ ল’ৰাটো আৰু মই৷ দ্ৰাইভাৰৰ কাষৰ চীটটোতে৷ ইঞ্জিনটো চলি আছিল৷ বাছখন ৰৈ আছিল৷ অলপ পাছত পাছত দ্ৰাইভাৰ আহি বহিল আৰু বাছখন চলাবলৈ ধৰিলে৷ লগে লগে ল’ৰাৰ প্ৰশ্ন:
“দ্ৰাইভাৰ বহাৰ লগে লগে বাছখন কিয় চলিল? ইঞ্জিনটো দেখোন আগতেও চলি আছিল?”
বুজাই দিওঁতে অলপ কষ্ট হ’ল যদিও ক্লাট্চ, গিয়াৰ আদিৰ কথা কৈ যিমান পাৰো ভালদৰে বুজাই দিলো৷


অৱশ্যে কিছুমান প্ৰশ্নৰ উত্তৰত “ডাঙৰ হ’লে বুজিবা” বুলিয়েই কৈ থ’ব ল’গা হৈছিল৷

No comments:

Post a Comment